Saturday, August 15, 2015

মনৰ কথা

এইয়াই জানো আমি বিচৰা স্বাধীনতা?
ডাo অজিত কুমাৰ পটঙ্গীয়া
ভাৰতৰ ৬৯তম স্বাধীনতা দিৱস আজি। প্ৰতিবাৰৰ দৰে এইবাৰো ক্ষমতাসীন দ'লসমূহৰ নেতৃবৃন্দই ভাৰতবৰ্ষৰ জনগণৰ সন্মুখত মহা-আড়ম্বৰে এই দিনটো উদযাপন কৰি সৰ্গবে পৃথিবীৰ বৃহত্তম গণতন্ত্ৰৰ জয়গান গাব, মিছা পৰিসংখ্যাৰে বাখ্যা কৰিব আমাৰ দেশ তেওঁলোকৰ নেতৃত্বত কিমান দ্ৰুত গতিত বিকাশৰ পথত আগবাঢ়ি গৈ আছে। নতুন নতুন প্ৰতিশ্ৰুতিও দিব। দেখুৱাব দেশৰ মিছা উজ্জল ভৱিষ্যতৰ সপোন। ৰাষ্ট্ৰপতি ভৱন, ৰাজভৱনবোৰ, মন্ত্ৰীসকলৰ দপ্তৰবোৰ সুদৃশ্য আলোকেৰে সজ্জিত কৰা হ'ব। ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী. মুখ্যমন্ত্ৰীসকল আৰু বাঘা বাঘা ৰাজনৈতিক নেতাসকলে যেতিয়া বহুতাৰকা খচিত হোটেলত বৃহ্য বৃহ্য শিল্পপতি, ব্যৱসায়, ক'ৰ্প'ৰেটসকলৰ সৈতে নাচ-গান-ভোজভাতত মত্ত হৈ দেশৰ স্বাধীনতা দিৱসৰ উৎসৱ উদযাপন কৰিব তেতিয়া দেখা যাব তেওঁলোকৰ ভোজ সভাৰ পৰা ডাষ্টবিনত নিক্ষিপ্ত উচ্ছিষ্টসমূহক লৈ টনা আজোৰা কৰিছে দেশত অৰ্ধাহাৰে অনাহাৰে থকা বহতো মানুহে, যিসকলৰ কোনো খাদ্য নাই, বাসস্থান নাই, নাই কোনো বস্ত্ৰ, যিসকলৰ জীৱন ছিন্ন বিছিন্ন হৈ হেৰাই গৈছে? স্বাধীনতাৰ ৬৮ বছৰৰ পাছতো সমগ্ৰ দেশত কোটি কোটি বেকাৰ, অৰ্ধ-বেকাৰ, কৰ্মচুত্য শ্ৰমিক-কৰ্মচাৰী, ভূমিহীন-কৰ্ম্মহীন দুখীয়া খেতিয়ক। বছৰি লাখ লাখ মানুহে বিনা চিকিৎসাত মৃত্যুক আকোৱালি লৈছে। কনমানি শিশুৰে পৰা বৃদ্ধালৈকে কোনো নাৰীৰে জীৱনৰ কোনো নিৰাপত্তা নাই। কোনেও নাজানে কেতিয়া তেওঁলোক যৌন আতিশৰ্য্য বা ধৰ্ষণৰ বলি হ'ব? কিমান হেজাৰ হেজাৰ নাৰী, শিশু বজাৰত বিক্ৰী হৈ আছে। প্ৰতিদিনৰ দু:সহ মৃত্যু যন্ত্ৰণাৰ পৰা ৰক্ষা পোৱাৰ বাবে কিমান জনে আত্মহত্যাৰ পথ বিছাৰি লৈছে তাৰ খবৰ ল'বলৈ এই নেতা সকলৰ খবৰ নাই। ঋণগ্ৰস্ত খেতিয়কে আত্মহত্যা কৰিলে ক'ব প্ৰেমত বিফল হৈ আত্মহত্যা কৰিছে। এই চিত্ৰ কিমান মৰ্মান্তিক, দু:খৰ, গভীৰ বেদনাৰ সেইয়া ভুক্তভূগী আৰু অত্যন্ত সংবেদনশীল মানুয়েহে উপলদ্ধি কৰিব পাৰিব। আনহাতেদি মুষ্টিমেয় কেইজনমান পুঁজিপতি ব্যৱসায়ী পৰিয়াল সমগ্ৰ দেশখনৰ ধন সম্পদ, সকলোবিলাকৰ মালিক হৈ প্ৰাচুৰ্য্যৰে জীৱন উপভোগ কৰি আছে আৰু পৃথিবীৰ ধনকুবেৰৰ তালিকাত নিজৰ নাম অন্তৰ্ভূক্ত কৰিছে। এদিন ব্ৰিটিছ সাম্ৰাজ্যবাদী বগা চাহাবহঁতে লুটাৰ দৰে আজি এই ক'লা চাহাবহঁতে দেশখন লুটিছে।

এইয়া জানো সেই স্বাধীনতা - যাৰ বাবে আমাৰ কনকলতা. ক্ষুদিৰাম, ভগৎ সিং, চন্দ্ৰশেখৰ আজাদ, আছাফাক উল্লা আদিৰ দৰে শ্বহীদে নিজৰ প্ৰাণ উৎসৰ্গা কৰিছিল? ইয়াৰ বাবেই জানো নেতাজী সুভাষ বসুয়ে স্বাধীনতাৰ যুদ্ধ চলাইছিল? তেওঁলোকে জানো দু:স্বপ্নতো ভাবিছিল স্বাধীন ভাৰতৰ এই শোচনীয় পৰিণতি ঘটিব? তেনেহ'লে এই স্বাধীনতা কাৰ বাবে? এই স্বাধীনতা অকল মুষ্টিমেয় পূঁজিপতি-ব্যৱসায়ীয়ে দেশৰ কোটি কোটি মানুহক শোষণ, অবাধ লুন্ঠনৰ স্বাধীনতা নেকি? নে তেওঁলোকৰ দ্বাৰা সৃষ্ট আৰু আশ্ৰিত সমাজবিৰোধীসকলৰ নিৰ্বিচাৰ ডকাইতি, হত্যা-ধৰ্ষণৰ স্বাধীনতা? আজি ক্ষমতাসীন ৰাজনৈতিক দলবিলাকে এই পুঁজিপতিসকলৰ সেৱাহে কৰি আহিছে, জনসাধাৰণৰ নহয়। কাৰণ পুঁজিপতিসকলৰ টকাৰ জোৰতেই তেওঁলোকে নিৰ্ব্বাচনত জিকি গাদীত বহাৰ সুযোগ পাইছে। পুঁজিপতিসকলৰ হৈছে তেওঁলোকৰ নিৰ্ব্বাচনৰ বিনিয়োগকাৰী। গতিকে এই ৰাজনৈতিক নেতাসকলে পুঁজিপতিসকলৰ ৰাজনৈতিক মেনেজাৰ হিচাবে কাম কৰি যায়। মাথো কোনে কোনবাৰ সেই সুযোগ পাব এইটোকে লৈয়ে সিঁহতৰ মাজত টনা আজোৰা চলে।

আজি ৰাজনৈতিক নেতাসকলৰ যিয়ে গাদীত বহিছে সিয়েই দুহাতেৰে হাজাৰ হাজাৰ কোটি হিচাবত জনসাধাৰণৰ টকা লুটিছে। এটাৰ পিছত এটাকৈ কেলেঙ্কাৰীয়ে দেশত ধুমুহাৰ সৃষ্টি কৰি গৈছে। তাৰ কোনো বিচাৰ নাই। সকলোৱেই দুৰ্নীতিত আকন্ঠ নিমৰ্জ্জিত। জনসাধাৰণে যাতে ইয়াৰ প্ৰতিবাদ কৰিব নোৱাৰে তাৰ বাবে মানুহক বনাব খোজা হৈছে ৰবত। বুজাব খোজা হৈছে যে গণতন্ত্ৰত এইবোৰ থাকিবয়েই। ব্যক্তিকেন্দ্ৰিকতা, ভোগসৰ্বস্বতা, মদ-ড্ৰাগছ, জুৱা, ব্লু-ফ্লিম, ধৰ্ম্মীয় কু-সংস্কাৰৰ পুনৰোত্থানেৰে মানুহৰ মনুষ্যত্ব শেষ কৰি দিব খোজা হৈছে যাতে পুঁজিপতিসকলে নিৰ্ব্বাদে জনসাধাৰনৰ ওপৰত শোষণ-নিস্পেষণ চলাই যাব পাৰে। এইয়াই নেকি ৰামমোহন ৰায়, বিদ্যাসাগৰ, বিবেকানন্দ, ৰবীন্দ্ৰনাথ ঠাকুৰ, লালা লাজপত ৰায়, লোকমান্য তিলক, জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভাৰ সপোনৰ স্বাধীন ভাৰত? এই ব্যৱস্থা সলনি কৰিবৰ বাবে আমাৰ জনসাধাৰণে ভাবিবৰ হ'ল। কিবা কৰিবৰ হ'ল। নহ'লে বিশ্বই ক'ব ভাৰতবৰ্ষ কলাৰ দেশ, অন্ধ আৰু বোবাৰ দেশ।

No comments:

Post a Comment