ৰাজনৈতিক বিশ্লেষণ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
স্বপ্নাতুৰ ভাৰতীয়ৰ ৰাজনীতিঃ
মহাকাব্যৰ পৰা আজিৰ গণতন্ত্ৰলৈ 
অজয় লাল দত্ত
(১)
বিশাল ভাৰতবৰ্ষই যদিও বৰ্তমান সময়চোৱাত বিশ্বৰ সৰ্ব-বৃহৎ গণতন্ত্ৰ ৰূপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে, কিন্তু দেশখনৰ ৰাজনৈতিক ইতিহাস অতি পুৰণি। ইতিহাসৰ ভেটিতে গঢ় লোৱা লোকগাঁথা, কাহিনী আদিয়েও জনমানসত সৰ্ব-ব্যাপি এক ৰাজনৈতিক চেতনা জাগ্ৰত কৰি ৰখাত নিশ্চয়কৈ অৰিহণা যোগায়। আনহাতে মহাভাৰত আৰু ৰামায়ণ এই দুখন মহাকাব্যতে ৰাজনীতি-সমাজনীতি-কূটনীতি-ষড়যন্ত্ৰৰ আদিপাঠ সন্নিবিষ্ট হৈ আছে। কিছু মনিষীয়ে দাবী কৰা মতে এই দুখন মহাকাব্যৰ ব্যাপ্তি ইমানেই বিশাল যে ইয়াত বৰ্ণিত কথাৰ বাহিৰে হেনো দুনীয়াত একোৱেই নাই, প্ৰয়োজন মাথো বিশ্লেষণৰ। একেদৰেই পৌৰাণিক গ্ৰন্থ, সাধুকথা, ৰজা-মহাৰজাৰ বিভিন্ন কাহিনীয়ে বিভিন্ন সময়ৰেখাত এই বিশাল ভূমিয়ে লাভ কৰা শাসন-অপশাসনৰ বিষয়ে ভূ-পাবলৈ দিয়ে।

ৰামায়ণ, মহাভাৰতৰ বিভিন্ন জনপ্ৰিয় কাহিনী-উপকাহিনীৰ বাহিৰেও সম্ৰাট অশোক, বিক্ৰমাদিত্য, ভৰত, হূমায়ুন, আকবৰকে ধৰি বিভিন্নজনৰ প্ৰচলিত সাধু বা লোকগাঁথাই মানুহৰ মনক এক উন্নত শাসন প্ৰণালীৰ প্ৰতি আগ্ৰহী কৰি তোলেই। লোকগাঁথা বা জনশ্ৰুতিয়ে মানুহৰ সামাজিক লোক-বিশ্বাসক গঢ়ি তোলে। সেই ধাৰণাৰ পৰাই মানুহে বৰ্তমানৰ সময়তো একোজন আদৰ্শ শাসক বিচাৰিবলৈ অৱচেতন অথবা চেতনাময় অৱস্থাতো নিজৰ মগজুৰ কচৰৎ কৰে। আজিও কিয় মহেঞ্জোদাৰো-হৰপ্পা সভ্যতাৰ দৰে উন্নত চহৰৰ পয়ঃ-প্ৰণালী ব্যৱস্থা গঢ়ি তোলা হোৱা নাই, মানুহৰ মনত প্ৰশ্নৰ উদ্ৰেক ঘটে।

আকৌ বিভিন্ন আধুনিক সামাজিক পণ্ডিতৰ মতে ভাৰতীয় দৰিদ্ৰতা আৰু নিৰক্ষতাৰ উচ্চ হাৰৰ বাবেই এই একবিংশ শতিকাতো বেছিভাগ নাগৰিকেই নিজৰ মৌলিক সমস্যা, মৌলিক প্ৰয়োজন অথবা মৌলিক অধিকাৰৰ বিষয়েই সজাগ বা জাগ্ৰত হব পৰা নাই। ৬৭শতাংশতকৈ অধিক লোক দৰিদ্ৰতা অথবা নিৰক্ষতাৰ অন্ধকাৰৰ পৰা আজিও বাজ ওলাব নোৱাৰা স্থিতিলৈ লক্ষ্য কৰিলে, নিজৰ দৈনিক জীয়াই থকাৰ সংগ্ৰামৰ পৰা মূৰ তুলি নিজৰ ভৱিষ্যত, দেশৰ শাসন ব্যৱস্থা অথবা ৰাজনৈতিক কথালৈ কান-সাৰ দিব পৰা মানুহৰ সংখ্যা প্ৰকৃততে ৩৩শতাংশতকৈ কম বুলি বিনাদ্বিধাই অনুমান কৰিব পাৰি। সেয়ে এনে এটা পটভূমিত প্ৰকৃত গণতন্ত্ৰৰ বাবে এই বিশাল ভূমি যে এতিয়াও কোনো পধ্যেই যোগ্য হৈ উঠা নাই সেই কথাও অনুভৱ কৰিব পাৰি। যি গণতন্ত্ৰত সাংখ্যিক কথাক গুণগত কথাতকৈ অধিক মানদণ্ড দি সৰ্বজন স্বীকৃতি দিয়াৰ ব্যৱস্থা হৈছে, প্ৰকৃততে দুই তৃতীয়াংশ লোকৰে এই গোটেই বিষয়টোতে সচেতনতাহীনতাই আচলতে ভাৰতীয় গণতন্ত্ৰক এক “ভুৱা নাটক” ৰূপেহে কাৰ্যতঃ প্ৰতিষ্ঠাপিত কৰা নাইনে, সেয়াও আজিৰ সময়ৰ এক অন্যতম প্ৰশ্ন।
(২)
দেশৰ শাসক সকলেই দেশ এখনৰ উন্নতিৰ ৰূপৰেখা তৈয়াৰ কৰে। সেয়ে উন্নত শাসকৰ সন্ধান কৰাটো দেশ এখনৰ জনসাধাৰণৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ কথা। আৰু ভাৰতীয় নাগৰিক সকলেও এই সন্ধান অতীজৰে পৰা অব্যাহত ৰাখিছে। আৰু প্ৰতিজন শাসকৰ শাসন আৰু শাসন পদ্ধতিৰ সৈতে অতীজৰ লোকগাঁথাৰ শাসন অথবা ইতিহাসত উজ্বলি থকা ভাৰতীয় সভ্যতাৰ সোণালী আখৰবোৰৰ সৈতে বাস্তৱিক তুলনা কৰাৰ প্ৰক্ৰিয়াটো চলি আহিছে। এয়া জনমানসৰ সাধাৰণ এটা স্বাভাৱিক প্ৰক্ৰিয়া। 

কোনোবাই কোনোটো কাম সম্ৰাট অশোকৰ সৈতে তুলনা কৰি চাইছে। কোনোৱে ভেশ ধৰি ৰজাই দেশৰ দৰিদ্ৰজনৰ আৰ্তনাদ শুনিবলৈ অহা বিক্ৰমাদিত্য এজন পোৱাৰ আশা মনে মনে পুহি ৰাখিছে। কোনোবাই আকবৰ-বীৰবলৰ যুটীৰ দৰে সৰল অথচ বুদ্ধিৰ মন্ত্ৰণা দিয়া সতেজ মন্ত্ৰীৰ আশা কৰিছে, কোনোৱে হুমায়ুনৰ দৰে সম্ৰাট আশা কৰিছে। কোনোৱে শিৱাজীৰ দৰে যুঁজাৰু, লক্ষ্মীবাঈৰ দৰে বীৰঙ্গনা, আকবৰ-যোধাবাইৰ দৰে ধৰ্ম-সহিষ্ণুতাৰ উদাহৰণ আশা কৰিছে। কোনোৱে স্বৰ্গদেউ চুকাফাৰ দৰে সাত-ৰাজ সামৰি একৰাজ প্ৰতিষ্ঠাৰ ইতিহাসেৰে সমাজত সমন্বয়ৰ সন্ধান কৰিব বিচাৰিছে, কোনোৱে মান ৰজাক আক্ৰমণৰ বাবে মাতি আনি নিজৰ বঙহকে এসেকা দিওৱাৰ পোষকতা কৰিছে। ভৰত-লক্ষ্ণণৰ দৰে ভাতৃ, শকুনিৰ দৰে মামা, ভীষ্মৰ দৰে পিতামহ, সীতাৰ দৰে আত্মত্যাগ, কুন্তী-দৌপদীৰ দৰে এঘৰি যুঁজাৰ সংকল্প ৰখা নাৰীৰ সন্ধান যুগে যুগে চলি আহিছে আৰু এয়া চলি থাকিব। ল’ৰা ৰজা পাতি শাসনৰ বাঘজৰী নিজৰ হাতত ৰখাৰ উদাহৰণ, গাদীৰ বাবে স্ব-আত্মীয়ৰ সৈতে বৈৰীতা, আধিপত্যৰ যুঁজ আদি বুৰঞ্জীৰ পুনৰাবৃত্তি, ইংৰাজীৰ আপ্তবাক্য “হিষ্ট্ৰী ৰিপিট ইটচেলফ”ৰ সত্যতা প্ৰতীয়মান কৰিয়েই বাৰে বাৰে হৈ আহিছে। আৰু প্ৰতিটো প্ৰসংগ, পৰিঘটনাৰ পৰা শিক্ষা লৈ অতীজৰ পৰাই এইখন সমাজ ক্ৰমাত বিৰ্বতনৰ ফলত বৰ্তমানৰ আধা পূৰঠ অৱস্থাত উপনীত হৈছেহি।

এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব, বাৰশ শতিকাতে নিজৰ দক্ষতা অনুসৰি অসম দেশত বাব বিতৰণ কৰি, জাত-পাতৰ উৰ্ধত সকলো জাতি-জনগোষ্ঠীকে শাসনৰ অংশীদাৰ কৰি লোৱা আহোম ৰজা চুমুং হুনৰ দৰে আদৰ্শ আজিও যেন পাবলৈ নাই। ভাৰতীয় ইতিহাসে বা ভাৰত বুৰঞ্জীয়ে ঢুকি নোপোৱা বাবেই এনে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ উদাহৰণে আচলতে আজিও মূলসুঁতি তথা হিন্দী-বলয়ৰ নেতৃত্বাধীন সমাজক চুবগৈ পৰা নাই। এতিয়াও বেছি ভাগ হিন্দী বলয় আৰু দক্ষিণৰ ৰাজ্য সমূহত জমিদাৰ, সামন্ত, উচ্চ বৰ্ণৰ শাসনৰ ইতিহাসেই প্ৰাধান্য পাই আহিছে, আৰু সেই কথাই অঞ্চলবোৰৰ লোক সকলৰ মনত থকা সাঁচ আজিও যেন অক্ষত আছে। জাতি-ভেদ-বৰ্ণৰ পৰিচয়, সামন্ত, চৌধুৰী, জমিদাৰৰ পৰিয়াল আদিকেই আজিও প্ৰভূ বুলি মানি থকাৰ এক মানসিকতাই গ্ৰাস কৰি আছে, অৱচেতন মনতো সেই সাঁচৰ গ্ৰাসৰ পৰা যেন ৰাইজ মুক্ত হব পৰা নাই। তাৰ বিপৰীতে উত্তৰ-পূৱৰ ৰাজ্য সমূহৰ ৰাজনৈতিক ইতিহাসে জনজাতীয় বা জনগোষ্ঠীয় ৰাজ্যৰ ৰজা সকলৰ ক্ষুদ্ৰ ৰাজ্যৰ পটভূমিত জাতিগত স্ব-অধিকাৰৰ প্ৰশ্নটো জীয়াই ৰাখিছে। ভাৰতৰ সৈতে এই ভূ-খণ্ড সংলগ্ন হোৱাৰ পাছতো এই জাতি-উপজাতি তথা নৃগোষ্ঠীয়ে লোক সকলৰ মনত এই একক ৰাজনৈতিক ইতিহাসৰ চিন্তা-চেতনাই ক্ৰিয়া কৰি আছে আৰু তাৰ ফলতে জাতি-নৃগোষ্ঠীয় দল-সংগঠনৰ আত্ম-নিয়ন্ত্ৰণৰ অধিকাৰৰ ৰাজনীতিয়ে পুলি-পোখা মেলিবলৈ সক্ষম হৈছে। ভাৰতীয় সংবিধান প্ৰদত্ত কিছু সা-সুবিধা তথা সুৰক্ষাৰ নিশ্চিতি আদায় কৰিবলৈ অহৰহ প্ৰচেষ্টা এই দল-সংগঠন সমূহে চলাই আহিছে। ভাৰতৰ আন ৰাজ্য সমূহত এনে জাতি-নৃগোষ্ঠীয় আন্দোলন বা পুনৰ ক্ষুদ্ৰ জনজাতীয় ৰাজ্যৰ দাবীৰ ৰাজনীতি পটভূমিৰ ভিন্নতাৰ বাবে গঢ় লোৱা দেখিবলৈ পোৱা নাযায়। দেশ বিভাজন, বাংলাদেশৰ গঠনৰ পাছত প্ৰব্ৰজন আৰু জনগাঁথনিৰ সলনিয়ে সৃষ্টি কৰা শংকায়ো এই অঞ্চলটোৰ ৰাজনৈতিক ক্ষেত্ৰখনক পৰিচালিত কৰিছে।অৱশ্যে ভাষিক আৰু নৃ-গোষ্ঠীয় ভিত্তিত সামাজিক আন্দোলনেৰে গোলকীকৰণৰ পাছত নিজৰ পৰিচয়, সংস্কৃতি, সত্তাক নিশিহ্ন নোহোৱাকৈ ৰাখিবৰ বাবে বাকীবোৰ ঠাইতো অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক কাৰণত আন্দোলন গঢ় লৈ উঠাৰ ইতিহাস আছে। এতিয়াও বন নিৰ্ভৰ জীৱন কটোৱা আদিবাসী সকলৰ ওপৰত আধুনিক সমাজৰ আগ্ৰাসনো এটা স্পৰ্শকাতৰ বিষয় ৰূপে উজলি উঠিছে। 

কিন্তু সেই আন্দোলনবোৰৰ সৈতে উত্তৰ-পূৱ আৰু বিশেষকৈ অসমৰ ৰাজনীতিৰ বিশাল আৰু মৌলিক পাৰ্থক্য আছে, যিটো কথা ৰাষ্ট্ৰীয় দল তথা কেন্দ্ৰৰ নেতা সকলে অনুভৱ কৰিব নোৱাৰে বা কৰাটো দেখা পোৱা নাই। সেয়েই এতিয়াও এই অঞ্চলত জাতীয়তাবাদৰ ধ্বনি আৰু আঞ্চলিকতাবাদৰ প্ৰতিধ্বনিৰে ৰাজনৈতিক ক্ষেত্ৰত ইয়াৰ প্ৰাসংগিকতা অনুৰণিত হৈ থকাটো অনুভৱ কৰিব পাৰি। বৈচিত্ৰ্যৰ মাজত ঐক্যৰ ভেটিত গঢ় লোৱা আধুনিক ভাৰতৰ শাসক সকলে ৰাজনৈতিক ইতিহাসৰ ভিন্নতাৰ ভিত্তিত অঞ্চলবোৰৰ লোক সকলৰ ৰাজনৈতিক আশা-আকাংক্ষাৰ কথাও হৃদয়ংগম কৰাটো আজি তাৰিখৰ এটা গুৰুত্বপূৰ্ণ কথা হৈ পৰিছে। কোনো একোটা সিদ্ধান্ত বা স্থিতিৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপট আৰু আঞ্চলিক প্ৰেক্ষাপটত প্ৰতিক্ৰিয়াৰ বৈচিত্ৰতা বা ভিন্নতাক যেন আজি ৰাষ্ট্ৰৰ শাসক সকলে অনুভৱ কৰিব পৰা নাই।
 (৩)
আমাৰ দেশৰ বিগত দশক কেইটাৰ ৰাজনৈতিক উত্থান পতনবোৰলৈ লক্ষ্য কৰিলে দেশৰ ৰাইজে ৰাজনৈতিক নেতৃত্বৰ মাজত অবিৰত এক পৰীক্ষামূলক সন্ধানী যাত্ৰা যে অব্যাহত ৰাখিছে সেইকথা অনুভৱ হয়। স্বাধীনতা লাভৰ পাছৰ পৰা কংগ্ৰেছৰ শাসন-অপশাসনৰ ফলত সৃষ্ট নতুন শাসক, ৰজা মানুহৰ শ্ৰেণীৰ সৃষ্টিয়ে যেন ভাৰতীয় মানুহক আশ্বস্ত কৰিব নোৱাৰিলে। বগা চাহাবৰ পৰা ক’লা চাহাবলৈ শাসনৰ জৰীৰ হাত সলনি হোৱাৰ বাহিৰে যেন সাধাৰণ মানুহৰ আশা-আকাংক্ষা পূৰাব পৰাকৈ একো দিব নোৱাৰিলে এই নতুন শাসকে। লাইচেন্সৰাজ, কমিচনৰাজ, দালালৰাজ আদিয়ে শাসন ব্যৱস্থাটোত বিশেষ প্ৰতিষ্ঠা লাভ কৰা কথাই ভাৰতীয় মানুহক ক্ষুদ্ধ কৰিলে আৰু সেইবাবেই যেন অতৃপ্ত মন লৈ বাৰে বাৰে দেশৰ ৰাইজে একোটা নতুন ৰাজনৈতিক মতাদৰ্শ বা কুচকাৱাজক আঁকোৱালি লৈ এক উন্নতৰ, উজ্বলতৰ ভাৰত উপহাৰ দিব পৰা নেতৃত্বৰ সন্ধান কৰিয়ে থাকিল।

এই উচাহতে জনতা দলৰ উত্থান, কমিউনিষ্ট ভাবাদৰ্শৰ দল সমূহৰ ভাৰতীয় বাওঁপন্থী দলৰূপে গজালি, জেপিৰ সমাজবাদী আন্দোলন, জনসংঘৰ উত্থান, হিন্দুত্ববাদ, মৌলবাদ, ধৰ্মীয় সংখ্যালঘুৰ নামত দল, জাতি-সম্প্ৰদায়ৰ নামত দলীয় উত্থান, ভাষা আৰু জাতিৰ নামত আঞ্চলিকতাবাদী শক্তি, জাতীয়তাবাদী শক্তি, বিচ্চিন্নতাবাদী শক্তি আদি বিভিন্ন ৰাজনৈতিক উত্থান-পতনৰ সাক্ষী হ’ল ভাৰতীয় ৰাজনীতি। বিশ্বৰ সৰ্ব-বৃহত গণতন্ত্ৰৰ অনুপম উদাহৰণ উপমহাদেশখনত থকা পদে পদে অনৈক্যতাৰ মাজতো ভাৰতীয় অখণ্ডতা তথা সংহতিৰ উদাহৰণো পৃথিৱীৰ ভিতৰতে প্ৰায় বিৰলেই।

এই গভীৰ প্ৰত্যাহ্বানক যেন ভাৰতীয় নেতা সকলে হৃদয়েৰে বুজি উঠাৰ দায়বদ্ধতা প্ৰদৰ্শন কৰিবই নোৱাৰিলে। তাৰ ফলতেই ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি-সত্বা, ভিন্ন ভিন্ন ভাষিক গোষ্ঠী, জাতি-জনজাতি, ভৌগোলিক-সাংস্কৃতিক-ইতিহাসেৰে ছিন্ন ভিন্ন কেইবা কোটি মানুহৰ এই জনসংখ্যাৰ এক উন্নতৰ, উজ্বলতৰ ভাৰত পোৱাৰ বাসনা পূৰাব আজিকোপতি যেন কোনো এটা চামৰ ৰাজনৈতিক নেতৃত্বই নোৱাৰিলে। ফলত ভাৰতীয় ৰাজনীতিত উত্থান আৰু ছন্দপতন দুয়োটাই এৰাব নোৱাৰা সঘন পৰিঘটনা হৈ পৰা দেখা গৈছে।

স্বাধীনতাৰ পাছত শাসকৰ জুতি পোৱা ভাৰতীয় চামৰ মাজত গা-কৰা দালাল শ্ৰেণী আৰু সৰ্বস্তৰৰ স্বাৰ্থক প্ৰতি পদে আঘাত কৰা নীতিক ঘৃণা কৰিয়েই ভাৰতীয় ৰাইজে বিকল্প ৰাজনীতিৰ সন্ধান কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু প্ৰতিবাৰেই কোনো নতুন বিকল্পৰ আলোক লৈ মানুহৰ আশাৰ দিগন্তত নীতিৰ সাধক ৰূপে নিজকে প্ৰতিপন্ন কৰিবলৈ সক্ষম হোৱা প্ৰায়বোৰ শক্তিকে ভোটাৰ সকলে একোবাৰকৈ পৰীক্ষামূলক ভাৱে হলেও শাসনৰ সোৱাদ দিছে। কিন্তু প্ৰতিবাৰেই ক্ৰমাত নিৰাশ হৈছে ভাৰতীয় ভোটাৰ? স্বাধীনতাৰ ৬৮বছৰৰ পাছতো বিজুলী, পানী, খাদ্য, বাসস্থান, শিক্ষা, স্বাস্থ্যৰ, বাট-পথ, নিৰক্ষৰতা, দৰিদ্ৰতাই মূল প্ৰত্যাহ্বান হৈ ৰোৱাটোৱে তাকেই প্ৰতীয়মান নকৰেনে? বাৰে বাৰে আশাহত হোৱা নাগৰিক সকলে ভৱিষ্যতে ৰাজনৈতিক ভাৱে কোনদিশে ধাৱমান হবলৈ বাধ্য হব, ৰাজনৈতিক পণ্ডিত সকল এই ক্ষেত্ৰত খুৱেই সন্দিহান হৈ উঠিব লগা পৰিস্থিতিৰ সৃষ্টি হোৱাতো সঁচাই উদ্বেগজনক।
 (৪)
অলপ পৌৰাণিক দৃষ্টিৰে কথাবোৰ অনুধাৱন কৰিলে, মহাকাব্য আৰু লোকগাঁথাত তখা কাহিনীবোৰৰেই যেন প্ৰতিবাৰেই পুনৰাবৃত্তি ঘটিছে তেনে অনুভৱ হয়। কোনো সাধক বা তপস্বীয়ে কঠোৰ তপস্যাৰ ফলত ভগৱানক বা কোনো দেৱতাক সন্তুষ্ট কৰাৰ কাহিনী পঢ়িবলৈ পোৱা যায়। তাৰ ফলত তপস্বীৰ সমুখত আৱিৰ্ভাৱ হয় সেই জনাৰ্দন অথবা দেৱতা, তেওঁক বৰ দিয়ে। কিন্তু বৰ লাভ কৰাৰ পাছতে সেই তপস্বী বা সাধকৰ চৰিত্ৰৰ প্ৰভূত পৰিবৰ্তন হয়। বৰ লাভৰ অহংকাৰে যেন তেওঁক লম্ভিবলৈ ধৰে, যি ইতিবাচক দিশত সেই বৰলাভৰ শক্তি প্ৰয়োগৰ মনোকামনাৰে সাধনা কৰিছিল, সেই পথৰ পৰা তেওঁ বিচ্যুত হৈ পৰে। তাৰ বিপৰীতে তাৰ নেতিবাচক প্ৰয়োগেৰে তেওঁ হৈ পৰে ধ্বংসাত্মক। তেওঁৰ কাৰ্যাৱলী দেখি খোদ বৰ দিয়া প্ৰভূৱেই শংকিত হব লগা হয়। পুনৰ তেওঁৰ বৰ পাই বলীয়ান হোৱা জনক সংহাৰ কৰিবৰ বাবে প্ৰভূৱে বা মহাশক্তিয়ে ধৰিব লগা হয় অৱতাৰ! মহিষাসুৰ বধৰ বাবে দেৱী দুৰ্গাৰ আৱিৰ্ভাৱো যেন তাৰেই উদাহৰণ! এয়া ভাৰতীয় পৌৰাণিক তথা মহাকাব্যিক গাঁথাই গঢ়ি দিয়া লোকবিশ্বাস। ঠিক তেনে ঘটনাৰ নামান্তৰেই যেন ঘটি আছে, ভাৰতীয় ৰাজনীতিত।

প্ৰতিবাৰেই ৰাইজৰ সেৱাৰ বাবে অলেখ প্ৰতিশ্ৰুতিৰ জোৱাৰ লৈ ৰাজনীতিৰ সাধক সকল জনতা জনাৰ্দনক স্তুতি কৰিবলৈ আহে। নিজৰ সাধনা, ত্যাগ আৰু তপস্যাৰে জনতা জনাৰ্দনক মোহিত কৰে, সন্তুষ্ট কৰে, জনাৰ্দনেও দেশৰ দহৰ কল্যাণ কৰিবৰ বাবেই এইজনাই যোগ্য ব্যক্তি বুলি বৰ দিয়ে। জনমত লাভৰ পাছতে যেন সেই একেই ইতিহাসৰ পুনৰাবৃত্তি। অহংকাৰ, নেতিবাচক কামকাজৰ ফলত ক্ৰমাত অসুৰত পৰিণত হয় এই তপস্বী। ফলত জনতা- জনাৰ্দনে পুনৰ নিৰ্বাচনত দমনকাৰী ভূমিকা লোৱাৰ বাহিৰে গত্যন্তৰ নাথাকে। ভাৰতীয় গণতন্ত্ৰৰ সৰ্বশক্তিমান সাধাৰণ ভোটাৰ সকলেও যেন এই কাহিনীৰ পৰা আজিও মুক্তি লভিব পৰা নাই। একেই পাকচক্ৰত বাৰে বাৰে হেৰাই গৈছে উন্নত উজ্বল ভাৰতৰ স্বপ্ন। মানুহ যেন ক্ৰমাত আশাহত, হৈছে আঘাতপ্ৰাপ্ত, ক্ষোভ, সৃষ্টি হৈছে ঘৃণাৰ, প্ৰতিনিয়ত। ভাৰতীয় ভোটাৰ স্বপ্নভংগৰ কাহিনীৰ পৰা আপুনিও পৌৰাণিক গাঁথাৰ এই মিলক অস্বীকাৰ কৰিব নোৱাৰে।

বিকল্প ৰাজনীতিৰ প্ৰতি আমাৰ নাগৰিক সকলৰ এই বীক্ষাৰ অন্ত কেতিয়া পৰিব কোনেও কব নোৱাৰে। নৰেন্দ্ৰ মোদীক দেশৰ জনতাৰ প্ৰকৃত বিকাশ, কল্যাণ কৰিব পৰা তপস্বী ৰূপে অনুভৱ কৰি, জনতা জনাৰ্দনে বিশাল জনমতেৰে সৌ সিদিনা বৰ দান কৰিলে। কিন্তু বছৰটোৰ ভিতৰতে মানুহবোৰ যেন আশাভংগ হোৱাৰ পথত। মৌলিক দশা পৰিবৰ্তনৰ দিশ দিয়াত বৰ দুখ লগাকৈ বিফল হৈছে এই নেতৃত্ব। নিৰ্বাচনী প্ৰতিশ্ৰুতিত দিয়া প্ৰায়বোৰ ঘোষণাৰ পৰা বিচ্যুত হোৱা এই চৰকাৰখনক এতিয়া “ইউ-টাৰ্ণ”ৰ অভিলেখ গঢ়া চৰকাৰবুলি কবলৈকো ৰাইজে এৰি দিছে। ৰাইজ আজি ইমানেই আশাহত যে, “ভাল দিন আহিব” শ্লোগান ফাঁকি এতিয়া সৰ্বজন স্বীকৃত এটা কৌতুকলৈ পৰিবৰ্তিত হৈছে। বৰ্ধিত টেক্সৰ মাধমাৰ, কয়লা ক্ষেত্ৰ বিক্ৰীৰ নিবিদাত কাৰোবাক প্ৰতি টনত ১০৫টকাৰ বিপৰীতে কাৰোবাক ৩৫০০টকাত বিক্ৰীৰ দৰে অদ্ভূত অনিয়ম, কৃষকৰ ভূমি অধিগ্ৰহণৰ বাবে বিগত চৰকাৰে সদনত পাছ কৰোৱাৰ বিলৰ সংশোধনীৰ অপচেষ্টা, কৃষকৰ স্বাৰ্থ বিঘ্নিত হোৱাকৈ আৰু উদ্যোগী পুঁজিপতিৰ ছুপাৰ প্ৰফিট হোৱাকৈ নীতি নিৰ্ধাৰণ কৰি ছমহীয়া অধ্যাদেশ জাৰীৰে পিছ দুৱাৰৰ নীতি অৱলম্বন, মূল্যবৃদ্ধিত নাকী লগোৱাত বিফলতা, উপাদিত খাদ্য বস্তু তথা কৃষিজাত সামগ্ৰীৰ ব্যৱস্থাপনাৰ উন্নীতকৰণত বিফলতা, দুৰ্নীতিৰ লেকাম আৰু বিদেশৰ পৰা ক’লা ধন ঘূৰাই অনাত বিফলতা আদিয়ে মানুহক এক প্ৰকাৰ ক্ষুন্ন কৰি তুলিছে। এই বৰ্ষৰ এপ্ৰিলৰ দুই তাৰিখে এটা ৰাষ্ট্ৰীয় চেনেলে প্ৰকাশ কৰা সমীক্ষাত মোদী চৰকাৰৰ প্ৰতি স্বপ্নভংগৰ কথাও ৰাইজৰ মতামতৰ ভিত্তিত প্ৰকাশ পাইছে। আজিৰ তাৰিখত নিৰ্বাচন হ’লে চৰকাৰখনে জনমতত সংখ্যালঘিষ্ট হোৱাৰ সম্ভাৱনা থকা বুলিও প্ৰকাশ পাইছে। নিৰ্বাচনত বিশাল পুঁজি যোগান ধৰা পুঁজিপতিৰ স্বাৰ্থ ৰক্ষাই এতিয়া এই চৰকাৰৰ নীতি হৈ পৰাৰো অভিযোগ উঠিছে আৰু সাধাৰণ ৰাইজৰ কল্যাণৰ স্বাৰ্থ বিঘ্নিত কৰি অনাহক কিছুমান পদক্ষেপ লোৱাৰ দোষত এই চৰকাৰখন অভিযুক্ত হৈছে।

ভাৰতত ব্যক্তিপূজনৰ এটা বেয়া সামাজিক বেমাৰ আছে, এয়া মূৰ্তিপূজনে সৃষ্টি কৰা সামাজিক সাঁচ বুলিও সমাজবিজ্ঞানী সকলে কব খোজে। ফলত আদৰ্শ বা নীতিতকৈ ব্যক্তিপূজনত অধিক গুৰুত্ব দিয়া দেখা যায়। ৰাজনৈতিক ব্যক্তিত্বৰ ক্ষেত্ৰতো এয়া বৰ দৃষ্টিকটু হৈ দেখা দিছে। সেয়া নৰেন্দ্ৰ মোদীয়েই হওক বা অৰবিন্দ কেজৰীৱালেই হওক। মহাত্মা গান্ধীয়ে কৈ যোৱা “পাপক ঘিনাবা, পাপীক নহয়” কথাষাৰো যেন লোক সকলে পাহৰি গৈছে। ব্যক্তি প্ৰয়োজনীয় নহয়, প্ৰয়োজনীয় নীতি আৰু তাৰ আদৰ্শহে। সেই কথাও অন্ধ-অনুৰাগী বা ভক্ত সকলে হৃদয়ংগম কৰিবলৈ নাৰাজ, নাৰাজ নেতা সকলো। প্ৰতিজন নেতাই গ্ৰহণ কৰা কোনো নীতি বা কৰ্মক সমালোচনা কৰা মানেই ব্যক্তি পূজনৰ অন্ধ অনুৰাগী সকলে সেই কথা বা বিষয়টোলৈ গুৰুত্ব নিদি ব্যক্তিকেন্দ্ৰিক প্ৰতিৰোধ আৰু আক্ৰমণৰ প্ৰচেষ্টা চলায়। সেয়া ছ’চিয়েল মেডিয়াত খুৱেই শক্তিশালী ৰূপত দৃষ্টিকটু ভাৱে ধৰা দিছে। আমি কোনো স্থিতি, কৰ্ম বা নীতিক লৈ যি কোনো ব্যক্তিৰে প্ৰতি সমালোচনা সহ্য কৰাৰ আৰু প্ৰয়োজনবোধে যুক্তি গ্ৰহণ কৰাৰ মানসিকতা গঢ়াৰ দৰকাৰ। তাৰ অবিহনে তোষামোদকাৰী আৰু অন্ধ অনুৰাগীৰ চক্ৰবেহুত পৰি অভিমন্যু হোৱা অনেক ৰজাৰ কাহিনী ভাৰতীয় ইতিহাসৰ পাতে পাতেই উজ্বলি আছে। তাৰো ইতিহাস যে পুনৰাবৃত্তি হোৱাৰ দুৱাৰ সময়ে নিজেই খুলি দিব, সেই কথাও নেতা, অনুৰাগী, সাধাৰণ নাগৰিক সকলোৱেই অনুধাৱন কৰিব লাগিব।
 (৫)
অসমতো অনাগত ৰাজ্য বিধান সভাৰ নিৰ্বাচনলৈ লক্ষ্য কৰি ৰাজনৈতিক কুচ-কাৱাজ ক্ষীপ্ৰতৰ হৈ উঠিছে। লোকসভা আৰু পৌৰ নিকায় সমূহৰ নিৰ্বাচনত সফলতা লভা বিজেপি দললৈ বহুতো লোকৰ আগমন হৈছে। তাৰে বেছি ভাগেই কংগ্ৰেছ, অগপ আদিত থাকি সুবিধা লাভ কৰিব নোৱাৰা আৰু আহি থকা দিনত বিজেপিৰ শাসন লাভৰ ফলত নিজৰ ভাল দিন আহিব বুলি হিচাব কৰা সুবিধাবাদী, দল-বদলুত পৰিণত হোৱা লোক। আনহাতে সাম্প্ৰদায়িক আৰু ধৰ্মীয় মেৰু বিভাজনৰ পদ্ধতিগত ঘৃণাৰ খেতিৰ ফলত সৃষ্টি হোৱা এজাক হিন্দুত্ববাদী লোকেও দলটোত অতি সক্ৰিয় হৈ উঠা বুলিও বিশ্লেষক সকলে আঙুলিয়াই দিছে। পিছে বিজেপি দলটোৱে অঞ্চলটোৰ সমস্যাৰাজিক বুজি উঠি ৰাষ্ট্ৰীয় স্তৰত এটা স্থিতি গ্ৰহণ কৰে আৰু ৰাজ্য স্তৰত স্থানীয় আবেগলৈ চাই তাৰ বিপৰীত স্থিতি গ্ৰহণ কৰি বাৰে বাৰে লজ্জ্বাজনক স্থিতিত পৰাটো লক্ষণীয় কথা হৈ পৰিছে। সেয়ে বিগত বছৰটোত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা জনবিৰোধী নীতি আৰু অসমক লৈ গ্ৰহণ কৰা স্ব-বিৰোধী স্থিতিৰ বাবেই অসমৰ ৰাইজে বিজেপিক ৰাজ্য শাসনৰ ভাৰ গতাই দিব পৰা একান্ত সাধক, তপস্বীৰ ৰূপত মনে প্ৰাণে গ্ৰহণ কৰিব পৰা নাই।

তাৰ বিপৰীতে বাওঁদল সমূহক লৈ অনবৰতে উপলুঙা কৰা কিছু লোকেও বৰ্তমানৰ পৰিস্থিতি অধিক জনমতত বলীয়ান হোৱা কেন্দ্ৰীয় চৰকাৰক সৱল বিৰোধিতাৰে নাকী লগোৱাৰ বাবে বাওঁদল সমূহ অলপ বেছি শক্তিশালী হোৱা হ’লে ভাল আছিল বুলি অনুভৱ কৰিবলৈ লৈছে। কিন্তু পাৰম্পৰিক বাওঁদল সমহে নতুন তেজক আকৰ্ষণ কৰিবলৈ বিফল হৈ স্থবিৰতাকে সাৱতি ৰৈ থকা পৰিলক্ষিত হৈছে। অসমৰ বাওঁ চিন্তাৰ অথচ জাতীয়তাবাদতো বিশ্বাসী ডেকা তথা নৱ-প্ৰজন্মৰ কিছু লোকে বাওঁপন্থী-জাতীয়তাবাদী দল গঠনেৰে এটা বিকল্প ৰাজনীতিৰ সন্ধান কৰি অসমৰ গাঁৱে-ভূঁঞে পদযাত্ৰাৰে জনজাগৰণৰ চেষ্টা কৰিছে। এই সকলৰ একাংশ কৃষক মুক্তিৰ পৰা বিচ্ছিন্ন হোৱা লোক বুলিও জানিব পৰা গৈছে। আনফালে তথ্য জনাৰ অধিকাৰ, দুৰ্নীতি বিৰোধী স্থিতিৰে অসমৰ জনতাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভেটিত গণ মু্ক্তি সংগ্ৰাম অসম নামৰ ৰাজনৈতিক দল গঠন হৈছে। অসমৰ চৰ-চাপৰি, গাঁৱ, চহৰ আদি পদযাত্ৰাৰে সাংগঠিনক ভেটি সৱল কৰা বুলি দাবী কৰা দলটোৱে পিছে অনাগত বিধান সভাৰ নিৰ্বাচনত অৱতীৰ্ণ নহয়। জনমতেৰে হেঁচা প্ৰয়োগৰ শক্তি হিচাবেহে এই দলক গঢ়ি তোলা হব বুলিও প্ৰকাশ কৰিছে।

একালত বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতেও স্থান পোৱা প্ৰদ্যুত বৰাই আঞ্চলিকতাবাদক কৰ্ষণ কৰিও ৰাষ্ট্ৰীয়তাবাদৰ দিশে লৈ যোৱাকৈ কৰ্মসূচী তৈয়াৰ কৰি নতুনকৈ এটা দল লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ জন্ম দিছে। এই দলটোত কৰ্পৰেট হাউচৰ চাকৰি বাদ দি প্ৰদ্যুত বৰাৰ নেতৃত্বত অসমত বিকল্প ৰাজনীতিৰ সন্ধান দিবলৈ বিচৰা এজাক লোক সমবেত হৈছেহি। সকলো কেইটা এনে ক্ষুদ্ৰ দলৰে অসমৰ উন্নতিয়েই যদি লক্ষ্য তেন্তে তেওঁলোকক একেখন মঞ্চত থিয় হৈ কাম কৰিবলৈহে সচেতন লোক সকলে আহ্বান জনাইছে। এনে বহুধাবিভক্ত শক্তি সমূহে বিজেপি, কংগ্ৰেছ, এআইইউডিএফৰ দৰে ৰাজনীতিক প্ৰতিহত কৰাত কিমানদূৰ কাৰ্যত সফল হব তাকে লৈও সন্দেহ প্ৰকাশ কৰিছে। আম আদমী পাৰ্টি, অসমেও নিজাকৈ নতুন ৰাজ্যিক কাৰ্যালয় খুলি উদ্যমেৰে সাংগঠনিক কাম-কাজ ৰাজ্যজুৰি আৰম্ভ কৰিছিল যদিও দিল্লীত দলীয় অন্তঃকন্দলৰ পাছত অসমত এই বুৰবুৰনি মাৰ যোৱাৰহে উপক্ৰম হৈছে। ইয়াৰ বিপৰীতে অগপৰ বহুধা-বিভক্ত শিবিৰ সমূহৰ মাজত অন্তঃকন্দল দূৰীকৰণতে শক্তি ক্ষয় হৈ থকাৰ বাতৰি। জনতা জনাৰ্দনে দুবাৰকৈ পতন ঘটোৱা এই দলক যে এই গণতান্ত্ৰিক পৰীক্ষাগাৰত পুনৰ সুযোগ দিব সেয়া কিন্তু কোনো পধ্যেই জিলিকি উঠা নাই। কংগ্ৰেছৰ বিসম্বাদ, দুৰ্নীতি, অপশাসনৰ অন্ত পেলাবলৈ অনাগত দিনত ৰাইজৰ সমুখত অসমত বিশেষকৈ কোনো এটা দলেই একান্ত সাধক বা তপস্বীৰ ৰূপত এতিয়ালৈ একক ভাৱে শাসনৰ বৰ পোৱাৰ যোগ্যতাৰে জিলিকা উঠা দেখা পোৱা নাই।

দুৰ্নীতিৰ উপাসক, সুবিধাবাদী, তোষামোদকাৰী, নীতিহীন লোক, সাম্প্ৰদায়িক শক্তি, পুঁজিপতিৰ দালাল, ক্ষণিকৰ স্বাৰ্থৰ বাবে বিশাল সামুহিক স্বাৰ্থ জলাঞ্জলি দিয়া নেতা আদিৰ পৰা অসমৰ ৰাইজে নিজকে বচাই চলিব লাগিব। অসমৰ ঐতিহাসিক পটভূমিত অসমৰ জাতি-জনগোষ্ঠী সমূহৰ ৰাজনৈতিক-আৰ্থসামাজিক আশা আকাংক্ষাক বুজিব পৰা, পূৰাব পৰা আৰু এক একবিংশ শতিকাৰ উন্নত অসম গঢ়ি বিশাল ভাৰতৰ অন্যতম অগ্ৰণী ৰাজ্য ৰূপে আৰু দুৰ্নীতিমুক্ত নিকা, উজ্বলতৰ অসম গঢ়ি দিব ৰাজনৈতিক শক্তিৰ বিকল্প সন্ধানেই এতিয়া অসমবাসীৰ বাবে গভীৰ প্ৰত্যাহ্বান হৈ উঠিছে। আৰু আমি এই প্ৰত্যাহ্বান গ্ৰহণৰ বাবে নিজক সাজু কৰিবৰ হ’ল, সেই কথাও প্ৰতিজন নাগৰিকে বুজি উঠিব লাগিব, সেয়াহে নিশ্চিত।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages