মনৰ কথা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
গুজৰাটৰ পাইপেৰে এতিয়া 
মুছলমানৰ তেজ বয়নে? 
মৃদুল কুমাৰ সন্দিকৈ
এটা ৰাজনৈতিক খবৰ। বহু চৰ্চা-বতৰ্কৰ যেন অন্ত পৰিল, এই খবৰ বনজুইৰ দৰে বিয়পি পৰাৰ লগে লগেই। কোনে কোন ৰাজনৈতিক দলত যোগদান কৰে, সেয়া ইমান চৰ্চিত খবৰ নহ’লহেঁতেনে যদি অসমক অস্থিৰ কৰা কিছু মহূৰ্তৰ সাক্ষী অসমবাসী নহ’লহেতেন! এটা কথাই এতিয়া প্ৰমাণ হ’ল যে ‘ৰাজনীতি’ত নীতি বুলিবলৈ একো নাই। ২০১০ চনৰ পৰা অসমৰ ৰাজনীতিক ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম বিশেষ ভাৱে চৰ্চালৈ আহিছিল। ৰাজ্যবাসীয়ে ভাবিছিল এইজন বিসম্বাদী ৰাজনৈতিক নেতাই অসমৰ স্বাৰ্থত মাত মাতিছিল। সেই অনুমান ২০১৫ত স্পষ্ট হ’ল। হিমন্ত বিশ্ব শৰ্মাৰ হাতত পদুম ফুলিল। ব্যক্তিগত স্বাধীনতাক একাষৰীয়া কৰি এজন সাধাৰণ নাগৰিকৰূপে সুধিবলৈ মন যায়-‘আপোনাৰ কোন বোৰ কথা সঁচা? কোনবোৰ বিশ্বাসযোগ্য!’ নৰেন্দ্ৰ মোদীয়ে অসমত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহি কৈছিল-‘গুজৰাটৰ পানী পাইপেৰে মাৰুতী গাড়ী চলাব পাৰি।’ আৰু মোদীৰ সেই বক্তব্যৰ বিৰোধিতা কৰি উদাত্ত কণ্ঠেৰে সেই সময়ত আপুনিয়েই কৈছিল-‘গুজৰাটৰ পানী পাইপেৰে পানী নহয়, মুছলমানৰ তেজৰ নৈ বয়!’ একেজন মানুহেই নিজ দলত স্থিতি অটুট ৰাখিব নোৱাৰি বিজেপিত যোগি দি লিখিলে-‘Following massive calls over the past months from people across Assam hailing from all communities, will be formally joining BJP for a Resurgent Assam and North-East under the vibrant leadership of Prime Minister Shri Narendra Modiji. Urging all of you here to join hands for Resurgent Assam and North-East.’

এতিয়া প্ৰশ্ন হয়, অসমবাসীয়ে কোনজন হিমন্ত বিশ্ব শৰ্মাক বিশ্বাস কৰিব? কংগ্ৰেছী হিমন্ত বিশ্ব শৰ্মাৰ তেতিয়াৰ কথানে গেৰুৱা বসন পিন্ধা এতিয়াৰ কথা! শৰ্মা ডাঙৰীয়া, আপুনিয়েই জানো এদিন ৰাজহুৱাকৈ কোৱা নাছিল, ‘মোৰ তেজত কংগ্ৰেছ’। ৰাইজে সেয়া জানিব বিচাৰিছে, বিসম্বাদ কৰি কি আপুনি তেজৰ গ্ৰুপেই কি সলনি কৰি পেলালে।

অসমৰ ৰাজনীতিত সক্ৰিয় নেতা হিচাপে আপোনাৰ ভাল-বেয়া বহু কথাই ৰাইজৰ মাজত আলোচনা হৈছিল। বহু কেলেংকাৰীৰ খবৰ আৰু সেই খবৰৰ খলনায়কৰূপে আপোনাক বিবেচিত কৰি বেজিপৰ ৰাষ্ট্ৰীয় নেতাই পুস্তিকা আকাৰত ছপা কৰি ৰাইজক বিলাই দিছিল, অৱগত কৰিছিল। এতিয়া কি হ’ব অভিযোগবোৰৰ? বিজেপিৰ শিবিৰত অৱস্থান লোৱাৰ পাছত স্বতঃস্ফুৰ্ত ভাৱে আপুনি নিকা হৈ পৰিল নেকি? আপুনি সেইবোৰৰ পৰা মুক্ত বুলি বিজেপিৰ শীৰ্ষ নেতৃত্বই আকৌ ৰাজহুৱাকৈ আপোনাক ক্লীনচীট দিবনে? নহ’লে ৰাইজ বিবুধিত পৰিব। আপোনাৰ গাত জাপি দিয়া বিজেপিৰ অভিযোগ আৰু আপুনি বিজেপিৰ সন্দৰ্ভত কৰা মন্তব্যবোৰে অসমবাসীক ভাবিবলৈ বাধ্য কৰাব যে স্বাৰ্থ সিদ্ধিৰ বাবেহে আপোনালোক এক হৈছে। আপোনালোকে পৰিৱেশ-পৰিস্থিতি সাপেক্ষে অসমবাসীক আভুৱা ভাঁৰিবলৈ নাটক কৰে আৰু ভৱিষ্যতেও কৰি যাব।

কোন ৰাজনৈতিক দলত আপুনি যোগ দিয়ে সেয়া ৰাজনৈতিক দৃষ্টিকোণেৰে আমাৰ বাবে সঁচাকৈয়ে ডাঙৰ খবৰ নহয়। আপোনালোকৰ মুখাবোৰ খোল খোৱাৰ পিছত সঁচা মানুহজনক দেখি তৱধ মনাৰ বাদে আৰু কৰিব পাৰো কি? ২০১৩ চনৰ ১৩জুলাই আপুনি টুইটাৰ লিখিছিল-‘We are loyal congress worker and we have no personal ambition ’ আৰু এতিয়া লিখিব নৰেন্দ্ৰ মোদীৰ অনুগামী বুলি। যাৰে আপুনি অনুগামী নহওক তাত আমাৰ ক’ব লগা একো নাই। সাধাৰণ জনতাৰ উন্নয়ণত বিধি-পথালি হৈ থিয় আপুনি যদি সুবিধা আৰু স্বাৰ্থৰ অন্বেষণতে আছিল তেন্তে স্পষ্টকৈ আজি আপুনি নকয় কিয় যে পূৰ্বতে যিবোৰ কথা কৈছিল সেইবোৰ আপুনি ভুলকৈ কৈছিল। ডঃ শৰ্মা, আপোনাক আকৌ এবাৰ সুধিব খোজো-‘গুজৰাটৰ পানীৰ পাইপেৰে এতিয়া মুছলমানৰ তেজ নবয় নেকি?’ আমাৰ দৰে ঘটিৰাম-বাটিৰামবোৰক আপুনি আৰু বিজেপিয়ে এই প্ৰশ্নৰ উত্তৰ নিদিয়েও কোনোৱে একো কৰিব নোৱাৰে। কথা হ’ল সাধাৰণ ৰাইজক আপোনালোকৰ দৰে নেতাবোৰে চাৰ্কাচৰ বহুৱা কৰে কিয়? আপোনাক বাৰু কি স’তে বিশ্বাস কৰো আমি? আৰু বিজেপিক? একেজন হিমন্তৰ নাম কেলেংকাৰীৰ অভিযোগৰ উল্লেখেৰে কৰা পুস্তিকাবোৰত থকা আপোনালোকৰ ইমান ডাঙৰ ডাঙৰ অভিযোগবোৰৰ ভিত্তি ইমানেই নেকি? এতিয়া সেইজনে আদৰি ডাঙৰ ডাঙৰ হৰ্ডিং লাগিব আদৰণিৰ, আয়োজন হব সমাবেশৰ! নে অসমত এতিয়া বিজেপি হৈ পৰিছে অৱহেলিত আৰু নিস্ক্ৰিয় ৰাজনৈতিক নেতাক আশ্ৰয় দিয়া এটা ডাষ্টবিন!
লেখাটি পূৰ্বে জনসাধাৰণ কাকতত প্ৰকাশিত।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages