পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
সামাজিক চৰিত্ৰৰ স্খলন আৰু নৈতিকতাৰ সংকট 
অজয় লাল দত্ত
দশক আগতে, উজনিৰ এক বিদ্যামন্দিৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ভৰি দিয়েই শিৰ উন্নত কৰি থিয় দি থকা এজোপা নাহৰৰ গাত লগাই থোৱা এখন সৰু ক’লা চাইনবৰ্ডলৈ চকু গৈছিল। তাত লিখা আছিল- “চৰিত্ৰ এজোপা গছ, সুনাম তাৰ ছাঁ”! শিক্ষাৰ্থী হিচাবে শিক্ষালাভৰ কালচোৱাত বা পৰৱৰ্তী কৰ্মজীৱনত সদায়েই কথাষাৰে মনত নিজস্ব বিচাৰ-ধাৰাত এক প্ৰসংগ প্ৰণালীৰ ৰূপত কাম কৰি আহিছে। মহ লোকৰ এনে বাণী প্ৰতিজোপা গছত লগাই ৰাখি বিদ্যাৰ্থীৰ মনতো কাললৈ খোদাই কৰাৰ সেই পদক্ষেপক এই সুযোগতে শলাগ লৈছো। উচ্চ শিক্ষা লভি সমাজ এখনৰ উন্নত নাগৰিক হবলৈ ওলাই অহা সকলৰ মন-মগজুত নিশ্চয় এইবোৰ বাণীয়ে চেতন-অৱচেতন ভাবে ক্ৰিয়া কৰেই, মানি চলা-নচলাটো যদিও এক ব্যক্তিগত পচন্দৰ কথা, তথাপিও!

অস্কাৰ ৱাইল্ডে কৈছিল- “Society exists only as mental concept; in the real world there are only individuals”. সামাজিক প্ৰাণী হিচাবে বাস কৰা জীৱশ্ৰষ্ঠ মানুহেই সমাজ এখনৰ মৌলিক উপাদান। সমাজ এখন গঢ়া বা ভঙাৰ দ্বায়িত্বও মানুহৰেই। সামূহিক জীৱনত সুকলমে চলিবলৈ মানুহেই কিছুমান নীতি-ৰীতি, নিয়ম-শৃংখলা নিৰ্মাণ কৰি লয়। কিছুমান নিয়ম চৰকাৰৰ দ্বাৰা প্ৰণয়ন কৰা তথা সংবিধানৰ আওতাত পৰা, যাৰ ভংগৰ বাবে হয়তো আইনী শাস্তিৰ সন্মুখীন হব লগাও হব পাৰে। আন কিছুমান নিয়মৰ ক্ষেত্ৰত কিন্তু এই কথা প্ৰযোজ্য নহয়, এনেবোৰ নিয়ম সমাজ এখনে নিজে অনানুষ্ঠানিক ভাৱে সৃষ্টি কৰি লোৱা লিখিত-অলিখিত নিয়মৰ দ্বাৰা পৰিচালিত হয়। এনেবোৰ কথাত শুদ্ধ-অশুদ্ধৰ বিচাৰ কৰাৰ মাপকাঠি বহুক্ষেত্ৰতে বিৱৰ্তিত সমাজৰ মানসিক গঠন, সময়, সুবিধা অনুসৰি সা-সলনি হৈ থকাও দেখিবলৈ পোৱা যায়। নৈতিকতাও তেনে এক স্পৰ্শকাতৰ অথচ এৰাব নোৱাৰা বিষয়!

ভাৰতীয় পৰম্পৰা তথা সংস্কাৰত যদিও ভোগতকৈ ত্যাগক মহত্ব প্ৰদান কৰি অহা হৈছে। সাধু আৰু নীতিশিক্ষাৰ পাঠবোৰতো তাৰেই প্ৰতিচ্ছবি আঁকি শিশুসকলৰ মনত ৰেখাপাত কৰিবলৈ চেষ্টা কৰি অহাটো শিক্ষানীতিৰো অংশ আছিল। পিছে সময়ৰ সোঁতত আজিৰ আধুনিক সমাজে ভোগবাদকহে প্ৰাধান্য দিয়া আৰু তাৰহে পাঠৰ অভ্যাস নতুন প্ৰজন্মকো আওৰাবলৈ দিয়া দেখা গৈছে। ব্যক্তিগত সুখ আৰু ভোগকেই এক অৰ্থত জীৱনৰ চৰম প্ৰাপ্তিৰ লক্ষ্য স্থিৰ কৰাটো যেন এই যুগৰ আটাইতকৈ ডাঙৰ নিয়ম হৈ পৰিছে। ব্যক্তি হিচাবে সৰহ ভাগ মানুহে এই অভ্যাস গঢ়িবলৈ লোৱাৰ পৰা সামুহিক ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ দৃষ্টিকটু ভাৱে দেখা দিবলৈ ধৰিছে। সহজ আৰ্জনৰ বাবে যি কোনো কামত লিপ্ত হোৱাটোক এতিয়া সমাজে যেন নীৰৱে অনুমোদন দিবলৈহে আৰম্ভ কৰিছে। ভাল আৰু বেয়া কামৰ সীমাৰেখাডাল যেন ক্ৰমাত ধূসৰ হৈ পৰিছে! আগতে মনে কাছুটি ঘোঁৰাৰ দৰে লোভ আৰু মায়াৰ পাছত দৌৰিবলৈ বিচাৰিলেও বিবেকে তাক নিয়ন্ত্ৰণ কৰাৰ যি নৈতিক শিক্ষা আছিল, সেয়াও দিনক দিনে দুৰ্বল হৈ আহিছে। বিবেকৰ বিচাৰত বেয়া কাম বুলি চিনাক্ত কৰা সেই সংস্কাৰক আউট-ডেটেড বুলি গণ্য কৰাৰ সামাজিক পৰিৱেশ সঁচাই উদ্বেগজনক নহয়নে? যিয়ে ব্যক্তিৰ নৈতিক-চৰিত্ৰৰ সংজ্ঞাও যেন সলনি কৰি পেলাইছে।

সমাজত মানুহে কোনে কি কৰি আছে আচলতে সকলোৱে জানেই? কোনোবাই শক্তিশালী জনৰ সমুখত ব্যক্তিস্বাৰ্থ হানি হোৱাৰ ভয়তে প্ৰশংসা কৰিলেও, পিছফাল দিলেই বেয়া ভাষাৰে সেই অপকৰ্মক সমালোচনা কৰিবলৈ নেৰেই। বাস্তৱত এই পৰিঘটনাটো অবৈধ সম্পৰ্ক গঢ়াৰ নিচিনাই। যেতিয়া এহাল নাৰী আৰু পুৰুষে নীতি-বৰ্হিভূত কোনো অবৈধ সম্পৰ্ক গঢ়ে, তেতিয়া দুয়োজনেই লোকচক্ষুৰ পৰা ইয়াক আঁৰত ৰাখিবলৈ প্ৰাণপ্ৰণে চেষ্টা কৰে। এই চেষ্টাৰ বাবেই তেওঁলোক সমাজৰ দৃষ্টিত একাষৰীয়া হৈ জিলিকি উঠে আৰু চাল-চলন সন্দেহৰ দৃষ্টিৰ আওতালৈ অহাৰ লগে লগেই সমাজে আঁৰৰ কথাবোৰ অনুমান কৰি লয়। এনেকৈ লুকাই-চুৰকৈ সম্পৰ্ক গঢ়া দুজনে ভাৱে যে তেওঁলোকৰ কথা আন কোনেও নাজানে। প্ৰকৃততে তেওঁলোক দুজেনেহে কেৱল নাজানে যে গোটেই পৃথিৱীয়ে তেওঁলোকক লৈ বু-বু বা-বা কৰিছে, বা বাহিৰত, আঁৰত তেওঁলোকৰ কেলেংকাৰীৰ কথাৰেই চৰ্চা সৰ্বত্ৰ! একেদৰেই টকা-পইচা আৰ্জনৰ ক্ষেত্ৰত অনৈতিক উপায়েৰে ঘোঁচ খাই, কেলেংকাৰী কৰি, আত্মসা
কৰি, ৰাজপত্ৰিত ক্ষমতাৰে দিন-ডকাইতি কৰি উপাৰ্জন কৰাৰ ক্ষেত্ৰতো একেই ফমূৰ্লা খাটে। বৈধ-উপাৰ্জন বৰ্হিভূত সা-সম্পদ যিমানেই নামী-বেনামী উপায়েৰে মানুহে আইনৰ চকুৰ পৰা লুকুৱাবলৈ চেষ্টা নকৰক কিয়, সমাজৰ দৃষ্টিৰ পৰা কিন্তু কোনো কথাই সাৰি নাযায়। গেলা গোন্ধক পাচিৰে ঢাকি ৰাখিব নোৱাৰাদি, সত্যয়ো বাহিৰলৈ ওলাই অহাৰ সুৰুঙা বিচাৰি লয়েই। তাক সহায় কৰে সময়ে, হয়তো এদিন আগ, অথবা এদিন দেৰি! মানুহ এজনে অতিপাত ধন আৰ্জন কৰাৰ ফলত কব নোৱাৰাকৈয়ে সলনি হৈ পৰা জীৱন ধাৰণৰ শৈলীত এই সকলো লুটপাতৰ ছাঁয়াছবি প্ৰতিফলিত হয়েই! তেনেকুৱা ব্যক্তি সমাজত ক্ৰমাত প্ৰভাৱশালী, ক্ষমতাশালী হৈ উঠাৰ বাবেই বহুতেই বিচাৰিলেও তেওঁলোকৰ আচল মুখা খুলি দিব নোৱাৰে বা আইনৰ হাতত হয়তো তাক্ষণিক ভাৱে ধৰাই দিব নোৱাৰে! এই ক্ষেত্ৰত বৰ্তমান আইন বলবকাৰী সংস্থা সমূহো পইচাৰ সূতাৰে বন্ধা পুতলা নাচত বন্দী হোৱা বুলি ৰাইজে অনুভৱ কৰাৰ ফলত দুৰ্বল-ক্ষোভিত মানুহবোৰেও মুক হৈ থকাৰ বাহিৰে বাস্তৱত এনে প্ৰত্যাহ্বান লবলৈ সাহস কৰিব নোৱাৰে। এই সামাজিক পৰিস্থিতি আৰু দুৰ্বল ন্যায়িক ব্যৱস্থাৰ ন্যায়হীনতাই দুৰ্নীতি আৰু ধনবলৰ ক্ষমতাত বলীয়ান হোৱা সকলক লেকাম লগোৱাৰ ক্ষেত্ৰত পৌনাঃপুনিক ভাৱে বিফল হৈছে! যিটো অতিশয় চিন্তনীয় কথা হৈ পৰিছে।

পূৰ্বৰ গ্ৰাম্য সমাজত কোনো এজনে সামাজিক নীতি-নিয়ম ভংগ কৰিলে নামঘৰত বা পঞ্চায়তত ৰাইজ একগোট হৈ বৈৰীতাহীন দ্বন্দ বিলাক বিচাৰ তথা সমাজে শাস্তি বিহাৰ পৰম্পৰা আছিল। আনকি সমাজে বেয়া কাম বুলি ভবা কামত লিপ্ত হ’লে সেই পৰিয়ালটোকেই সমাজচ্যুত কৰিছিল, যাক হোকা-পানী বন্ধ কৰা বুলি কোৱা হৈছিল। ব্যক্তিগত বা পেশাদাৰী কথাত কক্ষচ্যুত একোজনক কোম্পানী এটাত সহযোগী সকলে বুজাই বঢ়াই, হেঁচা দি হ’লেও এনে এটা পৰিবেশৰ সৃষ্টি কৰে যে সেই কোম্পানীটোত ভাত মোকোলাই থাকিবলৈ হ’লে ব্যক্তি এজনে কোম্পানীৰ নীতি-ৰীতি মানি চলাৰ বাহিৰে উপায় নাথাকে। সেয়ে এনে সামাজিক হেঁচাক কৰ্পৰেট পৃথিৱীৰ এই ‘পীয়েৰ প্ৰেছাৰ’ৰ সৈতে তুলনা কৰিব পাৰি। যদিও এতিয়াও দেশৰ বহুতো অনুন্নত ঠাইত এনে আনুষ্ঠানিক অথবা অনানুষ্ঠানিক খাপ পঞ্চায়তে কিছুমান যুগৰ সৈতে খাপ-নোখোৱা ৰীতি-নীতিক জাপি দিয়াৰ বাবে এনে হেঁচাৰ সৃষ্টি কৰাৰ উদাহৰণ আছে। তথাপি ইতিবাচক দিশত বৈৰীতাবিহীন দ্বন্দবোৰত আৰু সামুহিক স্বাৰ্থ বিঘ্নিত হোৱা দিশবোৰৰ ক্ষেত্ৰত সামাজিক হেঁচা প্ৰয়োগৰ প্ৰয়োজনীয়তা নিশ্চয়কৈ আছে।

কিন্তু আজি দুৰ্নীতি, কেলেংকাৰী কৰা সকলে সমাজলৈ কেৰেপ কৰেনে? তেওঁলোকৰ এই ভীতিহীন মানসিকতা গঢ়াত সমাজখনৰে অৰিহণা নাই জানো? দুৰ্নীতি, ঘোঁচ-খোৰ, কেলেংকাৰীত লিপ্ত বুলি প্ৰমাণ হৈ জেললৈ যাওক বা নাযাওক, কিন্তু সেই অপৰাধৰ কথা সৰ্বজনবিদিত হোৱাৰ পাছতো, সেই সকলৰ পৰাই মোটা-অৰিহণা হৈ কলা-সংস্কৃতিৰ অনুষ্ঠান পাতিবলৈ সামাজিক সংগঠন সমূহে আগবাঢ়ি যায়। উপদেষ্টা, মুখ্য-পৃষ্ঠপোষক হিচাবে এনে দুই-নম্বৰীক আগস্থান দি গামোচা পিন্ধাই আচলতে আমি তেওঁলোকৰ কু-কৰ্মক দুগুণ প্ৰেৰণাৰ যোগোৱাৰ অপসংস্কৃতিহে গঢ়ি তোলা নাইনে? যি সকল ৰাজহুৱা ধনৰ আত্মসা
কৰাৰ অপৰাধত, সামুহিক ক্ষতি কৰাৰ অপৰাধত ৰাইজে এঘৰীয়া কৰাৰ দৰকাৰ আছিল, তেওঁলোকলৈ এনে সামাজিক অনুমোদনে লুণ্ঠনৰ অশ্বমেধ ঘোঁৰা দৌৰাবলৈ বাট চিকুনাই দিয়া যেনহে হোৱা নাইনে?

ব্যক্তিগত স্তৰত উচ্চ শিক্ষা তথা প্ৰফেচনেল প্ৰশিক্ষণৰ অন্তত শপত লৈও আজি দহ টকাতে পুলিচে নিজৰ সন্মান বেচিছে, কেৰেণীয়ে বিশ টকাত, লাখ টকাৰ বাবে অযোগ্য প্ৰাৰ্থীক অধ্যাপক নিযুক্তি দি যুগলৈ অঞ্চল একোটাক শৈক্ষিক ভাৱে বিকলাংগ কৰিছে অধ্যক্ষই, শিক্ষক হৈ বিদ্যালয় ভৱন, খিচিৰিৰ ধন আত্মসা
কৰিছে, পূজাৰী হৈ মন্দিৰৰ, অভিযন্তা হৈ মৰণফান্দ কৰি দলঙ-মাথাউৰিৰ, খাদ্য পৰিদৰ্শক হৈ বৰবিহ খুওৱাৰ কমিচন, ডাক্তৰ হৈ অনাহক অপাৰেচন-পৰীক্ষাৰে এভাগ, চাৰ্টাড একাউটেণ্ট হৈ আয়-বৰ্হিভূত সম্পদ লুকুওৱাত সহায় কৰি! ক’লেও শেষ নোহোৱা, নিজৰ চকুৰ সমুখত নিজে লাজ নোপোৱা মানসিকতা গঢ়ি দোপতদোপে কু-কৰ্মত ব্ৰতী হোৱা আৰু সমাজত বেছি প্ৰভাৱ পেলোৱা সকলৰ বেছিভাগেই তথাকথিত উচ্চশিক্ষিতহে! নৈতিকতাৰ ভেটি গঢ়ি নোৱাৰৰ অভিযোগত আজি শিক্ষা-ব্যৱস্থাটোও শিৰনত হৈ কাঠগড়াত উঠিব লগা হৈছে! চৈয়দ আব্দুল মালিকদেৱে লিখি গৈছে-‘ইমান কষ্টৰে আমি শিক্ষা লভিছো, কেইটামান পইচাৰ বাবে যদি প্ৰথমেই বিবেককেই বেছিব লগা হয়, তেন্তে এনে শিক্ষা আৰু বেশ্যাৰ মাজত পাৰ্থক্যই বা ক’ত, যেন সাজিকাচি সাজু হৈছে নিজক বেচিবৰ বাবেহে!’ নবৈৰ দশকত সৌৰভ কুমাৰ চলিহাদেৱে ‘ভাল খবৰ’ শীৰ্ষক এটি লেখাত ঘোঁচখোৰ পিতৃৰ কুকৰ্মত লজ্জ্বিত হৈ আত্মহত্যা কৰা এজন পুত্ৰৰ বাতৰিটোকো সমাজৰ বাবে শুভবাৰ্তা বুলি অভিহিত কৰিছিল। আজি তেনে খবৰো সমাজৰ পৰা নোলায়, ওলায় দুই-নম্বৰী টকাৰে লোৱা বিলাসী গাড়ীত আত্মহাৰা হোৱা পুত্ৰৰ দুৰ্ঘটনাৰ খবৰ, ৰাজপত্ৰিত হৈ দিন-ডকাইত হোৱা জোঁৱায়েকৰ নিলম্বনক লৈ গৌৰৱ কৰা শাহুৰ খবৰহে!

সমাজৰ বেছিভাগ মানুহেই ব্যক্তিগত স্তৰত নৈতিকতাহীন ভাৱে ভোগসৰ্বস্ব বিচাৰধাৰাক আঁকোৱালি লোৱাৰ ফলতে সামুহিক স্তৰতো ক্ৰমাগত ভাৱে সামাজিক চৰিত্ৰৰো স্খলন হবলৈ আৰম্ভ হোৱা নাইনে? ৰাজহুৱা সম্পদৰ লুণ্ঠনৰ প্ৰতিযোগিতাত নমাটো জন্মস্বত্ব অধিকাৰ বুলি ভাবিবলৈ লোৱা নাইনে? ত্যাগক মহীয়ান কৰি পৰিমিত ভোগক মান্যতা দিয়া প্ৰাচীন ভাৰতীয় সংস্কাৰ কি ভাষণত গৌৰৱ কৰিবৰ বাবেহে নেকি, আচল বাস্তৱৰ বাবে নহয়! অনৈতিক লুণ্ঠনক সামাজিক অনুমোদন দিবলৈ ধৰা সমাজখনে দিনক দিনে দেখোন নৈতিকতাক যাদুঘৰৰ সামগ্ৰী কৰিবলৈহে হাত উজান দিছে। উন্নত মানুহ থকা আধুনিক সমাজৰ কল্পনা কৰি মানৱ সভ্যতা আগবাঢ়িছে। সংস্কাৰ আৰু নৈতিকতা অবিহনে সেইখন বিবৰ্তিত ‘উন্নত’ সমাজৰ ৰূপ সঁচাই বাৰু কেনে হব? সমাজখনৰ স্খলিত চৰিত্ৰৰ সংস্কাৰ সাধনৰ বাবে সমাজৰ মৌলিক উপাদান ব্যক্তিসকলৰ পৰাই এই শুদ্ধিকৰণ আৰম্ভ হব লাগিব। ৰূপকথাৰ দৰেই 'সন্তক পালন আৰু দুষ্টক দমন' কৰিবলৈ সমাজে নিজেই বাট বিচাৰিব লাগিব। ভূমিবল অদ্যুলাডেজৰ কথাৰেই “A good person can make another person good; it means that goodness will elicit goodness in the society; other persons will also be good.” আৰু এই যাত্ৰাৰ শুভাৰম্ভ কৰি ধ্বজ বহন কৰিব লাগিব আপুনি আৰু আমি, সেই কথাও নিশ্চিত।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages