Saturday, August 15, 2015

সাম্প্ৰতিক প্ৰসংগ

স্বাধীনতা দিৱসৰ প্ৰাসংগিকতা আৰু সাৰ্থকতা
শশীমাই শইকীয়া দত্ত
পৰাধীন জাতি এটাৰ স্বাধীন স্পৃহাক মহাত্মা গান্ধীয়ে যেন প্ৰেৰণাৰে উজ্জীৱিতহে কৰিলে। ভাৰতৰ স্বাধীনতা আন্দোলনত মহামানৱ মহাত্মা গান্ধীৰ আৱিৰ্ভাৱ এক যুগান্তৰকাৰী ঘটনা। তেখেতে ১৯২১চনৰ ১৮আগষ্টত অসমলৈকো আহি গুৱাহাটী, তেজপুৰ, নগাঁও, যোৰহাট আৰু ডিব্ৰগড়ত ৰাজহুৱা সভাত ভাষণ দি অসমৰ জনসাধাৰণকো সেই সময়ৰ মুক্তিকামী আন্দোলনৰ আদৰ্শৰে অনুপ্ৰাণিত কৰি গণচেতনাক জগাই তুলিছিল।

মহাত্মা গান্ধীয়ে ভাৰতবাসীৰ হৃদয়ৰ অনুভূতি ভালদৰে অনুভৱ কৰিছিল বাবেই তলৰ উক্তিটি দাঙি ধৰিছিল-"মুক্তি নাইবা মৃত্যুৱেই আমাৰ ধৰণী হ'ব"। দেশৰ স্বাধীনতাৰ বাবে মৃত্যুবৰণ কৰিবলৈকো ৰাইজ প্ৰস্তুত থাকিব লাগিব। কোনেও নজনাকৈ কনকলতাই সেই সংকল্প ল'লে, দেশমাতৃৰ মুক্তি, নাইবা মৃত্যু, আৰু তাৰ সাক্ষী হ'ল সময়। স্বাধীনতাৰ শেষ সংগ্ৰামত আবাল-বৃদ্ধ বনিতা সকলো জঁপিয়াই পৰিল। ফলশ্ৰুতিত ১৯৪৭চনৰ ১৫আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰিলে। স্বাধীনতা আন্দোলনৰ সেই সংগ্ৰামৰ গৌৰৱময় দিনবোৰ এতিয়া ইতিহাস হ'ল। লিখা গ'ল সাধাৰণ মানুহৰ অসাধাৰণ বীৰত্বৰ গৌৰৱময় কাহিনী। জ্ঞাত-অজ্ঞাত বহু ব্যক্তিৰ জীৱন, সময়, সমল, স্বাৰ্থৰ আত্মবলিদানৰ ফলতহে আমাৰ দেশে স্বাধীনতা লাভ কৰিলে। বগা ছালৰ বিদেশী সকলক পিন্ধি দেশীয় ছালৰ সকল শাসনৰ গাদীত বহিল। কিন্তু মহামানৱ মহাত্মা গান্ধীয়ে যি সপোনৰ পম খেদি দেশ স্বাধীন কৰিলে সেই সপোন আজিও পূৰণ নহ'ল। সময়ৰ গতিয়ে যে ওলোটা খৰ মাৰিবলৈ আৰম্ভ কৰিলে, বিদেশী বস্ত্ৰ ত্যাগ কৰা বিশাল আন্দোলনৰ ভূমি এতিয়া বিদেশী সাজপোছাক সম্ভাৰেৰে ভৰি পৰিল, ব্ৰেণ্ড নামৰ ছিটিকাৰ কৱলত পৰিল এইখন দেশৰ মানুহৰ মানসিকতা। এতিয়া স্বাধীন দেশৰ নাগৰিক সকলেই ,স্বদেশী বস্ত্ৰ ত্যাগ কৰি বিদেশী বস্ত্ৰ আঁকোৱালি লৈ পুনৰ এক পৰনিৰ্ভৰশীলতাৰ বাট মুকলি কৰি দিছে। যিটো মহাত্মাকে ধৰি স্বাধীনতা সংগ্ৰামী সকলৰ আদৰ্শৰ বাবে সঁচাই পৰিপন্থী নহয়নে?

বুনিয়াদী শিক্ষাৰে আত্মনিৰ্ভৰশীল, স্বাৱলম্বী হবলৈ কৰা প্ৰচেষ্টাক বাদ দি নতুন শিক্ষা নীতি আৰু ব্যৱস্থাই কেৱল আনন্দদায়ক জীৱন, খাও-পিয়ৌ-মস্তি কৰৌ ধৰণৰ জীৱনশৈলীৰহে প্ৰচাৰ কৰিছে, যিটোত জীৱন সংগ্ৰামৰ চেতনা শিক্ষাৰ্থী সকলে বা নাগৰিকে উপলব্ধি কৰাটো দুৰূহ হৈ পৰিছে। বিলাসিতাপ্ৰৱণ মন, টকা পোৱা চাকৰি, নৈতিকতা বিক্ৰীৰ মানসিকতাই আজি জাতীয় জীৱনৰ মানসিক অৱক্ষয়কে উজলাই তুলিছে। ব্যক্তিকেন্দ্ৰিক, মূল্যবোধহীন সমাজ ব্যৱস্থাত এতিয়া মানুহৰ পৰিচয় ধৰ্মৰ ভিত্তিতহে প্ৰকাশ পোৱাৰ দৰে দুৰ্ভাগ্যজনক স্থিতি হবলৈ ধৰিছে। পূৰ্ণ স্বৰাজ, সমাজ ৰূপান্তৰৰ লক্ষ্যৰে যুঁজত নামি আহৰণ কৰা স্বাধীনতা যেন এতিয়া প্লাষ্টিকৰ ফুলৰ দৰে কৃত্ৰিম হৈ পৰিছে!

অহিংসা নীতিৰে লাভ কৰা স্বাধীনদেশত এতিয়া হিংসা-সন্ত্ৰাসৰ পয়োভৰ। আততায়ী আৰু ৰাষ্ট্ৰ সন্ত্ৰাসৰ দুই ম'হৰ যুঁজত সাধাৰণ জনতা বিৰিণা হোৱাৰ উপক্ৰম। আনকি স্বাধীনতা দিৱসৰ উদযাপনলৈ যাবলৈ এই দেশৰ নাগৰিকে আজি নিৰাপত্তাৰ নামত পদে পদে ত্ৰাহি মধূসূদন দেখিব লগা হয়। স্বাধীন দেশত যেন হেৰাই গৈছে ব্যক্তিৰ সুৰক্ষাও! স্বাধীন ভাৱে মানুহে চলা ফিৰা কৰিব নোৱাৰে, কৰিব নোৱাৰে, খাব নোৱাৰে! খোদ অহিংসা নীতিৰে স্বাধীনতা আনি হিংসাৰ বুলেট বুকুত লৈ ইহলীলা সামৰা গান্ধীৰ দেশ এয়া! তেওঁৰ কল্পনাৰ ৰাম-ৰাজ্যৰ সপোন এতিয়া যেন আকাশ কুসুমহে!

এনেদৰে জানো স্বাধীনতা দিৱস উদযাপন কৰাৰ কিবা লাভ হব? আমি স্বাধীনতাৰ সংজ্ঞা নিজে উপলব্ধি কৰিব লাগিব। নিজৰ দ্বায়িত্বৰ প্ৰতি সচেতন হব লাগিব। এই স্বাধীনতা লাভৰ কষ্টকৰ, যন্ত্ৰণাময় ইতিহাসৰ কথা নৱ-প্ৰজন্মক জনাব লাগিব, বুজাব লাগিব। অহিংসাৰ আদৰ্শেৰে নতুন প্ৰজন্মক বাট দেখুৱাব পাৰিলেহে স্বাধীনতা দিৱস উদযাপন সাৰ্থক হব। স্বাধীন দেশৰ ভৱিষ্য নাগৰিক সকলৰ মাজত সততা আৰু সমতা ৰক্ষা কৰাটোৱেই মূল লক্ষ্য হোৱা উচিত। এই উদ্দেশ্য আগত ৰাখি যোগ্য-ভোগ্য বসুন্ধৰা নীতিৰে সকলোকে নিজৰ মেধা-প্ৰতিভা বিকাশৰ বাবে সমান সুযোগ দিব পাৰিব লাগিব। যেনেকৈ প্ৰকৃতিৰ প্ৰাণীয়ে যেনেকৈ মুক্তভাৱে বিচৰণ কৰে, বায়ুৱে মুক্ত বতাহ দিয়ে, বৃক্ষই ফলফূল দিয়ে তেনেদৰেই সকলো সাংবিধানিক সংস্থাই নিজা কৰ্তব্য পালন কৰিব লাগিব, সমাজৰ কাম কৰিব লগীয়া সকলেও কৰণীয়খিনি কৰিব লাগিব। তেহে স্বাধীন হোৱা দেশখনক স্বাধীনতা যুঁজাৰু সকলে কল্পনা কৰাৰ নিচিনাকৈ আগুৱাই নিব পাৰিম আৰু স্বাধীনতা দিৱসৰ উদযাপন সাৰ্থক হব।

No comments:

Post a Comment