Sunday, September 13, 2015

সাম্প্ৰতিক প্ৰসংগ


বন্ধ আৰু গুণ্ডাগিৰি 
দীপাংকৰ মল্ল বৰুৱা
কেইজনমান শকত আৱত নোদোকা যুৱকে মূৰত ৰুমাল বান্ধি ৰাস্তাত টায়াৰ জ্বলাইছে। হাতত লাঠী লৈ বাছ-গাড়ী-মটৰ ভাঙিছে, শিলগুটি দলিয়াইছে। ব্যক্তিগত বাহনত যোৱা লোকক কোনো সোধ পোচ নকৰাকৈ ভাবুকি দিছে। টিভি কেমেৰামেন দেখি একগোট হৈ হাত ভৰি জোকাৰি উল্লাসত ফটো উঠিছে। এয়া কোনো সস্তীয়া হিন্দী চিনেমাৰ গুণ্ডাৰাজৰ দৃশ্য নহয়। বৰং যোৱা ১২ ছেপ্তেম্বৰৰ অসম বন্ধৰ সময়ত টেলিভিছনৰ পৰ্দাত দেখা কেইটামান দৃশ্য এয়া।

অসমত এতিয়া যিকোনো প্ৰতিবাদৰ এটাই ভাষা – ‘বন্ধ’। বন্ধ এটা দিব পৰাটোৱেই যেন সংগঠন এটাৰ বাবে চৰম সাফল্যৰ প্ৰতীক। বহুতো সংগঠনৰ বাবে বন্ধ ঘোষণা কৰাটো হ’ল নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰাৰ একমাত্ৰ উপায়। আজিৰ সময়ত বন্ধৰ সংখ্যা ইমানেই বাঢ়ি গৈছে যে কি কাৰণত, কোনে বন্ধ দিছে সেই কথা নজনাকৈয়ে মানুহে বন্ধ পালন কৰে। বন্ধৰ ঘোষিত লক্ষ্য কিমানখিনি সফল হয় সেয়াও সন্দেহৰ বিষয়। আজিলৈকে বন্ধ ঘোষণা কৰা কোনোবা সংগঠনে বুকুত হাত থৈ ক’ব পাৰিবনে বন্ধই তেওঁলোকৰ ইপ্সিত লক্ষ্যত সম্পূৰ্ণকৈ উপনীত কৰাব পাৰিছে বুলি ?

সাধাৰণতে চৰকাৰ বা প্ৰশাসনৰ অন্যায় বা অবিচাৰৰ বিৰুদ্ধে বন্ধ ঘোষণা কৰা হয়। কিন্তু বন্ধই সেই অন্যায় অবিচাৰ নাইকীয়া কৰিব পাৰেনে? কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ বাবে জাৰী কৰা অধিসূচনাৰ বিৰুদ্ধে দিয়া অসম বন্ধই চৰকাৰৰ ওপৰত কিবা প্ৰভাৱ পেলাব পাৰিবনে? বন্ধই ৰাজনৈতিক নেতা, দৰমহা ভোগী চাকৰিয়াল, ঠিকাদাৰ, ব্যৱসায়ী সকলৰ একো ক্ষতি নকৰে। কিন্তু খাটিখোৱা, দিন হাজিৰা কৰা, নিমাখিত, দুখীয়া দৰিদ্ৰ মানুহ খিনিক বন্ধই বঞ্চিত কৰে উপাৰ্জনৰ পৰা। সঘনে হোৱা বন্ধই দুখীয়া মানুহৰ জীৱন যাপন কৰি তোলে দুৰ্বিসহ, কেতিয়াবা হয়তো তেওঁলোকৰ আখলতো জুই নজ্বলে। বন্ধৰ নামত এই সৰ্বহাৰা লোক সকলক শাস্তি দিয়াৰ অধিকাৰ এই সংগঠনবোৰক কোনে প্ৰদান কৰিলে?

বন্ধ সফল কৰিবলৈ এচাম গুণ্ডাজাতীয় মানুহে ৰাস্তাত টায়াৰ জ্বলাই, শিলগুটি দলিয়াই, লাঠীৰে কোবাই মানুহ আৰু গাড়ী মটৰৰ ক্ষতি কৰিবলৈ কিদৰে সাহস পায়? এইখন ৰাজ্যত আৰক্ষী, প্ৰশাসন বুলি কিবা ব্যৱস্থা সঁচাকৈয়ে আছেনে নাই? মানুহক ডকা হকা দি, সম্পত্তি ধ্বংস কৰি জোৰ জুলুমেৰে বন্ধ পালন কৰোৱা সেই গুণ্ডা কেইটাৰ ওপৰত কোনো আইন কানুন নচলে নেকি? এখন স্বাধীন দেশত এইদৰে কোনোবাই মানুহৰ আহ যাহ, উপাৰ্জনৰ উপায়, অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান কিদৰে বন্ধ কৰিব পাৰে? নানান কাৰণত আন ৰাজ্যৰ পৰা বা বিদেশৰ পৰা আগতীয়া পৰিকল্পনা কৰি অহা লোক সকলে বন্ধৰ বাবে সন্মুখীন হোৱা লোকচানৰ কথা আৰু তেওঁলোকৰ সন্মুখত ৰাজ্যখনৰ লাঘৱ হোৱা সন্মানৰ কথা সেই সংগঠন বোৰৰ নেতাবোৰৰ মগজুলৈ কেতিয়াবা আহেনে? সঘন বন্ধই আমাৰ দুখীয়া ৰাজ্যখনৰ অৰ্থনীতিতিত কেনে ধৰণৰ মাধমাৰ শোধাব পাৰে এই থথাকথিত জাতীয়তাবাদী নেতা সকলে কেতিয়াবা চিন্তা কৰি চাইছেনে? চিকিত্সালয়লৈ গৈ থকা মূমুৰ্ষ ৰোগীয়ে বন্ধৰ কাৰণে যদি প্ৰাণ হেৰুৱাব লগীয়া হয়, তাৰ দায়িত্ব লবলৈ বন্ধ ঘোষণা কৰা সংগঠনবোৰৰ নেতা সকলৰ সৎসাহস হ’বনে?

মানুহে অন্যায়ৰ প্ৰতিবাদ কৰাৰ বহুতো উপায় আছে। গণতান্ত্ৰিক আন্দোলনৰ অনেক উপায় আছে। সৰ্ব সাধাৰণ মানুহে যদি প্ৰতিবাদৰ কাৰণ বিচাৰি পায়, নিজেই হিল দল ভাঙি প্ৰতিবাদ কৰিবলৈ ওলাই আহিব। বন্ধ এটা ঘোষণা কৰাৰ আগতে বন্ধ দিয়া বিষয়টোৰ ওপৰত জনসাধাৰণৰ মতামতক কোনোবাই গুৰুত্ব দিয়েনে? কোনোবা এটা সংগঠনে কোনো এটা বিষয়ত মইমতালিৰে বন্ধ ঘোষণা কৰিব আৰু বন্ধ পালন কৰিবলৈ মানুহক জোৰ জুলুম কৰিব। এইটো কেনে ধৰণৰ কথা?

গুণ্ডাগিৰি, জোৰ জুলুম কৰি সাধাৰণ মানুহক বন্ধ পালন কৰিবলৈ বাধ্য কৰোৱা সংগঠন সমূহৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা উচিত। উচ্চতম ন্যায়ালয়ে ১৯৯৮ চনৰ এটা নিৰ্দেশত বন্ধৰ নামত সাধাৰণ জনসাধাৰণক হাৰাশাস্তি কৰাটো বে-আইনী বুলি ঘোষণা কৰি থৈছে। কিন্তু দুখৰ কথা এয়ে যে ৰাজনৈতিক লাভালাভৰ অংকত বন্ধৰ নামত মানুহক জীয়াতু ভূগিবলৈ বাধ্য কৰোৱা এই সংগঠন সমূহৰ বিৰুদ্ধে কেতিয়াও কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয়। তথাকথিত সংগঠন সমূহেও আগ পিচ নুগুণি এচাম মানুহৰ এলাহ, কৰ্ম বিমুখতাৰ সুযোগ গ্ৰহণ কৰি চলাই গৈ আছে বন্ধৰ নামত গুণ্ডাগিৰি।

বন্ধৰ নামত চলা এই গুণ্ডাগিৰিৰ অৱসান ঘটোৱাৰ সময় হ’ল। ৰাইজে এই বন্ধ সংস্কৃতিৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই অহাৰ সময় সমাগত। আমি সকলোৱে উপলব্ধি কৰিব লাগিব যে এনে বন্ধই কিছুমান সংগঠনৰ নেতা পালিনেতাৰ বাহিৰে আন কাকো সহায় নকৰে। জনতাই বুজি পাব লাগে যে যিসময়ত একোটা বন্ধই সাধাৰণ মানুহৰ জীৱন দুৰ্বিসহ কৰি তোলে, সেই সময়ত বন্ধ ঘোষণা কৰা সংগঠনৰ নেতা, পালিনেতা সকল ব্যস্ত থাকে কোনোবা ৰাজনৈতিক দল বা সংগঠনৰ পৰা অনুগ্ৰহ লাভৰ হিচাপ নিকাচত। প্ৰায়বোৰ বন্ধৰ নেপথ্যত থাকে ধনৰ ভাগ বতৰা। সেয়েহে বন্ধৰ এই অশুভ পৰম্পৰাৰ অৱসান যিমান সোনকালে ঘটে ৰাজ্যখনৰ বাবে সিমানেই মংগল। কাম বন বন্ধ কৰি প্ৰতিবাদ কৰাৰ পৰিৱৰ্তে প্ৰতিবাদৰ আন উপায় বিচাৰিবৰ হ’ল। বন্ধ ঘোষণা কৰা সংগঠনবোৰক ৰাইজৰ বিলাই বিপত্তিৰ বাবে জবাবদিহী কৰিবৰ হ’ল। দুখীয়া দৰিদ্ৰ জনতাৰ পেটৰ ভাত কাঢ়ি নিয়া এই বন্ধ সংস্কৃতি শেষ কৰিবলৈ সাধাৰণ ৰাইজে মাৰ বান্ধি বন্ধৰ আহ্বান বিফল কৰিবলৈ আগবাঢ়ি আহিবৰ হ’ল। ৰাজ্যখনৰ জনতাৰ হিতৰ কাৰণে আমাক বন্ধ সংস্কৃতি নালাগে, কৰ্ম সংস্কৃতিহে লাগে।

No comments:

Post a Comment