প্ৰৱাসৰ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Assamese LIFELINE on SOCIAL MEDIA

সামাজিক যোগসূত্ৰৰ মঞ্চত ইতিবাচক বাৰ্তাবাহক
ভাল খবৰ ভাল সমল, পঢ়ি লভক আনন্দ বিমল

Post Top Ad

Responsive Ads Here
দক্ষিণ আফ্ৰিকাৰ ইতিহাস আৰু অসমৰ পটভূমি 
অগ্নিভদত্ত
"I believe that South Africa is the most beautiful place on earth. Admittedly, I am biased but when you combine the natural beauty of sunny South Africa with the friendliness and cultural diversity of our people, and the fact that the region is a haven for Africa's most splendid wildlife, then I think that we have been blessed with a truly wonderful land."-Nelson Mandela

প্ৰাকৃতিক সৌন্দৰ্য্য , বিভিন্ন দেশ মহাদেশৰ সংমিশ্ৰিত মানুহ , সমৃদ্ধিশালী বুৰঞ্জী আৰু সংস্কৃতি সকলোখিনি উপাদান মিলি বিশ্বৰ অন্যতম আকৰ্ষণীয় দেশ এই দক্ষিণ আফ্ৰিকা।

দক্ষিণ আফ্ৰিকালৈ অহাৰ পাছত প্ৰত্যেক দিনাই মোক আলোড়িত কৰি আহিছে এটা কথাই বিভিন্ন দেশ , মহা দেশৰ পৰা অহা বিভিন্ন ধৰ্ম , বৰ্নৰ মানুহে কেনেকৈ চলাই আছে এই দেশখন ইমান মিলাপ্ৰীতিৰে ? মাত্ৰ ১০ % ৰ শ্বেতাংগ মানুহে ৮০ % কৃষ্ণাংগ মানুহক নিজ দেশ নিজ জন্মভূমিতে কেনেদৰে শ শ বছৰ শোষণ অত্যাচাৰেৰে নিপিড়িত কৰি ৰাখিলে ? কিন্তু তাতোকৈয়ো আচৰিত হওঁ এটা কথা ভাবি সেই শোষিত ৮০ % শতাংশ মানুহে পাছত সেই শোষণ দমনৰ অবসান ঘটাই ক্ষমতাৰ বাঘজৰীডাল হাততলৈয়ো এসময়ৰ শোষক সকলক কেনেকৈ ক্ষমা কৰি সেইসকলকো সমাজৰ মাজৰ এজন কৰি সমাজখনক আগুৱাইলৈ যাবলৈ সক্ষম হৈছে । অ' সেইয়াই আছিল এইখন দেশৰ মহানায়ক মাণ্ডেলাৰ সপোনৰ দেশ যত প্ৰতিজন মানুহেই কোনো ধৰ্ম, বৰ্ণ আদিৰ পৰা মুক্ত হৈ একোজন মুক্ত মানৱ হৈ পৰিব ।

এইখন দেশৰ ইতিহাসত কৃষ্ণাংগসকলৰ লগতে বৃটিছ, ডাচ্ছ , জাৰ্মান আদিকে ধৰি ভাৰতীয় মানুহৰ ভূমিকা যথেষ্ট ।১৫ শ শতিকাত পৰ্তুগীজ সকল সাগৰীয় পথেৰে ভাৰতলৈ যোৱাৰ সময়ত প্ৰথমবাৰৰ বাবে দক্ষিণ আফ্ৰিকাত ভৰি থয়। সেইয়াই আৰম্ভনি তাৰ পাছত সেইপথকে অনুসৰণ কৰি লাহে লাহে আন আন ইউৰোপীয়ান সকলেও দক্ষিণ আফ্ৰিকা লৈ আহিব লোৱাত এটা সময়ত দক্ষিণ আফ্ৰিকা ইউৰোপীয়ান সকলৰ অন্যতম বিচৰণ স্থলী হৈ পৰিব ধৰিল । প্ৰথমবাৰৰ বাবে ডাচ্ছসকলে ডাচ্ছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাৰ্য্যালয় আৰম্ভ কৰিলে কেপ টাউনত ১৬৫২ চনত। সেইয়াই আনুষ্ঠানিক ঔপনিবেশিক অধ্যায়ৰ আৰম্ভণি হ’ল দক্ষিণ আফ্ৰিকাত। ব্যৱসায়ৰ সূত্ৰে ভাৰতৰ মোগল শাসক সকলৰ লগত ডাচ্ছসকলৰ সম্পৰ্ক খুব মধুৰ আছিল ১৬ শতিকাত । সেইসুত্ৰেই দক্ষিন আফ্ৰিকাত থিতাপি লোৱাৰ লগে লগে ডাচ্ছসকলে ভাৰতৰ পৰা যথেষ্ট সংখ্যক দাস আনি কেপ অঞ্চলত কামত লগোৱাইছিল । কিন্ত্ত আচল অৰ্থত দক্ষিণ আফ্ৰিকালৈ ভাৰতীয়সকলৰ আগমন ঘটে ১৮৬০ চনৰ পৰা। ঔপনিবেশিক মালিক সকলে নিজৰ সুবিধাৰ কাৰণে বিশেষকৈ কুহিয়াৰৰ খেতিত লগাবলৈ ভাৰতৰ পৰা সস্তীয়া দাস দেশখনলৈ আনিব ল’লে । উল্লেখযোগ্যযে কেইদশক মানৰ ভিতৰতে এই দাসবোৰৰ সংখ্যা প্ৰায় দেৰ লাখ হলগৈ। ভাৰতীয়সকলক মজদুৰ কৰি অনাৰ কাৰণ আছিল সেইসময়ত স্থানীয় কৃষ্ণাংগ মানুহ বিলাক মজদুৰ কামৰ উপযোগী নাছিল লগতে বেছি ভাগ মানুহেই অৰ্থনৈতিক ভাবে স্বাবলম্বী হোৱাৰ কাৰণে আনৰ হৈ কাম কৰাত বিশেষ আগ্ৰহী নাছিল। যি কি নহওক ভাৰতীয় মজদুৰ ইমান অনা হ’ল যে এটা সময়ত মানে চাৰিটা দশকৰ ভিতৰত নাটাল প্ৰদেশখনত ভাৰতীয়ৰ সংখ্যাই সেইপ্ৰদেশৰ শ্বেতাংগখিনিকো অতিক্ৰম কৰিলে। কামৰ ম্যাদ শেষহোৱাৰ পাছত কিছু মছদুৰ নিজৰ দেশলৈ ঘুৰি গ’লগৈ যদিও সৰহ সংখ্যকেই ইয়াতেই থাকি গ’ল । লাহে লাহে সেইসকল ভাৰতীয় মজদুৰে নাটাল প্ৰদেশৰ পৰা সেইসময়ৰ ট্ৰান্সভাল অঞ্চললৈও বিয়পি পৰিব ধৰিলে। উল্লেখযোগ্য যে মজদুৰ সকলক অনাৰ লগে লগে কিছুমান ভাৰতীয় বেপাৰীও বৃটিছসকলৰ ত্বত্তাবধানত আহি ব্যৱসায় বাণিজ্য কৰাত লাগিলহি । এফালে ভাৰতীয় মজদুৰ সকলে মাইনিং, ৰেল আদি বিভাগত নিজৰ স্থিতি সৱল কৰি তোলাৰ লগে লগে বিভিন্ন সৰু সুৰা চৰকাৰী বিভাগৰ চাকৰী আদিতো মকৰল হ’ব ধৰিলে।আনফালে আকৌ ভাৰতীয় বেপাৰীসকলেও কিছু কিছু ক্ষেত্ৰত আনকি শ্বেতাংগ ব্যৱসায়ীসকলকো চেৰাই যাব ধৰিলে। আনকি ভাৰতীয় বেপাৰীৰ হৈ মোকৰ্দমা খেলিবলৈ ১৮৯৩ চনত প্ৰথম বাৰৰ বাবে লণ্ডনৰ পৰা ওকালতি পাছ কৰি অহা মহাত্মা গান্ধী আহি দক্ষিণ আফ্ৰিকা আহি পাইছিলহি। সেই আইনী যুঁজ কৰি থাকোতেই শ্বেতাংগ সকলৰ বৰ্ণবিদ্বেষী আচৰণ দেখি মহাত্মা গান্ধী বিদ্ৰোহী হৈ উঠে । দক্ষিণ আফ্ৰিকাত থকা সময়তআনকি মহাত্মা গান্ধীয়ে ভাৰতীয় সকলক সংগঠিত কৰি শ্বেতাংগ সকলৰ অন্যায় অত্যাচাৰৰ বিৰুদ্ধে একগোট কৰি ভাৰতীয় কংগ্ৰেছো আৰম্ভ কৰিছিল। সেইবিষয়ে বহলাই পাছত কেতিয়াবা আলোচনা কৰিম ।

১৭৯৬ চনৰ পৰা ১৯০২ চনলৈ সেই সময়খিনিত কৃষ্ণাংগ সকলৰ সকলো ৰাজনৈতিক অধিকাৰ কাঢ়ি লৈ নিজৰ মাতৃভূমিতে বহিৰাগত আখ্যা দিয়া হ’ল। ১৯১২ চনত কৃষ্ণাংগ সকলৰ সাংবাধিনিক অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আফ্ৰিকান নেচনেল কংগ্ৰেছ ( এ এন চি ) গঠন কৰা হয় । প্ৰথম অৱস্থাত শিক্ষিত কৃষ্ণাংগৰ সংগঠন ৰুপেই সংঘবদ্ধ ভাবে কাম কৰিছিল। কিন্ত্ত প্ৰথম বিশ্বযুদ্ধৰ সময়তেই কৃষ্ণাংগ সকলৰ বিভিন্ন সংগঠনে সংঘবদ্ধভাৱে শোষক সকলৰ বিৰুদ্ধে গৰজি উঠিল। চেগা চোৰোকাকৈ কৃষ্ণাংগ মানুহৰ ওপৰত হোৱা দমন শোষণৰ বিৰুদ্ধে যুঁজ অব্যহত থাকিলে। কিন্ত্ত তেনেকুৱাতে ১৯৪৮ চনৰ গোড়া নেচনেল পাৰ্টিৰ নতুন চৰকাৰখনে আফ্ৰিকান জনজীৱনলৈ কঢ়িয়াই আনিলে ক'লা ডাৱৰ । দক্ষিণ আফ্ৰিকাত বৰ্ণ বিদ্বেষী শাসনে পূৰ্ণ ৰূপ ধাৰণ কৰিলে। অন্যায় অত্যাচাৰে অতিষ্ঠ কৰি তোলা কৃষ্ণাংগ সকলেও মুক্তিৰ বাবে আকুল হৈ পৰিল । তাৰ মাজতে ১৯৪৩ চনত আফ্ৰিকান নেচনেল কংগ্ৰেছৰ য়ুথ লীগ গঠনৰ পাছতেই দ্ৰুত গতিত পৰিস্থিতি সলনি হব লাগিলে আৰু সেই সংগঠনৰ দায়িত্ব অলিভিয়াৰ টম্বু, নেলচন মাণ্ডেলা, ৱাল্টাৰ ছিছিলো আদিৰ হাতত পৰি গতিময় হৈ উঠিল। য়ুথ লীগৰ নেতা হিচাবে বিচক্ষণতাৰ পৰিচয়েৰে মেণ্ডেলাই লাহে লাহে আফ্ৰিকান নেচনেল কংগ্ৰেছতো নিজৰ স্থিতি মজবুত কৰি তুলিব ধৰিলে। উল্লেখযোগ্য যে বৰ্ণ বৈষম্যৰ সময়খিনিত শ্বেতাংগ সকলে কিছু কিছু সংবিধানিক অধিকাৰকে ধৰি আন আন ক্ষেত্ৰত ভাৰতীয়সকলক শ্বেতাংগ সকলৰ তলতেই স্থান দিছিল যিসময়ত নিজৰ দেশতে কৃষ্ণাংগসকল হৈ পৰিছিল কোনো ৰাজনৈতিক অধিকাৰ নথকা এক সত্বা।কিন্ত্ত ভাৰতীয় সকলে নিজৰ সেই সুবিধাক তুচ্ছ জ্ঞান কৰি কৃষ্ণাংগ সকলৰ কাষত বৰ্ণ বৈষম্যহীন সমাজ এখন গঢ়াৰ স্বাৰ্থত থিয় দিছিল। কিন্ত্ত এইয়া ইমান সহজে সম্ভৱো নহৈছিল । যিহেতু ভাৰতীয় আৰু কৃষ্ণাংগ সকল একগোট হ’লে শোষণকাৰীহঁতৰ স্বাৰ্থ বিঘিন্ন হোৱাৰ সম্ভাৱনা আছিল সেইকাৰণে পদে পদে ভাৰতীয় আৰু কৃষ্ণাংগসকলক লগ হোৱাত চলে বলে বাধা দি গৈছিল । আনকি কিছু কিছু ক্ষেত্ৰত সেই বিভেদকামী শক্তিৰ পৰোচনাত হিংসাত্মক ৰুপো ধাৰণ কৰিছিলগৈ । ১৯৪৯ চনত ডাৰবান চহৰত হোৱা হিংসাত্মক ঘটনাই ভয়ংকৰ সাম্প্ৰদায়িক ৰুপ ধাৰণ কৰি কেইবা শ লোক নিহত আৰু আহত হ’ল। ইতিমধ্যে মহাত্মা গান্ধীয়ে নেতৃত্ব দিয়া ভাৰতীয় কংগ্ৰেছৰ সেই সংগ্ৰামক পাছলৈ ইউচুফ দাৰু ,ফাৰুক মিৰ , বিল্লি নায়াৰ আদিয়ে চলাই গৈছিল। আৰু এইসকল নেতাৰ বিচক্ষণতাতে কৃষ্ণাংগ আৰু ভাৰতীয়ৰ নিজৰ মাজতে হোৱা বিভেদসমূহক একাষৰীয়াকৈ থৈ আফ্ৰিকান নেচনেল কংগ্ৰেছৰ কান্ধত কান্ধ মিলাই একস্বৰে উমৈহতীয়া শত্ৰু বৰ্ণবিদ্বেষী সকলৰ বিৰুদ্ধে যুঁজাৰ কাৰণে অংগীকাৰবদ্ধ হয় । পাছলৈ এ এন চি ৰ সংগ্ৰামখনত মেক মহাৰাজ, লালু চিবা আদি ভাৰতীয়ই গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। মেক মহাৰাজে আনকি নেলচন মাণ্ডেলাৰ লগত একেলগে ৰবীন আইলেণ্ডত কাৰাবাসো খাটিছিল। উল্লেখযোগ্য যে নেলচন মাণ্ডেলাই কাৰাগাৰত থাকোতেই লিখা “লং ৱাক টু ফ্ৰীদম ” খন কাৰগাৰৰ পৰা বুদ্ধিৰে সৰকাই আনি বিশ্বৰ আগত তুলি ধৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল । আনকি স্বাধীনতাৰ পাছত এই মেক মহাৰাজক ট্ৰান্সপৰ্ট বিভাগৰ দৰে গুৰুত্ব পূৰ্ণ মন্ত্ৰী পদো দিয়া হৈছিল ।

১৯৪৯ চনৰ সেই সংঘৰ্ষৰ পাছতেই ভাৰতীয় সকলক আনকি জোৰ জবৰদস্তি ভাৰতীয় সকলৰ বাবে পৃথক টাউনশ্বিপ বনাই তাত থোৱাৰ লগতে নিজাববীয়াকৈ ঘূৰা মেলাতো বাধা দিয়াৰ ব্যৱস্থা কৰা হ’ল। আনকি শ্বেতাংগসকলৰ ঠিক গৃহ ভূমিৰ নিচিনা অৰেঞ্জ ফ্ৰী ষ্টেটত ভাৰতীয় সকলক থকাৰ পৰাও বঞ্চিত কৰা হ’ল। তথাপিও ভাৰতীয় সকলে সংগ্ৰাম অৱ্যাহত ৰাখিলে আৰু ১৯৬১ চনত প্ৰথম বাৰৰ বাবে ভাৰতীয় সকলক দক্ষিণ আফ্ৰিকাৰ নাগৰিক বুলি বৰ্ণ বিদ্বেষী চৰকাৰখনে স্বীকৃতি দিলে।

তাৰ পাছতো কিন্ত্ত ভাৰতীয় সকলৰ সংগ্ৰামৰ অন্ত পৰা নাছিল।কৃষ্ণাংগ সকলৰ কান্ধত কান্ধ মিলাই নেলচন মাণ্ডেলা, ক্ৰীছ হানী আদিৰ নেতৃত্বত বৰ্ণ বিদ্বেষী আন্দোলনত সম্পূৰ্ণ জপিয়াই পৰিছিল ভাৰতীয়সকলেও। সকলোৰে ত্যাগ, সংগ্ৰাম, আন্ত: ৰাষ্ঠ্ৰীয় হেচাৰ ওচৰত নতযানু হৈ বৰ্ণ বিদ্বেষী চৰকাৰে ২৭ বছৰ ধৰি কাৰাগাৰত বন্দী হৈ থকা দক্ষিণ আফ্ৰিকাৰ জনগণৰ মুক্তিৰ প্ৰতীক নেলচন মাণ্ডেলাক ১৯৯০ চনত মুক্তি দি বৰ্ণ বৈষম্যৰ অৱসানৰ দুৱাৰখন খুলি দিলে। তাৰ পাছত ১৯৯৪ চনত নেলচন মাণ্ডেলাৰ নেতৃত্নত গণতান্ত্ৰিক চৰকাৰখন গঠন হোৱাৰ লগে লগেই বৰ্ণ বৈষম্যৰ ইতিহাস অন্ত পৰিল। ১৮৬০ চনৰ পৰা ১৯৯৪ চনত বৰ্ণবৈষম্যৰ অন্ত পৰালৈ ভাৰতীয়সকলে নানা লাঞ্চনা ভোগাৰ লগতে নিজৰ পৰিচয় বুলিবলৈ কেতিয়াবা হৈ পৰিছিল কুলি কেতিয়াবা কৃষ্ণাংগ কেতিয়াবা এছিয়ান আৰু হয়তো কেতিয়াবা ইণ্ডিয়ান । কিন্ত্ত ৰাজনৈতিকভাৱে সচেতন জাতিয়তাবাদী ভাৰতীয় সকলে সদায় নিজৰ ঐতিহ্য পৰিচয়ৰ নাপাহাৰাকৈ স্থানীয় মূলসুঁতিৰ লগত বিলীন হৈ পৰিছিল। প্ৰায় ৫ কোটি জনসংখ্যাৰ প্ৰায় ২০ লাখ ভাৰতীয়। আনহাতে শ্বেতাংগ আৰু অন্যান্য প্ৰায় ৮০ লাখ আৰু বাকীখিনি স্থানীয় খিলঞ্জীয়া কৃষ্ণাংগ। ১৯৯০ চনত মাণ্ডেলাই মুক্তি পোৱাৰ পাছতেই কিন্ত্ত শ্বেতাংগ বৰ্ণবাদীৰ ঠাইত কৃষ্ণাংগ বৰ্ণবাদীৰ অথবা কৃষ্ণাংগ জাতীয়তাবাদৰ সৃষ্টি কৰাতকৈ বিভিন্ন জাতি, বৰ্ণ , ধৰ্ম্ম নিৰ্বিশেষে এক আধুনিক দক্ষিণ আফ্ৰিকা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দি দেশৰ ইমূৰৰ পৰা সিমূৰলৈ ঘুৰি ফুৰিলে। মাণ্ডেলাৰ বিভিন্ন জাতি, বৰ্ণ , ধৰ্ম্ম নিৰ্বিশেষে এক আধুনিক গণতান্ত্ৰিক দক্ষিণ আফ্ৰিকা গঢ়ি তোলাৰ সপোন বকুত বান্ধি ১৯৯৪ চনত দেশখনৰ ৰাষ্ট্ৰপতিৰ ভাৰ বহন কৰিলে আৰু সপোনৰ ৰেইনব' নেচন হিচাবে দক্ষিণ আফ্ৰিকাক গঢ়ি তুলিলে । ১৯৯৪ চনৰ পাছতো ভাৰতীয়খিনিৰ দক্ষিC আফ্ৰিকাৰ সামাজিক ,অৰ্থনৈতিক ক্ষেত্ৰখনত যোগদান অপৰিসীম। বৰ্তমান চৰকাৰখনৰ অতি গুৰুত্বপূৰ্ণ বিত্তমন্ত্ৰী জনও ভাৰতীয় মূলৰে ।

এইখিনি দক্ষিণ আফ্ৰিকাৰ ইতিহাসৰ এক চমু অৱলোকন কৰাৰ প্ৰয়াস কৰা হ’ল লগতে ইয়াৰ পৰা আমাৰ অসমে কিবা নীতিগত শিক্ষা লোৱাৰ বাট ওলাই নেকি তাকো চাব পাৰিনে কি কিবাকৈ। আমি যদি যি কোনো ইতিহাস অধ্যয়ন কৰো আমি দেখিম প্ৰব্ৰজন (বা অনুপ্ৰবেশ যি বুলিয়েই নকওক) এক চিৰন্তন সত্য। নিজক জীয়াই ৰখাৰ সংগ্ৰামত মানৱজাতিয়ে এখন দেশৰ পৰা আন এখন দেশলৈ অথবা এখন মহাদেশৰ পৰা আন এখন মহাদেশলৈ প্ৰব্ৰজন কৰিছিল প্ৰাচীনকালতো। যিদৰে ভাৰতীয় সকলে জীৱনৰ তাড়নাত দক্ষিণ আফ্ৰিকা ওলাইছিলগৈ। ঠিক তেনেদৰেই ধৰা হওঁক বাংলাদেশৰ কিছুসংখ্যক মানুহ (ধৰ্ম নিৰ্ৱিশেষে ) জীৱনৰ তাড়নাত আহি ভাৰত তথা অসম সোমালহি হয়তো অবৈধভাৱে। কোনোবা হয়তো আহিল ১৯৫০ চনত কোনোবা ১৯৭১চনত। এইখিনিতে এটা কথা মন কৰিব লগা এইযে এখন দেশৰ পৰা আন এখন দেশলৈ যোৱা সেই কথা টি কিন্ত্ত ইমান সহজ নহয়। কেৱল পেটৰ ভোকৰ তাড়নাত নিজৰ সমস্ত পৰিয়াল সজ্জন নিজৰ সকলোখিনি এৰি চিৰদিনৰ বাবে আন এখন দেশলৈ গুচি যোৱাতো ভবাতকৈ বহুত কঠিন। আজিৰ দিনটোত দক্ষিণ আফ্ৰিকান ভাৰতীয় সকল ভাৰতলৈ ঘূৰি যোৱাৰ কোনো সম্ভাৱনা নাই। কিন্ত্ত আজি দুই-তিনি প্ৰজন্মৰ পাছতো তেওঁলোকে ভাৰতত নিজৰ পৰিয়ালবৰ্গৰ অস্তিত্ব উলিয়াবলৈ মনেৰে হাঁহাকাৰ কৰা নিজ চকুৰে দেখিছো। আজিও ভাৰতৰ কিবা এটা ভাল হোৱা দেখিলে তেওঁলোকৰো বুকু উফন্দি উঠে অথচ তেওঁলোকে ইতিমধ্যে স্থানীয় মূলসুঁতিৰ লগত মিলি গৈছে।যদি আমাৰ দেশ বা ৰাজ্যলৈয়ো বাংলাদেশী অবৈধভাবে আহিছে তেওঁলোকো কিন্ত্ত পেটৰ তাড়নাতহে জীৱনকো নেওচি আহিছে।

বৰ্ত্তমানৰ এই অবৈধ প্ৰব্ৰজন কেৱল অসম বা ভাৰতবৰ্ষৰে সমস্যানে? তাৰ উত্তৰ একেষাৰতে ক’বলৈ গ'লে সমগ্ৰ বিশ্বতে এতিয়াও বিভিন্ন স্তৰত বিভিন্ন ধৰণেৰে প্ৰব্ৰজন সংগঠিত হৈয়ে আছে। বিশ্বৰ সকলোতকৈ উন্নত দেশ আমেৰিকাৰ পৰা আৰম্ভ কৰি ইংলেণ্ড, ছৌডি আৰৱ সকলোতে এই অবৈধ প্ৰব্ৰজন বিৰাজমান। অকল আমেৰিকাতে ১.২কোটিঅবৈধ প্ৰব্ৰজনকাৰী থকাৰ কথা আমেৰিকাৰ সংসদে মানিলৈ সেইসকলক বৰ্ত্তমান নাগৰিকত্ব দিয়াৰ কথা বিবেচনা কৰি আছে। সেই ১.২ কোটি অবৈধ প্ৰব্ৰজনকাৰীৰ প্ৰায় ৯০লাখ ওচৰ-চুবুৰীয়া দেশ কানাডা, মেক্সিকো আদিৰ লগতে প্ৰায় ২.৫লাখভাৰতীয়, ২.৯লাখ চীনা মূলৰমানুহ। এতিয়া আমাৰ অসম মূলূকত যদি বাংলাদেশী আছে সেইসকলক চিনাক্ত কৰা সঁচাকৈ সম্ভৱ হবনে ১৯৭১চনক ভিত্তি কৰি। ধৰি লোৱা হ’ল সেইয়াও সম্ভৱ হ’ল তথাপিও আজিৰ সময়ত হয়তো আমি অন্য বিকল্পহে চিন্তা কৰিব লাগিব। বিশ্বৰ প্ৰায়বোৰ দেশতে পাঁচৰ পৰা দহবছৰ বৈধভাবে থকাৰ পাছত দেখোন সেইখন দেশৰ নাগৰিকত্ব আহৰণ কৰাৰ যোগ্যতা অৰ্জন কৰে,  , গতিকে যদিও অবৈধ ভাবে তথাপিও চল্লিছ বা পঞ্চাছ বছৰ এই ভূখণ্ডত থকাৰ পাছত সেইজনক কোনো ৰাজনৈতিক সমীকৰণৰ উৰ্দ্ধতগৈ আদৰি লোৱাতোহে ( লাগিলে সংবিধানৰ সংশোধন কৰি হ’লেও) হয়তো বেছি প্ৰেক্টিকেল কথা হ’ব আজিৰ যুগত। তাৰোপৰি তেখেতসকলৰ পাছৰ প্ৰজন্ম যিসকলে আমাৰেই নিচিনা এজনহৈ এইখন দেশতে ডাঙৰ দীঘল হৈছে তেখেত সকলক আদৰি লোৱাৰ কথা ভাবিব লাগিব। নতুন প্ৰজন্মই এইবিলাক কথা নতুন ধৰণেৰে চিন্তা কৰিবই লাগিব, এইয়া সময়ৰ আহ্বান আৰু হয়তো এদিন এই বিদেশী সমস্যা নামৰ অভিশাপটোক নতুন প্ৰজন্মই আশীৰ্বাদলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হ’ব, তাক বেলেগকৈ আলোচনা কৰিব লাগিব।দক্ষিণ আফ্ৰিকাৰ নিচিনা এখন দেশ যি নানা জাতি বৰ্ণ, ধৰ্ম, দেশ-বিদেশৰ মানুহৰ সমন্বয়েৰে গঢ়ি উঠিছে এনেকুৱা এখন দেশ এইক্ষেত্ৰত হয়তো আমাৰ কাৰণে উদাহৰণ হৈ ৰব পাৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages