জীৱনৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

ভগৱানৰ নামত আপুনি
কিমান হাজাৰ টকা দান কৰে!লক্ষ্য জ্যোতি নাথ
মুম্বাইত  বিগত বৰ্ষত গণেশ পূজা চলি থকা সময়ৰ কথা; মই লালবাগৰ বিখ্যাত গণেশ  দর্শন কৰিব গৈছিলো। দর্শন কৰি অহাৰ দুদিন মান পাছত মোৰ ইউনিফর্ম যোৰ অলপ মেৰামতি কৰিবলৈ আমাৰ হস্পিতালৰে দর্জী এজনৰ ওচৰত গ'লো, তেওঁ মোৰ ইউনিফর্ম যোৰৰ কামো কৰি আছে বিভিন্ন কথাও পাতি আছে, তেখেত আকৌ ইছলাম ধৰ্মী। মাজতে এবাৰ সুধিলে গণেশ পূজা চাবলৈ লালবাগ লৈ গ'লানে নাই?

মই উত্তৰ দিলো যে গ'লো দুদিন আগতে। তেওঁ মোক আকৌ এটা বেলেগ সুৰত সুধিলে গণেশৰ নামত কিমান টকা দান দিলা ; মই ক'লো "বেছি নহয় মাত্র ১০ টকা"! তেওঁ আকৌ ক'লে "কিয় মানুহে দেখোন হাজাৰ টকীয়া নোট, পাঁছশ টকীয়া নোট, এশ টকীয়া নোট দিয়ে তাত, তোমাৰ কি এশ টকাও নাছিল নে..."?

মই তেতিয়া তেখেতক উত্তৰ দিলো যে "থকাত মোৰ তাত গোটেই কেইখন নোটেF কম-বেছি পৰিমানে আছিল, কিন্তু মই নিদিলো, কাৰণ মই দিয়া টকা কেইটা গণেশ বাবায়ে নাপায়, পূজাৰ কমিটিয়েহে পাব, তেওঁলোকে মোৰ কষ্টৰ ধনকেইটা যে সদ-কামত লগাব তাৰ কি বিশ্বাস! সেইবাবে মই নামত এটা ১০ টকীয়া দিছো বাকী থকা ৯০ টকা মই সময় সুবিধা মিলাই মিলাই দুখীয়া মানুহ, অকলশৰীয়া অসহায় বৃদ্ধ মানুহক খাদ্য বস্তু খোৱাম।আৰু মই ধর্মৰ প্ৰবচন শুনি ভোল যোৱা ল'ৰা নহয়, মোৰ বিবেকে কয় যে মই তাত ১০০ টকা দিয়াতকৈ দুখীয়া, অসহায় মানুহক যদি খাদ্য খোৱাও মোৰ বেছি পূণ্য হ'ব আৰু মোৰ বিশ্বাস আছে যে এইক্ষেত্রত মোৰ পাপ নালাগে বৰঞ্চ পূণ্য হে হ'ব"!

তেতিয়া দর্জী জনে মোক হিন্দীতে ক'লে "আপনে' একদম পইন্ট কি বাত ব'লা হ্যে, লেকিন আপল'গ' কি হিন্দু ল'গ এয়ছা ন্যাহি ক'ৰতে; ইতনি কিমটি দুধ ক' পাথ্থৰ পে' ডালটি হ্যে লেকিন গৰীব ক' ন্যাহি পিলাটি"!

দর্জীজনে একদম সত্য কথা কৈছে যেন অনুভৱ হ'ল। এই বিষয়ে OH MY GOD নামৰ চিনেমাখনতো দেখোৱাইছে যে আমি শিৱ মন্দিৰবোৰত নিতৌ যিমান গাখীৰ শিৱ লিংগত ঢালি পূণ্য বিচাৰি নষ্ট কৰো, সেই গাখীৰখিনি যদি আমি ঠেলা থেলি অহা ঠেলাচালক বা ইমান কষ্টত মানুহক ঠেলি ফুৰা ৰিক্সাচালক এজনক খুৱাবলৈ লও, মই ভাবো শিৱ লিংগত ঢালাতকৈ আৰু তাৰ পাছত ড্ৰেইনলৈ গুচি যোৱাতকৈ ১লাখ গুণ বেছি পূণ্য হ'ব আৰু শিৱ বাবাও সন্তুষ্ট হ'ব।

মানুহৰ মনত ধর্ম প্রতি ভক্তি থাকিব লাগে, সকলো ধর্মক সন্মান কৰিব লাগে, দিনটোত ১ মিনিট হ'লেও ভগৱান, আল্লা বা যোনে যাক মানে স্মৰণ কৰিব লাগে। ধৰ্মই কৰিবলৈ কোৱা ভাল কাম-ভাল অভ্যাস সমূহ গঢ়িব লাগে। কিন্তু ধর্মৰ নামত এইবোৰ অন্ধবিশ্বাসী কাম কৰি ফুৰিব নালাগে।

এইবোৰ যদি আজিও কৰিয়ে ফুৰে তেন্তে আমি ইমান শিক্ষিত বুলি ফুটনি মৰাৰ কিবা অর্থ থাকিল নে! মই নাভাবো মই এই লেখাটোত শিৱ লিংগত গাখীৰ নাঢালি দুখীয়া, কষ্টকৰা মানুহক খোৱাবলৈ আহ্বান কৰাৰ বাবে শিৱ বাবাই মোক শাও দিব।  ময়ো জন্মগত হিন্দু আৰু শিৱ বাবাৰ ভক্ত। সেই কথা আনে নাজানিলেও তেওঁ জানে কাৰণ মই তেওঁক সদায় স্মৰণ কৰা (সকলো ভগৱানকে কৰো), মই তেওঁৰ মন্দিৰো দর্শন কৰো কিন্তু ধর্ম নামত অর্থ নথকা কাম কিছুমান কৰি নুফুৰো।

ভগৱানৰ নামত হাজাৰ টকা দান নিদি দুখীয়া, অসহায়ক খাদ্য খোৱাই চাবছোন, শিৱ লিংগত গাখীৰ নাঢালি অসহায়, কষ্ট কৰা মানুহক খোৱাই চাবছোন কোনটোত বেছি পূণ্য হয় কৰাৰ পাছত আপোনাৰ মনে আপোনাক নিজেই ক'ব। এইটো বেলেগ কথা বাৰু যে আপুনি যদি নামঘৰ বা মন্দিৰ এটাত ঘড়ী এটা, ভকতৰ বাবে ফেন এখন, নামঘৰ এটাত ডবা এটা, খতলা এখন দান দিছে। সকলো নিজৰ বিবেচনা আৰু অনুভৱৰ কথাহে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages