Monday, September 7, 2015

সাম্প্ৰতিক প্ৰসংগ

বানপানী আৰু কেৰোণ সৃষ্টি কৰা 
আপোন মানুহবোৰ 
অগ্নিভ দত্ত
অসমত ভয়ংকৰ বানপান, শ শ আশ্ৰয় শিবিৰ মুকলি! লাখ লাখ মানুহ বানৰ কবলত। এই খবৰটো দেখাৰ পাছত কোনোবা এজন বন্ধুৱে কোৱা কথা এটালৈ মনত পৰিছে। মোৰ বন্ধুজনকক বোলে তেখেতৰ এগৰাকী বিদেশী বন্ধুৱে (সম্ভৱতঃ জাৰ্মান বন্ধু) এবাৰ সুধিছিল -"তঁহতৰ তাত যে ইমান যেতিয়াই তেতিয়াই বানপানী হয় এটা কথা কচোন, তঁহতৰ তাৰ নৈ বিলাক বেছি চোকা নে তঁহতৰ মানুহবোৰৰ কোনো কাম নাই ?" বন্ধুৱে কি উত্তৰ দিছিল পাহৰিছো, সম্ভৱ বিদেশী বন্ধুৰ মুখলৈ চাই অঁকৰাটোৰ নিচিনাকৈ হাঁহি এটা মাৰিছিল।

হয়, অসমত বান নিয়ন্ত্ৰণ, গড়কাপ্তানী, জলসিঞ্চন, কৃষি আদি বিভিন্ন বিভাগৰ অফিচে গিজগিজাই আছে। এইবোৰ বিভাগৰ নিশ্চয় বিশেষ বিশেষ কাম আছে আৰু সেইকামবোৰ নিয়াৰিকৈ কৰি গ'লে নিশ্চয় বহুখিনি বেমেজালি কম হোৱাৰ সম্ভাৱনা আছে। এতিয়া আহো এই বিভাগবিলাক চলাই কোনে ? নিশ্চয় মন্ত্ৰীৰপৰা আমোলা, অভিযন্তা,কৃষি বিজ্ঞানী ,ঠিকাদাৰ আৰু বিভিন্ন কৰ্মচাৰীৰে এই বিভাগ বিলাক চলে। এই বিভাগ বিলাকত যিমানদূৰ জানো থলুৱা মানুহেৰেই ভৰ্তি হয়, মানে অসমৰে। মন্ত্ৰী,অভিযন্তা,কৃষি বিজ্ঞানী, ঠিকাদাৰ আৰু কৰ্মচাৰী আদি সকলো আমাৰেই মানুহ; ইয়াত না কোনোবা দিল্লীৱালা আছে না কোনো বিদেশী বা ঔপনিবেশিক মানুহে কাম কৰি আছে। এই বিভাগবোৰৰ ৰাজহাড়ডাল সেই বিভাগবোৰৰ অভিযন্ত্ৰাসকল বা কৃষি বিজ্ঞানীসকলেই নহয়নে। এতিয়া যদি মন কৰো এই অভিযন্ত্ৰাসকল বা কৃষি বিজ্ঞানীসকল বাহিৰৰ পৰা অহা নহয় ।এইসকল ১৯৫৫ চনতে আৰম্ভ হোৱা এ ই চি বা  ১৯৫৫ চনত স্হাপন হোৱা জে ই চি বা যোৰহাট অভিযান্ত্ৰিক কলেজৰে বা ১৯৬৯ চনত স্হাপন হোৱা কৃষি বিশ্ব বিদ্যালয়ৰ প্ৰদাক্ট বেছিভাগ। জুনিয়ৰ ইঞ্জিনীয়াৰ বোৰো অসমৰে থলুৱাকৈ পঢ়া-শুনা কৰি ওলোৱা লোকেই। অকল অভিযন্তা বা কৃষি বিজ্ঞানীয়েই নহয় এই বিভাগবোৰৰ সচিব প্ৰৰ্য্যন্ত এই অভিযন্তা বা কৃষি বিজ্ঞানী সকলৰ মাজৰ পৰাই হোৱাগৈ বেছিভাগ। এতিয়া যদি মন কৰো গড়কাপ্তানী বিভাগটোক সঁচা অৰ্থত আমাৰ সমাজৰ ধমনী সদৃশ। এই বিভাগটোৱে যদি ভালদৰে কাম কৰে বা ভালদৰে চিন্তা কৰি সংযোগ ব্যৱস্হাৰ অভুতপূৰ্ব উন্নতি সাধিবলৈ সক্ষম হয় তেতিয়া কেৱল ৰাস্তা-পদূলি, দলঙ আদি ভাল হোৱাতে কথা শেষ নহ'লহেতেন।ৰাস্তা পদtলি সংযোগে আচলতে আমাৰ দৰে ৰাজ্য এখনত অৰ্থনৈতিক উন্নতিৰ ভেটি হৈ উঠিব পাৰে। খেতি বাতি আদিৰ উত্পাদিত সামগ্ৰীৰ বজাৰখন এই সংযোগ ব্যৱস্হাই ৰুপেই সলাই দিব পাৰিলেহেতেন ।


এতিয়া আহো জলসিঞ্চন আৰু কৃষি বিভাগ দুটাৰ কথালৈ । এই দুয়োটা বিভাগ হব লাগে আমাৰ জনজীৱনৰ হৃদপিণ্ড সদৃশ । এই দুয়োটা বিভাগ এই কাৰণেই গুৰুত্বপূৰ্ণ কাৰণ আমাৰ ৰাজ্যখনৰ ৭০% মানুহেই হল কৃষিজীৱি আৰু আমাৰ এক তৃতীয়াংশ অৰ্থনীতিয়েই কৃষি নিৰ্ভৰশীল। কৃষি আৰু জলসিঞ্চন দুয়ো দুয়োৰে ওপৰত নিৰ্ভৰশীল। আমাৰ ৰাজ্যৰ ৩৬লাখ হেক্টৰ মাটি খেতিৰ বাবে উপযোগী অথচ সেইমাটিৰ আধাতকৈও বেছি মাটিত জলসিঞ্চনৰ কোনো ব্যৱস্হা নাই। চৰকাৰী আঁচনি তথা আঁচনিৰ ধন বছৰি বছৰি কিন্ত্ত ঠিকেই আহে, কিন্ত্ত ধন গৈ ক'ত সোমাইগৈ তাৰহে ঠিকনা নাথাকে। ঠিক সেইদৰেই কৃষি বিভাগতোৱে নিজস্ব ভাৱে আমাৰ কৃষক ৰাইজক উপযুক্ত সমল মানে উন্নত প্ৰযুক্তি উন্নত বীজ আদিৰে প্ৰকৃতিৰ লগত ফেৰ মাৰি বিশ্বত জিলিকি উঠিব পৰা কৰিব পাৰিছে নে ? দুখৰ বিষয় বিশ্বৰ কথা বাদেই আমাৰ কৃষক ৰাইজে চাউল উত্পাদনত ভাৰতৰে আন আন ৰাজ্যসমূহৰ লগত ফেৰ মাৰিব পৰা হোৱাগৈ নাই।

এতিয়া আহো বান নিয়ন্ত্ৰণ বিভাগটোলৈ। জন্মৰ পৰা আজি দিনটোলৈ এনেকুৱা এটা বছৰ শুনা মনত পৰা নাই যত নেকি বানপানীৰ তাণ্ডৱৰ পৰা আমাৰ ৰাইজে ৰেহাই পাইছে। এটা কথা ঠিক ১৯৫০ চনৰ বৰ ভুইকঁপৰ পাছত আমাৰ নৈ- উপনৈ বিলাকৰ বুকু ওপৰলৈ উঠি অহাৰ ফলত আমাৰ বান সমস্যাটো কিছু জটিল হৈ পৰিছে। কিন্ত্ত যদি বান্ধিব লগা বান্ধটো সময়ত বন্ধা নহয় অথবা একেবাৰে নিম্নমানেৰে বান্ধ একোটা বনোৱা হয় তেতিয়া জানো কেৱল নদী একোখনক দোষ দি থাকিলে হব?বান নিয়ন্ত্ৰণ বিভাগৰ অন্তত ৯৯% কৰ্মচাৰী অভিযন্তাই হ'ল অসমৰ অথচ তেওঁলোকে জানো দেখgৱাবলৈ সক্ষম হহৈছে অসমৰ প্ৰতি দায়বদ্ধতা। তেওঁলোকে জানো কিবা নতুন চিন্তা নতুন উদ্ভাৱনেৰে বানৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিছে। দুই এঠাইত জিঅ'টেউবৰ বাহিৰে আমাৰ এই বিভাগটোৰ নিজা উদ্যোগত কিবা নতুনত্বৰ সন্ধান দিব পাৰিছে নে?  সেই বিভাগৰ অভিযন্তা আদি ৰাষ্ট্ৰীয় তথা আন্ত: ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনা চেমিনাৰ আদিত অংশগ্ৰহণ কৰে নে ? দেশৰ অগ্ৰণী প্ৰতিষ্ঠান আই.আই.টি আদিৰ লগত কিবা কলাবৰেছেন আছে নে যিয়ে নেকি নতুন প্ৰযুক্তি আদিৰ সংযোজনত সহায়ক হব পাৰে। কি দৰে চীনৰ চকুলো হোৱাংহোক চীনৰ সমৃদ্ধিৰ উৎস কৰিবলৈ সক্ষম হৈছে? এইবোৰৰ পৰা আমাৰ শিকিব লগা নাই জানো? এইবিলাক বিভাগত সৰহ সংখ্যকেই আমাৰ ৰাজ্যখনৰেই নিজৰেই মানুহ।আৰু তাৰোপৰি এইসকলৰ বেছি ভাগেই আৰু বিশেষকৈ টেকনিকেল বিভাগৰ সকল ৰাজ্যখনৰেই প্ৰতিষ্ঠানসমূহৰ পৰাই পাছ কৰি ওলোৱা।এইখিনিতে এটা কথা মনলৈ আহে এই প্ৰতিষ্ঠানবোৰৰ গুণগত মান ভাল নহয় নেকি যাৰ কাৰণে এই বিভাগৰ মানুহবোৰে উপযুক্ত যোগ্যতাৰে কাম কৰিব নোৱাৰে ।


নে এই বিভাগবোৰৰ বিফলতাৰ আৰঁত বেলেগ কিবা অংক আছে। অসমৰ আন কেইটামান প্ৰতিষ্ঠান যেনে নুমলীগড় ৰিফাইনেৰীয়েই হওক অইল ইণ্ডিয়াৰ নিচিনা প্ৰতিষ্ঠান যিবোৰ নেকি কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ।এই বিলাক প্ৰতিষ্ঠানতো আকৌ সৰহ সংখ্যকেই অসমৰ লোকেৰেই ভৰি আছে।আৰু এইসকলৰ টেকনিকেল মানুহখিনি আকৌ অসমৰ এই একেখিনি প্ৰতিষ্ঠানৰ পৰাই ওলোৱা।এইখিনিতে উল্লেখ কৰা উচিত হব যে এই প্ৰতিষ্ঠান সমূহ কেৱল সুন্দৰকৈ চলা থকাই নহয় এই প্ৰতিষ্ঠান সমূহ দেশৰ ভিতৰতে অগ্ৰণী অনুষ্ঠান হিচাবেই উজ্জলি আছে। নতুন নতুন প্ৰযুক্তিৰে নতুন নতুন প্ৰকল্প সফল ভাৱে স্হাপন কৰি আনকি ৰাজ্যখনৰ ৰাজহতো উল্লেখনীয় বৰঙণি যোগাইছে ।

গতিকে নিশ্চয় আমাৰ মানুহ খিনিৰ প্ৰব্লেম নহয় নাইবা কেৱল আমাৰ সীমিত সুবিধাৰে স্হাপিত প্ৰতিষ্ঠান সমূহৰ নহয়।প্ৰব্লেম তেনেহ'লে ক'ত? নিশ্চয় সেইবোৰ বিভাগ চলাই থকা আমাৰ চৰকাৰ খনৰ লগতে তাৰ বৰমূৰীয়াসকলৰ। যিসকলৰ দূৰদৃষ্টি আৰু উপযুক্ত পৰিকল্পনাৰ অভাৱেই এই বিভাগবোৰক কোঙা কৰি পেলাইছে। যাৰ বাবে আন প্ৰতিষ্ঠানত একেখিনি মানুহেই সফল হোৱা স্বত্বেও একেখিনি মানুহেৰেই ৰাজ্য চৰকাৰৰ কামত ব্যৰ্থতাৰ সন্মুখীন হব লগা হয় আৰু তাৰ ফল ভোগে আমাৰ সৰ্ব্বসাধাৰণ মানুহখিনিয়ে। আশাকৰো চৰকাৰ তথা এই বিভাগবোৰৰ বিভাগীয় মুৰব্বীসকলে এই বিষয়বোৰ গুৰুত্ব সহকাৰে লৈ বিহিত ব্যৱস্হা গ্ৰহণ কৰি এইবোৰ বিভাগক আপদৰ পৰা সম্পদলৈ ৰুপান্তৰ কৰি তুলিব। এতিয়া এই আমাৰ মানুহখিনিয়ে হয়তো ঠিকমতে কাম নকৰে আৰু সেইকাৰণেই মথাউৰি ভাঙে,ৰাস্তা ভাঙে, খেতি-বাতি ভালদৰে নহয় আৰু অৱশেষত সাধাৰণ মানুহৰ দুখ দুৰ্গতিৰ অন্ত নোহোৱা হয়। আৰু দুখ দুৰ্গতিৰ অন্ত নোহোৱা হ'লে আমাক সাহাৰ্য্য লগা হয়। সাহাৰ্য্য দিয়াতো কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰৰ দায়িত্ব । সেইয়া আমাৰ প্ৰাপ্য কিন্ত্ত আমি কিয় বাৰে বাৰে পাহৰি যাঁও এই সাহাৰ্য্য লব লগা পৰিস্হিতিৰ সৃষ্টি কৰা সকলৰ কথা। আমি জানো নিজেই এবাৰ চিন্তা কৰা উচিত নহয় কথাবোৰ ?

(লেখক দক্ষিণ আফ্ৰিকাত জ্যেষ্ঠ অভিয্ন্তা ৰূপে কৰ্মৰত আৰু লেখাটি আজি 'জনসাধাৰণ' কাকতৰ প্ৰথম পৃষ্ঠাতো প্ৰকাশ পাইছে)

No comments:

Post a Comment