স্বাস্থ্য চৰ্চা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

 কিডনিৰ পাথৰ হোৱা ৰোগ
 ডা০ ভূপেন শইকীয়া 
 আজিৰ পৰা চাৰি দশক আগতে মেডিকেল কলেজলৈ মণিপুৰৰ পৰা পেটৰ বিষৰ ৰোগী আহি ওলালেহি পোনতেই কিডনিৰ পাথৰৰ কথা ভাবিবলৈ আমাক আমাৰ চাৰসকলে শিক্ষা দিছিল৷ মণিপুৰৰ বহুতো কিডনিৰ পাথৰৰ ৰোগী অপাৰেচন কৰাবলৈ ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজলৈ আহিছিল৷ কিন্তু বৰ্তমান কেৱল মণিপুৰতেই নহয় অসম আৰু ভাৰতৰ আন আন ঠাইটো কিডনিৰ পাথৰৰ ৰোগীৰ সংখ্যা বাঢ়িবলৈ ধৰিছে৷ আনকি কম বয়সীয়া লোকৰো কিডনিৰ পাথৰ হোৱাটো চিকিৎসকৰ বাবে উদ্বেগৰ বিষয় হবলৈ ধৰিছে৷ দিনক দিনে মানুহৰ খাদ্যাভাসৰ পৰিবৰ্তন আৰু আধুনিক জীৱনশৈলীৰ (লাইফষ্টাইল) ফলত কিডনিৰ পাথৰ হোৱা ৰোগ বাঢ়িছে বুলি অনুমান কৰা হৈছে৷ আজিৰ লিখনিৰ মাধ্যমেৰে পাঠকসকলক এই ৰোগৰ কাৰণ আৰু প্ৰতিকাৰৰ বিষয়ে এটি আভাস দিবলৈ প্ৰয়াস কৰিম৷

কিডনি বা বৃক্ক হ'ল মানৱ দেহৰ সেই অপৰিহাৰ্য্য অংগ যাৰ কাম হ'ল ৰক্তশোধন কৰি মূত্ৰ উৎপন্ন কৰা৷ শৰীৰৰ ওপৰ পেটৰ মাংসপেশীৰ আশ্ৰয়লৈ ৰাজহাঁড়ৰ দুকাষে একোটাকৈ কিডনি থাকে৷ দুয়োপিনে দুডাল ইউৰেটাৰ বা মূত্ৰনলীয়ে কিডনিক মূত্ৰাশয় বা ইউৰিনেৰি ব্লাডাৰৰ লগত সংযোগ কৰিছে৷ মূত্ৰাশয়ৰ পৰা প্ৰসাৱ বাহিৰলৈ ওলোৱা নলী অংশক ইউৰেথ্ৰা বোলে৷ কিডনিত পাথৰ হলে তাৰ প্ৰভাৱ বৰ্ণনা কৰা এই গোটেই মূত্ৰ প্ৰণালীটোতেই পৰে৷ মানুহৰ প্ৰসাৱত এটা নিৰ্দিষ্ট পৰিমাণত পানী, নিমখ, খনিজ তত্ব আদি থাকে যাৰ সন্তুলনত খেলিমেলি হলেই পাথৰ সৃষ্টি হোৱা পৰিবেশ উৎপন্ন হয়৷ এতিয়া কিডনিৰ পাথৰ কেনে ধৰণৰ হব পাৰে আৰু তেনে হোৱাৰ কাৰণ সমূহৰ ওপৰত আলোকপাত কৰিম৷

১) কেলচিয়ামযুক্ত পাথৰ- বেচি ভাগ কিডনিৰ পাথৰ হল কেলচিয়াম অক্সালেটৰ৷ অৱশ্যে কিছুমান পাথৰ কেলচিয়াম ফচফেটৰো হয়৷ যেতিয়া প্ৰসাবত কেলচিয়ামৰ মাত্ৰা বাঢ়ি যায় তেতিয়া পাথৰৰ সৃষ্টি হবলৈ ধৰে৷ কেতিয়াবা জন্মগত বিজুতিৰ ফলতো প্ৰসাবত কেলচিয়াম বাঢ়িব ধৰে৷ আকৌ কিছুমানৰ পেৰাথাইৰয়ড গ্ৰন্থিৰ অতি সক্ৰিয়তাৰ ফলতো শৰীৰত কেলচিয়াম বাঢ়িব পাৰে৷

২) ইউৰিক এচিডৰ পাথৰ- বেচিকৈ মাংস খোৱা মানুহৰ তেজত ইউৰিক এচিড বাঢ়ে৷ তেজত বৰ্ধিত ইউৰিক এচিডে গাউট ৰোগ কৰে৷ এই ইউৰিক এচিডৰ উপস্থিতিত প্ৰসাৱ বেচিকৈ এচিডিক হয় আৰু কিডনিত ইউৰিক এচিডৰ পাথৰৰ সৃষ্টি হয়৷ 

৩) সংক্ৰমণৰ ফলত হোৱা পাথৰ - মূত্ৰ প্ৰণালীৰ বাৰে বাৰে হোৱা দীঘলীয়া সংক্ৰমণৰ ফলতো পাথৰ উৎপন্ন হব পাৰে৷ এনে পাথৰ মহিলাৰ বেচিকৈ হোৱা দেখা যায়৷ এনে পাথৰে কম সময়তে ডাঙৰ আকৃতি ধাৰণ কৰিব পাৰে৷

৪) চিষ্টিনে কৰা পাথৰ- কিছুমান মানুহৰ শৰীৰত জন্মগত বিসংগতিৰ কাৰণে চিষ্টিন নামৰ এমাইনো এচিড বেচিকৈ উৎপন্ন হয়৷ প্ৰসাবত বৰ্ধিত চিষ্টিনে পাথৰ কৰিব পাৰে৷

কিডনিৰ পাথৰ উৎপন্ন হোৱাৰ কিছুমান কাৰক হ'ল :
- পৰিয়ালৰ আন সদস্যৰ পাথৰ ৰোগ থকা
- নিজৰে পূৰ্বতে পাথৰ ৰোগ হোৱা
- পানী কমকৈ খোৱা
- বেচিকৈ ঘমাৰ্ত হোৱা
- বেচিকৈ মাংস, নিমখ, চেনিযুক্ত খাদ্য খোৱা, ইয়াৰ বিপৰীতে কম কেলচিয়ামযুক্ত খাদ্য খোৱা
- মেদবহুলতা
- গেষ্ট্ৰিক বাইপাচ অস্ট্ৰোপচাৰ
- ক্ৰনিক ডায়েৰিয়া
- ইনফ্লেমেটৰী বাৱেল ডিজিজ, ক্ৰনজ ডিজিজ
- কিছুমান ঔষধ - এচপিৰিন, এন্টাচিড, কেলচিয়াম-ভিটামিন ডিৰ বড়ি, কিছুমান এন্টিবায়টিক, মৃগীৰোগৰ দৰব যেনে টপামেক্স, এইডচ ৰোগৰ চিকিৎসাৰ কিছুমান দৰব
- চাৰকোইডচিচ ৰোগ
- কৰ্কট ৰোগ
-নিষ্ক্ৰিয় লাইফষ্টাইল
- উচ্চ ৰক্তচাপ
- তামোল পান আৰু ধপাত

টাইৱানৰ ইউৰ'লজিষ্ট লিউ-চা-চ্যুৰ মতে নিয়মীয়াকৈ তামোল পান আৰু ধপাতৰ সেৱনত অভ্যস্ত লোকসকলৰ কিডনিৰ পাথৰ হোৱাৰ সম্ভাৱনা বেচি৷ আকৌ ক'পেনহেগেনৰ পৰা প্ৰকাশিত এক তথ্যমতে ৫বছৰৰ অধিককাল ধপাতৰ সেৱন কৰা আশী শতাংৰ লোকৰ কিডনিৰ পাথৰ হোৱাটো অৱশ্যসম্ভাৱী৷ তেনেলোকে জীৱনকালত একাধিকবাৰ কেইবাটিও পাথৰ প্ৰসাৱত নিৰ্গত কৰা দেখা যায়৷

কিডনিৰ পাথৰৰ লক্ষণসমূহ – বহু সময়ত একো লক্ষণ দেখা নোযোৱাকৈয়ো থাকিব পাৰে৷ কিন্তু এটা বা তাতোধিধ পাথৰ যেতিয়া কিডনিৰ পৰা নামি মূত্ৰনলীলৈ আহে তেতিয়া নিম্নলিখিত লক্ষণসমূহে দেখা দিব পাৰে:- পেটত কঁকালত প্ৰৱল বিষ, বিষ কৰঙণলৈকে নামি অহা, প্ৰসাৱত তেজ যোৱা, প্ৰসাবত শ্বেত কণিকা- পূজ ওলোৱা, দূৰ্গন্ধময় ঘোলা প্ৰসাব হোৱা, ওকলি আৰু বমি হোৱা, প্ৰসাৱত জ্বলাপুৰা কৰা, সঘনাই কম কম প্ৰসাৱ হোৱা, কঁপনি জ্বৰ হোৱা ইত্যাদি৷

মহিলাৰ তুলনাত পুৰুষৰ কিডনিৰ পাথৰ বেচিকৈ হোৱা দেখা যায়৷ সাধাৰণতে ৰোগীৰ বয়স ৩০-৫০ৰ ভিতৰৰ হয়৷ এই ৰোগ বিশ্বব্যাপী সকলো জাতি,ধৰ্মৰ লোকৰ হোৱা দেখা যায়৷ নেপোলিয়ন, আইজাক নিউটন,বেঞ্জামিন ফ্ৰেকলিন,ফ্ৰান্সিচ বেকন আদি অনেক বিখ্যাত লোক কিডনিৰ পাথৰৰ ভুক্তভোগী আছিল বুলি জনা যায়৷

কিডনিৰ পাথৰে কৰিব পৰা জটিলতা :
কিডনিৰ পৰা নামি অহা পাথৰে মূত্ৰ প্ৰণালীৰ যি কোনো ঠাইতে আবদ্ধ হৈ গলে মূত্ৰৰ প্ৰবাহ বাধা প্ৰাপ্ত কৰি কিডনি আৰু ইউৰেটাৰক ফুলাই তুলিব পাৰে৷ এনে অৱস্থাক হাইড্ৰনেফ্ৰচিচ আৰু হাইড্ৰইউৰেটাৰ বোলে৷ সময়মতে এনে অৱস্থাৰ চিকিৎসা নকৰিলে কিডনি বিনষ্ট হব পাৰে৷

এই ৰোগৰ প্ৰতিৰোধৰ বাবে লবলগীয়া সতৰ্কতাসমূহ:
ইয়াৰ বাবে লাইফষ্টাইল আৰু খাদ্যাভাসৰ পৰিবৰ্তন আৱশ্যক হব পাৰে৷ মদ্যপান আৰু ধূম্ৰপান পৰিহাৰ কৰিব লাগিব৷ এলেহুৱা স্বভাৱ এৰিব লাগিব৷ ফাষ্টফুডৰ মোহ বাদ দিব লাগিব৷ অতিমাত্ৰা জৈৱিক প্ৰটিন অৰ্থাৎ সকলো ধৰণৰ মাংস খোৱা কমাব লাগিব৷ ঔষধৰ ব্যৱহাৰৰ ক্ষেত্ৰত যধেমধে এন্টাচিড আৰু এন্টিবায়টিক নোখোৱাই মংগলদায়ক৷ যধেমধে কেলচিয়াম আৰু ভিটামিন-ডিযুক্ত ঔষধ খোৱা বাদ দিব লাগিব৷ বেচি পৰিমাণৰ কেলচিয়াম আৰু ভিটামিন-ডি প্ৰয়োগে তেজ আৰু প্ৰসাবত কেলচিয়ামৰ মাত্ৰা বঢ়াই পাথৰৰ সৃষ্টি কৰে৷ আমেৰিকাৰ ক্ৰিগটন ইউনিভাৰ্চিটিৰ মেডিকেল চেন্টাৰে এই কথাটোৰ সত্যতা নিৰূপণ কৰিছে৷ আনহাতে খাদ্যত থকা কেলচিয়ামে পাথৰ সৃষ্টি নকৰে৷ বৰঞ্চ কম কেলচিয়ামযুক্ত খাদ্যইহে পাথৰ উৎপন্ন কৰাত সহায়ক হয়৷ গাখীৰ,দৈ,পনীৰ, ফলমূল, সেউজীয়া পাচলি,কণী আদিত কেলচিয়াম থাকে৷ বেচি ফাইবাৰ অৰ্থাৎ আঁহযুক্ত খাদ্য খাবলৈ বাচনি কৰিব৷

আটাইতকৈ লাগতিয়াল কথা হ'ল খোৱা পানীৰ পৰিমাণ৷ দিনে আঢ়ৈৰ পৰা চাৰে তিনি লিটাৰ পানী খোৱাটো একান্ত আৱশ্যক৷ আমি ব্যায়াম কৰোতে বা যি কোনো শ্ৰম কৰোতে ঘামো৷ সেই ঘামত ওলোৱা পানীখিনি ততালিকে পানী বা চৰবত খাই পূৰণ কৰাটো উচিত৷ সদায় এটা কথা লক্ষ্য কৰা ভাল- প্ৰসাৱ যাতে পৰিস্কাৰ আৰু পাতল থাকে - কাৰণ তেনে প্ৰসাৱত সাধাৰণতে পাথৰ উৎপন্ন নহয়৷

ছাই মদ, বিয়েৰ বা কম পৰিমাণৰ মদ্যপানে কিডনিৰ পাথৰ নকৰে৷ এইবিলাক খালে বেচিকৈ প্ৰসাব হোৱাটো এটা যোগাত্মক দিশ৷কিন্তু দীৰ্ঘকাল নিয়মীয়াকৈ গ্ৰহণ কৰিলে শৰীৰৰ আভ্যন্তৰীন ইলেকট্ৰলাইটৰ (নানাবিধ খনিজৰ) সন্তুলন হেৰাই যায়৷ লিভাৰ আৰু বৃক্ক দুয়োটাৰে ক্ষতিসাধন হয়৷ আকৌ বেচি প্ৰসাবৰ বিপৰীতে বেচি পানী নাখালে ডিহাইড্ৰেচন হব পাৰে৷ বিভিন্ন মদত থকা পিউৰিনে ইউৰিক এচিডৰ পাথৰ উৎপন্ন কৰিব পাৰে৷

অক্সালেটনো কি ?
কিডনিত কেচিয়াম অক্সালেট পাথৰ সৃষ্টি হলে চিকিৎসকে অক্সালেটযুক্ত খাদ্য খাবলৈ বাৰণ কৰে৷ সেইবিলাকৰ উদাহৰণ হ'ল - পালেং, ৰঙা মৰীচা, পূৰৈশাক, বীট, মিঠা আলু, ভেন্দি, চয়াবীন, বাদাম, চাহ, চকলেট৷ আজিকালি চিকিৎসকৰ এই নিষিদ্ধকৰণৰ ধাৰণাটো কিছু সলনি হৈছে৷ একেসময়তে কেলচিয়ামযুক্ত খাদ্য আৰু অক্সালেটযুক্ত খাদ্য গ্ৰহণ কৰিলে যেহেতু কেলচিয়াম আৰু অক্সালেটৰ সন্মিলন পাক প্ৰণালীতেই হব গতিকে কিডনিৰ পাথৰ উৎপন্ন হবলৈ সুযোগ নাপাব৷ আনহাতে কেবল মাত্ৰ অক্সালেটযুক্ত খাদ্য গ্ৰহণ কৰিলে কিডনিত প্ৰসাৱৰ নিৰ্মাণ চলি থকা অৱস্থাত অক্সালেটে কেলচিয়ামৰ সৈতে লগ লাগি পাথৰ সৃষ্টি কৰে৷

অতিমাত্ৰা ভিটামিন-চিৰ প্ৰয়োগেও কেলচিয়াম অক্সালেট পাথৰ কৰাৰ সম্ভাৱনা বিজ্ঞানীসকলে ব্যক্ত কৰিছে৷ চেনফ্ৰেন্সচিচকোৰ ইউনিভাৰ্চিটি অৱ কেলিফৰ্নিয়াৰ পৰা প্ৰকাশিত এক প্ৰতিবেদনত কোৱা মতে দৰব বা খাদ্যৰ অতিমাত্ৰা জিংকো কিডনিৰ পাথৰ সৃষ্টিৰ এক কাৰক হব পাৰে৷

ৰোগৰ চিনাক্তকৰণ :
লক্ষণসমূহৰ পৰাই অনায়াসে কিডনিৰ পাথৰৰ উপস্থিতিৰ কথা জানিব পাৰি৷ কিন্তু লক্ষণ দেখা নিদিয়া বহুজনৰ ৰোগ আন যি কোনো কাৰণত কৰা পেটৰ এক্সৰে বা আলট্ৰাচাউণ্ডত ধৰা পৰে৷ আই ভি পি, চিটিস্কেন , এম আৰ আই আদি পৰীক্ষাৰ দ্বাৰা পাথৰৰ অৱস্থান আদিৰ বিষয়ে বিতংকৈ জানিব পাৰি৷ তেজত ইউৰিক এচিড, কেলচিয়ামৰ পৰিমাণ পৰীক্ষা কৰাটো বাঞ্চনীয়৷ প্ৰসাবৰো বিতং পৰীক্ষাৰ আৱশ্যক৷ প্ৰসাবত নিৰ্গত হোৱা পাথৰটোৰ বিশ্লেষণ কৰা ভাল৷ কেলচিয়ামৰ পাথৰ সাধাৰণতে মিহি বা খহটা আৰু মজলীয়াৰ পৰা ডাঙৰ আকৃতিৰ হয়৷

চিকিৎসাৰ ব্যৱস্থা :
কেৱল বিষ যন্ত্ৰণা বেচি হোৱা ৰোগীকহে চিকিৎসালয়ত ভৰ্তি কৰি চেলাইন, বমি প্ৰতিৰোধক আৰু বিষনাশক বেজী দি চিকিৎসা কৰা হয়৷ ডাঙৰ পাথৰ হোৱা ৰোগীৰ পাথৰ অপাৰেচন কৰি বাহিৰ কৰা হয়৷ কিছুমান ৰোগীৰ ক্ষেত্ৰত লিথোট্ৰিপচি নামৰ শ্বক বা ভাইব্ৰেচন দি বিনা অপাৰেচনে প্ৰসাবত পাথৰ নিৰ্গত কৰোৱাৰ প্ৰয়াস কৰা হয়৷ কিন্তু এনে শ্বকৱেভ চিকিৎসা লোৱা কিছুমানৰ পৰবৰ্তী সময়ত ডায়েবেটিজ ৰোগ হয়৷ পাথৰ মূত্ৰনলী বা ব্লাডাৰত থাকিলে পেটৰ ফলাচিঙা নকৰাকৈয়ো আধুনিক যন্ত্ৰপাতিৰ সহায়ত বাহিৰ ওলিয়াই আনিব পাৰি৷

ৰোগ গুৰুতৰ নোহোৱা আন সকলো কিডনিৰ ৰোগীয়ে ঘৰত থাকিয়ে চিকিৎসা লব পাৰে৷ এনে ৰোগীক বিষ কমোৱা দৰব, মূত্ৰনলীৰ শিথিলতা অনা দৰব, বেচিকৈ প্ৰসাৱ হোৱা দৰব ইত্যাদি ৰোগীভেদে দি চিকিৎসা কৰা হয়৷ৰোগীয়ে প্ৰসাবত পাথৰ নিৰ্গত হলে সেই পাথৰ নিজৰ চিকিৎসকক দেখুৱা উচিত৷

কেলচিয়ামযুক্ত পাথৰক ৰোগীক থায়াজাইড ডাইয়ুৰেটিক নাইবা আন ফচফেটযুক্ত ঔষধেৰে চিকিৎসা কৰা হয়৷ ইউৰিক এচিডৰ পাথৰৰ ৰোগীক এলোপিউৰিনল সেৱন কৰিব দিয়া হয়৷বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত হোৱা পাথৰৰ চিকিৎসা উপযুক্ত এন্টিবায়টিকৰ দ্বাৰা কৰা হয়৷চিষ্টিন পাথৰৰ চিকিৎসা কিছু জটিল৷ নিৰ্দিষ্ট চিষ্টিন প্ৰতিৰোধক দৰবৰ ওপৰিও ৰোগীক বেচিকৈ প্ৰসাব হবলৈ প্ৰচুৰ পানী খুউৱাৰ প্ৰয়োজন৷

কি কি পথ্য লোৱাটো বাঞ্চনীয় ?
ডাবৰ পানী, নেমু,কমলা বা মৌচম্বীৰ চৰতৰ নিতৌ খাব ৷ চৰবতত নিমখ কমকৈ দিব আৰু পৰাপক্ষত চেনিৰ সলনি চুগাৰফ্ৰি মিলালে ভাল৷ আঙুৰ হ'ল এবিধ মূ্ত্ৰবৰ্ধক খাদ্য৷ ইয়াত প্ৰচুৰ পানী আৰু প'টাচিয়াম থকাৰ বিপৰীতে কম পৰিমাণত নিমখ থাকে৷ কল আৰু কেঁচা পিয়াজে অক্সালেট পাথৰ সৃষ্টিত বাধা দিয়ে৷ তিতা কেৰেলা হ'ল মেগনেচিয়াম আৰু ফচফৰাচযুক্ত - ইয়ো পাথৰ সৃষ্টিত বাধা দিয়ে৷ ভিটামিন বি-১২ থাকে বাবে তুলসীৰ পাতো কিডনিৰ পাথৰৰ ৰোগত উপকাৰী৷

No comments:

Post a Comment