Monday, September 14, 2015

মনৰ কথা

অসমত বহিৰাগতৰ দপদপনি
ভবেন সন্দিকৈ
এক
বিগত তেইশ বছৰ দিল্লী-গুৱাহাটী সঘন তাঁতবাতি কৰি অহা দাদা এজনৰ কথা, "মোদী চৰকাৰ অহাৰ ফলত বেলেগ পৰিবৰ্তন নহ'লেও অসমত বহিৰাগত লোকসকলৰ আত্মবিশ্বাস-অহংকাৰ বাঢ়িল"। নিশ্চিত ভাৱে মানুহৰ অধিকাৰৰ সংগ্ৰাম এখনৰ এজন কৰ্মী হিচাপে কাৰোবাৰ আত্মবিশ্বাস বৃদ্ধিত বেয়া পোৱাৰ কোনো যুক্তি নাথাকিলে হয়,যদিহে ইয়াৰ আঁৰত সম্প্ৰসাৰণবাদ আৰু লুণ্ঠনবাদৰ পৰিকল্পনা নেথাকে। কিন্তু আমাৰ অভিজ্ঞতাই এনেকৈ ভবাৰ সুযোগ দিয়া নাই। এনেদৰে বিগত ডেৰ বছৰৰ অসমৰ ঘটনাৱলী যদি সুক্ষ্মভাবে বিশ্লেষণ কৰিলে দেখিব যে বহিৰাগতসকলৰ অসমীয়া জাতিটোৰ ওপৰত আঙুলি টোৱাব পৰা সাহস বাঢ়িছে। সি লাগিলে তিনিচুকীয়াৰ টিভিৰ পৰ্দাত আলফাক সঁকিয়নী দিয়া 'দুঃসাহসিতা'ৰ কাণ্ডতেই হওঁক অথবা বিজনীৰ "অসমীয়া মূৰ্দাবাদ"ৰ শেহতীয়া ঘটনাৱলীয়ে হওক। এই ঘটনাবিলাকৰ আঁৰত ৰাষ্ট্ৰীয় দলবোৰৰ এটা হিন্দীবলয় সম্প্ৰসাৰণবাদী দৃষ্টিভঙ্গী জড়িত হৈ থাকে। বিজেপি-কংগ্ৰেছ অথবা আম আদমী পাৰ্টিও ইয়াৰ ব্যতিক্ৰম নহয়।

এইক্ষেত্ৰত অৱশ্যে কংগ্ৰেছ কিছু সাংগঠনিক ভাবে চতুৰ; কাৰণ তেওঁলোকে বহিৰাগত ব্যৱসায়িক গোষ্ঠীৰ প্ৰতিনিধিক বিজেপি অথবা আপৰ দৰে দ্বায়িত্বশীল সাংগঠনিক পদত কম ৰাখে। ইয়াৰ বিপৰীতে ৰাজ্যসভাৰ পদবী বা অন্যান্য সুবিধা সমূহ ঠিকেই প্ৰদান কৰে এই শ্ৰেণীটোক। কিন্তু বিজেপিত যদি চাই দেখিব যে ৰাজ্যিক সমিতি অথবা জিলা সমিতিৰ শীৰ্ষ পদবীসমূহত এনে লোকেৰে ভৰি আছে কেৱল দিল্লী-নাগপুৰৰ পোনপটীয়া আশীৰ্বাদত। তাত তৃণমূলীয় কৰ্মীৰ সমৰ্থন বা মতৰ কোনো প্ৰতিফলন নাথাকেই।

উদাহৰণ স্বৰূপে, লখিমপুৰ জিলাৰ দৰে নবৈ শতাংশ থলুৱা লোকৰ জনবসতিৰ জিলাখনত দলটোৰ সভাপতিজন থলুৱা জাতি-জনগোষ্ঠীৰ খিলঞ্জীয়া মূলৰ নহয়। একেদৰে দলটোৰ টিকেট প্ৰত্যাশীৰ তালিকাখন যদি চাই দেখিব যে দীৰ্ঘদিন ধৰি অসমৰ ব্যৱসায়-বণিজৰ কৰ্তৃত্ব জৰিযতে জাতিটোক শোষণ কৰি অহা অনেকেই এতিয়া অসমীয়া জাতিৰ ভাগ্যনিয়ন্তা হোৱাৰ পথত। খবৰ ৰখা মহলে জানে যে দীৰ্ঘদিন ধৰি জাতীয়তাবাদী শিবিৰৰ এজন শীৰ্ষ ছাত্ৰ নেতাৰ সমষ্টিকেন্দ্ৰিক প্ৰত্যাহ্বান হল এজন অনা অসমীয়া নেতা। যাৰ হিন্দীবলয়ৰ নেতাৰ লগত দহৰম-মহৰমৰ বাবে এসময়ৰ আহোমৰ ৰাজধানীতে আহোম সম্পদায়ৰ এই ছাত্ৰ নেতাজনে গেৰুৱা দলটোত যোগদানৰ আগতে দহবাৰ চিন্তা কৰি হোঁহোকা পিছলা কৰি থাকিব লগা হৈছে।

এনেকৈ ধৰ্মৰ নামত কৰা ৰাজনীতিৰ ফলত ঘৰতে ভগনীয়া হোৱাৰ পথত আমি।অসমৰ বাহিৰত আনকি দেশৰ ৰাজধানীতে কেবাদশক থকা অসমৰ লোক এজন মন্ত্ৰী-বিধায়ক হোৱাটো দুৰৈৰ কথা,দলৰ সৰু পদ এটা পৰ্যন্ত নেপায়।তেনেস্হলত বিশ/পচিশ লাখ হিন্দু বাংলাদেশীক আদৰিবলৈ উথপথপ লাগিছে একাংশ বদনৰ।আৰু এনেকৈ অসমৰ ৰাজনৈতিক ভবিষ্যতৰ বহিৰাগতৰ হাতত তুলি দিয়াৰ কুচকাৱাজ চলিছে।সেয়ে অসমৰ থলুৱা জাতি-জনগোষ্ঠীক লৈ এক প্ৰগতিশীল জাতি গঠনৰ সপোন থকা আৰু অসমক ভালপোৱা প্ৰতিজন লোকে কথাবোৰ পুনৰ ভবাৰ সময় সমাগত।অসম আন্দোলনৰ দৰে এক উগ্ৰজাতীয়তাবাদী ধাৰাৰ ক্ষতিকাৰক দিশবোৰৰ বিপৰীতে এক প্ৰগতিশীল জাতীয়তাবাদী ধাৰাৰে অসমক বিদেশী আৰু বহিৰাগতৰ চৰণীয়া পথাৰ হোৱাৰ পৰা ৰক্ষা নকৰিলে ইতিহাসেও আমাক ক্ষমা নকৰিব।

দুই
বহুতে 'আপ'ৰ দৰে ৰাষ্ট্ৰীয় দল এটা এৰিহে মই হঠাতে জাতীয়তাবাদী হোৱা বুলি কব খোজে।এই সম্পৰ্কে মই ইয়াৰ আগতেও লিখিছো। তথাপি বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপট লগতে অন্যান্য কিছু কাৰণত পুনৰ লিখিলো। প্ৰথমে কওঁ যে মই এটা ৰাষ্ট্ৰীয় দলৰ সকলো চৰিত্ৰ বহন কৰা আজিৰ 'আপ'ত যোগদান কৰা নাছিলো। আপ নামটো ঠিৰ হোৱাৰ আগতেই আমি অৰবিন্দ কেজৰিৱালৰ লগত এক দীঘালীয়া তৰ্ক-বিতৰ্কত অংশ গ্ৰহণৰ সুযোগ পাইছিলো।

এই তৰ্ক-বিতৰ্কত অৰবিন্দ মতামত আৰু অলপ দীঘলীয়া সময় ধৰি জনা ব্যক্তি হিচাপে এক আস্থা আছিল যে প্ৰস্তাৱিত ৰাজনৈতিক দলটো এটা ৰাষ্ট্ৰীয় চৰিত্ৰৰ দল নহব আৰু হিন্দীবলয় সম্প্ৰসাৰণবাদী দৃষ্টিভঙ্গী নেথাকিব। কিন্তু দলটোত যোগদান কৰি পল্টনবজাৰৰ হাৰ্ডকোৰ হিন্দীবলয়ৰ ঘাটিত হোৱা প্ৰথম সভাখনত দেখিলো যে কাৰবাৰ বেলেগ।অসমৰ মিটিং নহৈ যেন আপ ৰাজস্থান অথবা দিল্লীৰহে মিটিং। মোৰ লগতে সেইসময়ত যোগদান কৰা দুই এজন স্বাভিমান থকা লোকে কথাবোৰ বিৰোধিতা কৰিলো। সাংগঠনিক কিছু অভিজ্ঞতাৰ লগতে অসম আৰু অসমীয়া স্বাভিমানৰ ৰিডিং বুজি পোৱ এজন সাধাৰণ কৰ্মী হিচাপে কথাবোৰ ক'লো। সেই মিটিং খনৰ সময়খিনিত কটনৰ হোষ্টেলত দেখা ঘটনা এটা মনলৈ আহি আছিল বাৰে বাৰে। ঘটনাটো আছিল ইংৰাজী-হিন্দীৰ বাহিৰে কথা পাতিব নোখোজা মহাপুৰুষ আবাসী এজন এবাৰ চুৰি কেচ এটাত ফচিল। হোষ্টেলৰ কৰ্টমাচেল অনুসৰি তাক শাস্তি দিয়া পৰ্ব আৰম্ভ হল ।শাস্তিৰ তালে তালে চাহাবী ভাষাত সি ঘটনাটোৰ জড়িত থকা কথা সি অস্বীকাৰ কৰে আৰু প্ৰতিটো চাহাবী শব্দৰ বিপৰীতে তাৰ পিঠিত সতীৰ্থৰ ঔকিল পৰে। কটনিয়ানৰ চাহাবী কালচাৰৰ প্ৰতি দেখুওৱা বিতৃঞ্চাৰ সেই ছবি মোৰ আজিও সজীৱ হৈ আছে। এনে বহু 'তিক্ত' অভিজ্ঞতাই আমাক কিছু কথা বেলেগকৈ ভাবিবলৈ শিকোৱাৰ লগতে জাতি-মাটিৰ প্ৰতি থকা এক স্বাভাবিক টানৰ বাবে দলটোক অসমৰ থলুৱা জাতি-জনগোষ্ঠীৰ আবেগ-অনুভূতিৰে সিক্ত এক প্লেটৰ্ফম হিচাপে গঢ়াৰ চেষ্টা কৰিছিলো।

এই প্ৰচেষ্টাৰ অংশ হিচাপে অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সংবেদনশীল কিছু লোকক নেতৃত্ব প্ৰদানৰ লগতে তেওঁলোকৰ ইচ্চ্যুবোৰৰ সংবেদনশীল আৰু পৰিপক্কতাৰ পৰিচয় দিয়াৰ প্ৰয়োজন অনুভৱ কৰিছিলো। প্ৰথম অৱস্থাত ইয়াৰ তীব্ৰ বিৰোধিতা হ'ল। জিলা সমিতি গঠনত থলুৱা জাতি-জনগোষ্ঠী লোকৰ বিপৰীতে বহিৰাগত বণিক শ্ৰেণীটোৰ কথা ভবা হ'ল।এই লৈ মোৰ সংঘাত আৰম্ভ হল। সেইসময়ত অসমৰ দ্বায়িত্বত থকা ৰাষ্ট্ৰীয় নেতাজনক তেওঁ গৃহ ৰাজ্য অৰুণাচলৰ সমিতি সমূহত বহিৰাগত বণিক শ্ৰেণীৰ প্ৰতিনিধিক নেতা হিচাপে প্ৰক্ষেপ কৰি কমিটি গঠনৰ প্ৰত্যাহ্বান জনালো। এইবোৰ কথা বহিৰাগত বণিক নেতাকেইজনৰ লগতে ৰাষ্ট্ৰীয় নেতাজনে মোৰ বিৰুদ্ধে সাম্প্ৰদায়িক ৰাজনীতিৰ অভিযোগ দিলে অৰবিন্দক।

মই ব্যক্তিগত ভাৱে কাকো খাতিৰ কৰা ভকত নহয়। পৰবৰ্তী পৰ্য্যায়ত সাংগঠনিক ক্ষেত্ৰত সম্মুখীন হোৱা কিছু কথাৰ লগতে নদীবান্ধ সম্পৰ্কীয় এটা ঘটনাৰ বাবে ৰাষ্ট্ৰীয় নেতৃত্বক আমি কৰা অনুৰুধৰ ভিত্তিত আমি দলৰ দ্বায়িত্বত থকালৈকেৈ প্ৰায় দুবছৰ কাল সেই ৰাষ্ট্ৰীয় নেতাজনক অসমৰ আঁতৰাই ৰাখিলো। এইক্ষেত্ৰত যোগেন্দ্ৰ যাদৱ আৰু অজিত ঝাৰ সহযোগিতাৰ কথা সদায় মনত থাকিব। এইলোকৰ দৃষ্টিভঙ্গীত কেতিয়াও মই হিন্দীবলয় সম্প্ৰসাৰণবাদী দৃষ্টিভঙ্গী নেদেখিলো। যোগেন্দ্ৰ যাদৱৰ দৰে নেতাই অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সমস্যা, আবেগ-অনুভূতি আমাতকৈ হাজাৰ গুনে বেছি বুজি পায় যেনহে লাগে। অৱশ্যে এইক্ষেত্ৰত অৰবিন্দক কেৱল দোষ দিলে ভুল হব; কাৰণ এই সমস্যাবোৰৰ সম্পৰ্কে তেখেতক কোনোদিন জনোৱা হোৱা নহ'লেই বা বাৰ্তা গৈ নাপালেই। এনেদৰে অনেক সম্ভাৱনা থকা সত্বেও কেইজনমান বহিৰাগত দুৰকাংক্ষী বণিক নেতাৰ ৰাজনৈতিক সংস্থাপনৰ সপোনৰ কেন্দ্ৰলৈ পৰ্যবসিত হল আপৰ অসম সমিতি।

অসমৰ দৰে ভাষিক-ৰাজনৈতিক, সাংস্কৃতিক, ভৌগোলিকভাবে সংবেদনশীল ৰাজ্য এখনত অৰবিন্দ কেজৰিৱালৰ দলে বহিৰাগত বণিক নেতাৰ হাতত অসমীয়া জাতিৰ ৰাজনৈতিক ভবিষ্যত তুলি দিয়াৰ বা দল গঢ়াৰ যদি সপোন দেখিছে, তেন্তে তেওঁক চেল্যুট নজনায় নোৱাৰিলো। পৰবৰ্তী লেখাত আমি যোগদান কৰিয়েই আপৰ অসমৰ চেপ্টাৰ হিচাপে আমাৰ অধিকাৰ পাৰ্টি/অসম অধিকাৰ পৰিষদ গঠনৰ প্ৰয়াসৰ কথা আৰু অসমীয়াত সদস্যভুক্তি/বৰঙণি সংগ্ৰহ বহীৰ বাবে প্ৰস্তাৱ দি হোৱা ৰঙীণ অভিজ্ঞতাৰ কথা লিখিম।

No comments:

Post a Comment