Saturday, August 22, 2015

চিন্তন

সামূহিক সহমতৰ অভাৱ আৰু দ্বন্দ জৰ্জৰিত ৰাইজ
অনামিকা চলিহা 
              (১)
আমি অসমত বাস কৰা অসমীয়া লোকসকল, লাগিলে তেওঁ ৰাজনীতিবিদ, সাহিত্যিক, বুদ্ধিজীৱী বা সাধাৰণ নাগৰিকেই নহওঁক কিয়, কোনো এটা গাম্ভীয্যপূৰ্ণ বিষয়,আলোচনা, প্ৰকল্প বা কথাতেই নহওঁক কিয়, আমি কেতিয়াও সামুহিক স্বাৰ্থলৈ লক্ষ্য ৰাখিও সহমতত উপনীত হ’ব নোৱাৰো। যিটোৱে  আজিও অসমৰ সমস্যাবোৰ সমস্যা ৰূপেই থকাত অৰহিণা যোগাইছে বুলি অনুভৱ কৰো। উদাহৰণ স্বৰুপে শেহতীয়াভাৱে চৰ্চিত বিষয় হৈ পৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ কথাই ক’ব পাৰি। এন.আৰ.চি. উন্নীতকৰণৰ নামত অসমৰ বিভিন্ন দল সংগঠনে ভিন্ন মত আগবঢ়াই আছে আৰু চৰকাৰেও নিজা স্বাৰ্থৰ ৰাজনীতি আৰম্ভ কৰিছে ৷

এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া কি, কেনেকৈ কৰা হ’ব বা ইয়াৰপৰা অসমীয়া লোকসকলৰ কি লাভ বা লোকচান হ’ব আদি ক’বলৈ নাযাওঁ। কাৰন এন.আৰ.চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ ফলত আমাৰ অসমত বাস কৰা প্ৰকৃত অসমীয়া লোকসকল লাভান্বিত যে হ’ব সেয়া আমি সকলোৱে জানো। আৰু সেয়া সামূহিক অনুভৱ আৰু ক্ষুদ্ৰ স্বাৰ্থৰ উৰ্ধত সকলোৱে গ্ৰহণ কৰিব লগা কথা।  বিগত কেইবা দশক ধৰি অসমলৈ যি অনিয়ন্ত্ৰিত হাৰত অবৈধ অনুপ্ৰৱেশকাৰীৰ আগমন ঘটিছে, সিয়ে অসমৰ খিলঞ্জীয়া লোকসকৰ জীৱনলৈ বিপদ চপাই নিছে। এই কথা আমি সকলোৱে জানো।

সমগ্ৰ ভাৰতৰ ভিতৰত অসমতে সৰ্বপ্ৰথম এখন পূৰ্ণাংগ নাগৰিকপঞ্জী প্ৰস্তুতকৰণ তথা উন্নীতকৰণৰ কাম হাতত লোৱা হৈছে৷ তাকো বিগত তিনি দশকৰ আন্দোলন, চুক্তি আদিৰ মূকত! দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ ব্যৱস্থাপনা, তদাৰকী আৰু তত্বাৱধানত কেইবা দশকজোৰা অবৈধ অনুপ্ৰৱেশকাৰীৰ প্ৰব্ৰজনৰ সমস্যাৰে জৰ্জৰিত ৰাজ্যখনত সমস্যাটোৰ স্থায়ী সমাধানৰ দিশত এক ঐতিহাসিক যাত্ৰা আৰম্ভ কৰিছে৷

কিন্তু অতি পৰিতাপৰ কথা যে এন আৰ চি উন্নীতকৰণক লৈও এতিয়া কুটিল ৰাজনীতি আৰম্ভ হৈছে। কিছু সংখ্যক লোকে নথি পত্ৰ সংগ্ৰহ কৰাত সন্মুখীন হোৱা সমস্যাৰ গইনা লৈ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০১৪ চনলৈ ভোটাৰ তালিকাত থকা সকলো লোকৰে নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত কৰাৰ দাবী তুলি কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে। Legacy Data ৰ পৰিপূৰক নথি হিচাপে ২০১৪ চনলৈ ভোটাৰ তালিকা গ্ৰহণযোগ্য কৰাৰ দাবী কৰিছে। ৰাজ্য চৰকাৰৰ এনে পদক্ষেপে এন আৰ চি উন্নীতকৰণৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটোকে ভেকোভাওনাত পৰিণত কৰি তুলিব। ক্ষুদ্ৰ ৰাজনৈতিক স্বাৰ্থ কেতিয়াও জতিৰ স্বাৰ্থতকৈ ডাঙৰ হ’ব নোৱাৰে যদিও আমাৰ অসম চৰকাৰে তাৰ ওলোটা কৰাহে দেখা গৈছে।।

অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দাবী নস্যাৎ কৰি অৱশ্যে লিগেচী ডাটা নেথাকিলেও ৰাজ্যৰ চাহ জনগোষ্ঠী, খিলিঞ্জীয়া আৰু ভূমি পুত্ৰলোকসকলে অনায়াসে এন আৰ চিত নাম অন্তভুক্তী কৰিব পাৰিব বুলি উচ্চতম ন্যায়ালয়ে ৰায়দান কৰিছে। যাৰবাবে বিভাগীয় বিষয়াক পতিয়ন নিয়াব পৰাকৈ যিকোনো এবিধ নথি-পত্ৰ দাখিল কৰিব লাগিব। আনহাতে এন আৰ চি উন্নীতকৰণৰ কাম-কাজত বাধা প্ৰদান কৰা কোনো ব্যক্তি, দল-সংগঠন বা প্ৰশাসনক কঠোৰভাৱে সঁকীয়নিও দিছে।

ৰাজ্যিক চৰকাৰে ভোটবেংকৰ নিজা অংকৰ খাতিৰত অবৈধ অনুপ্ৰৱেশকাৰীসকলক এন আৰ চিত অন্তভুক্তিকৰণৰ চেষ্টাহে কৰাহে দেখা গৈছে। একেদৰে কেন্দ্ৰীয় চৰকাৰৰো এন আৰ চি উন্নীতকৰনৰ প্ৰক্ৰিয়াক লৈ আন্তৰিকতাত সন্দেহ আহি পৰিছে। চৰকাৰ, বিভিন্ন দল-সংগঠনৰ এন আৰ চিৰ ক্ষেত্ৰত লোৱা ভুমিকাই ইয়াক সফল কৰাৰ ক্ষেত্ৰতো সন্দেহ ঘণীভূত হৈছে।
                                                 (২)
ঠিক একেদৰেই কিছুদিনৰ আগতে অসমৰ আকাশ বতাহ কপাঁই থকা অসমীয়াৰ সংজ্ঞাক লৈও আজিও কোনো এটা সহমত সিদ্ধান্ত উপনীত হব নোৱাৰিলে। এইক্ষেত্রত বিভিন্নজনৰ বিভিন্ন মত। ফলত বিষয়টো সম্পর্কে বুদ্ধিদীপ্ত আলোচনা হোৱাৰ বিপৰীতে ই অধিক বিভ্রান্তিহে সৃষ্টি কৰিছে। অথচ আমি সকলোৱেই জানো প্ৰকৃত খিলিঞ্ছীয়া অসমীয়া কোনসকল? বা অসমীয়াত্বৰ সংজ্ঞা কি?

ইতিহাস অধ্যয়ন কৰিলেই গম পোৱা যায় অসমীয়া জাতি হৈছে বিভিন্ন সময়ত, বিভিন্ন কাৰণত অসমলৈ অহা বিভিন্ন প্ৰজাতিৰ লোকৰ সংমিশ্ৰণতে গঢ় লৈ উঠা এটা বৃহত্তৰ জাতি। সময়ৰ লগে লগে তেওঁলোকৰ বিভিন্ন ভাষা, সংস্কৃতি আদি মিলি গৈ এই জাতিৰ ভাষা-সংস্কৃতিৰ ৰূপ লৈছে। ফলত আমি বিনাদ্বিধাই ক’ব পাৰো অসমত যাৰ জন্ম, যি অসমত স্থায়ীভাৱে বসবাস কৰিছে, যি অসমীয়া ভাষা কয়, যি অসমীয়া জাতীয় জীৱনৰ সৈতে নিৰৱচ্ছিন্ন সম্পৰ্ক গঢ় দি তুলিছে, আৰু অসমৰ স্বাৰ্থ-স্বত্ব সংৰক্ষণৰ অৰ্থে আন্তৰিকতাৰে সৈতে বৰঙণি যোগাইছে, আন মুকুলত যাৰ কোনো স্থায়ী বসতিৰ ইতিহাস নাই, তেৱেঁই অসমীয়া।

১৯৮৫ চনত যেতিয়া অসম চুক্তিখন স্বাক্ষৰিত হৈছিল, তেতিয়া অসমীয়াৰ সংজ্ঞাটোও যে বিতর্কমূলক হব পাৰে, সেয়া কোনেও ভবা নাছিল। আছু, অসম চৰকাৰ, ভাৰত চৰকাৰ আদি সকলোৱেই ধৰি লৈছিল যে অসমীয়া মানেই হৈছে অসমৰ খিলঞ্জীয়া লোকসকল (the indigenous people of Assam)। কিয়নো বিদেশীৰ বিৰূদ্ধে আন্দোলন কৰিয়েই অসম চুক্তিখন স্বাক্ষৰিত হৈছিল। সেই অর্থত থলুৱা, খিলঞ্জীয়া লোকসকলক নিৰাপত্তা দিয়াটোৱেই হৈছে চুক্তিখনৰ উদ্দেশ্য। পিছে তাৰ ওলোটাটোহে দেখা গ’ল।যাৰফলত অসম চুক্তিৰ তিনিটা দশক পাৰ হোৱাৰ পাছতো অসমীয়াত্বৰ সংজ্ঞাৰ ক্ষেত্ৰত আজিও কোনো এটা সমাধান সূত্ৰ নোলাল।

বিধানসভাৰ অধ্যক্ষ প্রণৱ গগৈৰ পৃষ্ঠপোষকতাত আছুৰ নেতৃত্বত ২৬ টা জনগোষ্ঠীয় সংগঠনে ১৯৫১ চনটোকেই অসমীয়াৰ সংজ্ঞা নির্ণয় কৰাৰ ক্ষেত্রত ভিত্তি বর্ষ হিচাপে ৰখা হওঁক বুলি সিদ্ধান্ত ল’লেও আমছুৱে ১৯৫১ৰ সলনি ১৯৭১ চনটো অসমীয়া/খিলঞ্জীয়া সংজ্ঞা নির্ণয়ৰ বাবে গ্রহণ কৰিবলৈ আহ্বান জনাইছে। নহলে একাংশ থলুৱা লোকো খিলঞ্জীয়াৰ আওঁতাৰ পৰা আঁতৰি যাব। আমছু আদি সংগঠনৰ মতে ১৯৫১ চনৰ ৰাষ্ট্রীয় নাগৰিক পঞ্জী অনুসৰি অসমীয়াৰ সংজ্ঞা নির্ণয় কৰিব নোৱাৰি কিয়নো বহুতো অঞ্চলত সেই সময়ত NRC ভালকৈ উন্নীত কৰাই হোৱা নাছিল। তদুপৰি নেহৰু লিয়াকৎ চুক্তি অনুসৰি বিভাজনৰ সময়ত দেশ এৰি যাবলৈ বাধ্য হোৱা বহুতো সংখ্যালঘূ পৰিয়াল পঞ্চাছৰ দশকত পূব পাকিস্তানৰ পৰা অসমলৈ ঘূৰি আহিছিল। তেওঁলোকৰ নাম সেয়েহে NRCত অন্তর্ভুক্ত কৰা হোৱা নাছিল। পিচে এইক্ষে্ত্ৰতো এতিয়ালৈকে কোনো সহমত সিদ্ধান্তত উপনীত হোৱা দেখা নগ’ল। আৰু ভবিষ্যতেও যে ইয়াৰ কিবা সমাধান সূত্ৰ ওলাব তাৰ আশা খুবেই ক্ষীণ।
                                           (৩)
আৰু এনে বহু জলন্ত সমস্যা আছে। নদীবান্ধ প্ৰকল্পৰ সমস্যা, অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যা, সীমা সমস্যা বিভিন্ন ৰাজ্যৰ লগত, উগ্ৰপন্থীৰ সমস্যা, বানপানীৰ সমস্যা, অসমীয়াৰ ভাষাৰ সংকটৰ সমস্যা, দুৰ্নীতিৰ সমসা আদিবিলাকৰ কথা কৈ থাকিলে শেষেই নহয়। অথচ আমি ভালদৰেই জানো এই সমস্যাবোৰৰ প্ৰত্যেকটোৱেই সহজ অৰ্থত সমাধানৰ ভিতৰত। কিন্তু সমস্যাবোৰৰ সমাধানৰ কথা আহিলেই নিমলা অংক হৈ পৰে।

আচলতে এই বিভিন্ন সমস্যাবোৰ সমাধানৰ বাবে বিভিন্ন ৰাজনৈতিক দল, সংগঠন, বুদ্ধিজীৱী তথা মুষ্টিমেয় আন কিছু লোকৰো নাই আগ্ৰহ বা নাই আন্তৰিকতাও। সমস্যাবোৰ সদায়েই সমস্যা হৈয়েই থকাটো বিচাৰে এওঁলোকে। যাতে সময়-সুযোগ-সুবিধা অনুযায়ী তেওঁলোকে নিজৰ মুনাফা আদায়ৰ বাবে ব্যৱহাৰ কৰিব পাৰে। হয়তো সমগ্ৰ দেশৰ ভিতৰত অসমেই একমাত্ৰ ৰাজ্য য’ত নেকি সমস্যাবোৰ সমাধান কৰি ৰাজ্যখনক প্ৰগতিৰ পথত আগবঢ়াই নিয়াৰ সলনি ধ্বংসৰ পথলৈহে ঠেলি দিছে। প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ অসম ৰাজ্য দিনে দিনে উন্নতিৰ পথত আগবঢ়াৰ সলনি সমস্যাৰে ভাৰাক্ৰান্ত এখন অনুন্নত ৰাজ্যলৈহে পয্যৰ্ৱিত হৈছে। হয়তো এই ধাৰা অব্যাহত থাকিলে আমি নিজস্বতা হেৰুৱাই নিঃস্ব হ’বলৈ বেছিদিন নেলাগিব। বুদ্ধিজীৱি তথা সচেতন ৰাইজেও এনে সামূহিক সহমত গঠন কৰি ৰাজহুৱা বৃহত্তৰ স্বাৰ্থলৈ লক্ষ্য ৰাখি ক্ষুদ্ৰ দলীয় বা ব্যক্তি স্বাৰ্থৰ উৰ্ধত সমাধানৰ পথ দেখুৱাব পৰা নাই। ফলত অসমৰ সাধাৰণ ৰাইজ দিক-বিহীনতাত আৰু দ্বন্দ জৰ্জৰিত অৱস্থাত পৰি ত্ৰাহি মধুসূদন দেখাৰ অৱস্থা পাইছেগৈ। গতিকে সময় থাকোতেই আমি বিভিন্ন দল-সংগঠন, সাধাৰণ নাগৰিক, বুদ্ধিজীৱী আদি সকলোৱেই নিজৰ নিজৰ স্বাৰ্থ পৰিত্যাগ কৰি ৰাজ্যৰ তথা জনগণৰ হিতৰ বাবে কাম কৰা উচিত। আৰু সমাজৰ সকলো স্তৰৰ, সকলো জাতি-ধৰ্মৰ মানুহৰ কল্যাণ হোৱাকৈ এক স্থিতি গ্ৰহণ কৰি সমস্যাবোৰ সমাধানৰ বাবে যোগাত্মক পদক্ষেপ লবলৈ আগবাঢ়ি আহক। এয়াই আমাৰ আহ্বান।

No comments:

Post a Comment