জীৱনৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

শিক্ষা জীৱনৰ প্ৰেৰণা 
 শশীমাই শইকীয়া দত্ত

শিক্ষা হৈছে গোটেই জীৱন ব্যাপী চলা এক বিকাশমুখী প্ৰক্ৰিয়া। জন্মৰ পৰা মৃত্যু পৰ্যন্ত এটি শিশুৱে বৰ্হিজগতৰ পৰা জ্ঞান আৰু অভিজ্ঞতা আয়ত্ব কৰি পৰিপুষ্টি সাধন কৰাই শিক্ষা।ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ মতে শিক্ষাৰ্থীৰ নৈতিক আৰু আধ্যাত্মিক চৰিত্ৰ জাগ্ৰত কৰাই শিক্ষাৰ লক্ষ্য। ডঃ এপিজে আব্দুল কালামে কৈছিল-“শিক্ষাই সৃজনীশীলতাৰ বাট দেখুৱাই আৰু শিক্ষাই আমাক মহান কৰে।”

চৰিত্ৰবান লোকেই প্ৰকৃত শিক্ষক। অধ্যয়নৰ জৰিয়তে শিক্ষক এজনে তেখেতৰ দক্ষতা বৃদ্ধি, ব্যক্তিত্ব আৰু বাক চাতুৰ্যতাৰে শিক্ষাৰ্থী সকলৰ কৌতুহলী মনক সন্তুষ্ট কৰাৰ লগতে ন ন চিন্তাৰ বাট মুকলি কৰিব পাৰে। তেনে এজন ব্যক্তিত্বশীল শিক্ষকক লগ পাইছিলো মোৰ ল’ৰালিকালৰ শিক্ষা জীৱনত। সেই ব্যক্তিগৰাকীয়েই হ’ল মাছখোৱা তামুলবাৰী সত্ৰৰ সত্ৰাধিকাৰ তথা মাছখোৱা মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰীমতী বনমালী দেৱগোস্বামীদেৱ। তেখেত আমাৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰু। ১৯৬০চনত তেখেতৰ বিদ্যালয়ত চতুৰ্থ শ্ৰেণীত নাম ভৰ্তি কৰি ১৯৬২ চনত সেই বিদ্যালয়ৰ পৰাই এম.ভি পাছ কৰি ওলাই আহো।

তেখেতৰ অধীনত আমাৰ তিনি বছৰীয়া শিক্ষা গ্ৰহণত লাভ কৰা জীৱনত আগুৱাই যোৱাৰ প্ৰেৰণা আমাৰ মনত চিৰদিনেই স্মৰণীয় হৈ ৰ’ল। তেখেতে গাত সদায় বগা চোলা-ধুতি পৰিধান কৰিছিল। গহীন, গম্ভীৰ ভাৱে শ্ৰেণীকোঠালৈ সোমাই আহোতে তেখেতৰ এই ব্যক্তিত্বত ভক্তিৰে সকলোৰেই মূৰ দোঁ খাইছিল।। তেতিয়া বিদ্যালয় সমূহত বুনিয়াদী শিক্ষা পদ্ধতি প্ৰচলিত হৈছিল। সেই শিক্ষা পদ্ধতিৰ মতে, চাফাই, প্ৰাৰ্থনা, সূত্ৰযজ্ঞ আদি কাম বিলাক পাঠ্যক্ৰমৰ লগত অন্তৰ্ভুক্ত আছিল। তাৰোপৰি ফুলৰ বাগান পতা চৌদিশ পৰিস্কাৰকৈ ৰক্ষা কৰা কামবোৰ দৈনন্দিন কৰ্তব্য হিচাবে শিক্ষাৰ্থী সকলে দ্বায়িত্ব লব লগা হৈছিল। এই অভ্যাসে শিশু সকলক দ্বায়িত্ববোধৰ শিক্ষা দিয়াৰ লগতে কৰ্মপটু কৰি তুলিছিল। সামাজিক ঠাই এখনত এনে সমূহীয়া শ্ৰমদানৰ অভ্যাসো আছিল উন্নত সামাজিক প্ৰাণী ৰূপে গঢ়াৰ বাটত আছিল একোটাকৈ খোজেই। শিশু সকলৰ শাৰীৰিক, মানসিক, আনুভূতিক, নৈতিক আৰু আধ্যাত্মিক বিকাশেই আছিল শিক্ষাৰ লক্ষ্য। তেখেতে মহাপুৰুষ সকলৰ তিৰোভাৱ তিথি বিদ্যালয়তে আয়োজন কৰি ছাত্ৰ-ছাত্ৰী সকলক অংশ লবলৈ দিয়াৰ লগতে ইতিহাস তথা পৰম্পৰাৰ সৈতে চিনাকি কৰি দিয়াৰ পদক্ষেপ হাতত লৈছিল।

সেইগৰাকী শ্ৰদ্ধাবান ব্যক্তিক বহুদিনৰ বিৰতিৰ পাছত পুনৰ লগ পালো তেখেতৰ স্বগৃহত ২০১৩চনৰ ১৭ছেপ্তেম্বৰত। দুৱাৰ মুখতে তেখেতক সেৱা কৰি আশীষ ল’লো। তেখেতৰ বৰ্তমান বয়স ৯০ৰ উৰ্ধত যদিও কৰ্মক্ষম হৈ থকা দেখি মনতে সন্তোষ লভিছিলো।তেখেত আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি একালৰ প্ৰিয় ছাত্ৰ তথা মাছখোৱাৰ দৰে ভিতৰুৱা ঠাইৰ পৰাও গৈ ৰাছিয়াত অভিযন্তা ৰূপে প্ৰতিষ্ঠা লাভ কৰা স্বৰ্গীয় হোমেন শইকীয়াৰ স্মৃতিত সোঁৱৰণি গ্ৰন্থখন উন্মোচন কৰিছিলহি। শুভ্ৰ সাজজোৰৰ দৰেই গোস্বামী চাৰে চিৰদিন নিজা ব্যক্তিত্ব, আদৰ্শ আৰু নিষ্ঠাৰে এজন আদৰ্শ শিক্ষক হৈ অঞ্চলটোৰ জনমানসত জিলিকি আছে। তেখেতে এতিয়াও সাহিত্য চৰ্চা অব্যাহত ৰাখিছে। কিছু কিতাপ প্ৰকাশ হৈছে, কিছু অৰ্থৰ অভাৱত অপ্ৰকাশিত হৈয়ে ৰৈছে। তেখেতৰ সৃষ্টিৰাজি দেখি অভিভূত হৈ পৰিলো। সঁচাই শৰীৰটো নশ্বৰ কিন্তু, সজ উদাহৰণ অবিনশ্বৰ, সেই কথাও উপলদ্ধি কৰিলো। এই লেখাৰেই মহান শিক্ষক গৰাকীৰ আদৰ্শক সেৱা জনাইছো আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰি তেখেতৰ সৃষ্টিৰাজি চিৰস্মৰণীয় হৈ ৰোৱাতো কামনা কৰিছো।

----------------------------------------------------------------------------------
লেখিকা ৰাজ্যিক পুৰস্কাৰেৰে সন্মানিত তথা ধেমাজিৰ নলনীপাম প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰূপে অৱসৰপ্ৰাপ্ত। ফোন- 9678095810

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages