মিছা ক'লে কি ডাল হব(হাস্য-বংগ) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

গেৰুৱাপুৰৰ পৰা বিভীষণ লাইভ!
 ঈশানজ্যোতি বৰা
“হ’ৰা ! হ’ৰা ডেকা ল’ৰাজন...তোমাকে মাতিছোঁ...অ’ অ’ তোমাকে৷ এইফালে আহিবাচোন৷”

প্ৰায় পঞ্চাছমিটাৰ আঁতৰৰ পৰা ভাঁহি অহা বলিউডৰ ধৰ্মেন্দ্ৰহেন কণ্ঠৰ গুৰু-গম্ভীৰ মাতটোৱে বন্ধুমহলত প্ৰচণ্ড আত্মবিশ্বাসী আৰু সাহসী ল’ৰা হিচাপে জনাজাত নকৈ বিভীষণৰ ভাও লৈ খ্যাতি পোৱা হিমন্ত শৰ্মাৰ বুকুখনতো মৃদু কম্পন এটা তুলিলে৷ পলকতে শংকামিশ্ৰিত অস্থিৰতাই হিমন্তৰ উজ্জ্বল মুখমণ্ডলত ঠাই দখল কৰিলে৷ যন্ত্ৰমানৱৰ দৰে হিমন্ত আগবাঢ়িল পঞ্চাছমিটাৰৰ আঁতৰৰ কৃষ্ণচূড়াজোপাৰ তলৰ ডেকাচাংখনৰ আশে-পাশে জুম বান্ধি থকা ডেকা-গাভৰুৰ দলটোৰ দিশে৷

“ক’ৰ্চ চলি থকাৰ মাজতে হস্তিনাপুৰ কলেজ এৰি আমাৰ কলেজলৈ অহা ল’ৰাজন তুমিয়েই নহয় জানো? নাম কি হে তোমাৰ? ঘৰ ক’ত? ক’ৰপৰা আহিছা?”- দিওঁ-নিদিওঁকৈ খোজকেইটা দি, দলটোৰ সমুখত গৈ থিয় হোৱা মাত্ৰকেই কপালত বগা ফুট লোৱা যুৱকজনে কৌতূহলী দৃষ্টিৰে হিমন্তলৈ চাই উক্ত প্ৰশ্নকেইটা কৰিলে৷

“কবিতাৰ শিৰোনামা “চাই ল’ম”৷ কবি হিমন্ত শৰ্মা৷”-সকলোকে অবাক কৰি হিমন্তই ততালিকে পকেটৰ পৰা কলম এটা উলিয়াই মাইকৰ নিচিনাকৈ মুখৰ আগলৈ আনিলে আৰু প্ৰখ্যাত আবৃত্তিকাৰৰ দৰে কবিতা এটা আবৃত্তি কৰিবলৈ তৎপৰ হ’ল৷

“ৰ’চোন৷ ৰ৷ আহিয়েই যে একেবাৰে কবিতা মতাত লাগিলি ? হেৰৌ তোক কি সুধিছোঁ-তাৰ উত্তৰবোৰ দি ল’চোন আগতে৷ প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা দিম নহয় !”-বিস্ময়ত সচকিত হৈ ফ্ৰেন্স-কাট্ দাড়িৰ চাপৰ মানুহজনে হিমন্তৰ আপাদমস্তক লক্ষ্য কৰিলে৷

“নহয় দাদা৷ এইটো মোৰ মুদ্ৰাদোষ৷ নাৰ্ভাচ হৈ গ’লে মোৰ মুখৰ পৰা আপোনা-আপুনি কবিতাৰ শাৰী বাগৰি আহে৷”-নতশিৰ হৈ হিমন্তই দুখেৰে ক’লে৷

“চাবি যাতে কবিতাটো দীঘল নহয়৷ আৰু নিকৃষ্ট মানৰ শব্দ-ব্যৱহাৰ কৰি কবিতা নাগাবি৷ কবিতা হ’ব লাগিব অৰ্থপূৰ্ণ,ভাৱগধুৰ আৰু আনন্দদায়ক৷ দে, গা গা৷ ”-কবিতাৰ গৱেষক যেন লগা চশমা পৰিহিত মানুহজনে হিমন্তক অনুমতিসূচক পৰামৰ্শ দিলে৷

“ধন্যবাদ ছাৰ৷ কবিতাৰ শিৰোনামা চাই ল’ম৷”

“হ’ব দে অ’ ৷ তাৰ পিছত গা৷ কাক চাবলৈ মন আছে ,চাই থাকিবি৷ এইখিনিতে মনত পৰিল- চাৰি তাৰিখে “ৱেলকাম বেক” ৰিলিজ দিব ৷ চাবলৈ মন আছে যদি ওলাবি৷ এতিয়া কবিতা গা৷”

“হয় ছাৰ৷ গাইছোঁ৷” কৃত্ৰিম কাহ দুটামান মাৰি হিমন্তই কবিতা গাবলৈ আৰম্ভ কৰিলে-

“নাম মোৰ হিমন্ত৷ দুখৰ নাই অন্ত৷
জালুকবাৰীতে মোৰ ঘৰ৷ নাভাবিব মোক আপোনাৰ পৰ৷
লাঞ্চনা-বঞ্চনা আৰু ক’ত যে অপমান৷ কিমান শুনিব ককৰ্থনা,কাৰ কিমান অভিমান !
‘ব্লু-আইড বয়’ মাত্ৰ এটা প্ৰহসন৷ দিনে-ৰাতিয়ে চলিছিল মোৰ ওপৰত নিৰ্যাতন৷
বুঢ়া অধ্যক্ষই কৰিলে ক’ত যে চলনা ! ওপৰৱালা ৰাহুলে দিলে মাথোঁ যন্ত্ৰনা৷
বুঢ়াৰ পুত্ৰ গৌৰৱৰো বাঢ়ি গৈছে অতপালি৷ নিৰ্লিপ্ত হৈ হাঁহিৰামে চাই থাকে তাৰ মইমতালি৷
তেৰ মাহে চলিল মোৰ ওপৰত অত্যাচাৰ৷ কেনেকৈ সহোঁ মই এই ব্যভিচাৰ ?
ওৰেনিশা ভাবি-চিন্তি পালো এটা উপায়৷ গেৰুৱাপুৰ কলেজেই হ’ব মোৰ ভাল সহায়৷
ওলাই আহিছোঁ আপোনালোকৰ কাষলৈ, কৰি যাম নিজৰ কাম ৷
পুৱা-গধূলি চাহৰ লগত পিছে বাৰ্গাৰ আৰু বিস্কুটহে খাম৷ ধন্যবাদ৷ ”

“ৱাহ! তামাম কবিতা দেখোন ! খুব হৰলিক্স খোৱা হ’বলা ! ”-কবিতাৰ গৱেষক উচ্ছসিত হৈ উঠিল৷ চকুহাল বিস্ময় আৰু গৌৰৱত বহল হৈ পৰিছে ৷

“পিছে আমাৰ ইয়াত বেছি কবিতা-চবিতা লিখি টাইম পাছ কৰি থাকিলে নহ’ব৷ ভালকৈ পঢ়িব লাগিব বুজিছা ৷ নে কি কয় নৰেন দা !”-চশমা পৰিহিতা বাইদেউগৰাকীয়ে কথাষাৰ কৈ তেওঁৰ কাষতে থিয় হৈ কথা স্বাস্থ্যৱান পুৰুষজনলৈ উৎসুক হৈ চাই ৰ’ল৷

“সেইটোতো হয়৷ পিছে অমিত , ল’ৰাৰ প্ৰতিভা আছে দেখিছোঁ৷”- ফ্ৰেন্স-কাট্ দাঢ়িৱালালৈ এবাৰ চাই নৰেন ককাইদেৱে পুনৰ কৈ গ’ল- “ ল’ৰাৰ চেহেৰা-পাতি ভাল৷ কথা-বতৰাও একেবাৰে দলিয়াই পেলাব পৰা বিধৰ নহয়৷ হেৰা অমিত, ইয়াক দেখোন অহা বছৰৰ “বোকা ছটিওৱা মহোৎসৱ”লৈ কেপ্তেইন বনাই পঠিয়াব পাৰি ৷ নে কি কোৱা?”

“হাৰে নৰেন দা !!” নৰেন খুৰাৰ কথা শেষ হোৱাৰ পিছমুহূৰ্ততে কপালত তিলক লোৱাজনে বিস্ফোৰিত নেত্ৰে চিঞৰি উঠিল-“এইটো কেনেকৈ হ’ব? আপুনি দেখোন মোকহে কেপ্টেইন বনোৱা কথা আছিল? এতিয়া গছত উঠাই গুৰি কাটিলে বৰ দুখ লাগিব৷”

“মোৰ পিছে কেপ্টেইন হোৱাত আপত্তি নাই৷”-বিজয়সূচক হাঁহি এটা মুখত জিলিকাই হিমন্তই সলাজ ভংগীমাৰে কথাষাৰ ক’লে৷

“হেহ্ ৰ’বা৷ পেকপেকাই নাথাকিবা৷ মোৰ লাষ্ট পাৰফৰ্মেঞ্চ দেখা নাই ? কেনেকৈ সাতটাকে পালোৱানক বোকাৰে লুতুৰি-পুতুৰি কৰি বগৰাই দিছিলোঁ৷ তোমাৰ কিবা আইডিয়া আছে জানো? নহ’ব নৰেন দা৷ কেপ্টেইন ময়েই হ’ম৷”- আঘাতপ্ৰাপ্ত বাঘৰ দৰে আনজন গোজৰি উঠিল৷ তথ্যসহকাৰে নিজৰ সামৰ্থ্যৰো প্ৰমাণ দিলে৷

“মাত্ৰ সাতটা ! মোক এবাৰ কেপ্টেইন হ’বলৈ দিয়াচোন৷ বাল্টিয়ে-বাল্টিয়ে বোকাপানী ঢালি বিপক্ষৰ অস্তিত্বই নাইকিয়া কৰি দিম!”-হিমন্তইয়ো সজোৰে প্ৰতিবাদ কৰিলে৷

“ৰ’বাচোন তোমালোক৷ মিছামিছি হৈ-হাল্লা৷ ধেইই ! ৰ’বা৷ ”-হাতখন শূন্যলৈ দাঙি অমিত বোলাজনে প্ৰতিদ্বন্দ্বীহালক নিৰৱে থাকিবলৈ আদেশ দিলে৷ নৰেন দাৰ কাণৰ কাষলৈ গৈ তাৰপিছত কিবা এটা ফুচফুচালে৷

তাৰপিছত খুলি ৰখা চাৰ্টৰ ওপৰৰ বুটামটো মাৰি ক’লে-“এটা কাম কৰোঁ৷ টছ কৰি দিওঁ৷ যদি হেড হয়,তেন্তে হিমন্ত কেপ্টেইন আৰু যদি টেইল পৰে,তেন্তে সৰ্বানন্দ কেপ্টেইন৷”

“ঔঁম ঔঁম ঔঁম !”-টছৰ কথা শুনি হিমন্তই মন্ত্ৰোচ্চাৰণ আৰম্ভ কৰিলে৷ বাকী সকলোৱে হয়ভৰ দিলে৷ অমিত বোলাজনে পকেটৰ পৰা এটকীয়া মুদ্ৰা এটা উলিয়ালে৷ হে’ড আৰু টেইল দুয়োটা ফাল দুয়োজনকে দেখুৱাই মুদ্ৰাটো আকাশলৈ মাৰি পঠিয়ালে৷ উৎকণ্ঠিত হিমন্ত আৰু সৰ্বানন্দই মুদ্ৰাটোৱে পুনৰ আহি ভূমি স্পৰ্শ কৰালৈ উদগ্ৰীৱ হৈ ৰৈ থাকিল৷ শূন্যৰ পৰা নামি আহি মুদ্ৰাটোৱে এসময়ত ভূমি স্পৰ্শ কৰিলে৷ ক’তো এখন্তেকো নোৱাৰাকৈ মুদ্ৰাটো চলি গৈ থাকিল৷ গৈ গৈ মুদ্ৰাটো ডেকাচাঙখনৰ খুঁটা এটাৰ সৰু ফাঁক এটাত সোমাল৷ থিয় হৈ থকা মুদ্ৰাটোৰ আধাফালহে দৃশ্যমান হৈ থাকিল৷ ফাঁকটোৰ পৰা মুদ্ৰাটো উলিয়াবলৈ অমিতে বহু কষ্ট কৰিলে৷ পিছে কোনোপধ্যেই মুদ্ৰাটোক মুক্ত কৰিব নোৱাৰিলে৷ সকলোৰে মুখমণ্ডলত আশাভংগৰ চিন৷ পিছে দুই প্ৰতিদ্বন্দ্বীৰ দুচকুৰ পৰা আশা তেতিয়াও মাৰ যোৱা নাছিল৷ অমিতদাই নোৱাৰিলে অমিতদাৰ নিৰ্দেশত অইন কোনোবাই গৈ খুঁটাৰ ফাঁকটোৰ পৰা মুদ্ৰাটো উলিয়াই আনিব আৰু হে’ড-টেইল চাই আগন্তুক বৰ্ষৰ ‘বোকা ছটিওৱা মহোৎসৱ’ৰ কেপ্টেইন নিৰ্বাচিত কৰিব- এই প্ৰত্যাশাত বন্দী হৈ দুয়োজন প্ৰতিদ্বন্দ্বীয়ে অমিতদাৰ মুখখনলৈ উগ্বিগ্নতাৰে চাই থাকিল৷

No comments:

Post a Comment