মনৰ কথা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
'হিমন্ত' উপাখ্যান
ধীমান সিনহা
দৃশ্যপট-১:
আচলতে তপতে তপতে অগ্ৰদূতৰ পৰা এই লেখাটো বিচাৰিছিল। মই বোলো কিবা এটা কামত ব্যস্ত হৈ আছোঁ, আজি নোৱাৰিম। আচলতে হিমন্ত বিশ্ব শৰ্মাৰ লগত সেয়াই সমস্যা, তেওঁৰ সকলো কথাই তপতে তপতে, মানুহকো লাগে তপতে তপতে- অৱকাশৰ প্ৰশ্ন নাহে। আচলতে আমাৰ সময়ৰ ৰাজনৈতিক সকলৰ ভিতৰত বোধহয় তেওঁয়ে প্ৰথম যিজনে তাৎক্ষণিক ডেলিভাৰি বয়ৰ ইমেজটো বনাব পাৰিছে। কটনৰ হোষ্টেলৰ সমস্যা, কথা নাই তপতে তপতে সমাধান, ৰাষ্ট্ৰপতিক আনিব লাগে- কিনো কথা আহিয়েই গ'ল নহয় দুমাহৰ ভিতৰতে। সেয়েই আৰম্ভণি আছিল ছাত্ৰৰাজনীতিৰ জগতখনত, তাৰ পিছত আৰু কেতিয়াও ৰখিব লগীয়া হোৱা নাই। বিধায়ক মন্ত্ৰী হোৱাৰ পিছততো আৰু কথাই নাই, যাৰ উপকাৰ কৰিছে সেয়াও তপতে তপতে যাৰ অপকাৰ কৰিছে সেয়াও। আনকি বিয়াগোম বয়সীয়াল মন্ত্ৰীৰ সমষ্টিতো ৰাস্তা, দলং, চাকৰিৰ বাবে ৰৈ থাকিব লাগে, তেওঁৰ সমষ্টিত নালাগে। সমষ্টিৰ ৰাস্তা চাকৰীৰ পৰা ক্লাবৰ লৰাকেইটাৰ আবেলি মদকণৰ পইচালৈকে চব তপতে। গতিকে তেওঁ সমষ্টিত দেৱতা, সেই দেৱত্ব তৰুণ গগৈয়ে বহু চেষ্টা কৰিও ভাঙিব নোৱাৰিলে। কিন্তু এনেধৰণৰ ৰাজনৈতিক প্ৰত্যুৎপন্নমতিতা আৰু ক্ষমতা তেতিয়াহে আহে যেতিয়া অভূতপূৰ্ব ব্যক্তিগত ক্ষমতা আৰু ধন হাতলৈ আহে। কেৱল মেধা আৰু বুদ্ধিত সেয়া নাহে, তাৰ বাবে হাত আৰু বিবেক ক'লা কৰিবলগীয়া হয় ধনবল বাহুবলৰ ৰাজনীতিত। আৰু সেয়া আৰম্ভ হৈছিল নব্বৈৰ দশকৰ আৰম্ভণিতে।

প্ৰফুল্ল মহন্তৰ চৰকাৰৰ দিনত তেওঁ প্ৰথম 'নয়নৰ মনি' ষ্টেটাছটো পায় আৰু সেয়া বৰ্তি থাকে সৌসিদিনাখন তৰুণ গগৈৰ দ্বিতীয়খন চৰকাৰলৈ। হিতেশ্বৰ শইকীয়াৰ এটা দুৰ্বলতা আছিল, তেওঁ অসমীয়া মধ্যবিত্তীয় সমাজখনৰ পৰা আবেগিক স্বীকৃতি পাবলৈ যি কোনো কাম কৰিছিল। সেয়া একধৰণৰ মেনিয়াই আছিল। হিমন্ত আছিল সেই দুৰ্বলতাৰ আটাইতকৈ বেছি সুযোগ গ্ৰহণ কৰা যুৱনেতা। হিতেশ্বৰ শইকীয়াক আগত ৰাখি অসমৰ বৈধ ৰাজনীতি, অবৈধ ক'লা ধন আৰু বাহুবল ভাবুকিৰ ৰাজনীতিৰ সমগ্ৰ তন্ত্ৰ এই সময়ত হস্তগত কৰে তেওঁ। সেই মূলধনেৰেই আচলতে চলি আছে এতিয়ালৈকে আৰু অপৰিমিত অৰ্থ সম্পদৰ গৰাকী হৈছে। যেতিয়া তেওঁ নিৰ্বাচিত বিধায়ক মন্ত্ৰী হৈছিল, সেয়া একপ্ৰকাৰ আনুষ্ঠানিকতাহে আছিল, তাতকৈ বহু বেছি ক্ষমতা বহু আগৰেপৰাই তেওঁৰ আছিল। গতিকে কইনাধৰাৰ বৰচকীখন মনেৰে তেওঁ বিধায়ক হোৱাৰ প্ৰথম দিনৰ পৰাই বিচাৰিছিল, তপতে তপতে, সেয়াই স্বাভাৱিক আছিল।

তপত তপতৰ খেলেৰে খুউব বেছি সফল ৰাজনৈতিক নেতা হব পাৰি কিন্তু ৰাজনীতিবিদ (ষ্টেটছমেন) হব নোৱাৰি। মানুহৰ দাবীবোৰৰ তাৎক্ষণিক পৰিপূৰ্তিৰ দ্বাৰা জনপ্ৰিয়তো হব পাৰি, চিৰস্মৰণীয় হব নোৱাৰি। আনকি 'এপইচা নখোৱাকৈ টেট শিক্ষকৰ সকলো নিযুক্তি দিয়া'ৰ পিছতো। বা 'চিকিৎসা খণ্ডত যথেষ্ট পৰিবৰ্তন অনা'ৰ পিছতো। তদুপৰি সেই তাহানিৰ পৰাই অলেখ শত্ৰুও গোট খাইছে নহয়, তেওঁৰ অভাৱনীয় উন্নতিত ক্ষতিগ্ৰস্ত হোৱা সকল, তেওঁৰ লেং মৰাৰ ভয়ত সন্ত্ৰস্ত হৈ থকা সহকৰ্মী আৰু অগ্ৰজ ৰাজনৈতিক নেতাসকল। তাৰ ওপৰিও আটাইতকৈ ডাঙৰ শত্ৰু হ'ল তেওঁ আয়ত্ব কৰা তম কূটিলতাবোৰ। আচলতে অতি সৰুতেই তেওঁ শিকিছিল যে মানুহৰ এটা বিক্ৰীমূল্য থাকে, সঠিক সময়ত সঠিক দৰটো জানিলে মানুহক কিনিব বেছিব পাৰি- সমষ্টিৰ ক্লাবঘৰৰ ল'ৰাকেইটাৰ পৰা ৰাজ্যসভাৰ নিৰ্বাচনত ভোট দিয়া নিদিয়া বিধায়কসকললৈ। এই জ্ঞানটো বৰ বিষময়, ঠিকে থাকিলে ঠিকে থাকে, কেতিয়াবা আকৌ সুতে মূলে ডুবায় ( ইন্দিৰা গান্ধীও ডুবিছিল)।

 
এনেকুৱা এটা প্ৰেক্ষাপটত, এনেবোৰ বাকছ (লাগেজ) লৈ হিমন্ত বিজেপিলৈ গ'ল। লগত তেওঁৰ জিভাখন আৰু মগজু, এটা সফল চেনেল, কাকত এখন, বেছ ধন, 'জাৰিৰ দা' (তেওঁৰ পত্নীৰ চেনেলৰ সম্পাদক), জয়ন্ত মল্ল আদিৰ শুভাশিষ লৈ। ও, আৰু এটা কথা, জালুকবাৰী সমষ্টিটো হেনো আজিও তেওঁৰে হৈ আছে। শুনামতে তেওঁক বেয়াকৈ ক'লে আজিও তাৰ কিছুমান অঞ্চলত লপাথপা খোৱাৰ ভয় আছে।
 
দৃশ্যপট-২
আজি দুসপ্তাহমান আগতে গুৱাহাটীৰ প্ৰতিষ্ঠিত কাকত এখনৰ বন্ধু সম্পাদক এজনৰ কক্ষত লঘু আড্ডা। লগত এজন সামাজিক কৰ্মী এজন আৰু সাংবাদিক বন্ধু দুজনমান। শেষলৈ হিমন্ত বিশ্ব প্ৰসংগ ওলাল। 'শেষলৈ কি হব'? মোৰ যৌৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ তেওঁ আৰু তেওঁৰ ব্ৰেন্ডৰ ৰাজনীতিৰ বিৰোধত 'নষ্ট' (?) হৈছিল। পেট পঢ়িব এতিয়াও শিকা নাই কিন্তু বেছ চিনি পাওঁ তেওঁৰ ৰাজনীতি আৰু কূটনীতিক।

মই ক'লো যে সাধাৰণতে এনেধৰণৰ ৰাজনৈতিক নেতাৰ এটা ভয় থাকে শেষলৈ অমৰেশ পুৰীৰ দৰে পাব্লিকে খেদি খেদি মৰিয়াব নেকি। কিন্তু অপৰ্যাপ্ত অৰ্থ আৰু 'দূৰদৰ্শিতা'ৰ ফলত অন্ততঃ তেওঁৰ ক্ষেত্ৰত তেনে ভয় নহোৱাৰ দৰেই। ৰিণিকীৰ (তেওঁৰ পত্নী) সংবাদ প্ৰতিষ্ঠানটো অভূতপূৰ্বভাৱে ব্যবসায়িক ভাৱে সফল। সমুজ্জল ভট্ট, অখিলৰ পৰা বিশ্ববিদ্যালয়ৰ অধ্যাপকলৈ তালৈ নগলেই নচলে। যেন দুটা মানদণ্ড, দিনটো সেই ব্ৰেন্ডৰ ৰাজনীতি, দুৰ্নীতিৰ ( কেৱল তেওঁয়েই নহয় অৱশ্যে) আনুষ্ঠানিক বিৰোধ, প্ৰতিবাদ- সন্ধিয়া আকৌ সেই প্ৰচাৰ যন্ত্ৰৰ অংশ হবলৈ উথপ্থপ্।

এনেধৰণৰ ব্ৰাহ্মণ্যবাদী (এই শব্দটো মই ফেচবুক আপডেটত ব্যৱহাৰ কৰিছিলোঁ, তেওঁ অমিত শ্বাহৰ ঘৰলৈ যোৱাৰ পিছতে। কাকতালীয়ভাবে ৰাতি অখিলে (গগৈ)য়েও সেই শব্দটোৰে একেধৰণৰ ভয়ে প্ৰকট কৰিলে এটা নিউজ চেনেলত। মই কেৱল বামুণ জাতিটোৰ কথা কোৱা নাই) মধুচক্ৰৰ খেল যুগ যুগ ধৰি চলি আহিছে, পটকৈ চকুত নপৰে অথচ তেওঁলোকে চব পাৰে, অইনে কৰিলেহে বিৰাট অপৰাধ। মই পাহৰা নাই হিমন্তই ৰাজবংশী প্ৰাৰ্থী এজনক সেই তাহানিবাই বঙাইগাওঁত মেইনচুইচ অফ কৰি সমুজ্জলদাক জিকাই অনাৰ বুৰঞ্জী। প্ৰাৰ্থীজন মোৰ সম্বন্ধীয়া আছিল কিন্তু তৎসত্বেও মোৰ কেৰিয়াৰ পিছ পেলাই কটনত মই আছু কৰিছিলোঁ ( সেই সময়ত কটনত আছু নাছিলেই প্ৰায়)। চব কৰিব পাৰি, চব ঠিকে চলি থাকে যদি সেই শৃংখলটোত (চেইন), সেই লবীটোত ( আই.এ.এছ প্ৰভূসকলৰ লবীটোক পাহৰিলে নেকি) আপুনি থাকে। গতিকে আজিও হিমন্তই মধুচক্ৰৰ নতুন সংস্কৰণ আৰম্ভ কৰিছে ( আগতে, আছু, এজিপি, আলফা, কংগ্ৰেছ সংস্কৰণ পাৰ কৰি আহিছে)। আচৰিত হ'বলগীয়া কিবা আছে জানো? 
 
দৃশ্যপট্-৩
মাক লৈ গয়ালৈ গৈছোঁ। গৈয়ে আহিম, পাটনাত অপাৰেশন দুদিন পিছত। এজন পান্ডাজাতীয় যুবকে লগ দিলে। আমি ক'লো যে ধৰ্মীয় কাৰ্য্য আজি সম্ভব নহয় কেবল এবাৰ চাবলৈহে আহিছোঁ। তেওঁ তথাপিও লগত থাকিল, এনেয়ে, আমি অলপ চাই মেলি উভতিবলৈ ওলালোঁ। তেওঁ জনালে তাত তীৰ্থযাত্ৰীৰ বাবে হিমন্ত বিশ্ব নামৰ অসমৰ মন্ত্ৰীজনে বিৰাট অভ্যৰ্থনা গৃহ সাজি দিছে আমি যাম নেকি? যৎসামান্য অৰ্থ তেওঁৰ হাতত দি কলোঁ যে আমি উভতিম এতিয়া। অপৰিমিত অৰ্থ আৰু কূটিলতাই ব্যবসায়, সঞ্চয়, বিনিয়োগৰ ওপৰিও আৰু এটা কাম কৰে- ধৰ্মীয় সমাজবোৰ কিনিব পাৰি। হাজাৰ হাজাৰ বছৰ জোৰা ধৰ্মযুদ্ধবোৰ (ক্ৰুছেদ) ধৰ্মৰ কাৰণে যিমান হৈছিল, ধন-সোণৰ বাবে তাতকৈ বেছিকৈ হৈছিল। পিছলৈ গম পালোঁ, আৰ এছ এছে হেনো 'বিশেষ ভূমিকা' লৈছিল তেওঁৰ বিজেপি যোগদানত (তেওঁৰ এজন ভাতৃ গেৰুৱাপন্থী আছিলেই আগৰপৰাই)। এতিয়া বিৰাট হিন্দু 'সপোন' আৰু নতুন 'মন্দিৰবোৰ' নিৰ্মাণৰ তেওঁ নতুন কাণ্ডাৰী হব। মূল্যবোধবোৰতো মনুবাবাই কেতিয়াবাই ঠিক কৰি থৈছে। আৰু গুজৰাটৰ পাইপেৰে তেজ নবয়, লুই বাৰ্গাৰ কিহে? গতিকে মই আচৰিত হ'ব নোৱাৰিলোঁ।
 
দৃশ্যপট-৩
অৱশ্যে বিৰাট ৰসাল আৰু জমনি হিমন্ত কাণ্ড। আনকি মইয়ো সেইদিনা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় চেনেল বাদ দি ( সদায় চাওঁ) জাৰিৰ 'দা'হঁতক চালোঁ নিৰবিচ্ছিন্ন ভাবে। কিন্তু ফুচকা বা ভূজিয়া মূখ্য খাদ্য হব জানো ভবিষ্যত ৰাজনীতিৰ ডাইনিং টেবলৰ? হ'লে বিশেষ হিতকাৰী হ'ব জানোঁ??

 
দৃশ্যপট ৪
বিনামূলীয়া উপদেশ: সৰ্বাদা ই আজিকালি আবৰ্ত ভবনত প্ৰায়ে দৰবাৰ বহুৱায়। নদীপাৰৰ ফালৰ কোঠালী এটাত এখন চোফাত তেওঁ বহি থাকে আৰু দৰ্শনাৰ্থীসকলে আৰ্জি লৈ দলে দলে কোঠাটোত ওলোৱা সোমাৱা কৰে। এদিন মইয়ো গৈছিলোঁ কাম এটা লৈ। বহুদিনৰ মূৰত সৰ্বাদাক লগ পালোঁ। মনত পৰিল তাৰ পৰাই হিতেশ্বৰ শইকীয়াৰ দিনত অসমৰ ছাত্ৰ ৰাজনীতি ক্ৰয় বিক্ৰয় কৰিছিল হিমন্তই। এবাৰ মোকো হৰুৱাইছিল কটনৰ এটা অতি কুখ্যাত আৰু চৰ্চিত নিৰ্বাচনত।

 
সৰ্বাদাই বহা চকীখন মজবুত কৰা ভাল। কি ঠিক, কেতিয়াবানো টান পৰে।

লেখাটি দৈনিক অগ্ৰদূত কাকততো প্ৰকাশ পাইছিল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages