Sunday, August 30, 2015

মনৰ কথা

উৎসৱ পাৰ্বনৰ আদৰ-অনাদৰদেৱব্ৰত গগৈ
আমাৰ সমাজ-সংস্কৃতিৰ বাহিৰত অৱস্থান কৰা কিছুমান উৎসৱ পাৰ্বনক আমি হঠাতে আদৰি লোৱাটো কিমান দুৰ সমীচিন সেয়া এবাৰ ভাবি চোৱা ভাল। বাহিৰত অৱস্থান কৰা উৎসৱ পাৰ্বন বুলি এইবাবেই কৈছো, কাৰণ আমি ৰাখী বন্ধন, বলে বম, চথ পূজা, কাৱৰা চথ, বিয়াৰ মেহেন্দি ৰচম আদিবোৰ অসমৰ লোক সংস্কৃতি বিষক ৰচনা কৰা কোনো এখন গ্ৰন্থ বা কোনো এজন গৱেষকৰ গৱেষণা পত্ৰত বিচাৰি নাপাম, ভেলেণ্টাইন দে বা লা টমা টিনাৰ কথা বাদেই দিলো।

এইখিনিতে আৰু এটা কথা, আনৰ কোনো এটা উৎসৱ নাপাতিলো বাবেই বা আদৰি নাই লোৱা কাৰণেই যে সেইটো বেয়া তেনেকুৱাও নহয় পিছে। মই বলে বম, ৰাখী বন্ধনক বেয়া পোৱাৰ বাবে বিৰোধ কৰা নাই, কিন্ত সেইবোৰ আমাৰ সংস্কৃতিৰ অংগ বুলি কোৱাত আপত্তি আছে। বহুতে কয়, অসমৰ বাহিৰত বিহু পাতিলে ভাল পায় কিন্ত ইয়াত বাহিৰৰ উৎসৱক বিৰোধ কৰ। কিন্ত অসমৰ বাহিৰত বিহু উৎসৱক কোনে পালন কৰে, গুজৰাটীসকলে, মাৰাঠীসকলে, নে আমেৰিকানসকলে নে তাত বাস কৰা অসমীয়াই নিজৰ মাজতে ?


এটা উৎসৱ উপভোগ কৰা আৰু পালন কৰাৰ মাজত পাৰ্থক্য আছে, আৰু সেই কথাটো উপলব্ধি কৰা সকলে এনে প্ৰশ্ন কেতিয়াও নকৰে। ৰাখী বন্ধন , বলে বম, চথ পূজা, কাৱৰা চথ, ভেলেণ্টাইন ডে বছৰৰ কোন কোন মাহ আৰু তাৰিখত হব আজিকালি আমাৰ মনত থাকে। কিন্ত বাথৌ পূজা, লৃগাং , মেনগ্লোপ, খেৰা পূজা, চুচিৱাং, অজেলে উছৱ, উম্ফা পূজা বা শংকৰ জন্মোত্সৱ বছৰৰ কোন কোন তাৰিখে হব তাক আমি নাজানো। কোনোবাই হয়তো কব “আৰে ভাই সেইবোৰ ট্ৰাইবেলবোৰৰ ফেষ্টিভেল আমি আকৌ কিয় পাতিম” বা “শংকৰ জন্মোসৱ শংকৰীসকলেহে পাতে আমি পূজাহে কৰো , আমাৰ মনত ৰখাৰ কিয় দৰকাৰ?”

ৰাখী বন্ধন, চৌথ পূজা, বলে বম আদিবোৰ এক পবিত্ৰ তথা মাংগলিক কৰ্ম। এই উসৱ বোৰ যিবোৰ বিশেষ সম্প্ৰদায়ৰ হয় তেওঁলোকে খুবেই পবিত্ৰ ভাবে পালন কৰে। কিন্তু আমাৰ সমাজলৈ আমদানি হোৱাৰ পাছতেই ই বিজতৰীয়া ৰূপ লয়, কাৰণ আমি সেইবোৰৰ মহত্ব বুজি নাপাওঁ। সেয়ে হয়তো নিজৰ ঘৰ ককায়েক বা ভায়েকক ৰাখী পিন্ধাই নোপোৱা অসমীয়া জীয়ৰীয়ে কলেজৰ কোনোবাক ৰাখী পিন্ধাই আৰু তাৰ পাছৰ বছৰতে সেইজন বয়-ফ্ৰেণ্ড কৰি লয়। যোৱা দশকৰ পৰা দেখাক দেখি অসমীয়া যুৱকে ৰাতি ৰাতি যেতিয়াৰে পৰা বলে বম কৰিবলৈ ধৰিলে তেতিয়াৰে পৰা বল-বমে নিশাৰ মহানগৰীত আতংকৰ সৃষ্টি কৰিবলৈ লৈছে । বলে-বম নহয় যেনিবা পথৰ কাষৰ লেট নাইট ওৱাইল্ড পাৰ্টিহে। পুলিচেও একো কৰিব নোৱাৰে, ধৰ্মীয় অনুভুতিত আঘাত হনাৰ অভিযোগ আনি দিব।

মাজুলীৰ মিচিং জনগোষ্ঠীৰ মানুহে শতিকা জুৰি তাত বাস কৰিলেও তাৰ সত্ৰবোৰত প্ৰৱেশ কৰা নাই আৰু সেইবাবেই আজি মাজুলীত সত্ৰতকৈ গিৰ্জাৰ সংখ্যা দিনক দিনে বাঢ়ি আহিছে, মাজুলীয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি নোপোৱাৰ ইও এটা সুপ্ত কাৰণ। আশীৰ দশকলৈকে নগালেণ্ডৰ কহিমাত এসময়ত অসমীয়াসকলে তাতে বাস কৰি নামঘৰ পাতি তাত ভাওঁনা পৰ্যন্ত প্ৰদৰ্শন কৰিছিল, অৰুণাচলৰ পাছীঘাট , নাহৰলগুণ , চিলং , নংপো , ইটানগৰ আদিবোৰতো নামঘৰবোৰে তাৰ সমাজত এক অনন্য স্থান লাভ কৰিছিল আৰু আজিৰ তাৰিখত সেইবোৰ নামঘৰৰ সৰহভাগেই জহি খহি গৈছে, তাৰ চাৰিসীমাৰ ভিতৰত ক্লাৱ-ঘৰ বহিছে, কোনোবাটোৰ দায়িত্ব লোৱা মানুহ নাই বাবে স্থানীয় প্ৰশাসনে নিজৰ অধীনলৈ আনি আন কামত ব্যৱহাৰ কৰিছে। ৰাখী বন্ধন, চৌথ পূজা, বলে বম, কাৱাৰা চৌথ আদিবোৰত ব্যস্ত থকা আমিবোৰে এইবোৰ খৱৰ ৰাখিছোনে?

No comments:

Post a Comment