চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Assamese LIFELINE on SOCIAL MEDIA

সামাজিক যোগসূত্ৰৰ মঞ্চত ইতিবাচক বাৰ্তাবাহক
ভাল খবৰ ভাল সমল, পঢ়ি লভক আনন্দ বিমল

Post Top Ad

Responsive Ads Here
অবৈধ অনুপ্ৰৱেশকাৰীঃ কাৰক আৰু সমস্যাবোৰ 
প্ৰতিম প্ৰতাপ বৰুৱা
আৰম্ভণিতে কৈ লওঁ যে যিকোনো বিষয়তে চিন্তা কৰাৰ আৰু সেই চিন্তাখিনি মুক্তভাৱে প্ৰকাশ কৰাৰ স্বাধীনতা সকলোৰে আছে। আমাৰ মাজত চিন্তা কৰিব পৰা লোকৰ সংখ্যা অনেক। কিন্তু সেই চিন্তাখিনিক আবেগ, ধৰ্ম, যুক্তিৰ নামত অপযুক্তি আদি বিভিন্ন উপায়বোৰৰ সহায়ত ডাইল্যুট আৰু দিশহাৰা কৰি পেলোৱাৰ উদাহৰণো অসংখ্য। আবেগৰ প্ৰয়োজনো আছে। কাৰণ আবেগে মানুহক এক ধৰণৰ সাহস দিয়ে। কিন্তু বহু সময়ত অত্যাধিক আৰু নিয়ন্ত্ৰনহীন আবেগে যুক্তিক বিসৰ্জন দিয়ে, পৰিস্থিতিগত সত্যক অস্বীকাৰ কৰিবলৈ লয়। তেতিয়াই গণ্ডগোল আৰম্ভ হয়। মূলতে আবেগিক জাতি অসমীয়াৰ এই নিয়ন্ত্ৰণহীন আবেগেই বহুসময়ত বহুবোৰ সমস্যাৰ সমাধানৰ সলনি নতুনকৈ কিছুমান সমস্যাৰ মুখামুখিহে কৰাইছে। একেসময়তে আৰু এটা কথা স্পষ্ট কৰি দিওঁ যে ব্যক্তিগতভাৱে মই হিন্দুৰ ঘৰৰ সন্তান যদিও মই ধৰ্মবিশ্বাসেৰে অন্ধ নহয়। কোনো ধৰ্মৰে প্ৰতি মোৰ আনুগত্য বা বিৰোধিতা নাই। নিজৰ ব্যক্তিগত অথবা সামাজিক জীৱনটো যাপন কৰোতে বা যিকোনো এটা সমস্যাৰ বা পৰিস্থিতিৰ সন্মুখীন হওঁতে জাতি, বৰ্ণ, ধৰ্ম, উচ্চ-নীচ আদি কথাবোৰ মোৰ মনলৈ আহিবলৈ কাহানিও দিয়া নাই। এখন যুক্তিবাদী, বৈজ্ঞানিক মানসিকতাৰ সমাজ গঢ়াৰ পথত ধৰ্মৰ আৰু জাত-পাতৰ প্ৰয়োজনীয়তা কিমান সেই প্ৰশ্নটোৰ উত্তৰহে আমি চিন্তা কৰো।

এতিয়া মূল কথালৈ আহোঁ। আলোচনা কৰিব খোজা বিষয়টো হৈছে অসমত বাস কৰা অবৈধ অনুপ্ৰৱেশকাৰীসকল। কিন্তু তাৰ আগতে আমাৰ মনত খুদুৱাই থকা কেইটামান প্ৰশ্ন – ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰনৰ কামটো অকল অসমৰ ক্ষেত্ৰতহে প্ৰযোজ্য কিয়? অসমত বাস কৰা লোকসকলেহে লিগেচী ডাটা বিচাৰি হাবাথুৰি খাব লগা হোৱা পৰিস্থিতিটো কিয় হৈছে? শতাব্দী জুৰি অসমত নিগাজীকৈ বসবাস কৰি অহা অসমীয়াসকলে কিয় আকৌ এবাৰ নিজৰ ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰিবলগীয়া হৈছে? এইবোৰ হৈছে, কাৰণ অসমৰ জনসংখ্যাত চুবুৰীয়া বিদেশী ৰাষ্ট্ৰৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰী মিহলি হৈ আছে বুলি মানি লোৱা হৈছে। কিন্তু অবৈধ অনুপ্ৰৱেশকাৰীৰ এই সমস্যাটো অকল অসমৰহে আছে নেকি? মেঘালয়, অৰুনাচল, ত্ৰিপুৰা, পশ্চিমবংগ, উত্তৰ প্ৰদেশ, বিহাৰ আদি প্ৰদেশত এই সমস্যাটো নাই নেকি? অৱশ্যে এইবোৰ প্ৰশ্নৰ অৰ্থ এইটো নহয় যে আমি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন উন্নীতকৰণৰ বিৰোধিতা কৰিছো। আচলতে আমি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ এই উন্নীতকৰণৰ বিৰোধিতাৰ সলনি এইটোহে বিশ্বাস কৰিছো যে এখন ক্ৰুটিমুক্ত আৰু সম্পূৰ্ণ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়ে অসমৰ বহু সমস্যা সমাধান কৰিব পাৰে। কিন্তু একেসময়তে এই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ নামত চলি থকা কিছুমান কথা-কাণ্ডৰ বিৰোধিতাও কৰিছো আৰু সেই কথা-কাণ্ডবোৰৰ বাবেই এই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন সম্পূৰ্ণ হৈ উঠিলেও অসমৰ অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যাটো যে ইমান সহজে সমাধান হ’ব – সেয়া মানি ল’ব পৰা নাই। এই নাগৰিকঞ্জী উন্নীতকৰণৰ সময়ত কি কি ধৰণৰ তথ্য ওলাইছে সেয়াও নিশ্চয় সকলোৱে দেখিছে। আনহে নালাগে অসমৰ গুৱাহাটীৰে এজন পুৰণি সম্ভ্ৰান্ত বাসিন্দাৰ নাতিয়েকৰ ঘৰৰ ঠিকনাত ইমানবোৰ সন্দেহযুক্ত মানুহৰ নাম ওলাল! আচৰিত কথা এই নামবোৰ কেনেকৈ ওলাল বুলি, এই নামবোৰৰ গৰাকীসকল কোন, ক’ৰ মানুহ ইত্যাদি প্ৰশ্নবোৰ কৰা মানুহৰ সংখ্যা কম হ’ল।

অস্বীকাৰ কৰা বৃথা যে অসমত বাস কৰা অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যাটো এটা পুৰণি, অতি স্পৰ্শকাতৰ আৰু বিপদজনক সমস্যা। প্ৰতিবাৰে নিৰ্বাচনৰ সময়ত এই সমস্যাটোৱে বিশেষভাৱে মূৰ ডাঙি উঠে আৰু দূৰ্ভাগ্যজনকভাৱে অসমৰ প্ৰতিটো ৰাজনৈতিক দলে এই সমস্যাটো লৈ ৰাজনীতিৰ পথাৰখনৰ পানী ঘোলা কৰে। লগতে আৰম্ভ হয় কিছুমান অতি অচৰিত ধৰণৰ অভিযোগ-প্ৰতিঅভিযোগ, তৰ্ক-বিতৰ্ক, দাবী-ভাবুকি আদি। যি কি নহওক, অবৈধ অনুপ্ৰৱেশকাৰী সংক্ৰান্তত আমি দুটামান প্ৰশ্ন উত্থাপন কৰিছো – অসমত যে চুবুৰীয়া বিদেশী ৰাষ্ট্ৰ বাংলাদেশৰ পৰা অবৈধভাৱে অনুপ্ৰৱেশ কৰি অহা বহুত মানুহ আছে সেই কথাটো সঁচা হয়নে নহয়? এই অবৈধ অনুপ্ৰৱেশ যে কেইবাদশক জুৰি লেথাৰী নিছিগাকৈ চলি আছে সেই কথাটো সঁচা হয় নে নহয়? সেই অবৈধ অনুপ্ৰৱেশকাৰীসকলে আৰু তেওঁলোকৰ বংশ বৃদ্ধিয়ে যে লাহে লাহে অসমৰ জনগাঁথনিটোকেই সলনি কৰি দিছে সেইটোও সঁচা কথা হয়নে নহয়? সেই অবৈধ অনুপ্ৰৱেশ আজিও যে অবাধে চলি আছে সেইটো সঁচা কথা হয়নে নহয়? কোনোবা ৰাজনীতিকে বা অন্য কোনোবাই যে কেতিয়াবা ঘপহ্‌কৈ কৈ দিয়ে “অসমত এজনো বাংলাদেশী নাই” – এই কথাটো মিছা হয়নে নহয়? যথেষ্ট দেৰী হৈ গৈছে যদিও এতিয়াও এই অবৈধ অনুপ্ৰৱেশ অতি সোনকালে একেবাৰে বন্ধ কৰিব নোৱাৰিলে সেই অনুপ্ৰৱেশকাৰীসকলৰ ক্ৰমাগত সংখ্যাধিক্যৰ কবলত পৰি এসময়ত অসমৰ আৰু অসমীয়া খিলঞ্জীয়া লোকসকলৰ আৰু অসমীয়া ভাষা-সংস্কৃতিৰ অস্তিত্ব বিপন্ন হ’ব সেই কথাটো সঁচা হয়নে নহয়?

বহুতে আজিকালি অসমলৈ বাংলাদেশী অবৈধ অনুপ্ৰৱেশৰ কথা ওলালে কিছুমান অদ্ভূৎ যুক্তি (অপযুক্তি) দিবলৈ লৈছে। তেনে এটা অপযুক্তি হ’ল – Bangladesh is doing economically much better than North-East India. Why should anybody migrate to North-East India? কি হাস্যকৰ যুক্তি। অৰ্থাৎ তেওঁলোকে ক’ব বিচাৰে যে বাংলাদেশৰ অৰ্থনৈতিক পৰিস্থিতিৰ যিটো প্ৰগতি সেইটো ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলতকৈ বহুত বেছি ভাল আৰু সেয়ে বাংলাদেশৰ পৰা অসম বা ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ আন প্ৰদেশলৈ মানুহ অবৈধ ভাৱে প্ৰব্ৰজন কৰাৰ প্ৰয়োজনেই নাই। কিন্তু এই ধৰণৰ যুক্তি দিয়াসকলে বোধহয় নাজানে (বা জানিও নজনাৰ ভাও ধৰে) যে বাংলাদেশ পৃথিৱীৰ ভিতৰতে অতি ঘন জনবসতিৰ দেশসমূহৰ অন্যতম আৰু বাংলাদেশৰ মুঠ জনসংখ্যাৰ প্ৰায় এক তৃতীয়াংশই দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে আৰু সেই দৰিদ্ৰ লোকসকলৰ এক বুজন সংখ্যকৰ দৰিদ্ৰতা অতি চুড়ান্ত (extreme poverty)। আৰু অৰ্থনৈতিক প্ৰগতিয়ে ঢুকি নোপোৱা এই অতি দৰিদ্ৰ শ্ৰেণীৰ লোকসকলেহে সাধাৰণতে জীয়াই থকাৰ তাড়নাত নিজৰ ঠাইখন এৰি আন ঠাইলৈ প্ৰব্ৰজন কৰে। লাগিলে সেই প্ৰব্ৰজন অবৈধই হওক। (অতি দৰিদ্ৰ লোকসকলে জীয়াই থকাৰ তাড়নাত নিজৰ ঠাইখন এৰি আন এখন ঠাইলৈ প্ৰব্ৰজন কৰিবলগীয়া হোৱাটো এটা নিৰ্মম ঘটনা আৰু এই প্ৰব্ৰজন মানৱতাৰ প্ৰতি, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতি, আৰু সভ্যতাৰ প্ৰতি এক তাচ্ছিল্য।)

এতিয়া আমি কিছু পৰিসংখ্যাৰ আৰু কিছু সত্যৰ সন্মুখীন হ’ব খুজিছো - আনকি উচ্চতম ন্যায়ালয়েও মানি লৈছে যে অসম-বাংলাদেশৰ সীমান্ত উন্মুক্ত হৈ আছে আৰু সেই উন্মুক্ত সীমান্তইদি অবাধে অনুপ্ৰৱেশ হৈছে। কেন্দ্ৰীয় চৰকাৰেও অসমত বহু লাখ অবৈধ অনুপ্ৰৱেশকাৰী আছে বুলি মানি লৈছে। ১৯৯৭ চনতে সেই তেতিয়াৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ইন্দ্ৰজিত গুপ্তাই পোন প্ৰথমবাৰৰ বাবে চৰকাৰৰ হৈ সংসদত কৈছিল যে ভাৰতত মুঠতে ১০ মিলিয়ন অবৈধ অনুপ্ৰৱেশকাৰী আছে। তাৰ পিছৰ বছৰ, ১০ আগষ্ট, ১৯৯৮ চনত গৃহ মন্ত্ৰালয় আৰু চোৰাংচোৱা সংস্থাৰ উদ্ধৃতিৰে ইণ্ডিয়া টুডেই ভাৰতত অবৈধ অনুপ্ৰৱেশকাৰীৰ এই সংখ্যাটো মুঠতে ১০.৫৩ মিলিয়ন বুলি কৈছিল আৰু লগতে কৈছিল তাৰে ৪ মিলিয়ন অসমত আছে। কিছুসংখ্যক অবৈধ অনুপ্ৰৱেশকাৰীক (সংখ্যাটো লজ্জাজনক ভাৱে কম) ঘূৰাই পঠোৱা হৈছে বুলি অসম চৰকাৰেও ঘোষণা কৰিছিল। (পিছে অৰুণাচলে ঘূৰাই পঠিৱা অবৈধ অনুপ্ৰৱেশকাৰীসকল ক’লৈ গ’ল?)

অসমৰ জনসংখ্যালৈ অলপ লক্ষ্য কৰিলেও কিছুমান কথা ওলাই পৰে – অসমত মুছলমান জনসংখ্যাৰ হাৰ ১৯৭১ চনৰ তুলনাত ১৯৯১ চনত ৭৭% বৃদ্ধি পায় আৰু একেছোৱা সময়ত হিন্দু জনসংখ্যাৰ হাৰ বৃদ্ধি পায় ৪২%। ১৯৯১ চনৰ জনগণনা মতে ধুবুৰী, গোৱালপাৰা, বৰপেটা আৰু হাইলাকান্দি জিলাকেইখন মুছলিম সংখ্যাগৰিষ্ঠ জিলা হয়। ২০০৫ চনত নগাঁও, দৰং, কৰিমগঞ্জ আৰু মৰিগাঁও জিলাকেইখনো মুছলিম সংখ্যাগৰিষ্ঠ জিলা হয়। [তথ্যসূত্ৰ – ১) অশান্ত উত্তৰ-পূৰ্বাঞ্চল, পৃষ্ঠা ৮৯, অসমত মুছলিম মৌলবাদ – বিভূতি ভূষণ নন্দী, আৰু ২) ইংৰাজী ৱিকিপিডিয়া।] ২০০১ চনৰ পৰা ২০১১ চনলৈকে ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ ৰাষ্ট্ৰীয় হাৰ ১৮%, একেখিনি সময়ত ভাৰতত মুছলমান জনসংখ্যা বৃদ্ধিৰ ৰাষ্ট্ৰীয় হাৰ ২৪%। অসমত এই সময়ছোৱাত মুছলমান জনসংখ্যা বৃদ্ধিৰ এই হাৰ ৩৪%, যিটো ৰাষ্ট্ৰীয় হাৰতকৈ বহুত বেছি। (তথ্যসূত্ৰ – ২০১১ Census data, Times of India) অসমৰ জনসংখ্যা বৃদ্ধিৰ এই অস্বাভাবিকতাৰ এটা প্ৰধান কাৰণ যে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা হোৱা অবৈধ অনুপ্ৰৱেশ সেইটোও সকলোৱে বুজি পায়। এই অস্বাভাবিক জনসংখ্যা বৃদ্ধিয়ে এসময়ত অসমৰ খিলঞ্জীয়া লোকসকলৰ অস্তিত্ব কেনেদৰে বিপদাপন্ন কৰিব পাৰে সেয়া নুবুজাকৈ থকা মানুহ আছে বুলিও আমাৰ বিশ্বাস নহয়। সেই ১৯৯৮ চনতে তেতিয়াৰ অসমৰ ৰাজ্যপালগৰাকীয়ে তেতিয়াৰ ৰাষ্ট্ৰপতিলৈ পঠোৱা নিজৰ ৰিপৰ্টত লিখিছিল – “Large scale illegal migration from East Pakistan/Bangladesh over several decades has been altering the demographic complexion of this State. It poses a grave threat both to the identity of the Assamese people and to our national security. Successive Governments at the Centre and in the State have not adequately met this challenge.”


অসমত যে এই demographic complexion টো দিনে দিনে সলনি হৈছে সেইটোৱেই হৈছে এটা অন্যতম মূল সমস্যা। লগতে যোগ হৈছে ৰাষ্ট্ৰীয় নিৰপত্তাৰ বিষয়টো। জাতি-ধৰ্ম নিৰ্বিশেষে সাতামপুৰুষীয়া সংহতি থকা অসমৰ দৰে ঠাইতো যে মৌলবাদী সন্ত্ৰাসবাদে লাহে লাহে পোখা মেলিছে সেয়া অস্বীকাৰ কৰিব নোৱাৰা সত্য। ভাৰত-বাংলা সীমান্তৰ কিছুসংখ্যক মাদ্ৰাছাত সন্দেহজনক কাৰ্য্যকলাপ চলি থকাৰ কথা কেন্দ্ৰীয় চোৰাংচোৱাই গৃহ মন্ত্ৰালয়ক ইতিমধ্যে জনাইছে। অসমত মুঠতে কিমান সংখ্যক মাদ্ৰাছা আছে আৰু তাৰে কিমানসংখ্যক স্বীকৃতিবিহীন সেই হিচাপটো অসম চৰকাৰৰ হাতত আছে বুলি আমাৰ বিশ্বাস নহয়। এই মাদ্ৰাছাবোৰ চলাবলৈ ধন ক’ৰপৰা আহে সেইটো এটা অনুসন্ধান কৰিবলগীয়া বিষয়। অসমত আইছিছৰ সন্ত্ৰাসবাদীয়ে খোপনি পুতিছে – এই সতৰ্কবাণী কেন্দ্ৰীয় চোৰাংচোৱাৰ আৰু অসম চৰকাৰে এই সতৰ্কবানীৰ কথা ইতিমধ্যে স্বীকাৰো কৰিছে। অসমত আইছিছৰ সন্ত্ৰাসবাদীয়ে কেনেকৈ, কি উদ্দেশ্যেৰে, কাৰ সহযোগত, কাৰ বিৰুদ্ধে খোপনি পুতিব পৰা হ’ল?


কিন্তু তাৰ পিছতো অবৈধ অনুপ্ৰৱেশকাৰীৰ কথা ওলালেই কথাবোৰ ভাষা-ধৰ্ম আদিৰ লগত মিহলাই অন্য কৰ’বালৈ লৈ যাবলৈ চেষ্টা চলোৱা হয়। অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যাটো অসমৰ বাবে এটা জাতীয় সমস্যা, অসমৰ অস্তিত্বলৈ ভাবুকি আহি পৰা ধৰণৰ সমস্যা। ইয়াত জাতি-ভাষা-ধৰ্ম আদি কথাবোৰ ক’ৰপৰা, কিয়, কাৰ স্বাৰ্থত আহিল?

এয়া দূৰ্ভাগ্যজনক। জাতি-ধৰ্ম নিৰ্বিশেষে আমি সকলোৱে এটা কথা মানি লোৱা ভাল যে এখন ৰাষ্ট্ৰৰ পৰা আন এখন ৰাষ্ট্ৰলৈ অবৈধভাৱে আন্ত:ৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈ অনুপ্ৰৱেশ কৰা সকলো মানুহেই সেই ৰাষ্ট্ৰখনত অবৈধ অনুপ্ৰৱেশকাৰী। যিদৰে ভাৰতীয় নাগৰিকসকলৰ নাগৰিকত্বৰ আৰু মৰ্য্যদাৰ ক্ষেত্ৰত জাতি-ধৰ্ম-ভাষা আদি বিচাৰ্য্য বিষয় নহয় তেনেদৰে কোনোবা বিদেশী ৰাষ্ট্ৰৰ পৰা ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা এই অনুপ্ৰৱেশকাৰীসকলৰো জাতি-ধৰ্ম-ভাষা কি সেইটো কোনোপধ্যে বিচাৰ্য্য বিষয় হ’ব নোৱাৰে। অবৈধ অনুপ্ৰৱেশকাৰী অবৈধ অনুপ্ৰৱেশকাৰীয়েই আৰু এই ক্ষেত্ৰত কথাবোৰ ধৰ্মীয় আৰু ভাষিক সহমৰ্মিতাৰে বিচাৰ কৰিলে নহ’ব। এই অবৈধ অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰি তেওঁলোকক অবৈধ অনুপ্ৰৱেশকাৰী বুলি প্ৰমাণ কৰাটো বা প্ৰমাণ কৰিব পাৰিলেও তেওঁলোকক ঘূৰাই পঠোৱাটো ইমান সহজ কাম নহয় – সেইটো আমি অতি আচৰ্য্যৰে আৰু অসহায়ভাৱে মানি লৈছো। কিন্তু আমি সদ্যহতে দুটামান কাম কৰিব পাৰো -

অসমলৈ হোৱা এই অবৈধ অনুপ্ৰৱেশৰ কেইটামান অন্যতম কাৰণ হৈছে – খিলঞ্জীয়া মানুহৰ কৰ্মবিমুখিতা, ৰাজনীতিকৰ ক্ষমতাৰ অংক আৰু অসম-বাংলাদেশৰ উন্মুক্ত সীমান্ত। অসমৰ খিলঞ্জীয়া মানুহৰ কৰ্মবিমুখিতাৰ কথা বেলেগ কৈ লাভ নাই। কিছুমান অতি সহজ low end কামৰ বাবেও আমি প্ৰব্ৰজনকাৰীৰ ওপৰতে নিৰ্ভৰশীল। এই নিৰ্ভৰশীলতা এদিন আঁতৰ হ’বগৈ বুলি আশা কৰিছো। কিন্তু দল-মতাদৰ্শ নিৰ্বিশেষে অসমৰ ৰাজনীতিকসকলে এই ক্ষেত্ৰত ইমানদিনে প্ৰদৰ্শন কৰা নিজৰ উদ্দেশ্যপূৰ্ণ অমনোযোগিতা শেষ কৰিব লাগিব। ভাৰত-বাংলাদেশ ভূমি হস্তান্তৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পিছত এই অবৈধ অনুপ্ৰৱেশকাৰী আৰু দুয়োখন দেশৰ মাজৰ আন্ত:ৰাষ্ট্ৰীয় সীমাৰ সমস্যাটোৰ স্থায়ী সমাধান এতিয়া নকৰিলে কেতিয়া কৰিব? সদ্যপ্ৰয়াত ৰাষ্ট্ৰপতি আব্দুল কালামে কৈছিল ৰাজনীতি দুবিধ – ক্ষমতাৰ ৰাজনীতি আৰু উন্নয়নৰ ৰাজনীতি। অসমৰ ৰাজনীতিকসকলে ক্ষমতাৰ ৰাজনীতি যথেষ্ট কৰিলে। এতিয়া উন্নয়নৰ ৰাজনীতি কৰাৰ সময় আহিল। এতিয়া সীমান্তৰ ভূমি হস্তান্তৰ সম্পূৰ্ণ হোৱাৰ পিছত ভাৰত-বাংলাদেশৰ আন্ত:ৰাষ্ট্ৰীয় সীমান্ত চীল কৰাটো টান কাম হোৱাৰ কোনো যুক্তি নাই। ভাৰতৰ পশ্চিম সীমান্তত (ভাৰত-পাকিস্থানৰ সীমান্ত) মাত্ৰ কাটাতাঁৰৰ বেৰাই নহয়, লগতে এই সীমান্ত কটকটীয়াকৈ সুৰক্ষিত আৰু কোনো ঠাইতে অকনো সুৰুঙা নথকা। কিন্তু ভাৰতৰ পূৱৰ সীমান্ত অসুৰক্ষিত আৰু সুৰুঙা থকা কিয়? – এই প্ৰশ্নটো আন কোনোবাই নহয়, এই প্ৰশ্নটো উচ্চতম ন্যায়ালয়ে চৰকাৰক কৰিছে। ভাৰত-বাংলাদেশৰ সমগ্ৰ আন্ত:ৰাষ্ট্ৰীয় সীমান্ত কটকটীয়াকৈ, অকনো সুৰুঙা নথকাকৈ চীল কৰা হওক, ভাৰত-বাংলাদেশ সীমান্তত নিৰাপত্তা আৰু প্ৰতিৰক্ষাৰ ব্যৱস্থা ভাৰত-পাকিস্থানৰ সীমান্তৰ দৰে একে সমান হওক – এইটো এতিয়া আমাৰ সকলোৰে প্ৰথম আৰু প্ৰধান দাৱী হোৱা উচিত। দুখন দেশৰ মাজৰ মাত্ৰ ৪০৯৬ কিলোমিটাৰৰ এক আন্ত:ৰাষ্ট্ৰীয় সীমান্ত দশকজুৰি কটকটীয়াকৈ চীল কৰিব নোৱাৰা উদাহৰণ পৃথিৱীত সৰহ নাই কিন্তু।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages