Monday, September 14, 2015

মনৰ কথা

হিন্দু শৰণাৰ্থীৰ বিষয়ত উচ্চতম ন্যায়ালয়লৈ 
অজয় লাল দত্ত
বিদেশী বিতাড়ণ বিষয়ক সমস্যাই হওক বা আন বিষয়েই হওক, কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ সৈতে সংঘাত বা মত বিৰোধ হ'লে তাৰো নিৰসনৰ ব্যৱস্থা সংবিধানে কৰিছে। ইয়াৰে বাবে উচ্চতম ন্যায়ালয়ত আবেদন কৰি উপযুক্ত যুক্তি প্ৰদৰ্শন কৰিলে সৰ্বোচ্চ ন্যায়ালয়খনে বিচাৰ কৰি কেন্দ্ৰীয় চৰকাৰক সেই নিৰ্দেশনা বাহাল ৰখা বা খাৰিজ কৰাৰ বাবে নিৰ্দেশ দিব পাৰে। ৰাইজে মনত পেলাওক, পূৰ্বতেও কেৱল অসমত প্ৰয়োজ্য, আই.এম.ডি.টি নামৰ বিতৰ্কিত আইনখন এনেক আন্দোলনৰ পাছতো কিন্তু, অৱেশষত কেৱল উচ্চতম ন্যায়ালয়ত ন্যায়িক প্ৰক্ৰিয়াৰেহে উঠাই লবলৈ বাধ্য কৰা গৈছিল। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াটোও অসমীয়া সংগঠনৰ আবেদনমৰ্মেহে সৰ্বোচ্চ ন্যায়ালৰ প্ৰত্যক্ষ পৰ্যবেক্ষণতহে নিয়াৰিকৈ সম্পন্ন হৈছিল।

যিহেতু ৰাষ্ট্ৰীয় দল কেইটিয়ে অসমৰ স্থানীয় লোক সকলৰ স্বাৰ্থ, আবেগ, অনুভূতিৰ কথা অনুভৱ নকৰে বা কৰিব নোৱাৰেই। তেওঁলোকৰ নিজা অংক, স্বাৰ্থ আৰু লক্ষ্যৰেহে সিদ্ধান্ত সমূহ লয়, তাত আমাৰ অঞ্চলৰ থলুৱা স্বাৰ্থ বিঘ্নিত হোৱাটোৱেই স্বাভাৱিক। আৰু গণতান্ত্ৰিক প্ৰতিবাদৰ পথটো, 'ৰাজনৈতিক নেতৃত্ব'ক অসমৰ জনগণ যে এই সিদ্ধান্তৰ বিৰোধী সেই কথা প্ৰদৰ্শনৰ বাবে উপযুক্ত পথ তাত কোনো সন্দেহ নাই। যিহেতু অসমত হোৱা বন্ধ, প্ৰতিবাদ, টিভিৰ পৰ্দাৰ গৰম আলোচনা, এনেয়ে ৰাজ্যৰ সম্প্ৰীতি বিঘ্নিত কৰিব পৰা মূৰ্দাবাদ ধ্বনি আদি ঘৃণাৰ ধ্বনিয়ে একো সুফল আনি দিব নোৱাৰে। এইবোৰে প্ৰকৃততে দেশৰ শাসনৰ গাদীত থকা ৰাজনৈতিক নেতৃত্বক প্ৰভাৱিত কৰিব পাৰিব যেনো আমি বেছি ভাগ মানুহেই অনুভৱ কৰিব পৰা নাই, বা আশা কৰা নাই। সেয়ে বিকল্প ব্যৱস্থাৰ বাবেও অসমৰ সংগঠন সমূহে চিন্তা কৰিব লাগিব।


অসম আন্দোলনৰ ফলশ্ৰুতিত তদানীন্তত কেন্দ্ৰীয় চৰকাৰে ১৯৭১চনৰ পূৰ্বৰ ধৰ্ম-বৰ্ণ নিৰ্বিশেষ যিহেতু বিদেশী চিনাক্তকৰণ আৰু বিতাড়ণৰ বাবে চুক্তিত চহী কৰিছিল। সেই চুক্তি এই 'ৰাজনৈতিক নেতৃত্ব'ই নিজা অংকৰে পোনচাটেই খাৰিজ কৰি দিয়াটো নিশ্চয়কৈ সেই চুক্তিৰ অৱমাননাই। লগতে ধৰ্মৰ ভিত্তি ধৰ্ম-নিৰপেক্ষ দেশ এখনত সিদ্ধান্ত লোৱাটোও এক বিতৰ্কিত কথা। গতিকে পূৰ্বৰে পৰা সৰ্বোচ্চ ন্যায়ালয়ত বিদেশী সমস্যাকলৈ গোচৰ চলি থকা অৱস্থাতে এই কথাকো সামৰি আবেদন কৰাটো নিশ্চয়কৈ জৰুৰী হৈ পৰিছে।

কিন্তু এইখিনি কথা যুক্তিক যুক্তিৰে তথ্যক তথ্যৰে প্ৰমাণ কৰিব লাগিব আৰু ইয়াৰ ফলত 'ভাষিক, ৰাজনৈতিক, অৰ্থনৈতিক, ধাৰ্মিক' আদি দিশৰ পৰা খিলঞ্জীয়া অসমীয়া যে নিজৰ মাটিতে ভগনীয়া, সংখ্যালঘুলৈ পৰিণত হোৱাৰ সম্ভাৱনাৰ সৃষ্টি হব আৰু এই শংকা দূৰীকৰণৰ বাবে সাংবিধানিক সুৰক্ষাৰ নিশ্চিতি অসমীয়া ৰাইজে পোৱাৰ ব্যৱস্থা হব লাগিব। তাৰ বিচাৰ উপযুক্ত মঞ্চত হবই লাগিব। নিজৰ সংকীৰ্ণ ৰাজনৈতিক ঘনিষ্ঠতাৰ কথা এৰিও অসমৰ সচেতন-বুদ্ধিজীৱি সকলে বাস্তৱ পৰিস্থিতিটো ৰাইজক ফঁহিয়াই দি চৰকাৰী নিৰ্দেশনা আৰু তাৰ ফলত হোৱা প্ৰতিবাদৰ ফলত আহিব পৰা শংকাপূৰ্ণ সম্ভাৱনাবোৰলৈ আঙুলিয়াই দি অপ্ৰীতিকৰ পৰিস্থিতি হোৱাৰ পৰা বাৰণ কৰিব লাগিব। টিভিৰ পৰ্দাত নিজৰ প্ৰপাগাণ্ডা সহ আঁহফলা কথাৰ গৰম আলোচনাই কাৰো হিত সাধন কৰিব নোৱাৰে, টিভিৰ মালিক পক্ষক বিজ্ঞাপনৰ টিআৰপি দিয়াৰ বাহিৰে! কিছুমানে নিজৰ নিজৰ স্বাৰ্থ-সানিহে তাত কথা কৈছে, যিবোৰে সাধাৰণ ৰাইজ সমাধান সূত্ৰৰ সন্ধান দিয়াতকৈ, বেছিকৈ কৰিছে বিভ্ৰান্তহে। চ'ছিয়েল মেডিয়াটো হিন্দু শৰণাৰ্থীক শৰণ দিয়াৰ বিৰোধিতা কৰি ইয়াৰ আওতাৰে মুছলিম শৰণাৰ্থীকো চন-বাৰ নোচোৱাকৈ নাগৰিকত্ব দিয়াৰ গোপনে পোষকতা কৰা লোকো কম নহয়। তাৰ বিপৰীতে চন-বাৰ নোচোৱাকৈ চিৰদিন মুছলিম লোকে অসমত বাংলাদেশী অপবাদ পোৱাৰ শংকাও ইয়াৰ অন্যতম কাৰক! হিন্দুত্বৰ কোলাত উঠি অসমীয়া পৰিচয়ক পাহৰি পেলোৱা এচামৰ প্ৰচাৰ-প্ৰপাগাণ্ডাইয়ো সচকিত কৰিব লগীয়াই। তাৰ বিপৰীতে আবেগ, ৰাজনীতি আৰু ন্যস্ত স্বাৰ্থ আঁতৰাই বিষয়টো আলোচনা তথা দিক দিয়া মানুহৰ সংখ্যাও নিচেই সংখ্যালঘুহে!

সেয়ে সবিনয়ে অসমৰ সচেতন ৰাজনৈতিক-অৰাজনৈতিক তথা সামাজিক সংগঠন সমূহক কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া শৰণাৰ্থী সম্পৰ্কীয় নিৰ্দেশনা বাতিল কৰাৰ বাবে উচিত যুক্তি, তথ্য আৰু শংকাসহ সৰ্বোচ্চ ন্যায়ালয়ত আবেদন কৰিবৰ বাবে আহ্বান জনাইছো। এই বিষয়টোত শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদ, প্ৰচাৰ, প্ৰপাগাণ্ডাৰে বিপুল জনমত গঢ়ক আৰু ৰাজনৈতিক নেতৃত্বক হেঁচা দিয়ক। কিন্তু ন্যায়িক ব্যৱস্থাৰেও কথাবোৰ বিচাৰ কৰি সুবিচাৰৰ প্ৰাপ্তি অসমীয়া ৰাইজৰ বাবে নিশ্চিত কৰক। পূৰ্বতে কৰা চুক্তি ভংগ কৰি থলুৱা নাগৰিকক ভৱিষ্যতৰ বাবে চিৰদিন শংকাত ৰখাৰ অধিকাৰ নকৈ শাসনলৈ অহা চৰকাৰ এখন থাকেনে নাথাকে, সেই কথাৰো বিচাৰ হওক!

No comments:

Post a Comment