Wednesday, August 19, 2015

জীৱনৰ অনুভৱ


'শুৱনি আমাৰ গাওঁখনি অতি' বনাম মুম্বাই
লক্ষ্য জ্যোতি নাথ

দুদিনমানৰ আগৰ কথা; বিশেষ কাম এটাত এঠাইলৈ বুলি ওলাই আহিছিলো। আবেলি সময় তাতে আমি হৈছো অসমৰ চাহৰ কানিয়া মানুহ, দিনটোত ৰাতিপুৱা-গধূলি দুকাপ চাহ ডিঙিত নেপেলালে গাটো কিবা সতেজ সতেজ নালাগে। মুম্বাই চহৰৰ ৰাস্তাৰ কাষতে থকা সৰু চাহৰ দোকান এখনত সোমালো। দোকানখন ধৰক আমাৰ অসমৰ চেন্টাৰবোৰত বা গুৱাহাটীৰ অলিয়ে-গলিয়ে থকা ৬-৭ জন মানুহ বহিব পৰা চাহৰ দোকানখনৰ সমান। চাহৰ অৰ্ডাৰ দি বেঞ্চখনতে চাহ অনালৈ অপেক্ষা কৰি আছো কাষতে মোৰ লেপটপৰ বেগটো লৈ।

তেনেতে বিবাহিত মহিলা এগৰাকী দোকান খনলৈ সোমাই আহিল লগত এটা সৰু ল'ৰা লৈ। মই বোলো চাহ খাব আহিছে চাগৈ সেইবাবে লগে লগে বেগটো কোচতে লৈ মানুহজনীয়ে বহাত অসুবিধা পাই বুলি বেঞ্চখনৰ কাষ পালোগৈ। কিন্তু মানুহগৰাকী সেই ঠাইত বহা দূৰৰ কথা দুপ-দুপকৈ ওপৰলৈ উঠি গ'ল। মই ওপৰলৈ চাই থকাতে থাকিলো। তেতিয়াহে লক্ষ্য কৰিলো, বাচন ধোৱা সৰু ঠাইকণতে জখলা এডাল আছে। মোৰ বুজিবলৈ বাকী নাথাকিল যে সেই সৰু অকণমানি চাহৰ দোকানখনৰ ওপৰতো মানুহ থাকে বুলি। এনেই নকয় "বম্বাই নগৰীয়া..." ইয়াত মানুহক থাকিবলৈ বিশাল ঘৰ নালাগে। মূৰৰ পৰা ভৰিলৈকে ঢাক খাব পৰা, ৰ'দ-পানী নপৰা ঠাই এডোখৰ পালে সেইটোৱে তেওঁলোকৰ ঘৰ। তাতে আলমিৰা-চকী আনি, সংসাৰ চলাই, সন্তান জন্ম দি ডাঙৰো কৰে। দুখীয়া মানুহে ৰাস্তাৰ কাষত মুকলি ঠাই এডোখৰ পালেও তাতে পলিথিন আদি লগাই ঘৰ বনাই লয়। মুম্বাই দৰে নগৰবোৰত এইবোৰ দেখি দেখি আমাৰ অসমখনত আমি কিমান মুকলিকৈ থাকো ভাবিলেই ভাল লাগি যায় মনটো।

আমাৰ অসমৰ ঘৰবোৰত আগফালে এখন আৰু পিছফালে এখন ডাঙৰ চোতাল থাকিবই লাগিব। দেউতা বা ককাহঁতে চোতাল নৰখোৱাকৈ ঘৰ বনোৱা আৰম্ভ কৰা দেখিলে বহু দূৰলৈকে চিন্তা কৰি কয় "অই ল'ৰাটোৰ/ছোৱালীজনীৰ বিয়া পাতিবলৈ, ঘৰত কাম-সকাম এটা পাতিবলৈ চোতাল এখন লাগে নহয়, ঘৰটো অলপ ৰাস্তাৰ পৰা পিছলৈ বনা..."। ঘৰৰ পাছফালে তামোল-পাণ গছ, বাঁহগছ থকা সৰুকৈ হ'লেও বাৰী এখন লাগেই। ঘৰৰ ভিতৰত যেনেকৈ বিচনা, চকী-টেবুল, আলনা আদি থাকিবয়ে লাগিব তেনেকৈ বাহিৰত চোতাল, বাৰী এখন থকাতো যেন বাধ্যতামূলক আমাৰ অসমত।

কেতিয়াবা সেইবাবে ভাবো ক'ত আমাৰ সৰগৰ দৰে মুকলি, সেউজীয়া অসমখন; ক'ত এই যান্ত্ৰিকতাপূৰ্ণ, হেচা-ঠেলাত থকাৰ দৰে লগা মুম্বাইখন! আজিকালি গুৱাহাটীত থাকিলেও হেচা-ঠেলাত থকা যেন লগা হ'ল। মাজে মাজে এনে চহৰবোৰত থাকিলে এনে লাগে যেন উশাহেই বন্ধ হৈ যাব ইয়াত। বহুলোক বিভিন্ন কাৰণত বা কৰ্মসূত্রে অনিচ্ছা স্বৰ্তেও প্ৰিয় গাওঁখন এৰি চহৰত থাকিবলৈ বাধ্য হয়। বহুলোকে আকৌ গাওঁৰ ১০ বিঘা মাটি বেছি চহৰত ১ কঠা মাটি কিনি বা ২-৩ টা কোঠা থকা ফ্লেট(!) কিনি নিজেই চহৰত থাকিব আহে। গাঁৱৰ গঞাৰ বাৰীতে হোৱা শাক-পাচলি, ফল-মূল এৰি নগৰত বৰফৰ কোঠাত ৰখা শাক-পাচলি খাবলৈহে যেন ৰাইজ নগৰলৈ আহে। সকলোৰে নিজৰ নিজৰ পচণ্ড।

অইনে কি ভাল পাই নাজানো, মই পিছে গাওঁতে জন্ম হৈ মুকলিত ডাঙৰ হোৱা বাবে গাওঁৰ সেউজীয়া, মুকলি পৰিবেশতে থাকি ভালপাওঁ। ইমান দূৰত চাকৰি হোৱা বাবেহে মুম্বাই চহৰত আছোহি। সেইবাবেই আজি-কালি সৰুতে পঢ়া এই কবিতাটোলৈ প্ৰায় মনত পৰে “শুৱনি আমাৰ গাওঁখন অতি, শুৱনি গছেৰে ভৰা; ডাল ভৰি ভৰি ফল ফুল লাগে, কত পাওঁ তল সৰা…”

লেখক নৌ-সেনা বাহিনীত মুম্বাইত কৰ্মৰত, মোবাইল -০৯৯৬৯৩৪০৫৮৭

No comments:

Post a Comment