চিন্তন - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

গণতন্ত্ৰ নে অবাধ ভোগতন্ত্ৰঃ উপশম কেতিয়ালৈ?
ডাঃ বিৰাজ কুমাৰ শৰ্মা
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে কৈছিল “গণতন্ত্ৰ হ’ল জনসাধাৰাণৰ দ্বাৰা গঠিত, জনসাধাৰণৰ কাৰণে, জনসাধাৰণৰ চৰকাৰ”। পৃথিৱীৰ সবাতোকৈ পুৰণি গণতন্ত্ৰৰ দেশ আমেৰিকাৰ কথা মনলৈ আহিলে তেখেতৰ উক্তিৰ কথাই প্ৰথমে মনলৈ আহে। ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকন, যাৰ অবিহনে যেন আমেৰিকাৰ ইতিহাসৰ পৃষ্ঠা লুটিয়াব নোৱাৰি আৰু যাৰ অবিহনে যেন আমেৰিকাৰ আজিৰ ছবিখন অংকন কৰাতো অসম্ভব হ’লহেতেন। যিয়ে আমেৰিকাৰ সমাজ জীৱনত কিছুমান সাহসী পদক্ষেপ গ্ৰহণ কৰি যোৱাৰ বাবেই আজি আমেৰিকাই পৃথিৱীত হয়তো নেতৃত্ব দিবলৈ সক্ষম হৈছে। তেওঁৰ সাহসী পদক্ষেপৰ ভিতৰত আছিল কৃষাংগ-শ্বেতাংগৰ বৰ্ণ বৈষম্য দূৰীকৰণেৰে দাস প্ৰথাৰ বিলুপ্তি, আমেৰিকাৰ গৃহযুদ্ধক সাহসেৰে মোকাবিলা কৰি আজিও আমেৰিকাক যুক্তৰাষ্ট্ৰ হিচাবে থিয় দি থাকিব পাৰিছে কিয়নো তেওঁৰ কাৰ্যকালতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেইখনমান প্ৰদেশে বিদ্ৰোহ কৰি পৃথক হ’বলৈ যাওতে নেতৃত্ত্বৰ পৰিচয় দি আব্ৰাহাম লিংকনে এই বিদ্ৰোহ দমন কৰি যুক্তৰাষ্ট্ৰত এক সুস্থিৰতা আনিবলৈ সক্ষম হৈছিল আৰু যি সুস্থিৰতা অদ্যপী বৰ্তী আছে।

সেই আব্ৰাহাম লিংকনৰ মহানুভৱতাৰ বহুতো কাহিনী আমি শুনি আহিছো, যেনে ৰাষ্টাৰে গৈ থকা নিগ্ৰো এজনে যেতিয়া তেওঁক নমস্কাৰ জনাইছিল, তেখেতেও সন্মান জনাই ইয়াৰ প্ৰতি-নমস্কাৰ আগবঢ়াইছিল, তেখেতৰ পুত্ৰৰ স্কুলৰ শিক্ষকৰ প্ৰতি লিখা চিঠিখন ইত্যাদি | সেই আব্ৰাহাম লিংকনৰে অন্য এক কাহিনী কবলৈ লৈছো। এবাৰ আব্ৰাহাম লিংকনে নিজৰ জোতা চাফা কৰি থাকোতে অন্য এখন দেশৰ ৰাষ্ট্ৰনেতা আহি পালে আৰু জোতা চাফা কৰি থকা দেখি ৰাষ্ট্ৰনেতাজনে আব্ৰাহাম লিংকনক ইতিকিংসূচকভাৱে অথচ গৌৰৱেৰে ক’লে “ তুমি কিয় নিজৰ জোতা নিজে চাফা কৰিছা? আমি আমাৰ দেশত কেতিয়াও নিজৰ জোতা নিজে চাফা নকৰো।” তেতিয়া আব্ৰাহাম লিংকনে বিনম্ৰভাৱে ক’লে “তেতিয়াহ’লে তুমি কাৰ জোতা চাফা কৰানো?” ৰাষ্ট্ৰনেতাজনৰ আৰু উত্তৰ দিবলৈ ভাষা নাছিল।


আমেৰিকাত যে প্ৰকৃত গণতন্ত্ৰ আছে তাৰ নিদৰ্শন যোৱাবাৰৰ ভাৰতবৰ্ষৰ গণতন্ত্ৰ দিবসতেই দেখিবলৈ পোৱা গৈছিল যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক অবামাই লগুৱাজনৰ হাতৰ পৰা ছাটীটো লৈ নিজহাতে ধৰি বৰষুণত থিয় দিছিল। অথচ, আমাৰ দেশত সাধাৰণ বিষয়া এজনেই তেওঁৰ আলপৈচান ধৰা এজনৰ হতুৱাইহে ছাটি ধৰি ৰ’দ বা বৰষুণত খোজ কাঢ়ে। সিয়েই প্ৰতিয়মান কৰে যেন ভাৰতবাসীৰ ৰক্তত আনৰ দাসত্ব মানি চলা তথা দাসত্ব মানসিকতা এতিয়াও প্ৰবাহিত হৈ আছে। যেতিয়ালৈকে আমি এনে দাসত্ত্বৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হ’ব নোৱাৰিম, তেতিয়ালৈকে আমি গণতন্ত্ৰৰ প্ৰকৃত সোৱাদ লাভৰ পৰা বঞ্চিত হ’ম।|

গণতান্ত্ৰিক দেশ ব্ৰিটেইনত হেনো লিখিত সংবিধান নাই | অথচ তাত গণতন্ত্ৰ তুলনামূলক ভাৱে বেছিহে সুস্থিৰ। সেই দেশত গণতন্ত্ৰ হয়তো এক লিখিত নিৰ্দেশনা বা আইন, সংবিধান ইত্যাদি নহয়। কিন্তু সেইদেশৰ নাগৰিকৰ বাবে গণতন্ত্ৰ হয়তো এটি ধৰ্ম, এটি পৰম্পৰা, এক সংস্কৃতি। যেনেদৰে বিহু আমাৰ সংস্কৃতি আৰু যাক পালন কৰিবলৈ কোনো লিখিত নিৰ্দেশনা নালাগে আৰু প্ৰতিজন অসমীয়াৰ তেজত সেইয়া বিদ্যমান, ঠিক তেনেদৰে হয়তো গণতন্ত্ৰও যেন প্ৰতিজন ব্ৰিটিছ নাগৰিকৰ এক সংস্কৃতি, এক কৰ্তব্য, য’ত নালাগে কোনো লিখিত নিৰ্দেশনা!

গণতন্ত্ৰৰ পিতৃপুৰুষ প্লেটো, এৰিষ্টট’ল আদিয়ে সেই তাহানিতেই ভবিষ্যতবাণী কৰি গৈছিলে যে যদিও গণতন্ত্ৰ এক উচিত শাসন ব্যবস্থা, এই গণতন্ত্ৰ ই কিন্তু এসময়ত সমাজ ব্যৱস্থা ধ্ধংসৰ মূল কাৰণ হৈ পৰিব। সচাঁকৈয়ে, তেওঁলোকৰ ভৱিষ্যতবাণী যেন আজিৰ দিনত আখৰে আখৰে ফলিয়াবলৈ লৈছে ভাৰতত। আজি গণতান্ত্ৰিক অধিকাৰৰ নামত কিছুমানে আইন হাতত তুলি ল’ব পাৰে, জনসাধাৰণৰ মৌলিক অধিকাৰৰ ওপৰত অনাহকত হস্তক্ষেপ কৰিব পাৰে, গণতন্ত্ৰৰ নামত তথা বাক্-স্বাধীনতাৰ নামত দেশদ্ৰোহী মন্তব্য আগবঢ়াব পাৰে, এক নিয়ম নীতি মানি চলাত অসুবিধা ভোগ কৰিলে গণতান্ত্ৰিক অধিকাৰ খৰ্ব হোৱা বুলি অভিযোগ কৰিব পাৰে। সচাঁকৈয়ে, গণতন্ত্ৰৰ নামত এচামে যেতিয়া আইন-শৃংখলাৰ অবনতি ঘটায়, তেতিয়াও কিন্তু এইক্ষেত্ৰত বিশেষ ব্যৱস্থা ল’বলৈ আমাৰ আইনৰ ৰক্ষক যেন অক্ষম। কাৰণ এইয়া যে গণতন্ত্ৰ বা তাৰেই সুৰুঙা!

ভাৰতবৰ্ষক স্বাধীনতা দিয়াৰ সময়ত দূৰদৃষ্টিসম্পন্ন ব্ৰিটিছ শাসক পক্ষই হয়তো ঠিকেই বুজি উঠিছিল যে গণতন্ত্ৰ প্ৰদান কৰিবলৈ ভাৰত এতিয়াও পৈণত হৈ উঠা নাই আৰু সেইবাবে আৰু দহবছৰমানৰ পিছত স্বাধীনতা দিয়াৰ পোষকতা কৰিছিলে। যদিও ক্ৰমান্বয়ে গাঢ় হোৱা ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলন আৰু আমেৰিকাৰ হেঁচাত তথা ক্লিমেন্ট এটলীৰ প্ৰতিশ্ৰুতিমতে ভাৰতবৰ্ষই স্বাধীনতাৰ সোৱাদ পাইছিল, তথাপিও কিন্তু ব্ৰিটিছৰ অনুমান সত্য আছিল। কাৰণ যেন গণতন্ত্ৰৰ প্ৰকৃত মূল্য নুবুজাকৈ আমি যেন অবাধ গণতন্ত্ৰহে লাভ কৰিছো আৰু বৰ্তমানৰ আমাৰ দেশৰ নাগৰিকৰ কৰ্ম-কাণ্ডৰ পৰা যেন এই কথাৰ উমান পোৱা যায়।

সংসদীয় গণতন্ত্ৰক কোনোৱে হেনো গাহৰিৰ গঁড়ালৰ সৈতে। সঁচাকৈয়ে, সৌ সিদিনা সংসদ কেইজনক বহিষ্কাৰ কৰা হ’ল সংসদৰ কাম কাজত বাধা জন্মোৱাৰ বাবেই। প্ৰতিবাদ কৰাতো গণতান্ত্ৰিক অধিকাৰ কিন্তু এই অধিকাৰ সাব্যস্ত কাৰিবলৈ যাওতে যাতে সমাজ জীৱনত নেতিবাচক প্ৰভাৱ নপৰে, তাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰাতো উচিত। কাৰণ প্ৰতিবাদৰ নামত সদনৰ কাম কাজ বাধা দিয়াটো সুস্থ গণতন্ত্ৰৰ নিদৰ্শন হ’ব নোৱাৰে। আনহাতে গণতন্ত্ৰত বিৰোধীপক্ষৰ ভূমিকা অতি প্ৰয়োজনীয় কিয়নো বিৰোধী পক্ষ অবিহনে এখন চৰকাৰ স্বেচ্ছাছাৰী হোৱাৰ সম্ভাৱনা থাকে। তেনেস্থলত সংসদত বিৰোধী পক্ষৰ ৰাষ্ট্ৰ তথা সমাজৰ স্বাৰ্থত গঠন মূলক সমালোচনা আৰু বিভিন্ন জনহিতকৰ কামত সহায়ৰ হাত আৰু জনস্বাৰ্থ বিৰোধী কাম কাজত প্ৰতিবাদ আদি অতিশয় প্ৰয়োজনীয় | কিন্তু সেইয়া হ’ব লাগিব দেশৰ স্বাৰ্থত, ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত | কিন্তু ইয়াৰ পৰিবৰ্তে অকল নিজৰ দলৰ স্বাৰ্থত বা ৰাজনৈতিক মুনাফা আদায়ৰ স্বাৰ্থত জনসাধাৰণৰ আগত বাহ বাহ লবৰ বাবে যদি পবিত্ৰ সদনক ব্যৱহাৰ কৰা হয়, সেইয়া হ’ব অতিশয় দুৰ্ভাগ্যজনক। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত আমি হয়তো প্ৰত্যক্ষ কৰিছো কেনেদৰে ইজনে আনজনক আক্ৰমণ কৰি কথা কোৱাৰ পৰিবৰ্তে তথা ইজনে আনজনৰ গালৈ বোকা ছটিওৱাৰ পৰিবৰ্তে প্ৰত্যেকে পৃথকে পৃথকে নিজস্ব ভাৱাদৰ্শ তথা দেশৰ জনসাধাৰণৰ স্বাৰ্থত নিজস্ব পৰিকল্পনা হাতত লৈ আগবাঢ়ে। কিন্তু আমাৰ দেশত একা!

আজি সকলোতে নিজৰ প্ৰাপ্যৰ বাবে গণতান্ত্ৰিক আন্দোলন , প্ৰতিবাদ, বন্ধ, পথ অৱৰোধ। কিন্তু এনেদৰে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে প্ৰতিবাদ জনোৱাৰ নামত আনৰ যে গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা হয়, সেইকথা বাৰু আমাৰ জনগণে বুজি পায়নে ? সকলোৰে লক্ষ্য কেৱল স্ব-শাসন, আত্মাধিকাৰ ইত্যাদি। অথচ ইমান সচেতনতাৰ পিছতো আমাৰ সংসদলৈ নিৰ্বাচিত হৈ আহে দাগী অপৰাধী, ঠগ-প্ৰবঞ্চক ইত্যাদি। কিন্তু কিহৰ বাবে | গণতন্ত্ৰত যে ৰাইজেই ৰজা, সেই কথা হয়তো বুজিবলৈ অদ্যপী বহুদূৰ বাকী আমাৰ গণদেৱতাৰ। ব্ৰিটিছে হয়তো ঠিকেই বুজিছিল। নহলেনো এখন গণতান্ত্ৰিক দেশত কিছুমান বিশেষ পৰিয়ালৰ সদস্যই হে তিঘিলঘিলাব পাৰেনে? ব্যক্তিজন দাগী অপৰাধী হলেও পুনৰ সুন্দৰভাৱে নিৰ্বাচিত হৈ আহিব পাৰে।

যিখন দেশত জনতাৰ অস্ত্ৰ ভোটাধিকাৰ মাত্ৰ এবটল মদ, এখন আঠুৱা বা এবাণ্ডোল টিংপাত আদিতেই বিক্ৰী হৈ যায়, তেনেস্থলত দেশত কি গণতন্ত্ৰ বৰ্তী আছে সেইয়া সহজেই অনুমেয়! এই যন্ত্ৰণাৰ আমি উপশম পাম কেতিয়া? গণতন্ত্ৰৰ নামত আমি এক সুস্থিৰ শাসনব্যবস্থা তথা ব্যক্তিস্বাৰ্থৰ উৰ্দ্ধত আৰু পৰিয়ালকেন্দ্ৰিক, জাতি-ধৰ্মৰ নামত আৰু আবেগিক ৰাজনীতিৰ পৰিবৰ্তে ভোটাৰৰ বিবেক ভোটেৰে নিৰ্বাচিত দূৰদৃষ্টিসম্পন্ন প্ৰশাসকেৰে গঠিত গণতন্ত্ৰৰ সোৱাদ বাৰু আমি কেতিয়াকৈ লাভ কৰিম ! কিমান আৰু আৱেগিক ভোট আৰু ভাবুকিৰে আদায় কৰা ভোটেৰে ৰাজনৈতিক নেতাসকল পবিত্ৰ সদনলৈ নিৰ্বাচিত হৈ থাকিব!

যোৱা ১৫ আগষ্ট তাৰিখে সমগ্ৰ দেশে স্বাধীনতা দিৱস পালন কৰিলো প্ৰতিবছৰে পালন কৰি অহাৰ দৰে | কিন্তু কিহৰ স্বাধীনতা পালো ? শাসকপক্ষ সলনি হ'ল কিন্তু শাসন ব্যৱস্হা প্ৰায় একেই থাকিল। আইন কানুন কাগজে পত্ৰইহে কঠোৰ হ'ল। বিদেশী বগা চাহাব গুচি দেশীয় ক'লা চাহাব আহিল, ক্ষমতা পালে। লুকাই চুৰকৈ কৰাৰ সলনি দেখা দেখিকৈ দুৰ্নীতি, স্বজনপ্ৰীতি কৰিবলৈ এচামে স্বাধীনতা পালে। বিদেশী বগা চাহাবে অন্ততঃ মেধাৰ ভিত্তিত নিযুক্তি দিছিল কিন্তু দেশীয় ক'লা চাহাবৰ দিনত মেধা শক্তিৰ কিনা বেচা চলাত লাগিল। দেশ সেৱা কৰিৱলৈও আজিকালি ঘোচ দিয়া পৰিস্হিতিৰ সৃষ্টি হ'ল। আইনক ভয় কৰাৰ সলনি ভেঙুচালি কৰি আইন হাতত তুলি অৰাজকতা সৃষ্টি কৰিবলৈ স্বাধীনতা পালে এচামে। চৰকাৰী অফিছ এটিত আজিকালি চৰকাৰী কৰ্মচাৰী এজনক উপঢৌকন নিদিলে কোনো কামেই নহয় সাধাৰণ জনতাৰ। এনে এক পৰ্য্যায় পালে যে এতিয়া ধন যাৰ ক্ষমতা তাৰ। সাধাৰণ জনতাৰ বাবে আদালতত ন্যায় পোৱাতো অলীক কল্পনা।কাৰণ ধন অবিহনে তেওঁ আদালতত গোচৰ চলাই থাকিব নোৱাৰে | কিন্তু ধনীক শ্ৰেনীয়ে সকলো সম্ভৱ কৰিব পাৰে।

এয়াই নেকি স্বাধীনতা! এই স্বাধীনতা পাবৰ বাবেই ভগৎ সিং, চন্দ্ৰশেখৰ আজাদ, ক্ষুদিৰাম বসু হতে প্ৰাণ বিসৰ্জন দিছিল নেকি, এই স্বাধীনতা পাৱৰ বাবেই মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু আদিয়ে আহোপুৰুষাৰ্থ কৰিছিলে নেকি ? সেই স্বাধীনতা কেতিয়া আহিব যিদিনাখন সকলো শ্ৰেণীৰ লোকে নিজৰ জীৱনৰ মৌলিক প্ৰয়োজনীয়খিনিৰে সন্তুষ্ট হৈ দুৰ্নীতি-ভ্ৰষ্টাচাৰ, নিৰক্ষৰতা, অপৰিপুষ্টিৰে ভৰা সমাজ এখনৰ পৰিবৰ্তে শান্তি, স্বাভিমান আৰু সাহসেৰে এটি মুক্ত মন লৈ বিজ্ঞানসন্মত পৰিবেশত জীয়াই থাকিব পাৰে !

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages