Tuesday, September 15, 2015

চিন্তন

অপ্ৰিয় বাস্তৱৰ অনুধাৱন
 অজয় লাল দত্ত
অসম বাংলাদেশী অনুপ্ৰৱেশৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত ৰাজ্য। কাৰণ উত্তৰ-পূৱৰ বাকী কেইখন ৰাজ্য জনজাতীয় ৰাজ্য আৰু সেয়ে ভূমি আৰু সম্পদৰ ওপৰত বহিৰাগতৰ গোজেই গজালি মেলা আগ্ৰাসন তাত নাখাটে। তাত থাকি চাকৰি-ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰিব পাৰে, কিন্তু তাত নিগাজি হব নোৱাৰে। তাৰ থলুৱা ৰাজনীতিত অংশ লব নোৱাৰে। খিলঞ্জীয়া ভূমিপুত্ৰ মানুহখিনিৰ পৰিচয়ৰ বিৰুদ্ধে 'মূৰ্দাবাদ' ধ্বনি দিব নোৱাৰে। অৰুণাচললৈকে চাওক, তাত ৰাষ্ট্ৰীয় দলৰ নেতৃত্ব ভাৰতৰ ভিতৰত হৈয়ো বহিৰাগতক কোনেও গ্ৰহণ নকৰে। অসমক জনজাতি ৰাজ্য ঘোষণা কৰিলেহে বাকী কেইখন ৰাজ্যৰ দৰে সাংবিধানিক সুৰক্ষা লাভ কৰিবলৈ সক্ষম হব। আৰু থলুৱা খিলঞ্জীয়াই নিজৰ সত্তা আৰু অস্বিত্ব ৰক্ষা কৰিবলৈ নিজে জাগ্ৰত হব লাগিব। জনজাতিকৰণ কৰিলে লাজ পাব বুলি ভবা থলুৱা মানুহখিনিয়ে সেয়া এক 'সাংবিধানিক সংজ্ঞা'হে সেই কথাও অন্তঃকৰণেৰে বুজি পাব লাগিব। আৰু থলুৱা মানুহখিনিৰ ভিতৰত অসমৰ ভিতৰৰ সা-সুবিধাবোৰৰ বাবে জাতি-গোষ্ঠীৰ জনসংখ্যাৰ সমানুপাতিক ভাৱে চৰকাৰী সংৰক্ষণৰ ব্যৱস্থা কৰি লবও পাৰিব। তাৰে বাবে লাগিব অলপ বহুল মনেৰে সহমতৰ আৰু নিজৰ স্বাৰ্থ ক্ষুন্ন হব বুলি আগতীয়াকৈ পূৰ্ববৰ্তী ধাৰণাবোৰ এৰি বিশাল স্বাৰ্থৰ কথা অনুধাৱন কৰিব লাগিব। কথাই প্ৰতি অসমক কাশ্মীৰৰ সৈতে মাটি-পানী-ইতিহাসৰ সামঞ্জস্য নকৰাকৈ তুলনা কৰা অতি-আৱেগিক(extreme) কথা বতৰা এৰি, হিমাচল প্ৰদেশৰ দৰে ‘হিমাচলী’ মানুহৰ জাতি-মাটি ৰক্ষাৰ ফলপ্ৰসূ মডেলটো আমি গ্ৰহণ কৰিব লাগিব। তাত দেশী-বিদেশী কোম্পানীয়ে ব্যৱসায় কৰি নিয়োগ আৰু বিনিয়োগৰ সুষম নিশ্চিতি কৰাৰ লগতে চৰকাৰী কল্যাণমূলক আঁচনিৰে পানী-বিজুলী-পথ আদিৰে দুৰ্গম অঞ্চলকো সাঙুৰি লোৱা দেখা গৈছে। অসমৰ মানুহে আজিৰ অপ্ৰিয় বাস্তৱকো অনুধাৱন কৰিয়েই এইবোৰ অপ্ৰচাৰিত অথচ কাৰ্যকুশল মডেলৰ কথা চিন্তা কৰিব লাগিব।

অসম আন্দোলন হৈছিল অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে বিদেশী বিতাড়নৰ দাবীৰে। সেই আন্দোলনত বহুতো ভুল ভ্ৰান্তি হোৱা স্বত্তেও কিন্তু অসম চুক্তি এখন দেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে স্বাক্ষৰিত হ'ল। তাৰ পাছতে কেৱল অসমৰ বাবে প্ৰযোজ্য হোৱাকৈ আই.এম.ডি.টি আইন কৰা হ'ল, ট্ৰিবিউনেল যোগে বিদেশী বহিস্কাৰৰ বাবে। পিছে পাছলৈ এই ব্যৱস্থাক লৈ বহুতো ৰাজনীতি হ'ল আৰু এয়া বিদেশীক ৰক্ষণাবেক্ষণ দিবৰ বাবেহে এক আহিলা হিচাবেহে ই পৰিগণিত হ’ল। মনত পেলাব, আন্দোলনেৰে নহয়, কেৱল উচ্চতম ন্যায়ালয়ত বিষয়টো আবেদন কৰিহে ন্যায়িক যুঁজৰ অন্তত ইয়াক বাতিল কৰিবলৈ সক্ষম হয়। তাৰ পাছত আহে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ কথা। এয়াও উচ্চতম ন্যায়ালয়ে অসমত দীৰ্ঘদিনীয়া বিদেশী সমস্যাক সমাধানৰ দিশে নিবলৈ অসমীয়া সংগঠনৰ আবেদন ক্ৰমে নিজা পৰ্যবেক্ষণত প্ৰকল্পটো ৰূপায়িত কৰিবলৈ দিছিল। অসম চৰকাৰৰো এটা বিভাগ আছে অসম চুক্তি ৰূপায়ণৰ আৰু তাৰ বাবে আছে বিভাগীয় মন্ত্ৰীও। তাৰ অৰ্থ অসমত ৰাজ্য হিচাবে এতিয়া অসম চুক্তিৰ ৰূপায়ণৰ বাবে চৰকাৰ আক্ষৰিক অৰ্থত দায়বদ্ধ হৈ আছে। আনকি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়েও কিছুদিন আগতে আছুৰ সৈতে হোৱা বৈঠকত এই দায়বদ্ধতাৰ কথা দোহাৰিছে।

অসম চুক্তি যেনেকৈ কেৱল অসমতহে প্ৰযোজ্য আৰু যিদৰে আই.এম.ডি.টিও আছিল। ভাৰতৰ আন ৰাজ্যত তাৰ কোনো ব্যৱহাৰ নাছিল। এতিয়াও অসম চুক্তি ৰূপায়ণৰ স্বাৰ্থতে উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ কাম চলি আছে, প্ৰথম পৰ্যায়ৰ কাম শেষ হৈছে। তথ্য পাতি, নথি নিদিয়া সকলৰ ঘৰলৈ এতিয়া ভেৰিফিকেচনৰ বাবে বিষয়াৰ দল যোৱাৰ কথা। যদি থলুৱা মানুহৰ নথিও নাথাকে, তেন্তে স্থানীয় লোক, গাওঁবুঢ়া আদিৰ সৈতে কথাপাতি স্থায়ী বাসিন্দা হোৱাৰ উমান পালে খিলঞ্জীয়া বাসিন্দাক ভাৰতীয় নাগৰিক পঞ্জীত পৰিয়ালৰ নাম উঠাত বাধা নাথাকিব বুলিও প্ৰকল্পটোৰ শীৰ্ষ বিষয়াই ৰাইজক অৱগত কৰিছে। আৰু এই উন্নীতকৰণৰ কাম কেৱল অসমতহে চলিছে, প্ৰযোজ্য হৈছে। আনকি বাংলাদেশীৰ অন্যতম সুৰক্ষিত আশ্ৰয়স্থলী পশ্চিমবংগতো এই বিষয়ত কাৰ্যব্যৱস্থা লোৱা নাই। সেই দিশৰ পৰা চালে, দেশৰ ৰাজনৈতিক নেতৃত্বই ৰাজনৈতিক প্ৰতিশ্ৰুতি পালনৰ বাবে লোৱা সিদ্ধান্ত বা অধিসূচনা, অন্তত এই বিষয়ত অসমৰ মাটিত প্ৰযোজ্য হব নালাগে। তাকো ন্যায়পালিকাৰ প্ৰত্যক্ষ তদাৰকীত বিদেশীৰ বিষয়টো নিস্পত্তিৰ বাবে এটা প্ৰক্ৰিয়া চলি থকাৰ সময়ত। যদি এই নটিফিকেচনত জোৰকৈ অসমকো সাঙুৰি লোৱা হৈছে সেয়া নিশ্চয়কৈ ন্যায়ালয়ৰ আওতাৰ ভিতৰত থকা এটা বিষয়ৰ ওপৰত কাৰ্যপালিকাৰ অনাহক হস্তক্ষেপ। আৰু বিষয়টোত অচিৰেই উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিষয়ত অৱগত কৰিলে, এই উপযুক্ত মঞ্চত যুক্তিক যুক্তিৰে তথ্যক তথ্যৰে প্ৰতিষ্ঠা কৰি ইয়াক খাৰিজ কৰিব পৰা যাব। কাৰণ ই দেশৰ এজন প্ৰধানমন্ত্ৰীৰ সৈতে এখন ৰাজ্যৰ ৰাইজে কৰা চুক্তিক নস্যাত কৰাৰ পদক্ষেপহে! এই নটিফিকেচন বিশেষকৈ পাকিস্তানৰ পৰা ধৰ্মীয় কাৰণত অত্যাচাৰৰ ফলত সেই দেশত সংখ্যালঘূ হৈ দেশ এৰিব লগা লোক সকলৰ বাবে আন ৰাজ্যতহে প্ৰযোজ্য হব লাগে, অসমৰ বাবে নহয়। কাৰণ অসম এতিয়া 'অসম চুক্তি'ৰ আওতাত আছে আৰু সেই কথা আক্ষৰিক অৰ্থত ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে ন্যায়ালয়তো নস্যাত কৰিব নোৱাৰে। সেয়ে এতিয়া এই কথাৰ বিচাৰ যিহেতু ৰাস্তাত নহয়, টিভিৰ ষ্টুডিঅ'ত নহয়, কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সেয়ে অসমীয়া সংগঠনে সৰ্বোচ্চ ন্যায়ালয়লৈ যাবই লাগিব।

অসমত ভাৰতীয় বা আন মানুহে জীৱন নিৰ্বাহৰ বাবে ব্যৱসায়-বণিজ কৰি শান্তিৰে বসবাস কৰাত কাৰোৱেই আপত্তি নাই। কিন্তু সমস্যা আহে যেতিয়া থলুৱা লোকক চেৰাই এই সকলে অভিভাৱকত্ব দেখুৱাবলৈ যায়। নিজৰ প্ৰতিপত্তি দেখুৱাবলৈ যায়, দম্ভালি মাৰিবলৈ যায়। তেতিয়াই এনে সংঘাত হয়। এনে সংঘাত আন দেশতো দেখিবলৈ পোৱা যায়। অষ্ট্ৰেলিয়া, ৰাছিয়া, আমেৰিকা আদিতো বহিৰাগত লোকৰ সৈতে থলুৱাৰ সংঘাতে সংবাদ শিৰোনামা দখল কৰে, পিছে সেয়া সংগঠিত নহয়। অসমত বহিৰাগত মূলৰ লোক সকল ইমানেই বেছি সংগঠিত হৈছে যে থলুৱাৰ ওপৰতে দপদপনি দেখুৱাবলৈ আৰম্ভ কৰিছে। ভাৰতৰ আন ঠাইৰ মূলৰ ব্যৱসায়ী সকলে এতিয়া বেপাৰতে নিজৰ সীমা নাৰাখি থলুৱা ৰাজনীতিত ‘সূত্ৰধাৰৰ’ ভূমিকা লবলৈ আৰম্ভ কৰিছে। হিন্দুত্ববাদৰ আগ্ৰাসন আৰু ৰাষ্ট্ৰীয় দলৰ প্ৰভাৱে যিমানে এওঁলোকক উতসাহিত কৰিছে। আৰু এই সকলক তাতকৈ বেছি ক্ষতি কৰিছে চান্দা বৰঙণিৰ বিনিময়ত লোকেল গাৰ্জেৰ দ্বায়িত্ব লোৱা থলুৱা কিছুমানেই। অসমতে থাকি অসমীয়া বিৰোধী স্থিতি এতিয়া মুকলিকৈ লবলৈ যোৱা, ৰাজহুৱা স্থান, চ'ছিয়েল মেডিয়াত ভাবুকি দিয়া আদি বৰ্ধিত অভ্যাসে কিন্তু থলুৱা আৰু বহিৰাগতৰ সংঘাত আৰু বৃদ্ধিহে কৰিব। কেৱল অসমীয়া বা থলুৱা মানুহ বুলিয়েই ৰাইজে সকলোকে আদৰি ললে নহব, অসমত অসমীয়াৰ সামুহিক স্বাৰ্থৰ বাবে নীতিনিষ্ঠভাৱে, কিমান সুস্থিৰ ভাৱে কোনে প্ৰকৃততে কাম কৰিছে তাৰো বিচাৰ কৰিব লাগিব। জটিল সন্ধিক্ষণবোৰত কি ভূমিকা লৈছে তাৰেও থলুৱা নেতাক জুখি-মাখি চাব লাগিব। দলীয় নীতিৰ আওতাৰ নামত এই ক্ষেত্ৰত কৰা আপোচো নিশ্চয়কৈ ক্ষমাৰ যোগ্য নহয়।

আজি হিন্দু বঙালী ছাত্ৰই ৪৬খন আসনত তেওঁলোক ভাগ্য নিয়ন্তা বুলি কব পৰা হ'ল। শৰণাৰ্থীৰ মৰ্যদা পোৱাৰ বাবে আচৰিত ভাৱে আপুনি-মই বাংলাদেশী বুলি কেতিয়াও নভবা প্ৰতিবেশী বঙালী লোকেই ফটকা ফুটাই ফুৰ্তি কৰিব পৰা হ'ল। ইফালে ধৰ্মৰ নামত সকলো ইছলাম ধৰ্মীক লৈ ইমানখন আসনত তেওঁলোক ভাগ্য নিয়ন্তা বুলিও প্ৰচাৰ-অপ্ৰচাৰ চলিয়েই আছে। যেন ইছলাম ধৰ্মীৰ মাজত ৰাজনৈতিক দলৰ বিভিন্নতা নাই, চেতনা নাই, তেনেকুৱা প্ৰপাগাণ্ডা! গতিকে এনেকুৱা পৰিবেশত থলুৱা, খিলঞ্জীয়া অসমীয়া বুলি নিজকে ভবা সকলো জাতি-জনজাতিৰ লোকে ৰাজনৈতিক কাৰণত ভৱিষ্যতক লৈ শংকাত ভূগিছে। এইটো স্পৰ্শকাতৰ সময়ত কোনোৱেই দম্ভালি মাৰি কথা কোৱাটো কোন পধ্যেই কাৰো পক্ষেই সুখকৰ নহব।

ভাষা-সংস্কৃতি-ধৰ্মৰ খেলৰ মাজতে আচল অৰ্থনৈতিক কাৰণবোৰক অৱহেলা কৰিলে নহব। ডঃ শিৱনাথ বৰ্মনচাৰে বিষয়টোত দিয়া মতামত অতিশয় গুৰুত্বপূৰ্ণ। অৰ্থনৈতিক ভাৱে অসমীয়াক সুৰক্ষিত কৰিবলৈ পাৰ্চী জাতিটোৰ উদাহৰণ লব পাৰিব লাগিব। উতপাদনী আৰু সত কৰ্মৰে ভাত-মোকোলোৱা প্ৰচেষ্টা বা অৰ্থনীতি সৱলীকৰণত ইজনে সিজনক সহায় কৰিব লাগিব। অৰ্থনৈতিক ভাৱে সক্ষম হ'লে বাকীবোৰ শক্তিৰ আগ্ৰাসন ৰোধৰ বাবেও জাতিটোৱে নিজা পৰিপুষ্টি পাব। সেইবুলি আমাৰ কল্যাণৰ বাবে অহা ধনকে খাই তহিলং কৰা মানুহক গোষ্ঠী-জাতিৰ নামত সুৰক্ষা দিব নালাগিব। এই ক্ষেত্ৰত তথ্য জনাৰ অধিকাৰ, ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন, ৰাজহুৱা পৰীক্ষণ আদিৰে আপোন-পৰ সকলো মানুহক শাস্তি বিহিবলৈ পদক্ষেপ লবই লাগিব। অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত কৃত্ৰিম নাটনিৰে ছুপাৰ প্ৰফিট কৰি অসমীয়া তেজ শোহা নিৰামিখহাৰী বণিয়াই আচল স্বৰূপ ঢাকিবলৈ জননেতা হৈ অসমীয়াৰ অভিভাৱক হবলৈ ওলোৱাৰ পথো ৰুদ্ধ কৰিব লাগিব।

সকলো কথাতে আমেৰিকাৰ দৰে দেশ গঢ়িম বুলি কোৱা সকলেও কিন্তু সেইখন দেশত অবৈধ অনুপ্ৰৱেশকাৰীয়ে সৃষ্টি কৰা সমস্যাক চিৰদিনলৈ সমাধান কৰিবলৈ জাতি-ধৰ্ম-দেশ নিৰ্বিশেষে সকলোকে উপযুক্ত নথি দি নাগৰিকৰ মৰ্যদা দিয়াৰ কথা প্ৰচাৰ নকৰে। ১৯৫১ বা ১৯৭১য়েই হওক, কমেও চাৰি দশক যে কোনো অনুপ্ৰৱেশকাৰী এক ঠাইত থুপ থাই থকা নাই, সেই কথা প্ৰচাৰ নকৰি ৰাজ্যই ৰাজ্যই ‘সমবিতৰণ’ কৰিবহে খুজিছে কেন্দ্ৰই ধৰণৰ ঢোল পিটিবলৈহে জনপ্ৰতিনিধিয়ে চেষ্টা কৰে। বিদেশী প্ৰত্যাৰ্পণ চুক্তি অবিহনে বিতাড়ণ এক অলীক স্বপ্নহে, সেই বাস্তৱো অপ্ৰিয় হলেও অসমীয়াই অনুধাৱন কৰক আৰু এই বিষয়ত দেশৰ ৰাজনৈতিক নেতৃত্বক জৱাবদিহি কৰাৰ ব্যৱস্থা কৰক! ডাঙৰ ডাঙৰ কথা কোৱা, ডাঙৰ ডাঙৰ নেতা, ব্যৱসায়ী, স্বচ্ছল শ্ৰেণীটোৰ (সকলো জাতি-ধৰ্ম-বৰ্ণৰে) বেছি ভাগ নেতাৰে অসমৰ বাহিৰতো দ্বিতীয়খন ঘৰ আছে, ফ্লেট আছে পাহৰি নাযাব। দুখীয়া, নিচলা, সাধাৰণ অসমবাসীয়েহে, যাৰ কোনো বিকল্প দ্বিতীয়খন বাসভূমি নাই, এইসকলৰ নিকৃষ্ট ৰাজনীতিৰ কৱলত পৰি ঘৰ, বাৰী, সংসাৰ হেৰুৱাব লাগিব। সেয়ে এইবোৰত উটি যোৱাতকৈ কথাবোৰ বুজি নিজৰ সুৰক্ষা, পৰিয়ালৰ সুৰক্ষা, জাতিৰ সুৰক্ষা, মাটিৰ সুৰক্ষাৰ কথা চিন্তা কৰক। সম্প্ৰীতিৰ জৰীডালকে সাৰথি কৰি আমাৰ জাতি জনগোষ্ঠীয়ে নিজা মানুহ-প্ৰতিবেশীৰ জীৱন উন্নত আৰু সুচল কৰাত সহায় কৰক। আৰ্ত-বানাক্ৰান্ত জনক সহায় কৰক। সাধাৰণ মানুহক লৈয়ে সৃষ্টি হোৱা সাময়িক ৰাজনীতি আৱেগত উটি নগৈ, অপ্ৰিয় বাস্তৱৰ প্ৰত্যাহ্বানকো আমি গ্ৰহণ কৰিবই লাগিব, সেয়াও নিশ্চিত।

No comments:

Post a Comment