Saturday, September 12, 2015

ইতিবাচক চিন্তা

কালাম এফেক্ট 
দীপাংকৰ মল্ল বৰুৱা
প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালাম এনে এগৰাকী ব্যক্তি আছিল, যিজনে তেওঁৰ সংস্পৰ্শলৈ অহা বহুতো মানুহৰ হিয়া আলোড়িত কৰি গৈছে। তেওঁৰ ব্যক্তিগত সচিব হিচাপে কাম কৰা পি এম নায়াৰে ৰাষ্ট্ৰপতি ভৱনত কালাম ছাৰৰ লগত তেওঁৰ অভিজ্ঞতাৰ ওপৰত এখন কিতাপ লিখি উলিয়াইছে, কিতাপখনৰ নাম “দ্য কালাম এফেক্ট”। এইখন কিতাপত কালাম ছাৰৰ জীৱনৰ বিষয়ে এনে কিছুমান ঘটনা জানিব পৰা গৈছে যিবোৰে তেওঁৰ মহানুভৱতাৰ নিদৰ্শন ডাঙি ধৰিছে। এই নিদৰ্শন সমূহকে লেখকে 'কালাম এফেক্ট' বুলি কৈছে। সেই কিতাপখনৰ পৰা উদ্ধৃত কেইটামান কাহিনী বন্ধু এজনৰ পৰা বাৰ্তা হিচাপে পাইছিলোঁ।


১) এ.পি.জে আব্দুল কালাম ৰাষ্ট্ৰপতি হোৱাৰ পিছত তেওঁৰ পৰিয়ালৰ বহুতো লোকে ৰাষ্ট্ৰপতি ভৱন চাবলৈ অহাৰ ইচ্ছা ব্যক্ত কৰিলে। তামিলনাডুৰ এখন সৰু চহৰত বাস কৰা তেওঁৰ পৰিয়ালৰ লোক সকলৰ বাবে ৰাষ্ট্ৰপতি ভৱনত পদাৰ্পণ কৰাটোৱেই সপোন স্বৰূপ আছিল। ৰষ্ট্ৰপতি কালামে ২০০৬ চনৰ মে’ মাহত তেওঁৰ পৰিয়ালৰ সকলো লোককে একেলগে এসপ্তাহৰ বাবে ৰাষ্ট্ৰপতি ভৱনলৈ মাতি পঠিয়ালে। সকলোকে একেলগে আহিবলৈ ৰেলৰ টিকট তেওঁ পঠিয়াই দিলে।


তেওঁৰ পৰিয়ালৰ ৫২ জন লোকে একে সময়তে আহি ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হ’ল। এই দলটোত ৯০ বছৰীয়া কালাম ছাৰৰ ককায়েকৰ পৰা আৰম্ভ কৰি ডেৰ বছৰীয়া তেওঁৰ আজো-নাতিনীলৈকে সকলো আছিল।


কালাম ছাৰৰ পৰিয়ালৰ লোক সকলে ৮ দিন ৰাষ্ট্ৰপতি ভৱনত কটোৱাৰ পিছৰ আজমেৰ শ্বৰীফ দৰ্শন কৰি ঘৰলৈ উভতৈ গ’ল। তেওঁলোক যোৱাৰ পিছত কালাম ছাৰে একাউণ্টেণ্ট জনক মাতি পঠিয়ালে। একাউণ্টেণ্ট জনৰ পৰা তেওঁ পৰিয়ালৰ নামত অহা যোৱা, থকা খোৱাৰ সকলো খৰছৰ হিচাপ বিচাৰিলে। একাপ চাহলৈকে সেই হিচাপৰ পৰা বাদ পৰি নগ’ল। একাউণ্টেণ্ট জনে হিচাপ দিলে যে মুঠ খৰছ হ’ল তিনি লাখ বাৱন্ন হাজাৰ টকা। কালাম ছাৰে এখন চেক লিখি সেই টকাখিনি তেওঁৰ ব্যক্তিগত একাউণ্টৰ পৰা কাটি ল’বলৈ ৰাষ্ট্ৰপতি ভৱনক নিৰ্দেশ দিলে।


২) ২০০২ চনৰ নৱেম্বৰ মাহত ৰমজানৰ সময়ত পৰম্পৰাগত ভাৱে ৰাষ্ট্ৰপতি ভৱনত ইফটাৰ পাৰ্টীৰ আয়োজন চলিল। সকলোৱে ভাবিলে যে এজন মুছলমান সম্প্ৰদায়ৰ ৰাষ্ট্ৰপতি হিচাপে কালাম ছাৰে বৰ ধুম ধামেৰে ইফটাৰ পাৰ্টী অনুস্থিত কৰিব। পাৰ্টীৰ আয়োজন আৰম্ভ হোৱাৰ সময়তে কালাম ছাৰে তেওঁৰ ব্যক্তিগত সচিবক মাতি আনি সুধিলে, “মোক এটা কথা কওকচোন? আমি ইফটাৰ পাৰ্টী কিয় অনুষ্ঠিত কৰোঁ? ইফটাৰ পাৰ্টীলৈ যিসকল নিমন্ত্ৰিত হ’ব তেওঁলোক সকলোতো ধনী ধনী মানুহ। আমাৰ এই ইফটাৰ পাৰ্টীত কিমান খৰছ হ’ব”?


ৰাষ্ট্ৰপতি ভৱনৰ আতিথ্য বিভাগে হিচাপ কৰি উলিয়ালে যে ইফটাৰ পাৰ্টীত আঢ়ৈ লাখ টকা খৰছ হ’ব। কালাম ছাৰে ব্যক্তিগত সচিবক মাতি আনি ক’লে, “এই টকাখিনি আমি অনাথালায়ত থকা দুখীয়া শিশু সকলক দিব কিয় নোৱাৰোঁ। আপুনি অনাথালায় নিৰ্বাচন কৰক আৰু টকাখিনিৰ সদ ব্যৱহাৰৰ ব্যৱস্থা কৰক”।


ৰাষ্ট্ৰপতি ভৱনৰ তৰফৰ পৰা সেই টকাখিনিৰে আটা, দাইল, কম্বল, চুৱেটাৰ আদি কিনি ২৮ খন অনাথালায়ত বিতৰণ কৰাৰ ব্যৱস্থা কৰা হ’ল। সকলো আচৰিত হ’ল যে নিজে এগৰাকী মুছলমান হৈয়ো ৰাষ্ট্ৰপতি কালামে পৰম্পৰাগত ভাৱে চলি অহা ইফটাৰৰ পাৰ্টী নিদিলে।


কিন্তু ইয়াতেই কাহিনী শেষ নহয়। কালাম ছাৰে তেওঁৰ ব্যক্তিগত সচিবক মাতি আনি ক’লে, “ইফটাৰৰ পাৰ্টীৰ টকা চৰকাৰী ধন। এই ধনেৰে দুখীয়া শিশুক আমি সহায় কৰিলোঁ, কিন্তু ইয়াত মোৰ ব্যক্তিগত অৰিহণা কি থাকিল? এই টকাৰ লগত মোৰ ব্যক্তিগত অৰিহণা এক লাখ টকা যোগ কৰক। কেৱল এই কথাৰ যাতে কোনেও ভূ নাপায়”।


৩) ২০০৩ চনৰ ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ দিনা পৰম্পৰাগত ভাৱে ৰাষ্ট্ৰপতি ভৱনৰ ল’নত চাহ জলপানৰ আয়োজন কৰা হৈছিল। প্ৰায় ৩০০০ গণ্য মান্য ব্যক্তিক আমন্ত্ৰণ কৰা হৈছিল। সেইদিনা ৰাতিপুৱা ৮ বজাৰ পৰা দবাপিটা বৰষুণ আৰম্ভ হ’ল। ৰাষ্ট্ৰপতি ভৱনত গুণা-গথাঁ হ’ল, এনে বৰষুণত মুকলি ঠাইত কিদৰে চাহ জলপানৰ আয়োজন হ’ব। ৰাষ্ট্ৰপতি ভৱনৰ ভিতৰত মাত্ৰ ৭০০ মান লোকৰহে ব্যৱস্থা কৰিব পৰা যায়। ততাতৈয়াকৈ ২০০০ টা ছাতিৰ ব্যৱস্থা কৰা হ’ল।


দুপৰীয়া ব্যক্তিগত সচিবে যেতিয়া চিন্তাক্লিষ্ট মনেৰে ৰাষ্ট্ৰপতি কালামৰ ওচৰলৈ গ’লে, তেওঁ চিৰপৰিচিত হাঁহিটোৰে ক’লে, “আজিৰ বতৰ বৰ সুন্দৰ। অনুভৱ কৰাচোন ইমান মনোমোহা মলয়া বতাহ বলি আছে”।


ব্যক্তিগত সচিব জনে তেওঁক মনত পেলাই দিলে, “কিন্তু ছাৰ, আজি আপুনি ৩০০০ মানুহক চাহ জলপানলৈ নিমন্ত্ৰণ কৰিছে। এনে বতৰত ৩০০০ মানুহৰ আপ্যায়ন কেনেকৈ সম্ভৱ হ’ব? ৰাষ্ট্ৰপতি ভৱনত ৭০০ মানুহ জুৰিব। ২০০০ ছতিৰ বন্দোবস্ত কৰিছোঁ। কিন্তু তথাপিও যথেষ্ট নহ’ব”।


কালামে হাঁহি মাৰি ক’লে, “ইমাননো কি ডাঙৰ কথা হ’ব। খুব বেছি আমি কেইজনমান বৰষুণত তিতিম। মই বৰষুণত তিতিবলৈ সাজু আছোঁ। আজি বৰষুণত তিতি তিতি চাহ খোৱাৰ মজা ল’ম”।


কালামৰ শিশুসুলভ কথাত একো উৱাদিহ নাপাই চিন্তাক্লিষ্ট মনেৰে সচিব গৰাকী কোঠাৰ পৰা ওলাই যাবলৈ লওঁতেই কালামে তেওঁক ওচৰলৈ মাতি লাহে লাহে ক’লে, “আপুনি চিন্তা নকৰিব। মই ওপৰ মহলত কথা পাতি থৈছোঁ। ঈশ্বৰে আমাক সহায় কৰিব”।


ঠিক ২ বজাৰ লগে লগে বৰষুণ বন্ধ হৈ গ’ল। ডাৱৰ ফালি বেলি ওলাল। আয়োজন সকলৰ মুখত হাঁহি ফুটি উঠিল। চাৰে পাঁচ বজাত ৰাষ্ট্ৰপতি কালামে ল’নলৈ আহি অভ্যাগত সকলৰ লগত কথা পাতিলে, মত বিনিময় কৰিলে, চাহ জলপান খালে, ফটো তুলিলে। ছয় বাজি পোন্ধৰ মিনিটত জাতীয় সংগীত বাজি উঠিল আৰু অনুস্থানটোৰ সামৰণি পৰিল। কালাম ছাৰে অনুষ্ঠানন সামৰি ৰাষ্ট্ৰপতি ভৱনত পুনৰ প্ৰৱেশ কৰাৰ অলপ পিচতেই আকৌ ধাৰাষাৰ বৰষুণ আৰম্ভ হ’ল। সঁচাকৈয়ে এনে লাগিছিল যেন কালাম ছাৰে ঈশ্বৰৰ লগত কথা পাতি অলপ সময়ৰ বাবে বৰষুণ স্তব্ধ কৰি ৰাখিছিল।

এনে  প্ৰেৰণাময় আৰু ব্যতিক্ৰম কথা আৰু জীৱনৰ কাহিনীয়ে আপোনাৰ জীৱনো ৰঙাই তুলিব নোৱাৰিবনে। পাৰিলে কিতাপখন সংগ্ৰহ কৰি এই ইতিবাচক উদাহৰণবোৰৰ বিষয়ে সবিশেষ পঢ়ো আহকচোন।

No comments:

Post a Comment