গ্ৰন্থ আলোচনা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Assamese LIFELINE on SOCIAL MEDIA

সামাজিক যোগসূত্ৰৰ মঞ্চত ইতিবাচক বাৰ্তাবাহক
ভাল খবৰ ভাল সমল, পঢ়ি লভক আনন্দ বিমল

Post Top Ad

Responsive Ads Here
কৃতজ্ঞ মানুহৰ স্মৃতিকাতৰ দিনলিপি 
উৎপল দত্ত 
'পৰিণীতা', 'লগে ৰহো মুন্নাভাই', 'থ্ৰী-ইডিয়টচ'কে ধৰি কেইবাখনো হিন্দী চিনেমাৰ সফল সংগীত পৰিচালক শান্তনু মৈত্ৰই অৰুণা চক্রবৰ্তীৰ সহযোগত (কেনে ধৰণৰ সহযোগ স্পষ্টকৈ উল্লেখ নাই) ৰচনা কৰা 'অন দা উইংজ অব মিউজিক' নামৰ ইংৰাজী কিতাপখনৰ কৃতজ্ঞতাৰ শিতানটোৱে আগুৰিছে তিনিটাৰো অধিক পৃষ্ঠা৷ যিসকল লোকৰ বিভিন্ন ধৰণৰ সহায়েৰে দিল্লীৰ ল'ৰাজনে বিজ্ঞাপন এজেন্সীৰ পৰা গৈ মুম্বাইৰ চিত্ৰজগতৰ প্ৰভাবশালী সংগীত পৰিচালক হিচাপে প্ৰতিস্থিত হোৱাৰ দীৰ্ঘ আৰু কষ্টকৰ পথ অতিক্রম কৰিলে, সেই সুদীৰ্ঘ যাত্ৰাপথৰ সকলো সহযাত্ৰী, সংগী, শুভাকাংক্ষীকে তেওঁ হৃদয়ৰ গভীৰৰ পৰা কৃতজ্ঞতা জনাইছে৷ আচলতে সম্পূৰ্ণ কিতাপখনেই তেওঁৰ কৃতজ্ঞতাৰ দস্তাবেজ, এখন দাপোন য'ত প্ৰতিবিম্বিত হৈ উঠিছে তেওঁৰ মনৰ জগতখন৷

ৱাল্ট হুইটমেনে কোৱা কথা এটা মনত পৰে- কিতাপ এখন চুই চালে মানুহ এজনক চুই চোৱা যেন লাগে৷ শান্তনু মৈত্ৰৰ এই কিতাপখনৰ মাজত আমাৰ অচিনাকি শান্তনু মৈত্ৰ এজনক সহজেই আৱিষ্কাৰ কৰোঁ, তেওঁৰ ওচৰ চাপো, চুই চাও আৰু তেওঁৰ লগত স্থাপন কৰো এক অকল্পনীয় আন্তৰিক সম্পৰ্ক৷ এই কিতাপখনৰ শিৰোণামা পৃষ্ঠাটোত নামটোৰ লগতে আছে এটি সৰু উপ-শিৰোণামা - 'এ বুক অব জাৰ্ণিজ' - বহু যাত্ৰাৰ এখন কিতাপ৷ কিতাপখনত সংকলিত আঠাইছখন সুলিখিত আৰু আবেগঋদ্ধ ৰচনা মাজেৰে প্ৰকাশিত হৈছে তেওঁৰ জীৱনৰ যাত্ৰা তেওঁৰ জীৱনৰ যাত্ৰা, তেওঁৰ সৃজনীশীল মনটোৰ যাত্ৰা, সংগীতৰ গভীৰ পৃথিবীলৈ আগবঢ়া যাত্ৰা, প্ৰকৃতিৰ মাজত পৰা শান্তি আৰু নিৰ্জনতাৰ সন্ধান কৰা যাত্ৰা৷ তেওঁ নিজে নিজকে বেংগলী মধ্যবিত্তীয় মানুহ বুলি ঘোষণা কৰি কৈছে যে 'ই এম আই'-ৰ দ্বাৰা নিয়ন্ত্ৰিত মুম্বাইৰ জটিল ঠাইত সৃষ্টিৰ প্ৰেৰণা পোৱা নাযায়, পোৱা যায় কোনোবা পাহাৰীয়া অঞ্চলত য'ত দিনটো সৰু দোকান এখনত চাহ বিক্রি কৰি জীৱন নিৰ্বাহ কৰা মানুহজনে দিনটোৰ পৰিশ্ৰমৰ পিচতো তেওঁৰ দোকানত এৰি যোৱা মানিবেগটো ঘুৰাই দিবলৈ ওৰে নিশা খোজকাঢ়ি পাহাৰ বগাই আহে৷ এই দুটা বাক্যৰ মাজেৰেই প্ৰকাশ পায় শান্তনু মৈত্ৰৰ জীৱন দৰ্শণ৷ প্ৰশ্ন হয়, এই বাক্য দুটা তেওঁৰ লেখন দক্ষতাৰ প্ৰতিফলন নে হৃদয়ৰ নিৰাভৰণ ৰূপ? সেই প্ৰশ্নৰ উত্তৰৰ বাবে আমি পঢ়িব লাগিব কিতাপখনৰ আটাইবোৰ ৰচনা আৰু উপলব্ধি কৰিব লাগিব বাক্যবোৰৰ মাজেৰে প্ৰকাশ কৰা আৰু নকৰা সকলো কথা৷ 
 
সন্দেহাতীত ভাবেই কিতাপখনৰ ৰচনাকেইখন ব্যক্তিগত ৰচনা, তেওঁৰ ব্যক্তিগত কাহিনীবোৰকেই তাত বিবৃত কৰা হৈছে, কিন্তু সেই ব্যক্তিগত কাহিনীবোৰৰ মাজতেই পাঠকে বিচাৰি পাব নিজৰ মনৰ মাজৰ কোনোবা এডোখৰ, কাৰণ সকলো মানুহৰেই কিছু কাহিনীৰ মাজত সাদৃশ্য থাকে, বিশেষকৈ কিবা এটা কৰাৰ ইচ্ছা থকা মানুহৰ৷ অহংকাৰহীন শান্তনু মৈত্ৰৰ বৰ্ণনাত থকা আদিম সৰলতা আৰু স্বচ্ছতাই কাহিনীবোৰক কৰি তুলিছে নিৰাভৰণ আৰু সেইবাবেই কাহিনীবোৰ হৈ পৰিছে পাঠকৰ অতি আপোন৷ উদাহৰণৰ বাবে 'মাই স্কুল প্ৰিন্সিপাল' নামৰ ৰচনাখনৰ কেইটিমান বাক্যৰ অনুবাদ উদ্ধৃত কৰাৰ লোভ আৰু প্ৰয়োজন সামৰিব নোৱাৰিলোঁ৷ 'স্কুলৰ বাৰ্ষিক উৎসবৰ বটাঁ বিতৰণী সন্ধিয়াটি স্কুলৰ বাবে আটাইতকৈ ডাঙৰ ঘটনা৷ খেল আৰু পঢ়া-শুনাত শ্ৰেষ্ঠত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক তাত বটাঁ দিয়া হয়৷ সংগীতৰ বাবে তাত একো নাছিল৷ মই দেখিছিলোঁ মোৰ সহপাঠীসকলে মেডেল আৰু ট্ৰফী গোটাইছিল (মোৰ ক্লাছটি কৃতী ছাত্ৰৰে ভৰা আছিল) আৰু মই নিৰাশাত ভুগিছিলোঁ৷ মই একো পোৱা নাছিলোঁ৷ 
 
স্কুলৰ শেষ বছৰটোত মই সেই সন্ধিয়াটিত উপস্থিত নাথাকিম বুলি ভাবিছিলোঁ, কিন্তু চূড়ান্ত বৰ্ষৰ ছাত্ৰৰ বাবে উপস্থিতি বাধ্যতামূলক আছিল৷ শিক্ষকসকলে বিচাৰিছিল স্কুল এৰি যাবলৈ ওলোৱা প্ৰতিজন ছাত্ৰই সেই সভাখনত উপস্থিত থাকক৷ মোৰ লগৰ ছাত্ৰসকল এজন এজনকৈ মঞ্চলৈ উঠি যোৱা আৰু বুকুত বেজ আৰু মেডেল লৈ হাঁহিভৰা উজ্জ্বল মুখেৰে নামি অহা দৃশ্য দুখ ভৰা মনেৰে চাই আছিলোঁ৷ 
 
শান্তনু মৈত্ৰ .. হঠাতে শুনিছিলোঁ মোৰ নামটো মাতিছে৷ নিজকে পুতৌ কৰি কল্পনা ডাৱৰত উঠি ঘুৰি ফৰা কামটো বন্ধ গ'ল৷ এটা জোকাৰণি মাৰি মই থিয় হলোঁ৷ 'সংগীতৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে দ্বাদশ শ্ৰেণীৰ ছাত্ৰ' ...মিছেচ কুমাৰৰ (স্কুলৰ প্ৰিন্সিপাল) কন্ঠ, গহীন, অনুৰণিত, মাইকৰ মাজেৰে পাৰ হৈ আহিছিল - 'এই বছৰৰ পৰা সংগীতৰ বাবেও এটা পুৰষ্কাৰ দিবলৈ স্কুলে সিদ্ধান্ত গ্ৰহণ কৰিছে, দা সুনীল বোচ মেম'ৰিয়েল এৱাৰ্ড ইনদা ফিল্ড অব মিউজিক৷ এই পুৰষ্কাৰৰ প্ৰথম প্ৰাপক হ'ল শান্তনু মৈত্ৰ'৷ সেই হাত চাপৰিৰ শব্দ এতিয়াও মোৰ কাণত বাজি থাকে.... বহু পুৰষ্কাৰেৰে ধন্য, বহু এৱাৰ্ড সভাৰ মধ্যমণি শান্তনু মৈত্ৰৰ বাবে হাতচাপৰিৰ শব্দৰ অভাৱ নাই, কিন্তু সেই স্কুলৰ সভাৰ হাত চাপৰিৰ শব্দৰ কথাৰ প্ৰকাশে প্ৰমাণ কৰে যে তেওঁ পাহৰি যোৱা নাই সেই ভেটিৰ কথা য'ৰ পৰা তেওঁ উঠি আহিছে৷ 
 
কিতাপখনৰ এখন আকৰ্ষণীয় ৰচনাত লেখকে বৰ্ণনা কৰিছে কেনেদৰে তেওঁ শৈশৱতে ভূপেন হাজৰিকাৰ গীতৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু কেনেদৰে তেওঁৰ সুৰত ভূপেন হাজৰিকাই এটি গীতত কন্ঠদান কৰিছিল৷ তেওঁ লেখিছে- 'মোৰ স্পষ্টকৈ মনত আছে সেই সন্ধিয়াটিৰ কথা, তেওঁ ষ্টুডিঅ'লৈ সোমাই আহিছিল, এটা বাঘৰ দৰে- সেই ৰূপ মই প্ৰথম বাবৰ বাবে দেখা পাইছিলোঁ৷ আৰু যি মুহূৰ্ততে তেওঁ হাঁহি দিছিল, সহস্ৰ বন্তি একেলগে জ্বলি উঠিছিল৷ সেই সেমেকা, ম্লান পোহৰৰ ষ্টুডিঅ'টি আলেকময় হৈ উঠিছিল৷' কিতাপখনৰ পাতে পাতে বৰ্ণিত হৈছে সৰলতাৰ কাহিনী, আচলতে শান্তনুৰ চকুৱে সেই সৰলতাবোৰকহে দেখা পায়৷ আৰু এইবোৰৰ মাজেৰে প্ৰকাশ পাইছে পৃথিবীৰ সকলোৰে মাজত সৌন্দৰ্য বিচাৰি পোৱা শিশুৰ দৰে সৰল মনটিৰ অধিকাৰী শান্তনুৰ নম্ৰ আৰু শান্ত ৰূপ৷ ব্যক্তি শান্তনুৰ সেই নম্ৰতা আৰু সৰলতা লেখাৰ মাজতো সৰল বাক্য ৰচনা আৰু সৰল বক্তব্যৰ যোগেৰে সমানেই উপস্থিত৷ ৰচনাৰ ৰূপবন্ধৰ দিশৰ পৰা চালেও ৰচনাকেইখন এটা একক ধাৰণাৰে যুক্তিসংগত আৰু সাৱলীল ভাবে আগবাঢ়ি গৈ সফলভাবে সমাপ্ত হৈ লেখকক দক্ষ আৰু সচেতন লেখক হিচাপে প্ৰতিষ্ঠা কৰাইছে৷ আৰু তাৰ লগতে আহে সৃজনীশীলতাৰ প্ৰশ্নটো৷ শান্তনু মৈত্ৰৰ ৰচনাত প্ৰতিফলিত হয় সৰু সৰু চাচপেন্স, দৃশ্যৰূপেৰে সম্বৃদ্ধ উপস্থাপন আৰু নেপথ্যত আনন্দ আৰু বিষাদভৰা সংগীতৰ এক শুনা-নুশুনা চিম্ফনি৷ আৰু এই সকলোবোৰ লগ হৈ শান্তনুৰ ৰচনাকেইখনক আৰু সামগ্ৰিকভাবে কিতাপখনক এক সৌন্দৰ্যমতি পঠন অভিজ্ঞতালৈ ৰূপান্তৰিত কৰিছে৷ ৰচনাকেইখনত বিভিন্ন মুহূৰ্ত প্ৰকাশ কৰা দৃশ্যবোৰৰ শব্দ ৰূপ ইমানেইজীৱন্ত আৰু বহুমাত্ৰিক যে ভাব হয় খুব কম সময়ৰ ভিতৰতে আমি শান্তনুক চিত্ৰ পৰিচালকৰ ৰূপতো আৱিষ্কাৰ কৰিম৷ পৰ্বত আৰোহনকাৰী শান্তনু দক্ষ ফটোগ্ৰাফাৰ, কিতাপখনত তেওঁৰ কেইবাখনো ফটো সন্নিবিষ্ট কৰা হৈছে, কিন্তু সৰু আকাৰত ছপা কৰা ৰূপটোৱে ফটোকেইখনৰ প্ৰতি ন্যায় প্ৰদৰ্শন কৰিব নোৱাৰিলে৷
লেখক আকাশবাণী গুৱাহাটীত কৰ্মৰত আৰু  ফোন নং ৯৪৩৫০১১৩৫৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages