Tuesday, August 25, 2015

জীৱনৰ অনুভৱ

ভাল 'চোৰ' জোঁৱাইৰ সন্ধানত...
অৰুণজ্যোতি দাস
বন্ধুৰ বাবে ছো‌ৱালী চাবলৈ গৈছো। বন্ধু‌ৱে স্নাতকোত্তৰ সামৰাৰ পাছত দুই-তিনিবছৰ চাকৰি বিচাৰি ‘ভাল চাকৰি’ নাপাই স্থায়ী পদৰ কেৰাণী পদবী এটাতে কাম কৰি আছে । চাহৰ পৰ্বটি হৈ যো‌ৱাৰ পাছত ভাত খো‌ৱাবৰ বাবে যো-জা কৰিছে। মই বন্ধুৰ খাতিৰতে গৈছো যদিও লগত যো‌ৱাৰ অন্য এটা কাৰণো আছিল এই খানাটো। নক’লেও হ’ব যে ছো‌ৱালী চাবলৈ যো‌ৱা মানুহক মাছে-মঙহে ভালদৰে খুও‌ৱাৰ আয়োজন চলেই। আৰু ভাল খানা পো‌ৱা ঠাইলৈ এই অমুকা নোযো‌ৱাৰ কথাই নুঠে ! সকলো ঠিকেই আছিল, আশা পালি বহি থকা সময়কণো আহি পাইছিলহি। পিছে ছো‌ৱালীৰ দেউতাকৰ মাত্ৰ এটা প্ৰশ্নই সকলো ওলট-পালট কৰি দিলে। পি. ডব্লিউ. ডি.ত জুনিয়ৰ ইঞ্জিনীয়াৰ হিচাপে কৰ্মৰত মানুহজনে সোধা সেই আহুকলীয়া প্ৰশ্নটো আছিল –‘তোমাৰ দৰমহাৰ হিচাপ-নিকাচ বাৰু মই জানিলো, পিছে বাহিৰা পইচা-পাতি কিমান মান পো‌ৱা?’ বন্ধুৰ হৃদয়ত থুপ খাই থকা এশ-এবুৰি ক্ষোভ ওলাই আহিবলৈ যেন এই মানুহজনে ৰুদ্ধ দু‌ৱাৰখন খুলি দিলে। ভিতৰত নি:শব্দে ভাতৰ কাঁহি সজাই থকা মাক-জীয়েক আৰু খুড়ীয়েকহঁত আহি চ’ৰা-কোঠা পালেহি। বন্ধুৰ মাত উচ্চৰপৰা উচ্চতৰ হৈ পৰিল আৰু মই থৰপৰা কপৌটো হৈ কিংকৰ্তব্যবিমূঢ় হৈ পৰিলো। শেষত যেনিবা একমাত্ৰ মধ্যস্থতাকাৰীহিচাপে ময়েই বিষয়টো শাম কটাই দায়-দোষ মৰিষণ কৰিব বুলি ক্ষমা ভিক্ষা কৰি খালী পেটেৰেই আহি ঘৰ পালোহি ।

সিদিনাখন ৰাতি ঘটি যো‌ৱা ঘটনাটোৰ পৰ্যালোচনা কৰি মাথো দুটা কথাই মই ভা‌ৱি পালো । তাৰে প্ৰথমটি হ’ল এই যে, আজিৰ সময়ত মানুহে কে‌ৱল টকা থকাজনকহে সন্মান কৰিবলৈ শিকিছে, লাগিলে তেওঁৰ সেই উপাৰ্জন কোনো অসৎ পন্থাৰে অৰ্জন কৰাই হওঁক ! আৰু দ্বিতীয় কথাটি হ’ল সংখ্যাত অতি তাকৰ হ’লেও, কে‌ৱল সৎ ভা‌ৱে উপাৰ্জন কৰা আৰু নিজৰ সততাৰ ওপৰত সম্পূৰ্ণ আস্থা ৰখা মানুহো বৰ্তমানে এই পৃথি‌ৱীত জীয়াই আছে । ফলত দুয়োটা কথাই মিলি মোক যিমান পৰিমাণে হতাশ আৰু উদ্বিগ্ন কৰিলে, সমান পৰিমাণে আশাবাদীও কৰিলে। আৰু শেষত এইটো কথাই উপলব্ধি কৰিলো যে, দুয়োটাই যেতিয়া পৰস্পৰ-বিৰোধী নীতি, গতিকে বৰ্তমানে আমি যিটোৰ সমৰ্থনতে নিজৰ সঁহাৰি আগবঢ়াম, সেইটো‌ৱেই এসময়ত সমাজত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হ’ব। এনে এক পৰিপেক্ষিতত সততাৰপ্ৰতি মানুহৰ আত্মীয়তাবোধ বৃদ্ধি পো‌ৱাটো অত্যন্তই প্ৰয়োজনীয় বুলি বিবেচনা কৰিছো ।

কিন্তু বস্তুবাদী এই পৃথি‌ৱীত বৰ্তমানে মানুহে ৰাতিটোৰ ভিতৰতে ধনী হ’ব পৰা চুটি আৰু সহজ পথটোৰ প্ৰতিহে বেছি আকৃষ্ট । যিসকলৰ নিয়মিত উপাৰ্জন নাই সেইসকলৰ কথা বাদেই, উপাৰ্জন কৰি থকাসকলেও কেনেকৈ কিবা এটা কৰি নিজৰ আৰ্জন দুগুণ-তিনিগুণ কৰিব পাৰি তাৰেইহে চিন্তাত মগ্ন হো‌ৱা দেখা যায়। ফলস্বৰূপেই ভোগৰ প্ৰতি মানুহৰ লালসা দিনক দিনে বাঢ়ি আহিছে আৰু অসৎ উপায়বোৰো মানুহে অতি সহজভা‌ৱে আয়ত্ব কৰিবলৈ শিকিছে। মোৰ কৰ্মথলীৰ কাষতে আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আৰু তাৰ ওচৰতে এখনি সৰু দোকানত মই দৈনিক ৰুটি-চাহ খাবলৈ যাওঁ। আৰক্ষী বিভাগটোত কাম কৰা ভিন্ন পদবীৰ লোকে তাত আদ্দা মাৰোতে পতা কথাবোৰ শুনি আচৰিত হওঁ । তেওঁলোকে কয় কিদৰে সৌ‌ৱা অমুক থানাৰ অ.চি.য়ে মহানগৰৰ দুই-তিনিঠাইত অট্টালিকা সাজিছে, কোনজন বিষয়াই কাৰপৰা কেনেদৰে ঘোঁচ লৈ গাড়ী কিনিছে ইত্যাদি। আৰু আচৰিত কথা, তেওঁলোকৰ ভা‌ৱ-ভাষাত মূৰ্তমান হয়, এইবোৰ যেন অতি সাধাৰণ কথা। এনে কাম-কাজ কৰিবপৰাসকলহে যেন গুণী-জ্ঞানী পুৰুষ যিসকলক অনুকৰণ নকৰিলে তেওঁলোকৰ যেন নিস্তাৰ নাই ! দুজনমান ট্ৰেফিক কনিষ্টবলে কথা পতা শুনো, তেওঁলোকে হেনো নিজৰ ঘৰৰ ওচৰলৈ বদলি হো‌ৱাতকৈ অলপ দূৰৰ জিলা এখনলৈ বদলি হো‌ৱাটোহে ভাল পায়। যিসময়ত প্ৰায় সকলো মানুহেই নিজৰ ঘৰখনৰপৰাই কৰ্মথলীলৈ যাব বিচাৰে, তেনেস্থলত তেওঁলোকৰ এই আচৰিত আকাংক্ষাৰ কাৰণ সুধি জানিলো, ঘৰৰ ওচৰতে ‘ডিউটি’ হ’লে হেনো চিনাকী মানুহ বহুত হয়, গতিকে কোনো এজনো মানুহকে আগুছি ধৰি টকা-সিকি এটা সৰকাব নো‌ৱাৰে। অচিনাকী ঠাইত বোলে সেই অসুবিধাটো নাই। কথাটো ভা‌ৱি চালো, হয়। মই নিজেই দেখোন ১৪ আগষ্টৰ দিনা ট্ৰেফিক আৰক্ষীক দুশ টকা দিবলগীয়া হ’ল। বাইকৰ ৰেজিষ্ট্ৰেছন, চালনাৰ অনুজ্ঞাপত্ৰ, হেলমেট, জোতা - এই সকলোখিনি থকাৰ পাছতো বীমা নোহো‌ৱাৰ অজুহাতত সিদিনা চালান এখন দি চাৰিটা ট্ৰেফিক পুলিছে মোৰপৰাও টকা লুটিলে, স্বাধীনতা দিৱসৰ প্ৰাক্-ক্ষণত লুটাৰ স্বাধীনতাটো উপভোগ কৰিলে। পাছত ইজনক সিজনক সুধি গম পালো যে বীমা কৰো‌ৱাটো বা নকৰো‌ৱাটো হেনো চালকজনৰ নিজস্ব স্বাধীনতা, তাৰ কোনো বাধ্য-বাধকতা নাই!

ঠিকে একেদৰেই এই ১৫ আগষ্টৰ আগে আগে অন্য এদিন গু‌ৱাহাটীৰপৰা নগা‌ৱঁলৈ ট্ৰেভেলাৰত আহোঁতে নগাওঁ কলেজৰ সমুখত মানুহ নামিবলগীয়া আছিল বাবে গাড়ীখন ৰখালে । পাছফালৰপৰা জীপ এখনত ট্ৰেফিক–পুলিছ কেইটামান আহি গাড়ীৰ কাগজ-পাতি তেওঁলোকৰ জীপগাড়ীৰ ওচৰলৈ লৈ আনিবলৈ নিৰ্দেশ দিলে (তেওঁলোকে আকৌ অন্য মানুহৰ গাড়ীৰ ওচৰলৈ নিজে আহি পৰীক্ষা নকৰে, ড্ৰাইভাৰ-হেন্দিমেনেহে জীপৰ ওচৰলৈ গৈ দেখু‌ৱাব লাগে!) পাঁচ মিনিটমান উচ্চস্বৰত গালি পৰাৰদৰে শুনিলো। অ‌ৱশেষত ড্ৰাইভাৰ-হেন্দিমেন ঘুৰি আহিল। মই সুধিলো, “কাগজ-পত্ৰ ঠিকে নাই নেকি তোমালোকৰ?” । তেওঁলোকে ক’লে – “কি ক’ব দাদা, কাগজ-পাতি সকলো একেবাৰে আপ-টু-দেট আছে।পলিউছন-ইঞ্চিউৰেন্সলৈকে । কিন্তু একোতে উলিয়াব নো‌ৱাৰি এনেই দম দি এই জাগাত গাড়ী ৰখো‌ৱাৰ বাবেই দুশ টকা ফাইন ল’লে।” মই ক’লো, -“এই ঠাইত দেখোন সকলো গাড়ীয়েই ৰখায় ।” ড্ৰাইভাৰজনে মাথো মুখেৰে ভোৰভোৰাই পুলিছকেইটাক মৃত্যুৰ অভিশাপ দিয়াৰ বাদে মোক একো নক’লে। গম পালো, প্ৰতি ১৫ আগষ্টৰ আগে আগে তেন্তে পুলিছসকলৰ এনে ‘বাহিৰা পইচা’ অৰ্জন কৰাৰ উজান উঠে ।


নিজৰ জীয়ৰীক বিয়া দিবৰ পাবে যোগ্যতা বিচাৰি যেতিয়া ‘বাহিৰা পইচা’ আৰ্জনকে মানদণ্ড হিচাপে গণ্য কৰা হয় , তেন্তে এই সমাজত তেনে অতিৰিক্ত অৰ্জন নকৰাসকলৰ স্থান কি ? ভাল ঘৰ এটা, গাড়ী ,নামী-দামী টিভি,‌ৱাশ্চিং-মেছিন, এ.চি. – এইবোৰ নহ’লে তাৰমানে আজিৰ সমাজত কোনো এজন ব্যক্তিৰ স্থান নাই নেকি ?এনে মানসিকতাৰ অভ্যুত্থানে আমাৰ সমাজক কোন দিশে আগু‌ৱাই নিছে ? এই প্ৰশ্নবোৰ নিজকে নিজে সুধি প্ৰতিজনেই নিজকে শুধৰণি কৰাৰ সময় সমাগত ।

পঢ়া-শুনা কৰিও এজন মেধা‌ৱী ছাত্ৰই যদি চাকৰিৰ বাবে ঘোঁচ দিব লগা হয়, তেন্তে সেই ল’ৰাজনেই চাকৰিৰ নামত তেওঁ খৰছ কৰা সমুদায় ধনখিনি সেই চাকৰিটোৰপৰাই উলিয়াই ল’বলৈ নিবিচাৰিব নে? আৰু এই অতিৰিক্ত ধনখিনি ক’ৰপৰা আহিব? হয় সি চৰকাৰী ধন আত্মসাৎ কৰিব, নহ’লে জনসাধাৰণৰপৰাই সেয়া উঠাই ল’ব বিচাৰিব। এনেকেই আমি আমাৰ সমাজত দুৰ্নীতিৰ বিষবাস্প সিঁচি নতুন চামক প্ৰদূষিত কৰা নাই নে? অনাগত হাজাৰ হাজাৰ বছৰলৈ দাগ বহাই দিব পৰা এই নৈতিক স্খলনৰ বাবে দায়ী প্ৰকৃততে কোন ? আমি নিজেই নহয় নে? আহক, এখন সুস্থ সুৰুচীপূৰ্ণ সমাজ গঢ়াৰ স্বাৰ্থত আমি আমাৰ অতিৰিক্ত ভোগৰ লালসাক বিসৰ্জন দিওঁ । সপ্তাহত এবাৰকৈ হ’লেও আমি মাছে-মঙহে খাবলৈ পাইছো‌ৱেই, কিয়নো আমি আমাৰ এসাজ মঙহৰ মূল্যৰে একেবাৰে খাবলৈ নোপ‌ো‌ৱা পেটত গামোছা বান্ধি থকা এজনক চাউল কিনি নিদিওঁ ?

No comments:

Post a Comment