Sunday, September 6, 2015

মনৰ কথা

'মানুহ' হৈ জীয়াই থাকক 
প্ৰণৱ শইকীয়া
মানুহ....... জীৱশ্ৰেষ্ঠ প্ৰাণী। কিন্তু কোনে কেতিয়া কি ৰং সলায় কোনেও নাজানে!! মানুহ চিনি পোৱাৰ উপযুক্ত সময় আপোনাৰ বেয়া দিনবোৰ !! ধৰাহওক আপোনাৰ কাষত বহুত বন্ধু-বান্ধৱী, সকলোৰে সুখ-দুখ, হাঁহি-ধেমালিৰ আপুনি লগৰী !! কাৰোবাৰ কিবা হ'ল, আপুনি লৰ মাৰিছে, কিবা বিপদ হ'ল আপুনি সহায় কৰিছে কোনো স্বাৰ্থ নথকাকৈ, কিন্তু আপোনাৰ বেয়া দিনবোৰত? আচলতে এই যে আৱেগ-অনুভূতি এইবোৰ জীৱন দায়িনী শক্তি নহয়! এইবোৰে আপোনাৰ বেয়া দিনবোৰত জুৰণিৰ কাম নকৰে, মাথোঁ পাঠ পঢ়ায় মানুহৰ বিষয়ে! আপোনাৰ চৌপাষে থকা মানুহবোৰ প্ৰকৃততে কি আপুনি বুজি পাব বেয়া দিনবোৰতে!

মনত দুখ লাগে কেতিয়াবা, আপুনি এই মানুহবোৰৰ কাৰণেই আপোনাৰ জীৱনৰ বহুত মূল্যৱান সময় নষ্ট কৰিছিল এসময়ত, যি সময় আপোনাৰ জীৱনলৈ আৰু কেতিয়াও ঘূৰি নাহে! বিশ্বাস নামৰ শব্দটো বিৰাট ঠুনুকা, মানুহেই ইয়াক গঢ়ে, মানুহেই ভাঙে নিৰ্মম ভাৱে! বিশ্বাসে বিশ্বাসৰ ওচৰত মূৰ নুদোৱাই তেতিয়া, আৱেগপ্ৰৱণ মানুহবোৰ তেতিয়া হাৰি যায় জীৱনৰ ওচৰত! যান্ত্ৰিক জীৱন যাপন কৰাসকলৰ কোনো সমস্যা নাই। কাৰণ তেওঁলোকৰ পৃথিৱীখনত আৱেগ-অনুভূতি-শোকবোধ নামৰ বীজাণুবিধে ক্ৰিয়াই নকৰে!


বাস্তৱ জগতখনৰপৰা ওলায় আহি আমি এই ভাৰ্চুৱেল জগতখনত যদি চকু ফুৰাওঁ আৰু আচৰিত লাগে ! ইয়াত মানুহৰ আৰু বেলেগ ৰূপ! ইয়াত মানুহৰ ভাল লগা, বেয়া লগা নিৰ্ভৰ কৰে কিছুমান বিশেষ কাৰকৰ ওপৰত! তাৰ মাজতে কিছুমান মানুহে ভাল কাম কৰি যাব বিচাৰিছে! তথাপি সকলোৱে বিচাৰে নিজৰ জনপ্ৰিয়তা! কিছুমানে ভাল লিখি সমাদৰ নাপায়, কিছুমানে সধাৰণ কিবা লিখিয়েই জোখতকৈ বেছি সমাদৰ পায়। মুঠতে এইখন জগত আৰু সাংঘাটিকহে।

কিন্তু ভাবি চালে আমি দেখো যে এই সকলোবোৰৰ আঁৰতেই একো একোজন তেজ মঙহৰ মানুহ বিদ্যমান। কোনোবাই মিছা পৰিচয়েৰে, কোনোবাই কোনো লুক ঢাক নকৰাকৈ নিজক উজাৰি দিয়ে ইয়াত! মহিলাসকলৰ বাবে উচ্চ স্থান ইয়াত। নিজৰ ঘৰৰ মহিলাক সন্মান দিব নজনা এজনে ইয়াত নাৰীবাদী আন্দোলনত যোগ দিয়ে। কাৰোবাৰ জ্বৰ পানীলগাত বেছিভাগ চিকিৎসক হৈ পৰে, কোনো হৈ পৰে মানসিক ৰোগ বিশেষজ্ঞ। বিভিন্ন ৰূপ ধাৰণ কৰে ইয়াত মানুহে, কোনো যেন স্বয়ম্ভু সমাজকৰ্মী, কোনো সুন্দৰীৰ শোকৰ নীলকণ্ঠ পান কৰোতাহে!

সাহিত্য চৰ্চা কৰিব বিচৰা কোনোজনে এই জগতখনত সম্পূৰ্ণ 'অসমীয়া' মানুহৰ ৰূপ ধাৰণ কৰে> নিজতকৈ নতুনকে লিখিব লোৱা এজন আগবাঢ়ি যাব বুলি ভয় কৰিয়েই ইয়াত অগ্ৰজসকলে নতুনসকলক ভুল শুদ্ধ দেখুৱাই নিদিয়ে। ছবিয়ে ইয়াত কথা কয়, কিন্তু আচৰিত কথা অনুভৱী মন এটা লৈ বহু সময় খাপ পিতি নিজৰ সৰ্বস্ব উজাৰি দি তোলা কোনো ফ'টোগ্ৰাফাৰৰ সুন্দৰ, সাৱলীল অথচ ৰুঢ় বাস্তৱক ফুটাই তোলা ফটোখনতকৈ এগৰাকী ছোৱালীৰ ২ মেগাপিক্সেল কেমেৰাৰে ঘৰৰ ভিতৰত তোলা 'ভিন্ন চেহেৰাৰ' ফ'টোখন বেছি জনপ্ৰিয় হয়। মুঠতে আচৰিত এই চ'চিয়েল মেডিয়াৰ বিচিত্ৰ পৃথিৱীখন !

দকৈ ভাবি চালে কিবা নিজকে কি কৰি আছো, কি কৰি আছো যেন লাগে! তথাপি মানুহৰ মাজত মানুহৰ মৰমেৰে জীয়াই থাকিব বিৰাট মন যায়। এনেয়ে জানো কবি ৰবীন্দ্ৰ নাথেও কৈ গৈছে- 'মানুষেৰ মাঝে আমি বাচিবাৰ চাই'! হয়, জীৱনটো দুদিনীয়া। ভৱিষ্যতৰ কথা কোনেও নাজানে।  আপোনাৰ ঘড়ীৰ অহা পাঁচ মিনিটে আপোনাৰ জীৱনলৈ কি আনিব সেয়াও আপুনি নাজানে। তথাপিও কিয় এই 'তোক মাৰি মই খাম' মনোভাৱ? যিমানেই টকা নঘটক, যিমানেই যি নকৰক আপোনাৰ মৃত্যু হোৱাটো এটা নিৰ্মম সত্য, যাৰ বাবে আপুনি ৰৈ আছে অথবা কৰ্মৰে নাম ৰৌচন কৰি গৈছে। সৰ্বশেষত কিন্তু, যদি হিন্দু হয় আপোনাক জ্বলাবই, মুছলমান বা খ্ৰীষ্টান হ'লে পুতি থব! চন্দন কাঠেই জ্বলাওক বা শুকান বাহ খেৰ দি জ্বলাওক শেষত আপুনি ছাই হোৱাতো নিৰ্ঘাত কথা। সেয়ে জীয়াই থকা দিনকেইটা অন্তত জীৱশ্ৰেষ্ঠ 'মানুহ' হৈ জীয়াই নাথাকেনো কিয়? এই প্ৰশ্ন মোৰ বাবেও, লগতে আপোনাৰ বাবেও!

No comments:

Post a Comment