মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Assamese LIFELINE on SOCIAL MEDIA

সামাজিক যোগসূত্ৰৰ মঞ্চত ইতিবাচক বাৰ্তাবাহক
ভাল খবৰ ভাল সমল, পঢ়ি লভক আনন্দ বিমল

Post Top Ad

Responsive Ads Here

দৰঙৰ লোক-সংস্কৃতি
ডঃ ৰিতুমণি নাথ
অসমীয়াৰ সুখ-দুখ, অসমীয়া অনলাইন দৈনিক কাকতত ২৮ আগষ্টৰ “কেৱল ভাল খবৰ" শিতানত এটা খবৰ পালো যে অসমৰ থলুৱা লোককৃষ্টি, লোকবাদ্য সমূহৰ লগতে গুৰুজনাৰ অনুপম সৃষ্টিসমূহ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে আগবাঢ়ি আহিছে দৰঙৰ দুনীৰ শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ এদল যুৱশিল্পী৷ অসমৰ লোক- সংষ্কৃতি বুলিলেই দৰঙৰ বহুল ভূমিকাৰ কথা মনলৈ আহে৷ মা দৰঙৰ জীয়ৰী হোৱা হেতুকে দৰঙৰ লগত মোৰ আজন্ম সম্পৰ্ক৷

নাঙলীগীত, দেওঁধনী নৃত্য, ওজাপালি, বহাগত হোৱা দৌল উৎসৱ, দেহবিচাৰ গীত, বৰঢোলীয়া ইত্যাদিবোৰ সৰুৰে পৰাই দেখি আহিছো৷ আমাৰ শৈশৱৰ কথা৷ মাৰ সম্পৰ্কীয় ককায়েক এজনৰ এটা লোক-সংস্কৃতিৰ দল আছিল৷ প্ৰতিবছৰে বিহুত গুৱাহাটীত তিনি চাৰিখন মঞ্চত ঢোলীয়া আৰু দেওঁধনী নৃত্য পৰিবেশন কৰে৷ সামান্য মাননীৰে গুৱাহাটীত ন/দহ জন মানুহ চাৰি পাঁচ দিনলৈ চলা অসুবিধা বাবে আমাৰ ঘৰত থকা খোৱাৰ ব্যাৱস্হা হয়৷ আমাৰ সেইকেইদিন বৰ স্ফুৰ্তি৷ দেওধনী নাচৰ ছোৱালী কেইজনীৰ কাপোৰ, গহণা, স্ন’ক-পাউদাৰ বিশেষকৈ দীঘল জপৰা মেলা চুলিকেইকোচা মোৰ আগ্ৰহৰ বিষয় আছিল৷ তেওঁলোক যোৱাৰ আগদিনা আমাৰ ঘৰত এবাৰ নাচে৷ প্ৰতি বছৰে ব’হাগত মামাহতঁৰ ঘৰত আমাৰ নিমন্ত্ৰণ থাকে দৌল বা দেউল বা দ’ল উৎসৱ উপলক্ষে৷ পূজা আৰু মেলা লেখিয়া এই দ’ল উৎসৱ৷ দৰঙৰ ওজাপালি সকলোৱে জানেই৷


কিন্তু দৰঙৰ মানুহৰ তেজত থকা এই সংস্কৃতি সমূহৰ পৰা বৰ্তমান নতুন প্ৰজন্ম লাহে লাহে আতৰি আহিছে৷ জীৱনৰ প্ৰতিযোগীতা ইমান বেছি হৈ গৈছে যে বাকীবোৰ ধৰি ৰখা ইমান সহজ হৈ থকা নাই৷ গতিকেই চিন্তা হৈছে এইবোৰৰ সংৰক্ষণৰ৷ কিন্তু কেৱল গৱেষণা, গল্প, প্ৰবন্ধৰ জৰিয়তে এইবোৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা অসুবিধা৷ অনুশীলণ আৰু প্ৰচলন অবিহনে ইয়াৰ সৌন্দ্যৰ্য কিতাপৰ পাততে থাকিব৷ দুনীৰ শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰই হাতত লোৱা এই প্ৰচেষ্টাৰ কথা পঢ়ি সেয়ে আনন্দিত হৈছো৷ কেন্দ্ৰৰ সদস্যসকললৈ শুভেচ্ছা থাকিল৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages