সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Assamese LIFELINE on SOCIAL MEDIA

সামাজিক যোগসূত্ৰৰ মঞ্চত ইতিবাচক বাৰ্তাবাহক
ভাল খবৰ ভাল সমল, পঢ়ি লভক আনন্দ বিমল

Post Top Ad

Responsive Ads Here
য়াকুব মেমনৰ মৃত্যুদণ্ডঃ বিতৰ্ক প্ৰয়োজনীয়নে?
দীপাংকৰ মল্ল বৰুৱা
এইটো এটা সঁচাকৈয়ে আমোদজনক কথা যে যেতিয়া এজন সন্ত্ৰাসবাদী এক দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত ফাঁচিকাঠত ওলমিবলগীয়া হয়, তেওঁৰ পক্ষে প্ৰায়ে এক সমবেদনাৰ ঢৌৰ সৃষ্টি হয়। ভাৰতত ৰাষ্ট্ৰদোহৰ দৰে গুৰুতৰ অপৰাধত অভিযুক্ত একোজন ব্যক্তিৰ ক্ষেত্ৰতো এই সমবেদনাৰ লহৰ গঢ়ি উঠা দেখা পোৱা যায়। সংসদত ভয়ংকৰ আক্ৰমণৰ ষড়যন্ত্ৰত লিপ্ত আফজল গুৰু, মুম্বাইৰ ২৬ নৱেম্বৰৰ নৰসংহাৰৰ নায়ক আজমল কাছাব আৰু শেহতীয়াকৈ ১৯৯৩ চনৰ মুম্বাইত সংঘটিত ধাৰাবাহিক বিষ্ফোৰণৰ এজন মূল ষড়যন্ত্ৰকাৰী য়াকুব মেমনৰ ফাঁচিৰ সময়ত অপৰাধী কেইজনৰ পক্ষে ছ’ছিয়েল মেডিয়া তথা সংবাদ মাধ্যমত সৃষ্টি হোৱা কলৰৱ মন কৰিবলগীয়া আছিল। 

যোৱা ১ আগষ্ট তাৰিখে ‘আমাৰ অসম’ কাকতত ননীগোপাল মহন্তৰ ‘মৃত্যুদণ্ডৰ ৰাজনীতি’ শিৰোনামৰ প্ৰৱন্ধটোত য়াকুব মেমনৰ ফাঁচিৰ যুক্তিযুক্ততাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা হৈছে। লেখকে প্ৰকাৰান্তৰে বিভিন্ন তথ্যৰ দ্বাৰা প্ৰমাণ কৰিব বিচাৰিছে যে য়াকুব মেমনে চৰকাৰী সাক্ষী হৈ কৰা সহায়ৰ বাবে তেওঁক মৃত্যুদণ্ডৰ পৰা ৰেহাই দিয়াটো উচিত আছিল। অৱশ্যে লেখকে য়াকুব মেমনক নিৰ্দোষী বুলি ক’ব বিচৰা নাই।

উক্ত প্ৰৱন্ধটোত লেখকে এক পৰিসংখ্যাৰ দ্বাৰা দেখুৱাইছে যে দেশত ফাঁচিৰ সংখ্যা বৃদ্ধি হ’লে হত্যাকাণ্ডৰ সংখ্যাও বৃদ্ধি পায়। তেওঁ হিচাপ কৰি দেখুৱাইছে যে কোনো এটা দশকত মৃত্যুদণ্ডৰ সংখ্যা সামান্য বৃদ্ধি হ’লেও কেইবাহাজাৰ হত্যাকাণ্ড বৃদ্ধি পাইছে আৰু সেইদৰে আন এটা দশকত মৃত্যুদণ্ডৰ সংখ্যাঅকণমান কম হ’লেই হত্যাকাণ্ড কেইবাহাজাৰ কমি গৈছে। এজন দুৰ্ধৰ্ষ অপৰাধীৰ মৃত্যুদণ্ডই দেশত হাজাৰ হাজাৰ হত্যাকাণ্ড সংঘটিত কৰিবলৈ মানুহক অনুপ্ৰাণিত কৰা কথাটোবিশ্বাস কৰিবলৈ টান লাগে। কোনো অপৰাধীয়ে হয়তো মৃত্যুদণ্ডৰ পৰিসংখ্যা চাই অপৰাধ নকৰে। মৃত্যুদণ্ডৰ বাবে দেশত অধিক হত্যা সংঘটিত হ’ব বুলি ভয় কৰি সকলো গুৰুতৰ অপৰাধীৰ মৃত্যুদণ্ড বাতিল কৰাটো উচিত হ’বনে? সীমান্তত যেতিয়া শত্ৰুৱে আক্ৰমণ কৰে, আক্ৰমণকাৰীৰ মানৱাধিকাৰ খৰ্ব হ’ব বুলি বা দেশত সাম্প্ৰদায়িক সংঘৰ্ষ হ’ব বুলি ভয় কৰি সেনাই প্ৰত্যাক্ৰমণ নকৰি হাত সাৱটি বহি থাকিলে হ’বনে?

ভাৰতৰ দৰে দেশ এখনত মৃত্যুদণ্ড সমূলি বাতিল হোৱাটো উচিত নে অনুচিত সেয়া এক বিবাদৰ বিষয়। মৃত্যুদণ্ডৰ প্ৰধান উদ্দেশ্য হ’লভৱিষ্যতৰ সম্ভাব্য অপৰাধী সকলৰ বাবে এক উদাহৰণ প্ৰস্তুত কৰি তেওঁলোকক সাৱধান কৰি দিয়া যাতে কোনেও তেনে অপৰাধ কৰিবলৈ সাহস নকৰে। যিবোৰ দেশত শিক্ষিত লোকৰ সংখ্যা অধিক, দাৰিদ্ৰ এক সমস্যা নহয়, জনসাধাৰণৰ জীৱনৰ মান উন্নত সেইবোৰ দেশৰ জনসাধাৰণৰ বাবে হয়তো মৃত্যুদণ্ড সম্পূৰ্ণভাৱে বাতিল কৰাটো সমৰ্থনযোগ্য হ’ব পাৰে। মৃত্যুদণ্ডৰ পৰিৱৰ্তে দণ্ডিত অপৰাধী সকলক বিপদসংকুল অভিযানবোৰত বলিৰ পঠা হিচাপে ব্যৱহাৰ কথাও আলোচিত হৈছে। কিন্তু ভাৰতৰ দৰে শিক্ষাত পিছপৰা, অন্ধবিশ্বাসত নিমজ্জিত মানুহৰ দেশত মৃত্যুদণ্ডৰ ভয় নাথাকিলে অপৰাধীৰ সংখ্যা বৃদ্ধি পোৱাৰহে সম্ভাৱনা আছে।লেখক মহন্তই হত্যাকাণ্ড আৰু মৃত্যুদণ্ডৰ যি সমানুপাতিকৰ তথ্য উত্থাপন কৰিছে সেয়া হয়তো সম্পূৰ্ণ কাকতালীয়।

য়াকুব মেমনৰ বিষয়ে লেখকেএনে এখন ছবি ডাঙি ধৰিছে যে তেওঁ ভাৰতৰ প্ৰতি মৰমৰ বাবে ঘূৰি আহিছিল আৰু স্বেচ্ছাই অনুসন্ধানকাৰী সংস্থা সমূহৰ সহযোগিতা কৰিছিল। লেখকৰ মতে য়াকুবে তেওঁৰ ভাতৃ টাইগাৰ মেমনৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ তথ্য জনাবৰ বাবেহে ধৰা দিছিল। মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড জনৰ হঠাতে কিয় এনে দেশপ্ৰেম উঠলি উঠিল সেয়া বোধগম্য নহ’ল। দস্যু ৰত্নাকৰ ঋষি বাল্মিকী হোৱাৰ দৰেসাপ হৈ খুটি বেজ হৈ জাৰিবলৈ নিজৰ প্ৰাণৰ বাজী লগাই তেওঁ কিয় আগবাঢ়ি আহিছিল সেয়াও বুজি পোৱা নগ’ল।অতি উচ্চ মেধাসম্পন্ন বা পেছাত এজন চাৰ্টাৰ্ড একাউণ্টেন্ট হোৱা বাবেই য়াকুব মেমন ধোৱা তুলসীৰ পাত হৈ যাব নোৱাৰে। লেখকে মন্তব্য কৰিছে যে য়াকুব নিশ্চিতভাৱে দোষী, কিন্তু পৰিস্থিতিগত সাক্ষীৰ পৰা এই কথা ষ্পষ্ট যে য়াকুব ভাৰতলৈ বা নেপাললৈ স্ব ইচ্ছাই আহিছিল। কিন্তু মন কৰিবলগীয়া কথা এয়ে যে য়াকুব মেমনে ধৰা পৰাৰ আগতেআত্ম সমৰ্পন কৰা নাছিল। পাকিস্তানৰ পৰা কোনোব্যক্তিগত উদ্দেশ্যত নেপাললৈ যাওঁতে সন্দেহবশত: তেওঁ নেপাল আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল। এটা মহলে এই বুলিও সন্দেহ কৰিছে যে তেওঁ পাকিস্তানৰ আই এছ আইৰ নিৰ্দেশতে নেপাললৈ গৈছিল।ধৰা পৰাৰ পিছত নেপাল চৰকাৰে তেওঁক ভাৰত চৰকাৰৰ হাতত গতাই দিছিল। উক্ত প্ৰৱন্ধটোত লেখক মহন্ত ডাঙৰীয়াই কৈছে যে য়াকুব মেমনে অনুসন্ধানত সহযোগ কৰিছিল আৰু তেওঁৰ সহায়ত এজনৰ পৰা এজনকৈ কেইবাজনো অপৰাধীক কৰায়ত্ব কৰিব পৰা গৈছিল। ২২ বছৰ ধৰি চলি থকা অনুসন্ধানত এজন অভিযুক্তৰ পৰা এইবোৰ তথ্য বাহিৰ হোৱাটোত আচৰিত হ’বলগীয়া একো নাই। য়াকুব মেমনে সঁচাকৈয়ে সহযোগ কৰিলে তেওঁৰ বিচাৰ প্ৰক্ৰিয়াত হয়তো ২২ টা বছৰ নালাগিলহেঁতেন আৰু তেওঁ আইনী ব্যৱস্থাৰ সহানুভূতি লাভ কৰিলেহেতেন। য়াকুব মেমনৰ দৰে এজন উচ্চ শিক্ষিত তীক্ষ্ণ বুদ্ধিসম্পন্ন লোকে স্বেচ্ছাই সহযোগ কৰা হ’লে নিশ্চয় ক্ষমাদান পূৰ্বচৰ্ত হিচাপে ৰাখিলেহেঁতেন। 

লেখকে তেওঁৰ প্ৰৱন্ধটোৰ শেষত প্ৰশ্ন কৰিছে য়াকুব পাকিস্তানবিৰোধী ভাৰতীয় নব্য জাতীয়তাবাদৰ বলিৰ পঠা হ’ল নেকি? উচ্চতম ন্যায়ালয়ে দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াৰে মৃত্যুদণ্ডৰ নিৰ্দেশ দিয়া, আত্মপক্ষ সমৰ্থনৰ সকলো সুবিধা পোৱা, শেষ মুহূৰ্তলৈকে আইনী যুঁজ দি পৰাজিত হোৱা য়াকুব মেমন ভাৰতীয় নব্য জাতীয়তাবাদৰ বলিৰ পঠা হ’ল বুলি কোৱাটোৱে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ কাৰ্যদক্ষতাৰ ওপৰত সন্দেহৰ আঙুলি টোৱাইছে। গণতন্ত্ৰৰ শক্তিশালী স্তম্ভ ন্যায়পালিকাৰ সিদ্ধান্তক ৰাজনীতিয়ে প্ৰভাৱান্বিত কৰা বুলি কৰা বুলি লেখকে গুৰুতৰ অভিযোগ আনিছে। এনে অভিযোগে দেশৰ প্ৰচলিত শাসন আৰু ন্যায় ব্যৱস্থাটোকে উপলুঙা কৰিছে। 

য়াকুব মেমনক কেৱল মুছলমান হোৱা বাবেহে মৃত্যুদণ্ড প্ৰদান কৰা হ’ল জাতীয় বক্তব্যৰে এজন অপৰাধীক শাস্তি প্ৰদানৰ প্ৰক্ৰিয়াটোকে ধৰ্মীয়কৰণ কৰাৰ প্ৰচেষ্টা গৰিহণাৰ যোগ্য। সন্ত্ৰাসবাদী বা অপৰাধী এজনক ধৰ্মীয় আবেগেৰে ৰক্ষণাবেক্ষণ দিবলৈ যোৱা একাংশ ব্যক্তিৰ লগত সুৰ মিলাই লেখকে য়াকুব মেমনৰ ফাঁচিত গোড়া জাতীয়তাবাদী লোকৰ সন্তুষ্টি প্ৰত্যক্ষ কৰিছে। ন্যায়িক প্ৰক্ৰিয়াৰে অপৰাধী সাব্যস্ত হোৱা এজন ব্যক্তিৰ ক্ষেত্ৰত ধৰ্ম বা গোড়া জাতীয়তাবাদৰ বিষয় আহিল ক’ৰ পৰা? য়াকুব মেমন অকল মুছলমান হোৱা বাবেই ফাঁচিকাঠত ওলমিব লগীয়া হ’ল বুলি উঠা অভিযোগ প্ৰমাণিত হ’লে দেশৰ ধৰ্ম নিৰপেক্ষতাৰ মূল ভেঁটিটোৱেই খহি পৰিব। সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম থাকিব নোৱাৰে। আইনৰ চকুত সকলো সমান হ’বই লাগিব। ধৰ্মৰ ভিত্তিত কোনো ভাল বা বেয়া সন্ত্ৰাসবাদী হ’ব নোৱৰে।

আমি এটা কথা মনত ৰাখিব লাগিব যে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰা দেশৰ নাগৰিক সকলক সুৰক্ষিত কৰাটো ৰাষ্ট্ৰৰ দায়িত্ব। সেইদৰে ৰাষ্ট্ৰৰ বিৰুদ্ধে সন্ত্ৰাসত লিপ্ত হোৱা ৰাষ্ট্ৰদ্ৰোহী সকলক চৰম শাস্তি প্ৰদান কৰাটোও ৰাষ্ট্ৰৰ কৰ্তব্য। ৰাষ্টৰ প্ৰচলিত আইনৰ অধীনত অগণন মানুহৰ মৃত্যুৰ কাৰণ হোৱাসন্ত্ৰাসবাদী এজন মৃত্যুদণ্ডেৰে দণ্ডিত হোৱাৰ পিছত সেই ৰায়ক সকলোৱে সন্মান জনোৱা উচিত। আমি এই কথাও পাহৰিব নালাগিব যে য়াকুব মেমনক আত্মপক্ষ সমৰ্থনৰ বাবে পৰ্যাপ্ত সুযোগ দিয়া হৈছিল। শেষ মুহূৰ্তলৈকে উচ্চতম ন্যায়ালয়ে ফাঁচিৰ বিষয়টো বিবেচনা কৰিছিল আৰু সকলো সাক্ষ্য প্ৰমাণৰ ওপৰত ভিত্তি কৰি ফাঁচিৰ হুকুম বাহাল ৰাখিছিল। এই ক্ষেত্ৰত অধিক বিতৰ্ক নিস্প্ৰয়োজনীয়।
(লেখাটি আজি ৪আগষ্ট সংখ্যাত আমাৰ অসম কাকততো প্ৰকাশ পাইছে)

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages