বিশেষ লেখা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
যিদিনা চকুপানীবোৰ ফিৰিঙতি হ’ল
(ধেমাজিত ২০০৪ চনৰ ১৫ আগষ্টত নিহত সকললৈ শ্ৰদ্ধাৰ্ঘ্য)
ডা৹ গায়ত্ৰী গগৈ
কেতিয়াবা জীৱনত এনে এটা ঘটনা ঘটে যে মৃত্যুৰ অহমিকাকো পৰাজয় কৰিব পাৰে৷ মৃত্যুৰ ভয়ে মানুহক গোটেই জীৱনজুৰি সন্ত্ৰস্ত কৰি ৰাখে৷ ২০০৪ চনৰ ১৫ আগষ্টত ঘটা সেই ঘটনাৰ সেই ভয়ক মই জয় কৰিলোঁ বুলি ক’ব পাৰি৷ সেইদিনা ধেমাজিৰ জাতীয় পতাকা উত্তোলনস্থলীত ভয়ংকৰ বোমা বিস্ফোৰণে ১৩টি নিষ্পাপ শিশু আৰু মহিলাৰ প্ৰাণ কাঢ়ি ল’লে৷ সেই নাৰকীয় ঘটনাই মোক যন্ত্ৰণাৰ এনে এক বন্দৰত উপনীত কৰালে, য’ত বেদনাৰ ভাষা-চকুপানী নাছিল৷ খন্তেক সময় স্তব্ধ হোৱাৰ পিছত মোৰ ভিতৰত জন্ম হ’ল বজ্ৰ কঠোৰ এক সংকল্প৷ অন্তৰাত্মাৰ পৰা উচ্চাৰিত হ’ল-‘প্ৰতিবাদৰ ভাষা চকুপানী হ’ব নোৱাৰে৷’ হয়তো সেয়েহে এটোপালো চকুপানী ওলোৱা নাছিল৷ কি হৈছিল মই নাজানো৷ হয় সেইদিনাই চকুপানীবোৰ জুইৰ ফিৰিঙতি হ’ল৷

১০.৩০ মান বজাত মায়ে ধেমাজিৰ পৰা ফোন কৰিলে যে আমাৰ বৰদেউতাৰ বৰপুত্ৰ ডম্বৰু ককাইদেউৰ ল’ৰাটো পতাকা উত্তোলন কৰিবলৈ গৈছিল৷ তেতিয়া ককাইদেউ আমা ঘৰতে বহি আছে৷ লাহে লাহে অধিক খবৰ আহিবলৈ ধৰিলে যে বিস্ফোৰণত বহুকেইজন নিহত হৈছে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্তসকলক হেলিকপ্টাৰেৰে ডিব্ৰুগড়লৈ আনি থকা হৈছে৷ ককাইদেউৰ একমাত্ৰ ল’ৰা মনজিতৰ নিথৰ দেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে বুলিও লাহেকৈ গম পালোঁ৷ সাউতকৈ কিছুমান কৰুণ স্মৃতিয়ে জুমুৰি দি ধৰিলেহি৷ মই সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতে ককাইদেউৰ প্ৰথম শিশু পুত্ৰত মৃত্যু ঘটিছিল৷ মৃত্যুৰ আগদিনা নিশা মই দাঁত সৰা সপোন দেখিছিলোঁ৷ দেউতাক সপোনৰ অৰ্থ সুধিলোঁ৷ দেউতাই ক’লে যে কিবা মূল্যৱান বস্তু হেৰাব৷ বহু ভাবি-ভাবি মূল্যৱান বুলি চিন্তা কৰি পোৱা সোণৰ কাণফুলিযোৰ খুলি থৈ দিলোঁ৷ ১২বছৰীয়া কিশোৰীৰ মূল্যৱানৰ সংজ্ঞা আছিল সেয়া৷ পুৱা খবৰ আহিল,এবছৰীয়া মৰম লগা ভতিজাটো আৰু নাই৷ তেতিয়া বুজি পালোঁ মূল্যৱানৰ অৰ্থ কিমান গভীৰ৷ কিয় বাৰু বাৰে বাৰে এজনকে এনেদৰে ইমান দুখ দিয়ে৷ এক তাৎক্ষণিক ক্ষোভ আৰু দুখে হেঁচা মাৰি ধৰিছিল যদিও মোৰ ব্যক্তিত্বৰ আঁৰত থকা শক্তিশালী সত্তাটোৱে মোক ক’লে-‘ এয়াই তোমাৰ উপযুক্ত সময়, নিজৰ মানুহৰ প্ৰতি ঋণ পৰিশোধ কৰাৰ৷ এনে ভয়ংকৰ বিপদত কাষত থাকি সহায় কৰাৰ৷ নহ’লে তুমি তোমাৰ মাতৃভূমি ধেমাজি বুলি কোৱাৰ অধিকাৰ নাই, কোনো অধিকাৰ নাই৷’ মোৰ এনে লাগিছিল-যদি মোক কোনোবাই সেই হত্যাযজ্ঞ চলোৱা দানৱহঁতৰ সৈতে সমুখ সমৰত যুঁজ কৰিবলৈ হাতত অস্ত্ৰ তুলি দিলেহেঁতেন,মই হাঁহি হাঁহি তুলি ল’লোঁহেঁতেন সেই অস্ত্ৰ৷ সেই সন্ধিক্ষণতে মৃত্যু-ভয়ক হেলাৰঙে জয় কৰিলোঁ৷

মোৰ ভতিজাৰ বাবে কান্দিবলৈ নোৱাৰিলোঁ৷ দৌৰি গ’লোঁ অসম চিকিৎসা মহাবিদ্যালয়ৰ জৰুৰীকালীন বিভাগলৈ৷ স্বেচ্ছাসেৱী সংগঠনসমূহক খবৰ দিলোঁ৷ জৰুৰীকালীন বিভাগ আৰু ৰক্ত ভাণ্ডাৰৰ বাহিৰত সহানুভূতি আৰু মানৱীয়তাৰ শোভাযাত্ৰা অক্ষুণ্ন ৰখা ডিব্ৰুগড়ৰ বৃহৎ সংখ্যক মানুহে সহায়ৰ বাবে উপস্থিত হৈছিলহি৷ ৰিমা পাংগিং নামৰ কলেজীয়া ছাত্ৰীগৰাকী তেজেতে তুমৰলি হৈ আহিছিল৷ মুখমণ্ডল অধিকভাৱে আক্ৰান্ত৷ ১৫ আগষ্টৰ বাবে সকলো বজাৰ বন্ধ আছিল৷ ক’তো কাপোৰৰ দোকান নাই৷ ততাতৈয়াকৈ ঘৰলৈ আহি দুযোৰ মোৰ কাপোৰ নিলোঁহি৷ বেছিভাগ চিকিৎসাৰ বাবে অনা লোককে সান্ত্বনা দি মোকে অভিভাৱক বুলি ভাবিবলৈ ক’লোঁ৷

কোনো কোনো মুহূৰ্তত মোৰ ককাইদেউ আৰু নবৌৰ মুখখন মনত পৰি শোকে খুন্দা মাৰি ধৰিছে, কিন্তু নিজক আকৌ কৈছোঁ-‘তুমি আজি দিনটোৰ বাবে শিল হ’ব লাগিব৷ তোমাৰ কান্দি-কাটি বহি থাকিবৰ সময় নাই৷ যিসকল তোমাৰ সন্মুখত আছে সিহঁতক শুশ্ৰুষা কৰা৷’ সেইদিনা মই এজনী বেলেগ ছোৱালীলৈ ৰূপান্তৰ হ’লোঁ৷ সৰু সৰু কথাতে কান্দি পেলোৱা ছোৱালীজনী নতুন সাহসীৰ ৰূপত জন্ম হ’ল৷

দ্বিতীয় দিনা মুখ্য মন্ত্ৰী তৰুণ গগৈ আহিছে আঘাতপ্ৰাপ্তসকলৰ খবৰ ল’বলৈ৷ নিয়ম অনুযায়ী, আমাৰ তদানীন্তন অধ্যক্ষ আৰু অধ্যাপকসকলে সমস্যাসমূহ আলোচনা কৰিব৷ বৃত্তিগত বা প্ৰট’কলৰ খাতিৰত উচ্চ পৰ্যায়ৰ আমোলা-মন্ত্ৰীৰ সৈতে যি কোনো কথা জোৰ দি ক’ব নোৱাৰি৷ কিন্তু ৰিমাৰ চকু-মুখৰ আঘাত আমাৰ কলেজত একেবাৰে অনুকূল নাছিল৷ চিৰজীৱন দৃষ্টিশক্তি হেৰুৱাৰ সম্ভাৱনা আছিল নিশ্চিত৷ মই দৃঢ়ভাৱে সংকল্প ল’লোঁ যে মই দাবী কৰিম ৰিমাক যাতে উন্নত চিকিৎসালয়লৈ স্থানান্তৰ কৰি শীঘ্ৰে চিকিৎসা কৰে৷ কিয়নো ৰিমাৰ পিতৃ ইমান হোজা মানুহ যে তেওঁৰ মুখৰ পৰা কিবা কথা ওলাবনে নাই সন্দেহ৷ যথাসময়ত আহিল মুখ্য মন্ত্ৰীৰ লগতে অধ্যক্ষ, আমাৰ অধ্যাপকসকল৷ ৰোগীৰ বিছনাৰ ওচৰত কথাৰ বিনিময় আৰম্ভ হৈছে৷ মোৰ উৎকণ্ঠা আৰু দুঃচিন্তা বাঢ়িছে৷ এটা সময়ত মোৰ মুখৰ পৰা ওলাল-‘ Excuse me ছাৰ, মই ড৹ গায়ত্ৰী গগৈ, মোৰ ঘৰ ধেমাজিত৷ এই সকলো আঘাতপ্ৰাপ্ত লোকৰ অভিভাৱক হৈ আপোনাৰ লগত কথা পাতিব বিচাৰিছোঁ৷’ তেওঁলোক সকলোৱে ওচপ খাই উঠিল আৰু মোলৈ দৃষ্টি নিক্ষেপ কৰিলে মোৰ উচ্চ আৰু দৃঢ় কণ্ঠস্বৰ শুনি৷ মই জানিছিলোঁ মই শৃংখলা ভংগ কৰিছোঁ৷ শৃংখলা ভংগৰ বিনিময়ত হ’ব পৰা শাস্তি গ্ৰহণ কৰিবলৈ নিজকে প্ৰস্তুত কৰিছিলোঁ৷ আঘাতপ্ৰাপ্তসকলে যাতে ন্যায় বা উচিত চিকিৎসা পায়, মোৰ সেই লক্ষ্য আছিল৷ মোৰ মৌনতা বা শৃংখলাবদ্ধতাই যাতে সেই সুযোগৰ দুৱাৰ বন্ধ নকৰে,তাৰ প্ৰতি সচেতন আছিলোঁ৷ মুখ্য মন্ত্ৰীয়ে আগ্ৰহ প্ৰকাশ কৰিলে আৰু মই কথাখিনি বুজাই ক’লো৷ তাৰ পিছত মোক আনন্দিত কৰি তৰুণ গগৈয়ে ক’লে-‘তুমি য’লৈকে নিবলৈ ইচ্ছা কৰা তালৈকে নি চিকিৎসা কৰা হ’ব৷ সকলো ব্যৱস্থা কৰিম৷’ তেতিয়া সকাহ পালোঁ৷ পিছফালৰ পৰা এষাৰ মাত শুনিলোঁ-‘গায়ত্ৰী গগৈৰ পাংগিঙৰ কি সম্পৰ্ক থাকিব পাৰে?’ এক ছেকেণ্ডৰ কাৰণে উচ্চ শিক্ষাৰে শিক্ষিত মানুহৰ নিম্ন চিন্তাৰ পৰিধিৰ প্ৰকাশ দেখি পুতৌ কৰিবলৈ মন গ’ল, কিন্তু মই উভতি নাচালোঁ৷ সেইদিনাই অধ্যক্ষ ডাঃ নন্দিতা চৌধুৰী বাইদেৱে মোক মাতি ক’লে যে ৰোগীৰ লগত দিল্লীৰ এইমচ্‌লৈ যাব লাগে৷ কিন্তু মই নগ’লো,কাৰণ মোৰ বাবে ধেমাজিত বহুত কাম ৰৈ আছিল৷ লগত গ’ল ডাঃ অৰূপ চৌধুৰী৷

বোমা বিস্ফোৰণৰ মৰ্মন্তুদ ঘটনাত দেশজুৰি শোকৰ বন্যা বৈ গৈছে৷ ৰাষ্ট্ৰপতি পদত আছিল জনতাৰ ৰাষ্ট্ৰপতি দেশবাসীৰ প্ৰিয়তম ব্যক্তি ড৹ এ পি জে আব্দুল কালাম৷ মোৰ ঘৰ ধেমাজিত বুলি তেওঁৰ বিশেষ কৰ্তব্যৰত বিষয়া স্বামীনাথনে জানিছিল আৰু মোলৈ তেওঁৱেই ড৹ কালামৰ শোকবাৰ্তা প্ৰেৰণ কৰিছিল৷ গধূলিলৈ ব্যক্তিগত সচিব আৰু আৰ কে প্ৰসাদে আকৌ ফোন কৰিছিল যে মহামহিম ৰাষ্ট্ৰপতিয়ে ধেমাজিবাসীৰ বাবে সহায় আগবঢ়াব খুজিছে, কেনে সহায় লাগিব৷ তেওঁ আমাৰ দৰে সাধাৰণ মানুহৰ নিচিনা একেদৰে অন্তৰেৰে কান্দিছে আৰু উদ্ধাৰৰ বাবে চিন্তা কৰিছে৷ শোক আৰু অন্ধকাৰত ছট‌্ফটাই থকা অন্তৰখনে তেওঁ দেখুওৱা মহানুভৱতাৰ বাবে সকলো হেৰুৱাইয়ো কিবা এটা আশাৰ ৰেঙণি বিচাৰি পাইছোঁ যেন অনুমান হৈছিল৷ মই আৰ কে প্ৰসাদক ক’লো যে কি লাগে তাৎক্ষণিত মই ক’বলৈ নোৱাৰিম৷ ধেমাজিৰ মানুহৰ লগত কথাপাতিহে জনাম৷ বহু মানুহৰ লগত কথাপাতিহে জনাম৷ বহু মানুহৰ লগত কথাপাতি বুজি পাইছিলোঁ যে ১৩ জন মানুহৰ প্ৰাণ কাঢ়ি নিয়া বিস্ফোৰণৰ বিকট শব্দই ছট্‌ফটীয়া প্ৰাণচঞ্চল কণমানি ছাত্ৰ-ছাত্ৰীসকলক একেবাৰে নীৰৱ কৰি গ’ল৷ মুখৰ শব্দ কাঢ়ি লৈ গ’ল৷ এতিয়া তেওঁলোকে কথা নাপাতে, নেখেলে, নাখায়,নিশা নুশুৱে৷ সামান্যতম শব্দত উচপ খাই উঠে৷ কল্পনা কৰিব পাৰিনে এনে এখন ছবি?

মোৰ এটা মুহূৰ্তত খুব চিঞৰি চিঞৰি কান্দিবলৈ মন গৈছিল৷ নিজ দেশক,নিজৰ জাতীয় পতাকাক ভালপোৱাৰ অপৰাধত আমি হেৰুৱাব লগা হৈছে আমাৰ মানুহ৷ মানুহে নিজৰ জীৱনত কৰুণ মুহূৰ্তৰ মুখামুখি হ’লেহে উপলব্ধি কৰিব পাৰে যে তেতিয়া আমি সাধাৰণ মানুহৰ দৰে কন্দাৰ দৰে কান্দিব নোৱাৰোঁ৷ আত্মাৰ পৰা নিগৰিত কান্দোনত চকুপানী নাথাকে৷

হতাশা আৰু যন্ত্ৰণাত কক্‌বকাই থকা ধেমাজিৰ মোৰ নিজৰ মানুহৰ মনত সেই অদ্ভুত অপৰাজেয় প্ৰাণশক্তিক জগায় তুলিম বুলি মনতে দৃঢ় প্ৰতিজ্ঞ হ’লো৷ তদানীন্তন ৰাষ্ট্ৰপতি ড৹ কালামৰ ব্যক্তিগত সচিব আৰ কে প্ৰসাদক জনালোঁ যে মানুহবোৰ মানসিকভাৱে আহত হৈছে, গতিকে মনস্তাত্ত্বিক পৰামৰ্শৰ বাবে অভিজ্ঞ বিশেষজ্ঞৰ প্ৰয়োজন৷ তেতিয়া ৰাষ্ট্ৰপতি ভৱনে Defence Institute of psychological Researchৰ পৰা ড৹ এন পি সিঙক পঠিওৱাৰ ব্যৱস্থা কৰিলে৷ ধেমাজিত মোৰ দাদা পৰাগজ্যোতি গগৈ, আগৰণুৱা ব্যক্তি শৈশৱ দত্ত,ধেমাজি কলেজৰ মোৰ শিক্ষকসকল ড৹ পুষ্প গগৈ, ড৹ উমা শৰ্মা, শিক্ষয়িত্ৰী লাৱণ্য চুতীয়া, কৰৱী দেউৰী, ডাঃ মনোৰঞ্জন শৰ্মা আদি বহু লোকে এইক্ষেত্ৰত দেহে-কেহে লাগিছিল৷ ইতিমধ্যে মই বহুতৰ নাম পাহৰি পেলাইছোঁ৷ তেওঁলোকৰ সহযোগত তিনিদিনীয়া মনস্তাত্ত্বিক পৰামৰ্শ শিবিৰ অনুষ্ঠিত কৰা হ’ল৷ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে নিজৰ ছাত্ৰীসকলক বিশেষভাৱে সংগ দিছিল৷ চকুৱে-মুখে ভীতিগ্ৰস্তভাৱে চিহ্ন ফুটি উঠা শিশুৰ পৰা প্ৰাপ্তবয়স্ক মানুহক বেলেগ বেলেগ দলত ভাগ কৰি এনে কাম কৰা হৈছিল৷ মোৰ প্ৰধান কাম হৈ পৰিছিল অনুবাদ কৰি বুজাই দিয়া৷ বিস্ফোৰণৰ সময়ত ভয়ংকৰ ছবিবোৰ দিনে-নিশাই মানুহৰ মনৰ মাজত পাকঘূৰণি খাই ফুৰিছিল৷ মানুহক বিশেষকৈ গুৰুত্ব দিয়া হৈছিল তেওঁলোকৰ অভিজ্ঞতা আৰু সমস্যাসমূহক ক’বলৈ৷ কৈ কৈ মনৰ বোজা অলপ পাতলাইছিল, কিছু শান্তি পাইছিল৷ শেষৰ দিনা ছাত্ৰ-ছাত্ৰীবোৰৰ মাজত বহুখিনি উৎসাহ-উদ্দীপনা ঘূৰি আহিছিল৷ তেওঁলোকে কথা পাতিছিল, ছবি আঁকিছিল, কবিতা গাইছিল হেৰুৱাই পেলোৱা সহপাঠীসকলৰ স্মৃতিত৷ ড৹ এন পি সিঙে অবিস্মৰণীয় স্মৃতি লৈ ঘূৰি গৈছিল আৰু কৈছিল যে ধেমাজিক তেওঁ দ্বিতীয় এখন ঘৰ যেন অনুভৱ কৰিছে৷

ইমানবোৰৰ মাজত চলিছে মোৰ ভিতৰত আন এখন যুদ্ধ৷ মই ককাইদেউ-নবৌৰ চকুলৈ নাচাইছিলোঁ৷ কিবা এক বেদনাই ইমান বেছিকৈ খামুচি ধৰিছিল যে বেছিকৈ কথাও নাপাতিছিলোঁ৷ সান্ত্বনাৰ এটা শব্দও বিচাৰি নাপাইছিলোঁ, ফলত সিহঁতৰ পৰা খৰধৰকৈ আঁতৰি পলাই গৈছিলোঁ৷ আনৰ সহায় অবিহনে থিয় হ’ব নোৱাৰা ভতিজাজনী নিজৰ জীৱনৰ একমাত্ৰ সাৰথি ভায়েক মনজিতক হেৰুৱাই অস্থিৰ হৈছিল৷ কাৰোবাৰ বাবে ইমান বেছি দুখ কিয় জানো ৰৈ থাকে আদি প্ৰশ্নবোৰে মাজে মাজে জুমুৰি দি ধৰিছিল৷ এনেদৰে মানুহক মৰি মৰি জীয়াই থাকিবলৈ কিয় আৰু বাধ্য কৰে? আদি৷ বহু মানুহে মোক ফোন কৰি সহমৰ্মিতা প্ৰদৰ্শন কৰিছিল৷ হোমেন বৰগোহাঞি, লেখক সঞ্জয় হাজৰিকাই টাইমছ্ অৱ ইণ্ডিয়াত এটা প্ৰবন্ধ লিখিবলৈ অনুৰোধ কৰিলে৷ নিজৰ প্ৰতিক্ৰিয়া-প্ৰতিবাদ প্ৰকাষ কৰি লিখিছিলোঁ৷ আলফাক কঠিনতম ভাষাৰে নিন্দা কৰিছিলোঁ৷ লেখিকা মিতালি ফুকন, ডিব্ৰুগড়ৰ পেইমথি গোহাঞি, প্ৰবন্ধকাৰ ৱাচবীৰ হুছেইন, প্ৰয়াত অৰ্থনীতিবিদ ভুবন বৰুৱা, অজিত নাৰায়ণ সিংহ, ৰত্না ভৰালী আদি অসংখ্য ব্যক্তিয়ে তেওঁলোকৰ লেখাৰ যোগেদি মোৰ সামান্য অৰিহণাৰ বাবে ধন্যবাদ জনাইছিল৷ কিন্তু সেই ঘটনাই যি আঘাত কৰিছিল মনৰ গভীৰত, বছৰৰ পিছত বছৰ ধৰি মুক্তি পোৱা নাছিলোঁ৷ এই মনৰ কথাখিনি সম্পূৰ্ণৰূপে লিখিবলৈ নোৱাৰিছিলোঁ, কিয়নো চেষ্টা কৰিলেই আৱেগৰ সোঁতত উটি গৈ দুখত ভাগি পৰোঁ৷ সেয়েহে সন্তান বা মাতৃ হেৰুৱাসকলে প্ৰতিদিনেইবা প্ৰতি ১৫ আগষ্টত কিদৰে ভয়াৱহ যন্ত্ৰণাত সময় কটায় উপলব্ধি কৰিব পাৰি৷ ৰিমাই সুস্থ হৈ উভতি আহিল৷ কৰ্মজীৱন আৰু বিবাহিত জীৱনৰ পাতনি মেলিছে৷ ৰিমাৰ অভিভাৱকৰূপে মুখ্য মন্ত্ৰীৰ কাৰ্যালয়েও মই যেতিয়াই চিকিৎসাৰ পৰা অসুবিধা হয় কথা পাতিছিলোঁ, তেওঁলোকে মনোযোগ দিছিল আৰু লগে লগে সাহায্য প্ৰদান কৰিছিল৷ প্ৰতিটো সন্ত্ৰাসবাদীৰ আক্ৰমণেই শেষ আক্ৰমণ হওক বুলি আশা কৰোঁ, কিন্তু নহয়৷ অৱশ্যে তেনে সময়ৰ তুলনাত এতিয়া ১৫ আগষ্ট বা ২৬ জানুৱাৰীত অধিক স্বতঃস্ফূৰ্তভাৱে মানুহ মানুহ ওলাই অহা পৰিলক্ষিত হৈছে৷ কিন্তু সেইটো দিন অবিহনে যেতিয়া নিৰাপত্তাৰক্ষী অবিহনে সাধাৰণ ৰাইজ ৰাজপথলৈ ওলাই আহিব, নিৰ্ভয়ে-নিৰ্বিঘ্নে৷ সাধাৰণ ৰাইজেই নহয়, কিমান যে নিৰাপত্তাৰক্ষী, আৰক্ষী-বিষয়াই প্ৰাণ আহুতি দিব লগা হৈছে ,লেখ-জোখ নাই৷ সৌ সিদিনা গুলজাৰ হুছেইন, নিত্যানন্দ গোস্বামী আদি আৰক্ষী-বিষয়া সন্ত্ৰাসবাদীৰ হাতত নিজৰ কৰ্তব্য কৰি শ্বহীদ হ’ব লগা হৈছে৷ প্ৰতিদিনেই এনে ত্যাগৰ প্ৰতিচ্ছবি দেখিয়েই আছোঁ৷

এই পোন্ধৰ আগষ্টত দেশৰ জনপ্ৰিয়তম ৰাষ্ট্ৰপতি মিছাইল মেন সোঁশৰীৰে নাথাকে৷ যি দেশৰ মাটিত জনম হ’ল, যি দেশৰ পানী-বায়ু খাই ডাঙৰ হ’ল, যি দেশৰ সপোন দেখি দেখি প্ৰতিটো পুৱা সাৰ পাইছিল, যি দেশৰ জন-গণ-মন প্ৰতিটো স্বাধীনতা দিৱসত গাইছিল৷ তেওঁ এইবাৰ প্ৰথমবাৰলৈ নাথাকিব৷ কিন্তু সিঁচি গ’ল আমাৰ হৃদয়ত প্ৰেৰণাৰ আমোঘ বাণী৷ যাৰ মন্ত্ৰ আছিল ‘জননী জন্মভূমি স্বৰ্গাদপী গৰীয়সী’৷ ধেমাজিৰ ঘটনাত নিহত স্বাধীনতা-পিয়াসীসকলো আত্মা, দেশৰ শান্তি,একতা,অখণ্ডতা ৰক্ষাৰ বাবে শ্বহীদ হোৱা বীৰসকললৈ জনাইছোঁ শতকোটি প্ৰণাম৷ মোৰো স্বাধীনতা দিৱসৰ প্ৰতিজ্ঞা যদি এনে এক দিন আহে আমাৰ শৌৰ্য নিচান জাতীয় পতাকাক সন্মান কৰিব খোজোঁতে কোনো দেশদ্ৰোহীয়ে মৃত্যুৰ ভয় দেখুৱায় মোক, মই পাহৰি যাম নিজৰ অস্তিত্ব ৷ মনত পেলাম-
জীৱনৰ প্ৰথম প্ৰেম দেশ/প্ৰথম চৰ্ত দেশ/ প্ৰথম অৰ্থ দেশ/এই মৃত্যু অপৰাজেয়...৷

লেখিকা ডিব্ৰুগড়ত অসম মেডিকেল কলেজত কৰ্মৰত, ফোন ৯৪৩৫০-৩০০৮৪,
 লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে। ইউনিক'ডলৈ ৰূপান্তৰ কৰিলে নগাঁৱৰ পৰা ঈশানজ্যোতি বৰাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages