Saturday, August 29, 2015

মনৰ কথা

সন্তানক দিব খোজা পৃথিৱীখন
বিপাশা বৰা
আমি সপোন দেখিছিলো আমাৰ আহিবলগীয়া সন্তানে এখন জাতিহীন ,বৰ্ণহীন, লিংগবৈষম্যহীন আৰু ঈশ্বৰহীন পৃথিৱীত খোজ কাঢ়িব৷পিছে পৃথিৱীখন আমি ভবাৰ দৰে সহজ আৰু সুন্দৰ নহয়! আভাসী পৃথিৱীত বাছি বাছি বন্ধুত্বৰ প্ৰস্তাৱ গ্ৰহণ কৰা স্বত্বেও দেখো বহু মানুহৰে মনবোৰ ঠেক৷ তেওঁলোকে নিজৰ পত্নী প্ৰেয়সীকতো দুৱাৰ মাৰি ৰাখিব খোজেই, চ’ছিয়েল নেটৱ’ৰ্কিঙ চাইটতো নাৰীয়ে কি পিন্ধা উচিত, আদৰ্শ নাৰী কেনে হ’ব লাগে, উপদেশ দিবলৈ নেৰে৷ তেওঁলোকে নাৰীৰ প্ৰতিভাক স্বীকাৰ কৰিবলৈ টান পায়, নাৰী মাত্ৰেই সোণৰ জখলা এডাল পাৰি থোৱা থাকে বুলি তেওঁলোকে বিশ্বাস কৰে ৷ 

তদুপৰি, নিজে জন্ম লোৱা জাত-কুলক আনতকৈ শ্ৰেষ্ঠ জ্ঞান কৰি আন সম্প্ৰদায়ক সুযোগ পালেই হেয় প্ৰতিপন্ন কৰিবলৈ তেওঁলোক সদা-সচেষ্ট ৷ মোৰ বিয়াৰ সময়তে কত যে বৰ্ণহিন্দুৰ অৰ-তৰ পৰা উফৰি অহা তিতকাৰি মোৰ প্ৰতিলোম বিবাহক লৈ !! ভাগ্য ভাল যে তেনে সাম্প্ৰদায়িক, ঠেক চিন্তা- চৰ্চাৰ নিজ জাতৰ মানুহৰ লগত মই জীৱনটো কটোৱাৰ কথা ভাবিব লগা নহ'ল ৷

তৃতীয়তে সেই শ্ৰেণীৰ মানুহ, যিসকলে নীতি-আদৰ্শহীন আৰু দূৰ্নীতিগ্ৰস্ত ৰাজনীতিকৰ অনুগত ভৃত্যৰ দৰে আচৰণ কৰে৷ তেওঁলোকে নিজৰ মেধাতকৈও কাৰোবাৰ দয়াৰ বাবেহে চাকৰি পোৱা বুলি বিশ্বাস কৰে আৰু প্ৰভুভক্তি দেখুৱাবলৈ ছ’চিয়েল মিডিয়াত গুন গান গাবলৈ নেৰে ৷ বৰ হাঁহি উঠে তেওঁলোকৰ প্ৰভুসকল আৰু ভক্তসকলৰ সময়ে সময়ে দিয়া বক্তব্য আৰু গিৰকিটৰ দৰে সলোৱা ৰং দেখি ৷ 

কেতিয়াবা বিৰক্তিত আনফ্ৰেইণ্ড কৰিবলৈ লৈও থমকি ৰ’ব লগা হয় ,কিয়নো ফ্ৰেইন্ডলিষ্টৰ বেছিভাগেই স্কুল-কলেজ- বিশ্ববিদ্যালয়ৰ বন্ধু, এসময়ৰ সহকৰ্মী,বিভিন্ন মেল-মিটিঙত চিনাকি মানুহ৷ সেই সুহৃদ বন্ধুসকল এতিয়া পৰিৱৰ্তিত হৈছে একোজন ধৰ্মান্ধ, উগ্ৰ জাতীয়তাবাদী, সোঁপন্থী নেতাৰ অনুগত, সাম্প্ৰদায়িক ব্যক্তিলৈ৷ এইটোও মোৰ বাবে দুখৰ কথাই৷ সদায় উঠা-বহা কৰা মানুহখিনিয়েই এনে, বৃহত্তৰ সমাজখনৰ কথা বাদেই দিলো৷

এনে লাগে যেন,
আমাৰ সন্তানক আমি দিব খোজা পৃথিৱীখন আমি কোনোদিনেই দিব নোৱাৰিম !!!

No comments:

Post a Comment