মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Assamese LIFELINE on SOCIAL MEDIA

সামাজিক যোগসূত্ৰৰ মঞ্চত ইতিবাচক বাৰ্তাবাহক
ভাল খবৰ ভাল সমল, পঢ়ি লভক আনন্দ বিমল

Post Top Ad

Responsive Ads Here
দ্বিতীয়খন ঢকুৱাখনা আপুনি চিনি পাইনে? 
ৰাতুল বেজবৰুৱা
জীয়াই থকাৰ তাগিদাত কলিকতাত থকা আজি ভালে কেইবছৰেই হ’ল। চহৰখন ভাল, মানুহখিনিও ভাল। ইয়াত ৰিক্সাৱালাৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ মন্ত্ৰী আমোলা, উদ্যোগপতিলৈকে সকলোৰে জীৱনৰ মূল্য আছে। সঠিক মূল্যায়ন কৰি জীৱনটোক সৰ্বাংগীন সুন্দৰ ভাৱে উপভোগ কৰাৰ কিটিপ সমূহ এই মানুহখিনিয়ে ভালদৰে জানে। আমি শিকিব লগা বহুত আছে। চহৰ খনত দিনটোৰ বেছিভাগ সময় হিন্দী, মাজে মাজে ইংৰাজী আৰু ভঙা ভঙা বাংলাৰ মাজেৰেই পাৰ হয়। যদিও ভাষা কেইটা শুৱলা, সমগ্ৰ বিশ্বব্যাপি ব্যৱহৃত তথাপি এই ভাষাৰে কথা পাতিলে যেন কথাবোৰ সম্পূৰ্ণ নহয়। জিভাখনে মাতৃভাষাটোক বিচাৰি প্ৰতি মূহুৰ্ততে লক লকাই ফুৰে। জননীৰ চিৰ চেনেহী ভাষাটিৰে কথা পাতিব নোৱাৰাৰ দুখে মনটোত কুট-কুটাই থাকে। সেয়ে চহৰ খনৰ ৰাষ্টাই ঘাটে ঘূৰি ফুৰোতে ক’ৰবাত অসমীয়াত কথা পতা শুনিলে আগদেৱা দি হ’লেও চিনাকি হও; মনৰ হেঁপাহেৰে দুৱাষাৰ কথা পাতো।

সিদিনাখনৰ কথা। আবেলি সময়ত গৰিয়াহাটৰ ফুটপাথেৰে গৈ থাকোতে হঠাৎ অসমীয়াত কথা পতা শুনিলো। উভতি চাই দেখো এহাল চল্লিছ উৰ্দ্ধৰ দম্পতি। আগবাঢ়ি গৈ চিনাকি হ’লো। মানুহহাল গুৱাহাটীৰ বুলি ক’লে ইয়ালৈ অহা বেছি দিন হোৱা নাই। প্ৰত্যুত্তৰত মোৰ ঘৰৰ বিষয়ে সুধিলে৷ মই ঢকুৱাখনাৰ বুলি কোৱাত মোক আচৰিত কৰি এটা সাংঘাটিক অভিব্যক্তিৰে মানুহজনে ক’লে “অহ, তুমি ঢকুৱাখনাৰ হে”। তাৰ পাছত আৰু অলপ কথা পাতি তেখেতলোকৰ পৰা বিদায় ল’লো!

মানুহজনে “অহ, তুমি ঢকুৱাখনাৰ হে” বুলি কৈ কি বুজাব বিচাৰিছিল মই ভাল দৰেই বুজি পালো। তেখেতক দুখ নিদিওঁ। তেখেতে তেনেকৈ ভবাৰ স্থল আছে। কিয়নো ল’ৰালিতে ওখোৰা মোখোৰা, মাজে মাজে পুখুৰী সদৃশ গাত থকা যিটো পথেৰে আমি গামোছাৰে এটা গাৰু বন্ধা, ক’কাৰ চাইকেলখনৰ ধামত বহি ঢকুৱাখনা নগৰলৈ গৈছিলো সেই পথটো এতিয়াও আগৰ দৰে ভগা চিগা অৱস্থাতে আছে। আজি তাৰিখত আমাৰ গাঁওৰ মাজেৰে জিলাৰ সদৰ লখিমপুৰলৈ যাবলৈ চৰকাৰী দূৰৰ কথা এখন ব্যক্তিগত বাছও নাই, ৰাষ্ট্ৰীয় ঘাইপথত বাদ দি। বৈদ্যুতিক সংযোগৰ নামত খুটা আৰু তাঁৰবোৰ থকাতো হয় কিন্তু বিদ্যুতে মাজে মাজেহে ভূমুকিয়াই। মোবাইল ফোনৰ ব্যৱহাৰকাৰীৰ স্ংখ্যা ঢেৰ, মাত্ৰ নেটৱৰ্ক বিচাৰি গছত উঠিবলৈহে বাকী। চিকিৎসা সেৱা তথৈবচ; ৰোগীৰ সংখ্যা গণি শেষ কৰিব নোৱাৰা কিন্তু যথোপযুক্ত চিকিৎসক আৰু ৰোগীৰ জোখাৰে হস্পিতেল নাই। বাঁহ বেতৰ ক্ষুদ্ৰ কুটিৰ শিল্পৰ বাহিৰে ডাঙৰ উদ্যোগ বুলিবলৈ একোৱে নাই।

এতিয়াও এনে কিছুমান গাঁও আছে য’ত এখন গাড়ী আহিলে ৰঙা পৰা গাল-মুখৰ অৰ্ধউলংগ কন কন শিশুৱে “গাড়ী আহিছে” বুলি চিঞঁৰি পাছে পাছে দৌৰে। এডাল জেওৰাৰ খৰিৰ এটা মূৰ পুৰি ধোঁৱা উলিয়াই দুয়োটা ভৰিৰ মাজত সেইডাল ৰাখি কনমানি বোৰে “মটৰ চাইকেল” খেলে। ধনী মানুহ বুলিবলৈ হ’লে
কেইজনমান ঠিকাদাৰ আৰু কলেজৰ অধ্যাপকৰ বাহিৰে যিখন ঘৰত পতি পত্নী দুয়োজনেই শিক্ষক, সেইখন ঘৰেই আটাইতকৈ ধনী। ভৰ বাৰিষা বানে জুলোকা জুলোকে পানী খুওৱাৰ কথাখিনি নকওঁ; সেইখিনি সকলোৰে জ্ঞাত। হয়, আপোনালোকৰ মনত দোলি থকা, সীমাহীন পৰিশ্ৰমেৰে, খাটি খোৱা এখিনি মানুহে পদে পদে স্ংগ্ৰাম কৰি, দুখ কষ্টৰে দুৰ্বিসহ জীৱন কটোৱা, দৰিদ্ৰতাই কোঙা কৰা ঢকুৱাখনা খন এই খনেই।

কিন্তু আৰু এখন ঢকুৱাখনা আছে। এইখন সবল সমৃদ্ধিশীল য’ত নাই অভিজাত্যৰ অহংকাৰ, যান্ত্ৰিকতাৰ কোৰ্হাল; আছে সৃজনীশীলতাৰ পৰম তৃপ্তি আৰু সৃষ্টিৰ সুতীব্ৰ বাসনা। ইয়াত নিষ্পাপ শিশুৰ হাঁহিৰ খলকনিয়ে শব্দহীন আকাশখন পোহৰাই তোলে। এইখন ঢকুৱাখনাৰ মদকতাই সুকীয়াই। ইয়াৰ চাৰিকড়ীয়াৰ পাৰৰ আমেজসনা হিমশীতল বতাহ চাঁতিয়ে আপোনাৰ অন্তৰ আত্মাক প্ৰশান্তি দিব। গনেশ গগৈৰ কবিতাৰে জীপাল হয় ইয়াৰ প্ৰতিটো সন্ধ্যা। দোভাগ নিশা ঘুনা-সুঁতিৰ পৰা কুৱলিৰ আভৰণ ফালি অহা কোনোবা অচিন গৰখীয়াৰ বাঁহীৰ আকূল সুৰে অথবা বিৰহাচলা পথাৰৰ পৰা বুকু ভেদি অহা মিছিং ডেকাৰ ঐনিতমে মন প্ৰাণ শাঁত পেলাব।

ইয়ালৈ ব’হাগত আহিবচোন, বাসুদেৱ থানৰ গোঁসাইৰ আশীৰ্বাদলৈ ম’হঘুলি চাপৰিত সকলোৱে একত্ৰিত হৈ ফাট বিহু উদযাপন কৰিম। এইখন ঢকুৱাখনালৈ আহিলে থেকেৰাগুৰি অথবা দাঙধৰলৈ নোযোৱাকৈ নাথাকিব। তাত কাংকানহতৰ চাং ঘৰত আথে বেথে কেঁচা জলকীয়া ভাঙি দি পুৰা গৰৈ মাছেৰে দিয়া এচোঙা মিঠা আপঙৰ ৰাগীয়ে আপোনাক মতলীয়া কৰিব। সোৱণশিৰিৰ চাপৰিৰ ম'হৰ খুটিৰ এঠা দৈৰে খোৱা কোমল চাউলৰ জলপান মুঠিৰ সোৱাদ মৃত্যু পৰ্য্যন্ত আপোনাৰ জিভাত লাগি থাকিব। ঢোলপেটা কেঁকুৰী কৃষিজীৱি ৰাইজৰ সোণালী শইচৰ সোণতলী। ইয়াৰ মাছে মঙহে উভৈনদী, শস্য শ্যামলা বহুতো গাৱত নিমখকনৰ বাহিৰে কিনিব লগা একো নহয়। তাৰ হাঁহিমুখীয়া আইতাজনীৰ শোঁটোৰা শোঁটোৰ কোমল হাতখনেৰে জুতিৰে ঔটেঙা দি ৰন্ধা আঁৰি মাছ জোল, আলু পিতিকা, খাৰৰ আঞ্জা আৰু কলদিল-পাৰৰ মাংসৰ সৈতে জহা চাউলৰ ভাত মুঠিয়ে আপোনাক স্বৰ্গ সুখ দিব। বেলি লহিওৱাৰ পৰত আপুনি যদি টেকেলিফুটাৰে ফেৰিৰে দিচাংলৈ যায়, তেন্তে ব্ৰক্ষ্মপুত্ৰৰ বুকুত বেলিটিৰ সোনালী আভাৰ সৈতে ধেমালি কৰা শিহুবোৰৰ জলকেলিয়ে আপোনাক পৰম শান্তি দিব। তাৰোপৰি বান্তৌ গাৱৰ শিপিনীয়ে তাঁতশালত বোৱা মূগাৰ ভমকা ফুলীয়া কাপোৰ যোৰ নাইবা দক্ষিণ চাপৰিৰ ৰংমিলিয়ে বুটা বছা মিছিং সাজযোৰে আপোনাক মোহচ্ছন্ন কৰি ৰাখিব।

এইখন বৰ্ণিল ঢকুৱাখনাতে ভিন্ন জনগোষ্ঠীৰ সমন্বিতে এটা জাতিৰ পুৰ্ণাবয়ব সৃষ্টি হয়। ইয়াত সাম্প্ৰদায়িক, গোষ্ঠীগত তথা জাতিগত সংঘৰ্ষ নাই। যুগ যুগ ধৰি ইয়াৰ জনজাতি সমূহে সহিঞ্চুতা আৰু সম্প্ৰীতিৰ সংমিশ্ৰণ ঘটাই এখন নিৰপেক্ষ সমাজৰ উন্মেষ ঘটাইছে। ইয়ালৈ আহিলে আপুনি লভিব অকৃটিম মৰম আৰু অনাবিল আনন্দৰ সঁফুৰা। সময় উলিয়াব পাৰিলেই এই ঢকুৱাখনালৈ ঢপলিয়াই দৌৰ মাৰো। ইয়াৰ মায়া মোহে মোক আচ্ছন্ন কৰি ৰাখিছে কাৰণ “জননী জন্মভূমি স্বৰ্গাদপী গৰিয়সী”।

লেখক কলকাতাত কৰ্মৰত, ফোন: ০৭৮৯০৮৪৬৪৬৯

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages