Sunday, September 6, 2015

মুকলি চিন্তা

এক বিকল্প 'শিক্ষক দিৱস'ৰ সপক্ষে
ডঃ কমল কুমাৰ তাঁতী
এই লেখাটোৰ আৰম্ভণিতে হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ ‘বহুজন ষ্টুডেন্টছ ফ্ৰন্টে’ প্ৰকাশ কৰি উলিওৱা এখন প্ৰচাৰপত্ৰৰ পৰা এটা কবিতা তুলি দিব খুঁজিছোঁ – “Go, Get Education / Be self-reliant, be industrious / Work, gather wisdom and riches, / All gets lost without knowledge / We become animal without wisdom, / Sit idle no more, go, get education/ End misery of the oppressed and forsaken, / You've got a golden chance to learn / So learn and break the chains of caste. / Throw away the Brahman's scriptures fast. এই বিখ্যাত মাৰাঠী কবিতাটোৰ ৰচক হৈছে উনবিংশ শতিকাৰ এগৰাকী অগ্ৰণী মহিলা সমাজ-সংস্কাৰক, প্ৰথমগৰাকী আধুনিক মাৰাঠী কবি তথা ভাৰতৱৰ্ষৰ প্ৰথমগৰাকী মহিলা শিক্ষয়িত্ৰী সাবিত্ৰীবাই ফুলে ৷

‘ভাৰতীয় সামাজিক আন্দোলন’ৰ পিতৃ-পুৰুষ মহাত্মা জ্যোতিৰাও গোবিন্দৰাও ফুলে আৰু তেওঁৰ নাৰীবাদী সহধৰ্মীণী সাবিত্ৰীবাই ফুলে হৈছে বৃটিছ আমোলৰ ভাৰতৱৰ্ষত গঢ়ি উঠা নাৰী-অধিকাৰ, জাতিবাদ-বিৰোধী, অস্পৃশ্যবাদ-বিৰোধী আৰু শিক্ষা-অধিকাৰ আন্দোলনসমূহৰ সবাতোকৈ উল্লেখযোগ্য আৰু অগ্ৰণী প্ৰবক্তাদ্বয় ৷

যোৱা প্ৰায় এটা দশক ধৰি হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ লগতে দেশৰ বিভিন্ন বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ দলিত-বহুজন-আদিবাসী ছাত্ৰ-ছাত্ৰী, শিক্ষক-অধ্যাপক-বুদ্ধিজীৱীসকলৰ লগতে বহুকেইটা দলিত-বহুজন-আদিবাসী ছাত্ৰ সংগঠন আৰু সামাজিক সংগঠনে বিভিন্ন সময়ত ড0 সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো ‘শিক্ষক দিৱস’ হিচাপে পালন কৰি অহাৰ ক্ষেত্ৰত দুৰ্ঘোৰ আপত্তি দৰ্শাই আহিছে আৰু দিনকদিনে এই আপত্তি-অভিযোগ বাঢ়িব ধৰিছে ৷ ‘Kafila.org’-ত প্ৰকাশিত এটা লেখাত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ অভয় কুমাৰে লিখিছে – “তেওঁলোকে এইবুলি যুক্তি-বিতৰ্ক আগবঢ়াইছে যে এজন ‘ব্ৰাক্ষ্মণ’ ৰাধাকৃষ্ণনৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰি থকাৰ কোনো যুক্তিযুক্ততা নাই, কিয়নো ভাৰতৰ নিম্ন জাতৰ আৰু নিম্ন শ্ৰেণীৰ লোকসকলৰ শৈক্ষিক উন্নতিৰ বাবে তেওঁ কোনো ধৰণৰ অৱদান আগবঢ়োৱা নাছিল ৷ বৰং তেওঁলোকে উনবিংশ শতিকাৰ সমাজ সংস্কাৰক আৰু পিছপৰা শ্ৰেণীৰ এগৰাকী অগ্ৰগণ্য শিক্ষয়িত্ৰী ‘সাবিত্ৰীবাই ফুলে’ৰ (৩ জানুৱাৰী, ১৮৩১-১০ মাৰ্চ, ১৮৯৭) জন্মদিনটোহে ‘ৰাষ্ট্ৰীয় শিক্ষক দিৱস’ হিচাপে উদযাপন কৰিবলৈ জনসাধাৰণক উৎসাহিত কৰি আহিছে ৷”

বিভিন্নজনে প্ৰশ্ন তুলিছে যে, ভাৰতৱৰ্ষৰ প্ৰথম গৰাকী মহিলা শিক্ষয়িত্ৰী আৰু ১৮৪৮ চনৰ এক জানুৱাৰীত পুনেত কেৱল নাৰীৰ বাবে ভাৰতৱৰ্ষৰ প্ৰথমখন নাৰী বিদ্যালয় স্থাপন কৰোঁতা হিচাপে পৰিচিত সাবিত্ৰীবাই ফুলেৰ জন্মদিনটো কিয় শিক্ষক দিৱস ৰূপে পালন কৰা নহ’ব ? বৃটিছ যুগত ভাৰতীয় জাতিবাদ আৰু ব্ৰাক্ষ্মণ্যবাদী-জাতিবাদী সংস্কৃতিৰ বিৰুদ্ধে পোনপ্ৰথমবাৰৰ যুদ্ধ ঘোষণা কৰা আৰু জন-আন্দোলনৰ নেতৃত্ত্ব দিয়া প্ৰথমচাম লোকৰ অন্যতম হিচাপে পৰিচিত সাবিত্ৰীবাই ফুলেৰ জন্মদিনটো ‘ৰাষ্ট্ৰীয় শিক্ষক দিৱস’-ৰূপে উদযাপন কৰিবৰ বাবে তোলা এই দাবী সম্পূৰ্ণভাৱে আৰু নিশ্চিতভাৱে যুক্তিসংগত ৷

প্ৰকৃততে সাবিত্ৰীবাই ফুলেৰ জন্মদিনটো ‘ৰাষ্ট্ৰীয় শিক্ষক দিৱস’ হিচাপে পালন কৰাৰ বাবে যোৱাটো শতিকাৰ সত্তৰৰ দশকতে ‘দলিত পেন্থাৰে’(Dalit Panther) পোনপ্ৰথমবাৰৰ বাবে দাবী উত্থাপন কৰিছিল ৷ বিখ্যাত মাৰাঠী কবি নামদেও ধাছালে প্ৰতিষ্ঠা কৰা এই সামাজিক সংগঠনটোৱে তেতিয়াৰেপৰা ৩ জানুৱাৰীৰ দিনটো ‘ভাৰতৰ শিক্ষক দিৱস’ (Teacher's Day of India) হিচাপে পালন কৰি আহিছে ৷ এই দাবীৰ সপক্ষে দলিত পেন্থাৰে বহুকেইটা যুক্তি দাঙি ধৰিছিল ৷

মহাত্মা জ্যোতিবা ফুলে আৰু তেওঁৰ পত্নী সাবিত্ৰীবাই ফুলেৰ সবাতোকৈ উল্লেখযোগ্য কৃতি হৈছে, তেওঁলোকে ঔপনিৱেশিক ভাৰতৱৰ্ষত কুখ্যাত জাতিবাদী-ৰাজনীতি আৰু মনুবাদী-ব্ৰাক্ষ্মণ্যবাদী-জাতিবাদী-বৈদিক সংস্কৃতিৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ ঘোষণা কৰি সমাজৰ সৰ্বস্তৰৰ মানুহক সেই বিদ্ৰোহত চামিল কৰিবলৈ সক্ষম হৈছিল ৷ তেওঁলোকে ব্ৰাক্ষ্মণ্যবাদী প্ৰমূল্য আৰু চিন্তাধাৰাৰ বিৰুদ্ধে নিপীড়িত শ্ৰেণীসমূহক একত্ৰিত আৰু সংগঠিত কৰি এক প্ৰবল গণ-আন্দোলনৰ নেতৃত্ত্ব দিছিল ৷ নাৰী, দৰিদ্ৰ আৰু নিপীড়িত মানুহৰ সৰ্বাংগীন উন্নতিৰ বাবে কৰা এই সমূহ সংগ্ৰামত সাবিত্ৰীবাই ফুলে আছিল সম-অংশীদাৰ ৷ সাবিত্ৰীবাই ফুলেই নাৰী, অস্পৃশ্য, দৰিদ্ৰ, শ্ৰমিক, বয়স্ক আদিকে ধৰি সমাজৰ সকলো স্তৰৰ, সকলোবোৰ জাতি-সম্প্ৰদায়ৰ আৰু সকলো বয়সৰ লোকক শিক্ষিত কৰি তোলাৰ বাবে তেওঁৰ সমগ্ৰ জীৱন উছৰ্গা কৰিছিল৷

১৮৪৮ চনৰ এক জানুৱাৰীৰ দিনা পুনেৰ বুধৱাৰ পেঠৰ ভিড়েৱাড়াত জ্যোতিবা ফুলে আৰু সাবিত্ৰীবাই ফুলেই কেৱল নাৰীৰ বাবে ভাৰতৱৰ্ষৰ প্ৰথমখন নাৰী বিদ্যালয় স্থাপন কৰে আৰু সাবিত্ৰীবাই ফুলে ইয়াৰ প্ৰথমগৰাকী প্ৰধান শিক্ষয়িত্ৰী হিচাপে নিযুক্ত হয় ৷ সেই সময়চোৱাৰ শিক্ষাজগতত চলি থকা উচ্চবৰ্ণীয়-ব্ৰাক্ষ্মণ্যবাদী আধিপত্যৰ বিৰুদ্ধে যোৱাৰ কাৰণে সাবিত্ৰীবাই ফুলেৰ শিক্ষকতাৰ জীৱন আছিল চৰম সংঘাতপূৰ্ণ আৰু কষ্টকৰ৷ প্ৰতিদিনেই বিদ্যালয়লৈ খোজ কাঢ়ি যোৱাৰ সময়ত তেওঁ তীব্ৰ বাধাৰ সন্মুখীন হোৱাৰ উপৰি প্ৰায়েই নিগৃহীত হৈছিল৷ বাটৰ মানুহে তেওঁলৈ প্ৰায়েই শিলগুটি-গোবৰ-বোকা আদি দলিয়াইছিল, অশ্লীল গালি-গালাজ কৰিছিল আৰু বাট ভেঁটি ধৰিছিল৷ সমাজৰ প্ৰায় সকলো স্তৰৰ মানুহৰপৰা এনে বাধা-বিঘিনি পোৱা সত্ত্বেও তেওঁ আছিল অটল-অবিচল৷ যি সময়ত অস্পৃশ্যসকলৰ ছাঁটোকে চৰম অপৱিত্ৰ বুলি গণ্য কৰা হৈছিল, সেই সময়ত ফুলে দ্ম্পতিয়ে নিজৰ ঘৰখন অস্পৃশ্যসকলৰ বাবে মুকলি কৰি দিয়াৰ লগতে নিজৰ ঘৰৰ কুঁৱাৰ পানীও তেওঁলোকক ব্যৱহাৰ কৰিবলৈ দিছিল ৷ আজি ১৭০ বছৰৰ পিছতো কিন্ত্ত এতিয়াও ভাৰতৰ অস্পৃশ্যসকল বহু সময়ত ‘পানীৰ মৌলিক অধিকাৰ’ৰপৰা বঞ্চিত !

সাবিত্ৰীবাই ফুলে হৈছে ভাৰতৱৰ্ষৰ প্ৰথমগৰাকী ‘দলিত’ ‘মহিলা’ কবি, যাৰ কবিতাই বৃটিছ যুগতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ৷ প্ৰথমগৰাকী আধুনিক মাৰাঠী কবি হিচাপে তেওঁ ১৮৫৪ চনত প্ৰকাশ কৰি উলিয়ায় তেওঁৰ প্ৰথমখন কাব্য-সংকলন – ‘কাব্য-ফুলে’ ৷ ১৮৫২ চনত সাবিত্ৰীবাই ফুলেই ‘মহিলা সেৱা মণ্ডল’ৰ প্ৰতিষ্ঠা কৰি ইয়াৰ জৰিয়তে মহিলাসকলৰ মানৱ-অধিকাৰ, জীৱনৰ অধিকাৰ আৰু আন আন সামাজিক অধিকাৰৰ বিষয়ে নাৰী সমাজক সজাগ কৰিবলৈ আন্দোলন গঢ়ি তোলে ৷ সেই সময়তে তেওঁ মহিলাসকল বিধৱা হোৱাৰ পিছত মূৰৰ চুলি খুৰাই দিয়াৰ কুখ্যাত প্ৰথাৰ বিৰুদ্ধে থিয় দিয়ে আৰু সেইসময়ৰ বোম্বে আৰু পুনেত এক সফল ‘নাপিতসকলৰ ধৰ্মঘট’ পালন কৰাত মূখ্য ভূমিকা লয় ৷ মহাত্মা জ্যোতিবা ফুলেই আৰম্ভ কৰা বিখ্যাত ‘সত্য-শোধক-সমাজ আন্দোলন’তো তেওঁ গুৰুত্ত্বপূৰ্ণ ভূমিকা পালন কৰে ৷

‘বহুজন ষ্টুডেন্টছ ফ্ৰন্টে’ সাবিত্ৰীবাই ফুলেৰ জন্মদিনটো, অৰ্থাৎ ৩ জানুৱাৰীৰ দিনটো ‘ৰাষ্ট্ৰীয় শিক্ষক দিৱস’ হিচাপে উদযাপন কৰাৰ দাবীত প্ৰকাশ কৰা এখন গোহাৰীপত্ৰত তেওঁলোকৰ এই দাবীৰ সপক্ষে এইবুলি উল্লেখ কৰিছে – “সাবিত্ৰীবাই ফুলে আছিল এগৰাকী সামাজিক বিপ্লৱী, যিয়ে তেওঁৰ স্বামী জ্যোতিবা ফুলেৰ (ভাৰতীয় সামাজিক বিপ্লৱৰ পিতৃপুৰুষ) সহায়ত মনুবাদী-ব্ৰাক্ষ্মণ্যবাদী শক্তিসমূহৰ হাতোঁৰাৰপৰা নিৰীহ বহুজন-দলিত সমাজক স্বাধীন কৰিবলৈ এক বিৰল প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল ৷ বৰ্বৰ ব্ৰাক্ষ্মণ্যবাদী আধিপত্যৰ যুগত বহুজন-দলিত সমাজক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছিল ৷ তৎসত্ত্বেও ভাৰতৱৰ্ষৰ মূলনিবাসীসকলক উদ্ৱুদ্ধ-আলোকিত কৰিবলৈ শিক্ষাক স্বাধীনতাৰ অস্ত্ৰ হিচাপে লৈ বৈপ্লৱিক প্ৰচেষ্টা অব্যাহত ৰাখিছিল ৷ ব্ৰাক্ষ্মণ্যবাদী পিত্তৃতান্ত্ৰিকতাৰ পৰিসমাপ্তি কৰিবলৈ সাবিত্ৰীবাই ফুলে আৰু জ্যোতিবা ফুলেই প্ৰবল সংগ্ৰাম চলাইছিল, কিয়নো তেওঁলোকে নাৰীক সমান বুলি ভাবিছিল, যিটো ব্ৰাক্ষ্মণ্যবাদী শাস্ত্ৰসমূহৰ (য’ত নাৰীক অধস্তন বুলি গণ্য কৰা হয়) বিৰোধী দৃষ্টিভংগী ৷ ….. ইয়াৰ উপৰিও সাবিত্ৰীবাই ফুলেই বেদসমূহ, স্মৃতি আৰু শাস্ত্ৰসমূহৰ ব্ৰাক্ষ্মণ্যবাদী পিত্তৃতান্ত্ৰিক ৰূপটোক প্ৰবলভাৱে আক্ৰমণ কৰিছিল, কিয়নো এই সমূহ শাস্ত্ৰতে নাৰীৰ বিষয়ে অপমানজনক মিছা কথাৰে ভৰি আছে ৷ তেওঁ বহুজন-দলিত নাৰীক দূগুণভাৱে অৱদমিত-নিপীড়িত শ্ৰেণী বুলি গণ্য কৰিছিল – প্ৰথমতে ব্ৰাক্ষ্মণ্যবাদী শক্তিৰদ্বাৰা আৰু দ্বিতীয়তে নিজ সম্প্ৰদায়ৰে পূৰুষসকলৰদ্বাৰা; তেওঁৰ মতে ব্ৰাক্ষ্মণ্যবাদী পৰম্পৰা-পদ্ধতি-নিয়মবোৰৰ পৰিসমাপ্তিতে লুকাই আছে পিত্তৃতান্ত্ৰিকতাৰ পতন ৷ ….. সাবিত্ৰীবাই ফুলে আৰু জ্যোতিবা ফুলে হৈছে ভাৰতৱৰ্ষৰ প্ৰথম দুগৰাকী সামাজিক বিপ্লৱী, যিয়ে উচ্চ-জাতৰ নিয়োগকৰ্ত্তাসকলৰ অন্যায়-অবিচাৰৰ বিৰুদ্ধে যুঁজ কৰিবলৈ শ্ৰমিক আৰু কৃষকসকলক সংগঠিত কৰিছিল ৷ ….. সাবিত্ৰীবাই ফুলে আৰু জ্যোতিবা ফুলে দুয়োজনেই আধুনিক শিক্ষাৰ প্ৰয়োজনীয়তা আৰু বৈজ্ঞানিক জ্ঞানৰ আহৰণৰ বিষয়ে সৰ্ব-সাধাৰণ জনতাৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ প্ৰচেষ্টা চলাইছিল আৰু এই কথাত জোৰ দিছিল যে শিক্ষাই হৈছে এনে এক অস্ত্ৰ, যিয়ে এক সাংস্কৃতিক বিপ্লৱ আনিব পাৰে আৰু এই গোটেই বাকধাৰাটোৱে ব্ৰাক্ষ্মণ্যবাদী দমন-ব্যৱস্থাটোক প্ৰবলভাৱে প্ৰত্যাহ্বান জনায় ৷ নাৰী আৰু নিম্ন-জাতৰ লোকসকলৰ শিক্ষাৰ সপক্ষে সাবিত্ৰীবাই ফুলে আৰু মহাত্মা ফুলেই আগবঢ়োৱা যুক্তিসমূহে এনে এক দৃষ্টিভংগী প্ৰতিফলিত কৰে যে সেই সময়ত এখন সমাজ হিচাপে ভাৰতৱৰ্ষ বাস্তৱিকতে আৰু বুদ্ধিমত্তাৰ পিনৰপৰাও দৰিদ্ৰ আছিল ৷”

সাবিত্ৰীবাই ফুলেৰ সবাতোকৈ গুৰুত্ত্বপূৰ্ণ অৱদান হৈছে, উনবিংশ শতিকাতে তেওঁ নাৰীসমাজ, দলিত-আদিবাসী, অস্পৃশ্য লোকসকল, তপশীলভূক্ত জাতি আৰু জনজাতিকে আদি কৰি সমাজৰ সমূহ প্ৰান্তীয় শ্ৰেণী আৰু পিছপৰা জাতিৰ লোকসকলৰ বাবে শিক্ষাৰ দুৱাৰ মুকলি কৰিবলৈ অহোপূৰুষাৰ্থ প্ৰচেষ্টা চলাইছিল ৷ এনে হোৱাৰ পিছতো কিন্ত্ত, তেওঁৰ জীৱিতকালত, কাৰো কোনো সহায় নোহোৱাকৈ নাৰী আৰু অস্পৃশ্য লোকসকলক শিক্ষিত কৰিবলৈ দীঘলীয়া আৰু কষ্টকৰ সংগ্ৰাম অব্যাহত ৰখাৰ সময়ত, ভাৰতীয় সমাজে তেওঁক কোনোদিনেই কোনো ধৰণৰ যথোচিত সন্মান আৰু মৰ্যাদা নিদিলে ৷ কিন্ত্ত সেইবুলি এতিয়াও যদি আমি তেওঁক উচিত সন্মান আৰু মৰ্যাদা প্ৰদান নকৰো, এতিয়াও যদি আমি ভাৰতীয় সমাজ-ব্যৱস্থা আৰু ভাৰতীয় শিক্ষা জগতলৈ তেওঁৰ ব্যক্তিগত আৰু সামূহিক অৱদানক শ্ৰদ্ধাৰে স্মৰণ নকৰোঁ, এতিয়াও যদি আমি ভাৰতৰ মহান শিক্ষাবিদগৰাকীৰ কষ্টকৰ জীৱন-যাত্ৰা আৰু কঠিন পৰিস্থিতিৰ সৈতে তেওঁ কৰা মোকাবিলাৰ বিষয়ে আলোচনা কৰিবলৈ দ্বিধাবোধ কৰোঁ, তেনেহ’লে নিশ্চিতভাৱে অনাগত দিনবোৰত আমাক আমাৰ ভৱিষ্যত প্ৰজন্মই ইয়াৰ বাবে দোষাৰূপ নকৰাকৈ নাথাকে ৷ সেয়ে এই লেখাৰ জৰিয়তে আমি সমূহ সংশ্লিষ্ট পক্ষক আহ্বান জনাওঁ যাতে ‘ক্ৰান্তিজ্যোতি’ সাবিত্ৰীবাই ফুলেৰ জন্মদিনটো, অৰ্থাৎ ৩ জানুৱাৰীৰ দিনটো ‘ৰাষ্ট্ৰীয় শিক্ষক দিৱস’ হিচাপে উদযাপন কৰাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা হাতত লৈ উনবিংশ শতিকাৰ মহান শিক্ষাবিদগৰাকীক এক ঐতিহাসিক ন্যায় আৰু উচিত মৰ্যাদা প্ৰদান কৰিব ৷

(দৈনিক জনমভূমি, ৪ ছেপ্তেম্বৰ, ২০১৪)

No comments:

Post a Comment