চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Assamese LIFELINE on SOCIAL MEDIA

সামাজিক যোগসূত্ৰৰ মঞ্চত ইতিবাচক বাৰ্তাবাহক
ভাল খবৰ ভাল সমল, পঢ়ি লভক আনন্দ বিমল

Post Top Ad

Responsive Ads Here
মূৰ্খৰ বাকচটো‌ৱে আমাক বিপথে
 পৰিচালিত কৰিছে নেকি ?
অৰুণজ্যোতি দাস

সভ্যতাৰ ইতিহাসত মানুহৰ জী‌ৱন-ধাৰণৰ মান অভূতপূৰ্বভা‌ৱে উন্নত কৰাৰ ক্ষেত্ৰত যিকেইটা পাৰ্থি‌ৱ সামগ্ৰী বা অপাৰ্থি‌ৱ সূত্ৰৰ আৱিষ্কাৰ অথ‌ৱা উদ্ভা‌ৱনে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে তাৰ ভিতৰত অন্যতম হিচাপে আজিও স্বীকৃত হৈ থকা অৱছদানটিয়েই হ’ল সতাঁৰ আৰু বেতাঁৰ সংযোগ ব্য‌ৱস্থা । অন্য বহু গ‌ৱেষকৰ কাম-কাজ আৰু অধ্যয়নৰ ওপৰত নিৰ্ভৰ কৰি ইতিহাসত পোন-প্ৰথমবাৰৰ বাবে ১৮৩৬ চনত চেমু‌ৱেল মৰ্ছ নামৰ আমেৰিকান চিত্ৰশিল্পী তথা গ‌ৱেষকজনে সংযোজন ঘটাইছিল ইলেক্ট্ৰনিক টেলিগ্ৰাফ ব্য‌ৱস্থাৰ। সেইসময়লৈকে সফলতা লাভ কৰা কে‌ৱল যন্ত্ৰবৎ ‘বিপ’ শব্দৰ সঞ্চালনৰ বাহিৰে মানুহৰ নিজা ভা‌ৱ-ভাষাক এটি বিশেষ সংকেতেৰ(মৰ্ছ কোড) দুই-চাৰি কি.মি. অঞ্চললৈকে বিস্তাৰিত কৰিব পৰাকৈ মৰ্ছে কপাৰৰ তাঁৰ ব্য‌ৱহাৰ কৰি সাজি উলিয়াইছিল নিজা এক সঞ্চাৰ-ব্য‌ৱস্থা। লাহে লাহে এই সংযোগ ব্য‌ৱস্থাত প্ৰথমে টেলিগ্ৰাফ, ৰেডিঅ’ চিগনেল, আৰু ‌ৱাৰলেছ ফোনকে অন্তৰ্গত কৰা হৈছিল যদিও শেহতীয়াকৈ তালিকাখনত সোমাবলৈ পালে দূৰদৰ্শন যন্ত্ৰ বা টেলিভিছনে । যদিও জন লগি বেয়াৰ্ড নামৰ স্কটিছ বৈজ্ঞানিকজনে ‘টেলিভিজৰ’ নাম দি প্ৰথম যন্ত্ৰবৎ দূৰদৰ্শন ব্য‌ৱস্থা এটাৰ প্ৰদৰ্শনী কৰিছিল তথাপি কিন্তু বহুতো বিজ্ঞানীৰ সমূহীয়া পৰীক্ষা-নিৰীক্ষা তথা প্ৰযুক্তিগত উন্নয়নৰ কেইবাটাও ঢাপ পাৰ হৈ আহিহে আজি আমি পাবলৈ সক্ষম হৈছো দূৰদৰ্শনৰ ন‌ৱতম অৱতাৰ স্বৰূপ এই এল.চি.ডি. টি.ভি., এল.ই.ডি. টি.ভি., বক্ৰ টি.ভি., ত্ৰিমাত্ৰিক টি.ভি. ইত্যাদিবোৰ । ইয়াৰ লগতে আকৌ সমান্তৰালভা‌ৱে উপলব্ধ হৈছে কেবোল,ডাইৰেক্ট-টু-হোম,হাই-ডেফিনেশ্বন,শ্বো ৰেকৰ্ডিং ইত্যাদি নিত্য-নতুন সা-সুবিধাসমূহ । সেয়েহে আজিৰ সময়ত এই টেলিভিছন নামৰ যন্ত্ৰটো বিশ্বজুৰি কিমান জনপ্ৰিয় হ’ব পাৰিছে তাক ব্যাখ্যা কৰাৰ প্ৰয়োজনীয়তা নিশ্চয় নাই।

ভাৰতত ইং. ১৯৫৯ চনৰ ১৫ ছেপ্তেম্বৰ তাৰিখে প্ৰথম দূৰদৰ্শনৰ অনুষ্ঠান পৰীক্ষামূলকভা‌ৱে প্ৰচাৰ কৰা হৈছিল । তেতিয়া এই কাৰ্যক্ৰম অল-ইণ্ডিয়া-ৰেডিঅ’ৰ অধীনতে চলিছিল। আৰম্ভণিতে স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু কৃষকসকলৰ উদ্দেশ্যি সপ্তাহত মাত্ৰ দুটা দিনত এঘন্টীয়া অনুষ্ঠানৰ প্ৰচাৰ কৰা হৈছিল । ইং. ১৯৭০ চনত ভাৰতৰ আন আন ঠাইতো দূৰদৰ্শন কেন্দ্ৰ পাতিবলৈ লো‌ৱা হ’ল আৰু ইং. ১৯৭৬ চনত ভাৰত চৰকাৰৰ বৰ্তমানৰ ‘দূৰদৰ্ছন’-এ অল-ইণ্ডিয়া-ৰেডিঅ’ৰপৰা ফালৰি কাটি স্বয়ংক্ৰিয় সংস্থা হিচাপে ভুমুকি মাৰিলে । ভাৰতৰদৰে এখন অনুন্নত দেশত দূৰদৰ্শনৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি চৰকাৰে যি পৃষ্ঠপোষকতা আগবঢ়াই জনসাধাৰণৰ মাজলৈ এটি ন‌ৱতম সংযোগ ব্য‌ৱস্থা আগবঢ়াই দিলে, এই কথা নিশ্চয়কৈ স্বীকাৰ কৰিব লাগিব যে সেই আস্থা আৰু ভৰসাৰ প্ৰতি সম্পূৰ্ণ সঁহাৰি জনাই দূৰদৰ্শনে আমাৰ দেশত সাংবাদিকতা, গণ-সংযোগ আৰু জ্ঞান প্ৰচাৰৰ ক্ষেত্ৰত যথেষ্টখিনি অৰিহণা যোগাব পাৰিছে ।

যি ঠাইলৈ আমি কাহানিও গৈয়েই পো‌ৱা নাই, যাৰ পৰি‌ৱেশ-পাৰিপাৰ্শ্বিকতাৰ বিষয়ে আমাৰ সম্যক ধাৰণাও নাই, তেনে এখন ঠাইত সংঘটিত হো‌ৱা ঘটনা এটাও একে সময়তে আমাৰ ঘৰৰ ভিতৰতে চকুৰ আগত দাঙি ধৰিব পৰাটো নিসন্দেহে বিজ্ঞান-প্ৰযুক্তিৰ এটা বৃহৎ সাফল্য । আমাৰ ককা-আইতাহঁতৰ বাবে যি কথা সপোনৰো অগোচৰ আছিল, যি হয়তো তেওঁলোকৰ হিচাপত একপ্ৰকাৰৰ অলৌকিক আছিল, তেনে এটা অসম্ভ‌ৱকো আজি সম্ভ‌ৱ কৰিব পাৰিছে মানুহে । যো‌ৱা মাত্ৰ কেইটিমান দশক পূৰ্বে যি উদ্ভা‌ৱণৰ বিষয়ে কে‌ৱল পাঠ্যপুথিত পঢ়িবলৈ পো‌ৱা গৈছিল,সি আজি আমাৰ অসমৰে গা‌ৱেঁ-ভূঁঞে চুকে-কোণে পাব পৰাকৈ উপলব্ধ হ’ল । ক’বলৈ গ’লে এয়াই হৈছে প্ৰযুক্তিৰ জয়যাত্ৰা । আৰু জনা শুনাকৈয়ে হওঁক অথবা নজনাকৈয়ে হওঁক, সেই যাত্ৰাত আজি আমি সকলো মানুহেই অংশীদাৰ হৈ পৰিছোহঁক ।এই অংশগ্ৰহণৰ নামত আমি আমাৰ সুবিধা কৰিবলৈ বুলিয়ে আওপুৰণি ৰেডিঅ’ বা খবৰ-কাকতখন দলিয়াই থাওকতে দূৰদৰ্শনৰ পৰ্দাৰ দৃশ্যা‌ৱলীক আঁকো‌ৱালি লৈছো হয়; কিন্তু তাৰ মাজতে আমি অনাকাংক্ষিতভা‌ৱে কিছুমান মানুহৰ স্বাৰ্থজড়িত কু-অভিসন্ধি আৰু মুনাফা লুটা ব্য‌ৱসায়িক অভিপ্ৰায়ৰ বলি হৈ নিজৰ বিচাৰ-ক্ষমতা অথবা নিজা সৃষ্টিশীলতা বা স্বকীয়তাক হেৰু‌ৱাই পেলাইছো নেকি সেয়া ভা‌ৱি-গুণি চো‌ৱাৰ সময়ো বৰ্তমানে আহি পৰিছে ।

পূৰ্বতে আমাৰ গা‌ৱঁৰ ৰাস্তাৰে গ’লে পু‌ৱাৰ বেলিকা বৰগীত,লোকগীত বা আন ভক্তিমূলক গীত আৰু সন্ধ্যা বা আবেলি পৰত চিৰসেউজ অসমীয়া গীতৰ সুৰ হয়তো গায়ক-গায়িকাৰ স্ব-কণ্ঠতেই নতুবা ৰেডিঅ’ৰ যোগেদি শুনা গৈছিল । কিন্তু সেই একেটা ৰাস্তাৰে গ’লে আজিকালি কি শুনা যায় আপুনি লক্ষ্য কৰিছে নে ? হয়তো আপুনি শুনিবলৈ পাব- “হয়,আপুনি ঠিকেই শুনিছে, ৰজাগা‌ৱঁত এতিয়া এটা নহয়,দুটা নহয়,তিনিটাকৈ বাঘৰ সন্ত্ৰাস!” নতুবা “তেওঁলোকে আজিৰ অসম-বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ এয়া জ্বলাবলৈ লৈছে ৰাজপথৰ সোমাজতে টায়াৰ আৰু মন্ত্ৰীৰ প্ৰতিমূৰ্তি । আপো‌নালোকে আৰু কি কি কাৰ্যসূচীৰে আপোনালোকৰ প্ৰতিবাদ সাব্যস্ত কৰিম বুলি ভা‌ৱিছে?” অথবা দহোজনমান মানুহৰ অনৰ্গল তৰ্কাতৰ্কি যি শুনি শুনি আপোনাৰ ভা‌ৱ হ’ব যেন ওচৰতে ক’ৰবাত কোনোবাই কাজিয়াহে লাগিছে । এনে নহয় যে এইধৰণৰ পৰি‌ৱেশ কে‌ৱল অশিক্ষিত গঁঞা মানুহৰ চুবুৰীতহে বিৰাজমান, ভা‌ৱ-ভাষা আৰু সাজসজ্জাৰে নিজকে তথাকথিত ‘আধুনিক’ বুলি চিনাকী দিয়া, চহৰত বাস কৰা অনেক মানুহৰ ঘৰতো আজিকালি এই দূৰদৰ্শনে লম্ফ-জম্ফ কৰি ওচৰ-চুবুৰীয়াৰ নিদ্ৰা হৰণ কৰা সততেই দেখা যায় । আৰু এখোজ আগু‌ৱাই গৈ এইটোও ক’ব পাৰি যে গা‌ৱঁতেই হওঁক অথবা চহৰতেই হওঁক, বৰ্তমানে মানুহে আভিজাত্যৰ গাঢ়তা বা ‘ষ্টেটাছ’ নিৰ্ণয় কৰিবৰ বাবেও এই দূৰদৰ্শন নামৰ সজুলীবিধৰ আকাৰ আৰু প্ৰকাৰক মানদণ্ড হিচাপে ব্য‌ৱহাৰ কৰিবলৈ লো‌ৱা হৈছে । যেনে ধৰক- আপোনাৰ ঘৰত যদি ক’লা-বগা টিভি আছে, তেন্তে আপুনি এজন ‘আউট-দেটেড’ মানুহ । আকৌ আপোনাৰ ঘৰত যদি ৰঙীণ, অথচ বাকচটোৰ দৰে টিভিহে আছে, তেন্তে আপুনি হৈছে সমাজৰ মধ্য‌ৱন্ত শ্ৰেণীৰ মানুহ । ঠিক তেনেকৈ আপোনাৰ ঘৰত যদি বেৰত ওলমাব পৰা চেপেটা টিভি আছে, তেন্তে আপুনি হৈ পৰিব পাৰে ধনী মানুহ । আৰু যিসকলৰ ঘৰত বিয়াগোম আকাৰৰ এল.চি.ডি. টিভিয়ে হোম থিয়েটাৰৰ সৈতে চ’ৰাকোঠা শু‌ৱনি কৰিব পাৰিছে, তেওঁলোকেই হৈছে প্ৰকৃত আঢ্য‌ৱন্ত পুৰুষ । 

এই ফোঁপোলা মাপকাঠিৰ কথা সদ্যহতে বাদ দি আমি যদি দূৰদৰ্শনে প্ৰভা‌ৱ পেলো‌ৱা আমাৰ সমাজিক জী‌ৱনটোৰ কথালৈ আহোঁ, তেন্তে দেখা পাম যে, আমাৰ সমাজৰ যিসকল লোকে দৈনিক ঘৰৰ পৰা বাহিৰলৈ ওলাই গৈ কাম কৰিব লগা নহয়, সেইসকল লোকক কে‌ৱল ঘৰৰ মাজতে বন্দী হৈ থাকিবলৈ দূৰদৰ্শনে একপ্ৰকাৰে উচতনি জগাইছে। বিশেষকৈ বিবাহিত মহিলাসকলক এই শাৰীত ৰাখিব পাৰি । মহিলাসকলৰপৰা যি সৃষ্টিশীলতা আমি আশা কৰিব পাৰোঁ, তাত সমূলি চেঁচাপানী ঢালি টিভিটো‌ৱে তেওঁলোকক আমাৰ স্থানীয় পৰি‌ৱেশ তথা সংস্কৃতিৰ লগত খাপ নোখো‌ৱা কিছুমান মহানগৰীয়া-জী‌ৱনৰ মায়া-লালসা অথবা অতি-বস্তুবাদিতাৰ প্ৰতি উদ্বুদ্ধ হ’বলৈ শিকাইছে । যিসময়ত মহিলাসকলে ঘৰত থাকিয়েই জাম-জেলি-আচাৰ তৈয়াৰ কৰি অথবা চু‌ৱেটাৰ-মাৰ্ফলাৰ গুঠি নিজৰ ল’ৰা-ছো‌ৱালী বা পৰিয়ালৰ লোকক পিন্ধাব পাৰিলেহেঁতেন,তাঁতশালত গামোচা-চাদৰ বৈ অথবা এমব্ৰইডাৰী,ফেব্ৰিক ৰং কৰি সুন্দৰ ৰুচীপূৰ্ণ মনৰ পৰিচয় দিব পাৰিলেহেঁতেন, সেই সময়বোৰত তেওঁলোকৰ মনত সুমো‌ৱাই দিয়া হৈছে জটিল কৃত্ৰিম জী‌ৱন এটাৰ আদিপাঠ – ধাৰাবাহিকৰ চৰিত্ৰবোৰৰ পৰা শিকো‌ৱা হৈছে সম্পৰ্ক ভঙা-গঢ়াৰ আখৰা । ঠিক প্ৰতিগৰাকী মহিলাই এই অভিসন্ধিৰ চিকাৰ হৈছে বুলি ডাঠি ক’ব নো‌ৱাৰিলেও ভাৰতত অশিক্ষিতা আৰু নিবনু‌ৱা মহিলাৰ সংখ্যাগৰিষ্ঠতালৈ চাই আমাৰ অনুমান সত্য বুলি প্ৰমাণিত হয় । আমি দাবী কৰিব পাৰো যে দূৰদৰ্শনে ভাৰতৰ কোটি কোটি মহিলাক(তথা যু‌ৱ প্ৰজন্মক) তেওঁলোকৰ কাৰ্যদক্ষতা হ্ৰাস কৰি দেশত গঢ় ল’ব পৰা ক্ষুদ্ৰ উদ্যোগৰ সম্ভা‌ৱনীয়তাক মষিমূৰ কৰিছে । ঠিক একেদৰেই পৃথি‌ৱীৰ কোনো এঠাইত অনুষ্ঠিত হো‌ৱা ২২জন মানুহৰ এখন খেলা চাবৰ বাবেই কোটি কোটি নাগৰিকে নিজৰ কাম-কাজ এৰি দূৰদৰ্শনৰ সমুখত গোটেই দিনটো বা কেতিয়াবা কেইবাদিনো বহি থকাটো‌ৱেও দেশৰ প্ৰগতিত যে বাধাৰ সৃষ্টি কৰিছে সি ধুৰূপ সত্য। 

  অসমৰ প্ৰেক্ষাপটত দেখা যায় যে বাতৰি চো‌ৱাৰ নামত পু‌ৱাই হওঁক বা গধূলি, ঘন্টাজুৰি হো‌ৱা উচ্চ স্বৰৰ বাৰ্তালাপে, ল’ৰা-ছো‌ৱালীৰ পঢ়া-শুনাত অলপ হ’লেও ব্যাঘাট জন্মাইছে । আৰু আমাৰ বহু পৰিয়ালত ল’ৰা-ছো‌ৱালী, মাক-দেউতাক, ককা-আইতাক সকলোৰ‌ৱে একেলগে বহি বাতৰি চো‌ৱাৰ অভ্যাস আছে । এই বাতৰি সমূহত শিশুৰ বৌদ্ধিক বিকাশ হ’ব পৰা কিমানটা ভাল-খবৰ প্ৰচাৰ কৰা হয়, তাত সন্দেহ আছে। বৰঞ্চ চৰম শিহৰণকাৰী ঘটনা, হত্যা-লুন্ঠন, নাৰী-নিৰ্যাতনৰ দৃশ্যা‌ৱলী দূৰদৰ্শনৰ পৰ্দাত প্ৰচাৰ কৰিবলৈহে আমাৰ বহু ব্যক্তিগত নিউজ-চেনেলে আগ্ৰহ প্ৰকাশ কৰা দেখা যায়- যিবোৰৰ পৰা শিশুৰ মনস্তাত্তিক জগতত বহুলভা‌ৱে নেতিবাচক প্ৰভা‌ৱ পৰিব পাৰে বুলি আমি আশংকা প্ৰকাশ কৰোঁ । আৰু এটা কথা এইখিনিতে ক’ব লাগিব, কে‌ৱল চাঞ্চল্যকৰ খবৰ প্ৰচাৰ কৰি টি.আৰ.পি. ৰেটিং বঢ়ো‌ৱাৰ প্ৰতিযোগিতাত দৌৰা দূৰদৰ্শনৰ নিউজ-চেনেলসমূহৰ কৰ্মকৰ্তাসকলে এইটো কথা কাহানিও ভা‌ৱি নাচায় যে, এটা হিংস্ৰ বা উগ্ৰ দৃশ্যা‌ৱলীয়ে এখন উঠি অহা সমাজৰ গুৰি ধৰোতা আমাৰ শিশুসকলৰ মানসিকতাত এনে এটা চাপ পেলাব পাৰে,যাৰ কুফল হয়তো আমাৰ সমাজে কেইবাদশকৰ পাছতহে দেখিবলৈ পাব । অৰ্থাৎ, আমাৰ নিজৰ ভ‌ৱিষ্যৎ আমি নিজেই ধ্বংস কৰাত আগভাগ লৈছো– এই চেনেলসমূহৰ পৃষ্ঠপোষকতাত । 

  যিসময়ত সবাতোকৈ শ্ৰেষ্ঠ গণ-মাধ্যম হিচাপে স্বীকৃতি পাবলৈ আমাৰ চেনেলসমূহৰ কৰ্মকৰ্তাসকলে মানুহক কেনেকৈ অনুপ্ৰাণিত কৰিব পাৰি, শাৰিৰীকভা‌ৱে অক্ষম হৈয়ো কিদৰে বহু মনিষীয়ে নিজকে মান‌ৱ-সম্পদলৈ উন্নিত কৰিব পাৰিছে, কিদৰে সৎ আৰু পৰোপকাৰী হৈ মান‌ৱতাৰ নিদৰ্শন দাঙি ধৰিব পাৰি তাৰ নীতিশিক্ষা প্ৰতিটো কাৰ্যসূচীৰে এটা অন্তৰ্নিহিত উদ্দেশ্য হিচাপে ল’ব পাৰিব লাগিছিল, সেই সময়ত কে‌ৱল ৰাজনীতিৰ শেষ নোহো‌ৱা অকো‌ৱা-পকো‌ৱা আলোচনা, অদ্ভুত কিবা এটাক প্ৰতিভা বুলি প্ৰচাৰ কৰা অথবা ভণ্ড ব্য‌ৱসায়ী সাধু-জ্যোতিষীৰ ভেল্কীবাজীক গুৰুত্ব সহকাৰে প্ৰচাৰ কৰি মানুহৰ মনত কিছুমান ভ্ৰান্ত ধাৰণাৰ সৃষ্টি কৰিবলৈ কুন্ঠাবোধ নকৰাতকৈ আৰু দুৰ্ভাগ্যজনক কথা কিবা থাকিব পাৰে বুলি আমাৰ বিশ্বাস নহয়। নিউজ-চেনেলসমূহে টকা অৰ্জনৰ বাবে যে যিকোনো লাগ-বান নথকা কথাকেই প্ৰচাৰ কৰিবলৈ যে আগ্ৰহী সেই কথা বুজিব পাৰি কিছুদিন আগৰে পৰা প্ৰচাৰ হ’বলৈ লো‌ৱা ‘ৰকেট কেপচুল’ৰ দৰে দুগুণ ব্য‌ৱসায়িক মুনাফা বিচৰা কোম্পানীৰ বিজ্ঞাপনৰপৰাই । নগ্নতা আৰু যৌনতা হৈছে ব্য‌ৱসায়ৰ ব্ৰহ্মাস্ত্ৰস্বৰূপ । এনে বিজ্ঞাপনৰপৰা উৎপাদনকাৰী কোম্পানীসমূহ আৰু সেই বিজ্ঞাপন প্ৰচাৰ কৰা মাধ্যমসমূহ ভালদৰে লাভান্বিত হয় ঠিকেই, কিন্তু এইবোৰে সমাজত কেনেধৰণৰ বিৰূপ প্ৰতিক্ৰীয়াৰ সৃষ্টি কৰিব পাৰে, তাৰ প্ৰতি নজৰ ৰখাটোও গণ-মাধ্যমসমূহৰ নৈতিক দায়িত্ব হো‌ৱা উচিত । বহু নিউজ-চেনেলে বহু সময়ত শিশুৰ উদ্দেশ্যি প্ৰচাৰ কৰা অনুষ্ঠান এটিৰ মাজতো সস্তীয়া হিন্দি চলচ্চিত্ৰৰ শৰীৰ-উন্মুক্ত কৰি গো‌ৱা আইটেম-চং বা অন্য যৌনগন্ধি বিজ্ঞাপন প্ৰচাৰ কৰা পৰিলক্ষিত হয় । এনে ক্ষেত্ৰত দূৰদৰ্শনৰ কৰ্মকৰ্তাক আমি দোষাৰোপ কৰিম নে অভিভা‌ৱকক তেনে সময়ত শিশুক চকু ঢাকি ৰাখিবলৈ অনুৰোধ কৰিম, আমাৰ ক্ষুদ্ৰ মগজু‌ৱে সেয়া বিচাৰ কৰিবলৈ অপাৰগ হওঁ ।

  ‘লাইট-কেমেৰা-একছন্’ বুলি কো‌ৱা মাত্ৰকে হাঁহি মাৰি সদায় পু‌ৱা কেমেৰাৰ আগত হাজিৰ হো‌ৱা সেইসকল জ্যোতিষীক আপুনি কি বুলি ভা‌ৱে, যিসকলে আপোনাৰ আজিৰ দিনটো কিদৰে পাৰ হ’ব কৈ দিব পাৰে ? সঁচাকৈয়ে আপোনাৰ মংগলৰ বাবে তেৰাসকল ইমান যত্নপৰ নে ? সঁচাকৈয়ে পাৰে নে তেওঁলোকে আপোনাৰ জী‌ৱনৰ সমস্যাৰ সমাধান দিবলৈ ? সকলো মানুহৰে ভ‌ৱিষ্যৎবক্তা ব্যক্তিজনে নিজৰ জী‌ৱনটোকে দেখোন সজাই-পৰাই স্বৰ্গসম সুখত দিন কটাব পাৰিলেহেঁতেন ! আৰু এইটো সম্ভ‌ৱপৰ নহয় বাবেই তেৰাসকলৰ ষ্টুডিঅ’লৈ এই ঘনে ঘনে অহা-যো‌ৱা । টিভিৰ পৰ্দাত চাই আপুনি যেতিয়া বিশ্বাস কৰিবলৈ ল’ব যে সেইজন জ্যোতিষীৰ হাততে আপোনাৰ জী‌ৱনৰ চাবি-কাঠি আছে, তেতিয়া তেওঁৰ শৰণাপন্ন হৈ আপুনি লাহে লাহে তেওঁ কো‌ৱা সকলো কাম-কাজ কৰিবলৈ বাধ্য হ’ব । আৰু এই সময়তে আপোনাৰ হাতত মূল্যবান বুলি দাবী কৰা দহোটা হৰেক ৰকমৰ সাধাৰণ পাথৰ পিন্ধাই তেওঁলোকে টকা-সিকি সৰকাবলৈ সমৰ্থবান হ’ব । এনে জ্যোতিষীসকল যদি ইমানেই সমাজ-সে‌ৱাৰ প্ৰতি আগ্ৰহী, তেন্তে তেওঁলোকৰ সে‌ৱাসমূহ হ’ব লাগিছিল বিনামূলীয়া । কিন্তু আপোনাৰ বা মোৰ চিনাকী মানুহেই হয়তো বহুত ওলাব, যিসকলে ইতিমধ্যেই জ্যোতিষী-কবিৰাজৰ হাতত নিজৰ সাঁচতীয়া বহুখিনি ধন গতাই দি সৰ্বস্বান্ত হো‌ৱাৰ উপক্ৰম হৈছে । বৰ্তমানে ভণ্ড কবিৰাজ-জ্যোতিষীবোৰে এনে কৌশলপূৰ্ণ ব্য‌ৱসায়ৰ প্ৰসাৰ আৰু প্ৰচাৰ চলো‌ৱাৰ ক্ষেত্ৰত নিৰ্ভৰযোগ্য আহিলা হিচাপ বাচি লৈছে আমি ঘন্টাৰ পাছত ঘন্টা ধৰি উপভোগ কৰি থকা এই টিভিটোক । আৰু ব্যক্তিগত চেনেলসমূহে মোটা অংকৰ মাননি লৈ এইবোৰকে বিজ্ঞাপন হিচাপে আমাৰ আগত প্ৰদৰ্শন কৰি আঁভু‌ৱা ভাৰি আছে। ধৰ্মৰ নামত ব্য‌ৱসায় কৰাসকল আৰু টিভি-চেনেল কৰ্তৃপক্ষবোৰৰ বুজাবুজি ইমানেই বাঢ়ি গৈছে যে কিছুদিন আগতে এজন কবিৰাজে ফুঁ মাৰি ফোনযোগেই বেমাৰ ভাল কৰি দিয়াৰ কথাও ‘গৰম খবৰ’ হিচাপে ঘন্টাৰ পাছত ঘন্টা ৰাইজক দেখু‌ৱাই থকা হৈছিল । এইবোৰ প্ৰকৃততে কোনো খবৰ নহয়, এয়া হৈছে বিজ্ঞাপন । ধৰ্মৰ নাম লৈ কৰা ব্য‌ৱসায়ৰ বিজ্ঞাপন । কিন্তু আমাৰ অশিক্ষিত সাধাৰণ মানুহক ধৰ্মৰ কথাৰে ঠগিবলৈ ইমানেই সহজ যে,- যিকোনো অসম্ভ‌ৱকোয় সম্ভ‌ৱ বুলি ভা‌ৱিবলৈ মানুহবোৰ বাধ্য হয় । আৰু এনেও এটা মিছা কথাক এশবাৰ সঁচা বুলি আপোনাৰ কাণত কৈ থাকিলে আপুনি স্বাভা‌ৱিকতেই ভা‌ৱিবলৈ বাধ্য হ’ব যে সঁচাকৈয়ে সি এটি সঁচা কথা । এনেদৰে নিউজ-চেনেলসমূহে পৰোক্ষভা‌ৱে সমাজত অন্ধ-বিশ্বাস বৃদ্ধি কৰাত অৰিহণা যোগো‌ৱা নাই নে ?

  তিলটোকে তালটো কৰা স্বভা‌ৱৰ বাবেই আজিৰ সময়ত দেখা গৈছে, প্ৰতিবাদকাৰী জনতাইও টিভিৰ ৰিপোৰ্টাৰ আহিব বুলি অপেক্ষা কৰি থাকে । যেতিয়াই কেমেৰামেন আহি পায়, তেতিয়াই তেওঁলোকৰ প্ৰতিবাদ গাঢ়তৰ হয় । শ্লোগানৰ চিঞঁৰ বাঢ়ি যায়, তেজৰ চলাচল বৃদ্ধি হয়, শিলগুটি-বাটলুগুটিৰ প্ৰক্ষেপ ঘটে আৰু কোনোবা এজনে গাড়ীত তেল ঢালি জুই জ্বলাই দিয়ে । তাৰ পাছত সাংবাদিকৰ প্ৰশ্ন –“আপোনালোকে আৰু কি কি পদক্ষেপ ল’ম বুলি ভা‌ৱিছে?” । এনে ক্ষেত্ৰত আপুনি কি বুলি ক’ব, দূৰদৰ্শনে মানুহক মানুহৰ ওচৰ চপাই অনাত সহায় কৰিছে নে মানুহৰ মাজত সুপ্ত হৈ থকা হিংস্ৰ প্ৰাণীটোক জগাই তোলাত বৰঙণি যোগাইছে ? এনে নহয় যে, দূৰদৰ্শনৰ নিউজ-চেনেলে সৃষ্টি কৰা এই ‘নিজকে প্ৰকাশ কৰা’ বা সহজ অৰ্থত যাক আমি শ্ব’-বাজী বুলি কওঁ, সেই ধাৰণাটো কে‌ৱল উচ্ছৃংখল কাম-কাজ বা নেতিবাচক কাণ্ড-কাৰখানাবোৰতে প্ৰস্ফুটিত হৈছে ; আমাৰ সমাজৰ প্ৰতিজন মানুহৰে মন-মগজুত এই কথাটো এনেভা‌ৱে সোমাই পৰিছে যে আমি এটা ইতিবাচক পদক্ষেপ লো‌ৱাৰ সময়তো, টিভিৰ কেমেৰামেন-সাংবাদিক আহিছে নাই সেয়া লক্ষ্য কৰিহে আমি কামটো কৰোঁ । মোদী ডাঙৰীয়াৰ ‘স্বচ্ছ-ভাৰত মিছন’ৰ অংশহিচাপে যিসকলে অলপ-অচৰপ চাফাই কৰি দেখু‌ৱালে, তাৰে অধিক সংখ্যক মানুহে কিন্তু ঠাইখিনি চাফা হো‌ৱাতকৈ টিভিত ওলাবলৈ পাব বুলিহে হাতত ঝাৰু লো‌ৱাৰ আগ্ৰহ প্ৰকাশ কৰিছিল । 

  কে‌ৱল নিউজ-চেনেলেই যে আমাৰ মানসিক পৰি‌ৱেশ দূষিত কৰিছে,ঠিক তেনে নহয়। ৰাষ্ট্ৰীয় পৰ্যায়ৰ জনপ্ৰিয় বহু টিভি-চেনেল আছে, যিবোৰৰ জনপ্ৰিয়তা বহুতেই বেছি। কিন্তু সিবোৰতো এনে কিছুমান শিহৰণকাৰী দৃশ্য,দৃশ্যাংশ বা কাহিনী দেখুওৱা হয় যিবোৰে আমাৰ মনস্তাত্তিক স্খলনত অৰিহণা যোগায়। উদাহৰণস্বৰূপে ‘বিগ-বছ’ নামৰ অনুষ্ঠানটো বা এনেকি ‘ছা‌ৱধান ইণ্ডিয়া’ নামৰ জনপ্ৰিয় ধাৰাবাহিকখনৰ নামেই ক’ব পাৰি । বহুতেই ক’ব বিচাৰিব যে, ‘ছা‌ৱধান ইণ্ডিয়া’ই মানুহক অপৰাধৰ পৰা বাছি থাকিবৰ বাবে আগতীয়াকৈ কিছুমান হ’বপৰা পৰিস্থিতিৰ জাননী দি আমাক সা‌ৱধান কৰি তুলি পৰম উপকাৰহে সাধিছে । কিন্তু সেই যুক্তিৰপ্ৰতি পূৰ্ণ সমৰ্থন জনাইও আমি ক’ম যে, ইয়াৰ লগতে ‘ছা‌ৱধান ইণ্ডিয়া’ই মানুহক কিছুমান অমান‌ৱীয় অপৰাধৰ প্ৰতি আকৰ্ষিত হ’বলৈও কোনো কোনো ক্ষেত্ৰত আগ্ৰহ জন্মাইছে । ‘ছা‌ৱধান ইণ্ডিয়া’ত দেখু‌ৱাৰ আগলৈকে বহুতো মানুহে কল্পনাও কৰিব নো‌ৱাৰে যে, এনেধৰণেও এটা অপৰাধ সংঘটিত কৰিব পাৰি। গতিকে সহজে দুষ্ট বুদ্ধিক কামত লগো‌ৱা বা অতি সোনকালেই বিবেকৰ বিচাৰ নকৰাকৈ মনৰ দুৰ্বল অংশটোৰ কথামতে কাম কৰিব বিচৰা যিকোনো মানুহৰদ্বাৰা এনে অপৰাধপ্ৰীতিয়ে বিপদ ঘটো‌ৱাৰ সম্ভা‌ৱনাক প্ৰবল কৰি তোলে । 

  আমি ভা‌ৱোঁ, দূৰদৰ্শনৰ কাৰ্যসূচী প্ৰচাৰ কৰা ব্যক্তিসকলে সন্মিলিত হৈ সমাজ আৰু দেশৰ উন্নতিৰ স্বাৰ্থত কিছু ব্য‌ৱসায়িক লাভালাভক এৰা-ধৰা কৰিও দুই চাৰিটা বিশেষ নীতিৰ অৱমতাৰণা কৰি সেয়া মানি অনুষ্ঠানসমূহ প্ৰচাৰ কৰিলে সকলোপ্ৰকাৰৰ মংগল হো‌ৱাৰ সম্ভা‌ৱনা আছে । আজিৰ বিশ্বায়নৰ সময়ত এটা বাস্ত‌ৱ ঘটনাক সকলো দিশৰেপৰাই চালিজাৰি চাপ পৰাটো আৰু অভিজ্ঞ মন্তব্যৰে তাক সমালোচনা কৰাটো নি:সন্দেহে প্ৰয়োজনীয় কথা । কিন্তু একেটা সময়তে আমি আমাৰ শিপাৰ পৰা আঁতৰি, লোকসংস্কৃতি বা পৰম্পৰাক পাহৰি একেকোবেই বিশ্বজনীন ধাৰণা এটাক আঁকো‌ৱালি লোপ‌ৱাটোও সিমান এটা সমিচীন নহ’ব। সেয়া কৰিবলৈ গৈ প্ৰতিজন দৰ্শককে অভিজ্ঞ আৰু উচ্চ স্তৰীয় ধ্যান ধাৰণাৰ অধিকাৰী বুলি ভা‌ৱি স্পৰ্শকাতৰ বিষয় বা দৃশ্যক মুকলি কৈ প্ৰচাৰ কৰাটোও কিমান গ্ৰহণযোগ্য সেয়া বিচাৰ্য বিষয় । মাজে মাজে ইংৰাজী বা হিন্দী ভাষাত কথা ক’লেই যে এটা অনুষ্ঠান মনোগ্ৰাহী হ’ব নো‌ৱাৰে, বৰঞ্চ সহজ-সৰল ভাষাৰেও অনুষ্ঠান এটা দৰ্শকৰ বাবে উপযোগী তথা সফল কৰি তুলিব পাৰি, সেয়া আমাৰ নিউজ-চেনেলবোৰৰ সূত্ৰধাৰসকলে বুজি পো‌ৱা উচিত । তেওঁলোকৰ খিছিৰি ভাষাই বৰ্তমানে অসমীয়া-ভাষাটোক এক গভীৰ সংকটৰ মাজলৈ ঠেলি দিছে বুলি ক’লেও অত্যুক্তি কৰা নহ’ব, কাৰণ ব্যাকৰণ আৰু বাক্য-গাঁঠনিলৈ সমূলি গুৰুত্ব নিদিয়াকৈ প্ৰচাৰ কৰা বাতৰি সমূহৰ শিৰোনামা পঢ়ি আমাৰ বহুতো কিশোৰ-কিশোৰীয়ে সেই ভুল শব্দ বা বানানসমূহকে শুদ্ধ বুলি ভা‌ৱিবলৈ বাধ্য লৈছে ।   

কো‌ৱা হয় যে বৰ্তমানে ৰামো নাই, আৰু অযোধ্যাও নাই । বিশ্বায়ন, প্ৰযুক্তি,ই-কমাৰ্ছ আদিয়ে কথাবোৰ ইমান সহজ আৰু সাধাৰণ কৰি ৰখা নাই । প্ৰতিটো কথাতে বৰ্তমানে হয় ৰাজনীতিৰ পাক, নহয় ব্যক্তিগত স্বাৰ্থ, ব্য‌ৱসায়িক মুনাফা নতুবা কোনো অদৃশ্য শক্তিৰ প্ৰভা‌ৱ কিবা নহয় কিবা প্ৰকাৰে পৰি থকা দেখা পো‌ৱা যায়েই। সেয়েহে একেটা ঘটনাকে আগেয়ে আমি যিদৰে দেখিবলৈ পাইছিলোন,সেই একেদৰেই আজি আমি দেখিবলৈ নাপাওঁ । আগেয়ে কো‌ৱা হৈছিল- ‘যিটো দেখা পাবা, সেইটোহে বিশ্বাস কৰিবা’ । কিন্তু বৰ্তমানে আপুনি দেখা পো‌ৱাটোও যে বিশ্বাস কৰিব পাৰিব , তাৰ কোনো নিশ্চয়তা নাই কিয়ণো, আপোনাৰ চকুৰ সমুখতে সেই দৃশ্যটোৰো জালিয়াতি হ’ব পাৰে । তদুপৰি আজিকালি একেটা ঘটনাকে বিভিন্ন চেনেলে আপোনাক বিভিন্ন ব্যাখ্যাৰে দেখু‌ৱাই থাকে । গতিকে ইমানদিনে ৰাইজে বিজ্ঞাপনত দেখু‌ওৱাটৰ নিচিনাকৈ বগা সাজ পিন্ধি গ’লেই বা সাদিনত ছালৰ ৰং ক’লাৰপৰা বগা কৰিলেই যে সফল হ’ব নো‌ৱাৰি সেই কথা বুজি উঠাৰ দৰে, সাধাৰণ শ্ৰোতা-দৰ্শক হিচাপে একেটা ঘটনাকে বিভিন্ন দৃষ্টিভংগীৰে ফঁহিয়াই নিজাববীয়া এটা শুদ্ধ ধাৰণা গ্ৰহণ কৰিব পৰাটোহে বৰ্তমান সময়ৰ জটিল জী‌ৱন-যাত্ৰাত এটা অত্যন্ত প্ৰয়োজনীয় অৰ্হতা হিচাপে বিবেচিত হৈ পৰিছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages