সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
নদী সংযোগ আঁচনিৰ ইতিহাস আৰু লক্ষ্য 
লীলাকান্ত পায়েং
নদী সংযোগ (Interlinking River Project, ILRP) ভাৰতবর্ষৰ আটাইতকৈ এক ডাঙৰ আঁচনি য'ত নদী-উপনদী সমূহ সংযোগ কৰি প্রচুৰ পৰিমানৰ পানী থকা নদীসমtহৰপৰা কম পানী থকা নদীসমtহত হস্তান্তৰ কৰি বানৰ কবলত থকা ঠাই সমূহ নিৰাপদে ৰাখি, পানী নোহোৱা অঞ্চলবোৰত প্রদান কৰা। নদী সংযোগ পৰিকল্পনাৰ আঁচনিৰ বুৰঞ্জী বহু পুৰণি। কিন্তু অতি আচৰিত কথা যে আঁচনিৰ কথা সাধাৰণ জনসাধাৰণে এতিয়াও সঠিক ৰূপত গম নাপায়।

ইংৰাজৰ ৰাজত্বৰ দিনতেই অভিযন্তা অৰথুৰ কটনে পোন প্রথমে ভাৰতবর্ষৰ মূল নদীসমূহৰ সংযোগ কৰাৰ ধাৰণা দিয়ে।এই ধাৰণাকে স্বাধীন হোৱাৰ পিছত ১৯৭০’ত জলসিঞ্চন বিভাগৰ মন্ত্রী কে. এল. ৰাওৱে “নেচনেল ৱাটাৰ গ্রিড” আঁচনিৰ প্রস্তাৱ আগবঢ়ায়। তেওঁ দক্ষিণাত্য অঞ্চলত হোৱা পানীৰ নাটনি আৰু পূব অঞ্চলত সঘনাই হোৱা বানপানীৰ বিষয়টো গভীৰ ভাবে লৈছিল। তেওঁ প্রস্তাৱ দিছিল যে বানপানী হোৱা ঠাইবোৰৰপৰা পানী নাটনি অঞ্চললৈ হস্তান্তৰ কৰিব লাগে।তেওঁৰ প্রচেষ্টাতে নদী সংযোগ আঁচনিৰ পৰিকল্পনাই এক রূপ লয়।

১৯৮০ত জলসম্পদ মন্ত্ৰালয়ে “নেশ্বনেল পাৰস্পেকটিভ ফৰ ৱাটাৰ ৰিচ’চ ডেভেলপমেন্ট (NPWRD)” এক নতুন নামেৰে নামকৰণ কৰি এক আঁচনি উলিয়ায়।এ ই আঁচনিত ৱাটাৰ ডেভেলপমেন্ট আঁচনিক দুটা শাখাত বিভক্ত কৰা হৈছিল-(১)হিমালয়ান (২)পেনিনচুলাৰ। বহু দশকৰ পিছত ২০০৫ বর্ষত আৰু এটা শাখা সংযোগ কৰা হয়-(৩)আন্তঃৰাজ্যিক। মিনিস্ত্রী অফ ৱাটাৰ ৰিচ’চৰ অন্তর্গত এই আঁচনিখন “নেশ্বনেল ৱাটাৰ ডেভেলপমেন্টএজেঞ্চিয়ে(NWDA)” পৰিচালনা কৰি আহিছে। এই এজেঞ্চিয়ে হিমালয়ান শাখাৰ বাবে ১৪ টা, ১৬ টা পেনিনচুলাৰ শাখাৰ আৰু ৩৭ টা আন্তঃৰাজ্যিক শাখাৰ বাবে নদী সংযোগৰ তালিকা প্রস্তুত কৰি উলিয়ায়।এই আঁচনিৰ বাবে ২০০২ বর্ষতে প্রশ্তত কৰি উলিওৱা মুঠ ব্যয়ৰ পৰিমান ৫৬০,০০০ কোটি বুলি নিৰ্ণয় কৰা হৈছিল। এই আঁচনিয়ে মুঠ আগুৰি লোৱা মাটিকালিৰ পৰিমান ৬০০,০০০ হেক্টৰ যত আছে হাবি-বননি অঞ্চল, কৃষি অঞ্চল, অন্যন্যা অঞ্চল আরু বহু ৰাজ্যৰ বসবাস কৰা মানুহৰ ঘৰ-বাৰী। কবলৈ গলে ই এক বিশ্বৰ আটাইতকৈ ডাঙৰ আঁচনি।

এই নদী সংযোগৰ আঁচনিৰ যোগেদি মানুহৰ কি লাভ হব বা ইয়াৰ মূল উদ্দেশ্য কি।আমাৰ দেশত প্রয়োজনীয় কিয়।আমাৰ দেশখনে প্রতি বছৰে হোৱা বৃষ্টিৰ পৰিমান ৪,০০০ কিউবিক কিমি। বৃষ্টিৰ পৰিমান আমাৰ দেশত বছৰটোত একে নেথাকে। গোটেই বছৰটোত সা-সলনি হৈ থাকে। ই এক ডাঙৰ সমস্যা আমাৰ দেশৰ বাবে আৰু বিশেষকৈ কিছুমান অঞ্চলৰ বাবে। আমাৰ দেশত ৮৫% বৃষ্টিৰ পৰিমান জহকালিত(এপ্রিল –আগস্ট) বেছি আৰু হিমালয় এলেকাৰ গঙ্গা, ব্রহ্মপুত্র আৰু মেঘনা মূল নদী। উত্তৰ পূর্বাঞ্চলৰ ৰাজ্যবোৰত বৰষুণৰ পৰিমান পছিম, দক্ষিণাত্য অঞ্চলবোৰতকৈ বেছি হয়। কিন্তু তাৰ পৰিণতি কি হয়। উত্তৰ পুব অঞ্চলবোৰত ভয়াবহ বানপানী আরু পশ্চিম,দক্ষিণাত্য অঞ্চলবোৰত পানীৰ নাটনি। একেখন দেশৰে, এটা অঞ্চলত অধিক পানী যত পানীয়ে সকলো খেতিপথাৰ উটুৱাই নিয়ে আৰু  আনফালে পানী নাই বাবে খেতিৰ বাবে কৃষকে চিন্তা কৰিব নোৱাৰে। শেষত ঋণ লৈ পানী সিঁচে, কৃষকৰ আত্মহত্যাৰ নিচিনা কাণ্ড সংঘটিত হয়। বছৰে বছৰে সন্মুখীন হোৱা অহা এনে সমস্যাৰ বাবে নদী সংযোগৰ নিচিনা আঁচনিৰ প্রয়োজন আহি পৰে।

বছৰে বছৰে বাঢ়ি অহা জনসংখ্যাৰ বাবে প্রয়োজনীয় খাদ্যৰ চাহিদা বাঢ়িছে অথচ সেইমতে খেতিৰ ফল সিমান বৃদ্ধি হোৱা নাই। ইফালে বানপানী আরু আনফালে খৰাং বতৰ।আমাৰ দেশত প্রয়োজনীয় জলসিঞ্চনৰ ব্যৱস্থাও অতি দুখ লগা। নামত বা অফিচৰ ফাইলত জলসিঞ্চনৰ ব্যৱস্থা বহুত ভাল, কিন্তু কাম হলে একো হোৱা নাই। যিমান লাগে এই অনুপাতে পানী দিব পৰা নাই কাৰণেঅ আমাৰ দেশত খেতি-বাতিৰ উৎপাদনো অতি পঁয়া লগা। গতিকে এই নদী উপনদীসমূহ সংযোগে কৰিব পাৰিলে বা এই আঁচনিখন যদি সফল হয় তেন্তে বহু পৰিমানে কৃষকৰ প্রয়োজনীয় পানীৰ পৰিমান পূর্ণ হব আৰু বাঢ়ি অহা জনসংখ্যাৰ প্রতি লক্ষ্য ৰাখি আমি এই অনুপাতে খাদ্য উৎপাদন কৰিব পাৰিম।

আমাৰ দেশত বৰষুণৰ পানী মাত্র ৩০ দিনৰ বাবে সংৰক্ষণ কৰি ৰাখিবলৈ সক্ষমতা আছে।যিটোৰ পৰিমান প্রয়োজনীয় পৰিমানতকৈ অতি কম।কিন্তু আমাতকৈ উন্নত দেশবোৰ ইয়াৰ পৰিমান ৯০০ দিনৰ বাবে সংৰক্ষণ কৰি ৰাখিব পাৰে।গতিকে এই ফালৰপৰাও আমাৰ খুব ভাল নহয়।আমাৰ দেশৰ নদী বান্ধসমুহ ধাৰণ কৰি ৰাখিব পৰা পানীৰ পৰিমান ২০০ কিউবিক মিটাৰ/মানুহৰ বাবে। গতিকে খেতিপথাৰত প্রচুৰ পানীৰ বাবে এই আঁচনিখন প্রয়োজনীয় হৈ পৰে। মুঠ পৃষ্ঠভূমিত পানীৰ পৰিমান ১৪৪০ মিলিয়ন এক’ৰ ফিট। ইয়াৰে গঙ্গা, ব্ৰহ্মপুত্র আৰু মেঘনা নদীয়ে আৱৰি থকা পৰিমান ১০০০ মিলিয়ন এক’ৰ ফিট। ইয়াৰ অলপমানহে সদ ব্যৱহাৰ কৰা হৈছে আৰু বাকী অংশ এনেই পেলাই থৈছো বা ব্যৱহাৰ কৰা হোৱা নাই।

কাবেৰী, যমুনা,ছুটলেজ, ৰবি আৰু অন্যনা সৰু সৰু উপ-নদীসমূহত পানীয়েই নেথাকে।দেশৰ বিভিন্ন ৰাজ্যৰ ১০০ তকৈ অধিকতম জিলাত পানী নাই।কবলৈ গলে একদম শুকান ঠাই।আনফালে ৪০ মিলিয়ন হেক্টৰতকৈ অধিক মাটিকালি বানপানীৰ কৱলত থাকে।এই নদী সংযোগ আঁচনি যদি ভৱিষ্যতে সফল হয় তেন্তে আমাৰ জনসাধাৰণ বা কৃষক বন্ধুসকল বহুখিনি লাভৱান হব। অকল জলসিঞ্চন বিভাগত বুলি নহয় তাৰ উপৰিও মানুহৰ খোৱাপানীৰ অভাৱ পূৰণ কৰিব, উদ্যাগসমূহত লগা পানীৰ চাহিদা পূৰণ হব। জলসিঞ্চনৰ ফলত নেপাল আৰু ভাৰত দুয়োখন দেশেই লাভৱান হব। জলসিঞ্চনৰ ফলত ভাৰতে ১৫.৭০ মিলিয়ন হেক্টৰ আৰু নেপালে লাভ কৰিব ০.৭২৫ মিলিয়ন হেক্টৰ কৃষিযোগ্য ভূমি নকৈ গঢ়িবলৈ সক্ষম হব। ঘৰুৱা আৰু উদ্যাগৰ পানীৰ যোগানৰ বাবে প্রায় ১২,০০০ মিলিয়ন কিউবিক মিটা পানী দেশত লাগে, যিটোৰ পৰিমান ১.৬ মিলিয়ন হেক্টৰ মাটিকালিলৈ জলসিঞ্চনে যোগান ধৰা পানীৰ সমান।

একগোট ভাৱে হিমালয়ান আরু পেনিনচুলাৰ শাখা দুটাই একেলগে ৩ মিলিয়ন হেক্টৰ মাটিকালিৰ জলসিঞ্চনৰ সুবিধা দিব।আনহাতে এই সংযোজনৰ ফলত সৃষ্টি হোৱা কেনেল বা নলাই মিঠা পানীৰ যোগান দিব যিটো আন ১০ মিলিয়ন হেক্টৰ মাটিকালিত জলসিঞ্চনৰ সুবিধা দিব। এই কেনেলবিলাকৰ বাবে আৰু সুবিধাৰ সৃষ্টি কৰিব এইটো হৈছে বিজুলি।কাৰন আমাৰ দেশত বর্ষাৰ দিনবোৰত পানী থাকে কিন্তু বাৰিষা যোৱাৰ লগে লগে পানীৰ পৰিমান কমি যাব। গতিকে এই অভাৱ পূর্ণ হব।

হিমালয়ান শাখাৰ মূল নদী গঙ্গা, ব্রহ্মপুত্র আৰু এই দুইখন নদীয়েই ভাৰত, নেপাল আৰু ভূটান তিনিও দেশক আগুৰি আছে।হিমালয়ান শাখাৰ ভিতৰত সংযোগ হব লগীয়া নদী উপনদী সমূহ হৈছেঃকোশী-মেকি, কোশী-ঘাগৰা, গন্ধক-গাঙ্গা, ঘাগৰা-যমুনা, সৰদা-যমুনা, যমুনা-ৰাজস্থান,ৰাজস্থান-সৱৰমতী, মানচ-তিচতা-গঙ্গা, যোগীগোপা-তিচতা-ফাৰাক্কা,গঙ্গা-দামোদৰ-সৱৰনাৰেখাহ, সৱৰনাৰেখাহ-মহানদী, ফাৰাক্কা-সুন্দৰৱন, গন্ধক-গঙ্গা,ছুনাৰ-সোনেবেৰেগ, সোনে ডেম-গঙ্গা দক্ষিণাত্য উপশাখা।

আনহাতে পেনিনচুলাৰ শাখাত সংযোগ হব লগীয়া নদী-উপনদীসমুহ হৈছেঃ-মহানদী-গোদাৱৰী, গোদাৱৰী-কৃষ্ণা(নাগাৰজুনাসাগৰ), গোদাৱৰী-কৃষ্ণা(পুলিচিনতালা), গোদাৱৰী-কৃষ্ণা(বিজয়ৱাডা), কৃষ্ণা(আলমাত্তি)-পেন্নাৰ,কৃষ্ণা(শ্রীসাইলাম)-পেন্নাৰ, কৃষ্ণা(নাগাৰজুনাসাগৰ-পেন্নাৰ(সমাসিলা), পেন্নাৰ (সমাসিলা)-পালাৰ-কাবেৰী(গ্রেণ্ডএনিকাত), কাবেৰী(কাত্তালাই)-ভাইগাই-গুনদাৰ, কেন-বেতৱা,নেত্রাভাতি-হেমাভাতি, পাম্বা-এনছানকভিল-ভাইপ্পাৰ, পাৰ-তাপ্তি-নর্মদা, পাৰৱতী-কালিসিন্ধ, পলাভাৰাম-বিজয়াৱাডা, সমাসিলা-গ্রেগু এনিকাত।

আন্তঃৰাজ্যিক নদী সংযোগৰ পৰা বিশেষকৈ বিহাৰ, মহাৰাষ্ট্র, গুজৰাট, উৰিষ্যা,ৰাজস্থান, ঝাৰখণ্ড, তামিলনাডু লাভবান্বিত হব।এই আঁচনিয়ে ৬০০,০০০ হেক্টৰ মাটিকালি আগুৰিব যেতিয়া নিশ্চয় আমাৰ পৰিবেশক অলপ হলেও প্রভাৱ পেলাব।এই আঁচনিৰ ভিতৰত পৰা এলেকাত বসবাস কৰা মানুহবোৰৰ ঘৰ-বাৰী,জীৱ-জন্তৰ বাসস্থান হাবি-জঙ্গল আদি সমূলি নাইকিয়া হৈ যাব। ইয়াৰ উপৰিও এই আঁচনিয়ে নীল বিপ্লৱত বহুখিনি প্রভাৱ পেলাব।এই আঁচনি যেতিয়া নদীৰ গতিকে অলপ হলেও মাছৰ জৈৱ বিচিত্র্যত প্রভাব পেলাব। এজন সাধাৰণ নাগৰিক হিচাবে এই নদী সংযোগ আঁচনি বাস্তৱত হ'লে উত্তৰ-পূৱ তথা অসমৰ ৰাইজৰ কি লাভ-লোকচান হব তাৰো হিচাপ ৰাজহুৱা হোৱাতো বিচাৰো। তেতিয়াহে এই আঁচনিলৈ মনখুলি আমিও সমৰ্থন জনোৱাৰ কথা নিশ্চয়কৈ ভাবিব পাৰিম।



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages