বিশ্লেষণ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
অসম বন্ধ , আন্দোলন আৰু আমাৰ আৱেগ
অগ্নিভ দত্ত
আজি কিছুদিন আগতৰ কথা। উজনি অসমৰ ব্যৱসায়ী বন্ধু এজনৰ লগত কথা পাতোতে ইটো সিটো কথাৰ মাজতে তেখেতৰ ব্যৱসায়ৰ কথা ওলাল । তেখেতে ব্যৱসায়ৰ কথা ওলাওতেই যি কেইটা কথা ক’লে সেইবোৰ কোনোপধ্যেই আশাব্যঞ্জক নহয় । তেখেতেই ক’লে যে সমগ্ৰ উজনি অসমৰ কথা বাদ দিও কেৱল শিৱসাগৰ, তিনিচুকীয়া আৰু ডিব্ৰুগড়তে হেনো বৰ্তমান প্ৰায় ৪০ টা মান সৰু-বৰ দল-সংগঠনে সেইবোৰ অঞ্চলত সাংগাঠনিক কাম কাজ চলাই আছে। সংগঠন চলোৱাত আপত্তি নাই ,কিন্ত্ত সংগঠন চলোৱাৰ নামত পইচা পাতিৰ নামত দাবী ধমকি দিয়াৰ ওপৰিও হোৱাই নোহোৱাই দিয়া বন্ধবোৰে তেখেতসকলৰ ব্যৱসায় বাণিজ্যত যথেষ্ট বিৰূপ প্ৰভাৱ পেলাইছে। তেখেতে বৰ অসহায় ভাবেৰে ক’লে বন্ধই তেওঁৰ ব্যৱসায়ত কিমান অপ-প্ৰভাৱ পেলাইছে, আনকি তেখেতে তেখেতৰ ব্যৱসায় অসমৰ বাহিৰলৈ নিয়াৰ কথাও চিন্তা কৰিব লৈ বাধ্য হৈ পৰিছে। এইবোৰ ব্যক্তিগত অসুবিধাক বাদ দিও দেখা যায় প্ৰায় বিগত তিনিটা দশকত বন্ধ অপ-সংস্কৃতিয়ে অসমৰ আৰ্থ সামাজিক ক্ষেত্ৰখনত এক জটিল সমস্যাৰ সৃষ্টি কৰি আহিছে। আজিৰ দিনটোতো অসমখনক আন আন সমস্যাই কৰি কোঙা কৰি পেলোৱাৰ সময়তে অসম তথা অসমবাসীৰ আৰ্থ সামাজিক জীৱনত এক অন্যন্য সমস্যাৰ সৃষ্টি কৰিবলৈ লৈছে এই অসমৰ বন্ধ সংস্কৃতিয়ে। এই সংস্কৃতিয়ে অসমৰ অৰ্থনীতিক কোঙা কৰাৰ লগতে অসমীয়া জাতি তথা সমগ্ৰ প্ৰজন্মৰ ওপৰতে এক বিৰুপ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে।

বন্ধ দি প্ৰতিবাদ কৰাটো নিশ্চয় গণতান্ত্ৰিক অধিকাৰ, কিন্তু বাৰে বাৰে যেতিয়াই তেতিয়াই অধিকাৰৰ নামত সমগ্ৰ জাতিটোক / জনতাক বন্ধকত থোৱাটো নিশ্চয় কদাপি সমৰ্থন কৰিব নোৱাৰি । বিভিন্ন তথ্য মতে বিগত তিনিটা দশকত অসমত বছৰি নুন্যতম গড়ে ৩৪ টাকৈ অসম বন্ধ,নামনি/ উজনি অসম বন্ধ, জিলা বন্ধ বা তেনেধৰণৰ বন্ধ যাপন হৈ আহিছে। প্ৰত্যেকটো বন্ধত তথ্য মতে প্ৰতিদিনে চৰকাৰৰ কোষাগাৰৰ লোকচান হয় প্ৰায় ৫০ কোটিমান টকা। সেই হিচাবত বিগত তিনিটা দশকত অসমে কিমান হেৰুৱালে তাৰ হিচাপ এই সংগঠনবোৰে ৰাখিছেনে। আন এটা তথ্য মতে বিগত ২০১২ -১৩ বছৰটোত কেৱল অইল ইণ্ডিয়া লিমিটেডৰে বন্ধ, আন্দোলন বা আন তেনেধৰণৰ প্ৰতিবাদী কাৰ্য্যকলাপৰ ফলত প্ৰায় ২০০ কোটি টকাৰ লোকচান হ’ল । অথচ আমি এই অইলতে এজন অসমীয়া বিষয়াক প্ৰতিষ্ঠানটোৰ মুৰব্বী হিচাবে নিদিয়াৰ কাৰণে প্ৰতিবাদ কৰো। কিন্ত্ত সকলোতকৈ ডাঙৰ কথা আমাৰ সমাজৰ দৈনিক খাটি খোৱা জনগণৰ দুৰৱস্থাৰ কথা চিন্তা কৰিবলৈ এই আন্দোলনকাৰী, বন্ধৰ আহ্বান কৰি ঘৰত ৰঙ ৰইচেৰে দিন কটোৱা সকলৰ সময় হয় গৈ জানো?

এতিয়া কথা হ’ল কেৱল বন্ধকে কিয় গণতান্ত্ৰিক অধিকাৰৰ নামত প্ৰতিবাদৰ একমাত্ৰ আহিলা হিচাপে লয় এই সংগঠনবোৰে ? সকলোতকৈ ডাঙৰ কথাটো হৈছে জনসাধাৰণে বহু সময়ত গমেই নাপায় এই সংগঠন বোৰৰ অস্তিত্ব বা সংগঠনবোৰৰ উদেশ্য। কেৱল সস্তিয়া জনপ্ৰিয়তাৰ খাতিৰত এই সংগঠন বোৰে বাৰে বাৰে জনগণক বন্ধকত ৰখাৰ অধিকাৰ কেৱল গণতন্ত্ৰৰ নামত দিব পাৰিনে? এই সংগঠনবিলাকে অন্যান্য বিকল্প গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্য্যসূচী হাতত নলয় কিয় ? হয়তো এই সংগঠবোৰৰ গণভিত্তিৰ আচল স্বৰুপ ওলাই যোৱাৰ ভয়ত তেওঁলোকে অন্য কাৰ্য্যসূচী ল’বলৈ সাহস নকৰে। যদি বন্ধই সমস্যাৰ সমাধান কৰিলেহেতেন যোৱা তিনিটা দশকৰ এহাজাৰটাৰো ওপৰৰ বন্ধই অসমখনক জগতত জাকত জিলিকা কৰি তুলিব লাগিছিল, কিন্ত্ত তাৰ বিপৰীতে অসমখনৰ অৱস্থা দিনক দিনে বেয়াৰ ফালেহে গতি কৰিব লাগিছে দেখোন।

এই খিনিতে নিজৰ এটা সৰু অনুভৱৰ কথা ক’ব বিচাৰিছো । কৰ্ম্মৰ খাতিৰত মই দক্ষিণ আফ্ৰিকাতেই আছো আজি কেইবাবছৰৰ পৰা । ইয়াতো আন্দোলন মানে প্ৰায় ক্ষেত্ৰতে শ্ৰমিক প্ৰতিবাদ আদি দেখাৰ সৌভাগ্য হৈছে । কিন্ত্ত আজি পৰ্য্যন্ত এদিনো বন্ধ পালন কৰা দেখা পোৱা নাই । আনকি ২০১৩ চনত যেতিয়া নেলচন মাণ্ডেলাৰ মৃৰ্ত্যু হৈছিল তেতিয়াও এদিনৰ বাবেও কোনো চৰকাৰী অথবা বেচৰকাৰী বন্ধ পালন কৰা দেখা নাপালো । বন্ধ দেশৰ পৰা অহা মানুহ বুলি এনেধৰণৰ কাৰ্য্য আমাৰ প্ৰথমে একেবাৰে সহ্য হোৱা নাছিল, মনে মনে ভাবিছিলো বন্ধই যদি দিয়া নাই কিহৰ সন্মান আকৌ দিয়া হ’ল এইহেন জাতিৰ পিতাজনক ? পিছত লাহে লাহে অনুভৱ কৰিলো যিজন মানুহে এইখন দেশ আৰু এই জাতিক আগুৱাই নিবলৈ গোটেই জীৱনটো উচৰ্গা কৰিলে সেই মানুহজনৰ মৃত্যুত হয়তো দেশখন স্তব্ধ হৈ গ’লে সেই মহামানৱ জনকে জানো অপমান কৰা নহ’ব। এনে বোৰ কথাই জানো আমাক অনুপ্ৰাণিত কৰিব নোৱাৰে ? এই অসম বন্ধটোৰ লগত সংগতি ৰাখি আৰু এটা সৰু কথা কব ওলাইছো । জাতি হিচাবে আমি যে এটা আৱেগিক জাতি তাৰ নিশ্চয় নতুনকৈ প্ৰমাণ দিয়াৰ আৱশ্যকতা নাই। কিন্ত্ত কথা হৈছে আবেগবোৰক সাৰথি কৰি বাৰে বাৰে আমি একেধৰণৰ কামবিলাকেই কৰি থাকিমনে ?

যদিও নদী বান্ধ , নদী স্ংযোজন আদি প্ৰকল্পক একেষাৰতে সমগ্ৰ অঞ্চলতোৰ কাৰণে ভাল বুলি কব পৰা নাযায় কিন্ত্ত সামগ্ৰিক ভাবে তাৰ কেৱল বিৰোধিতা কৰি গলে কাৰ কিমান ৰাজনৈতিক লাভ হয় বেলেগ কথা কিন্ত্ত অঞ্চলতোৰ কিমান লাভ হ’ব কোৱা টান। কিছুমান ভুল ধাৰণাই আমাক পশ্চাদমুখীহে কৰি তুলিব। এটা ভুল ধাৰণাকলৈ আজিও আমি কি ধৰণেৰে আবেগিক চাঁও আহকচোন। এসময়ত আমাৰ খাৰুৱা তেলকলৈ আমি আন্দোলন কৰিলো। আমাৰ খাৰুৱা তেল বাহিৰলৈ ওলিয়াই দিবলৈ আমি ৰাজি নহলো। আন্দোলন কৰিলো। শেষত দুটা ৰিফাইনেৰি পালো তাৰ বিনিময়ত। আমি খুশ হৈ গ’লো ।কিন্ত্ত আমি কেতিয়াবা খাৰুৱা তেলৰ আচল কথাবোৰ জানিব যত্ন কৰিছোনে ? নে এতিয়াও আমাৰ খাৰুৱা তেলেৰেই দেশ চলে বুলি আবেগত উটি ভাহি থাকিম। আজিৰ দিনটোত অসমত শোধনাগাৰ আছে চাৰিটা । গোটেই কেইটা শোধনাগাৰ মিলাই শোধন ক্ষমতা হ’ল ৭ মিলিয়ন মেট্ৰিক টন (এন আৰ এল ৩ মি: মে: ট:; গুৱাহাটী ৰিফাইনেৰি ১ মি: মে: ট:, বঙাইগাঁও ২.৩৫ মি: মে: ট: আৰু ডিগবৈ ০.৬৫ মি: মে: ট:)। আৰু আমাৰ খাৰুৱা তেলৰ বৰ্ত্তমান উৎপাদন ক্ষমতা হ’ল মাথো ৪.৭ মি: মে: ট: ,তাৰে অইল ইণ্ডিয়াই উৎপাদন কৰে ৩.৪ মি: মে: ট: আৰু অ এন জি চিয়ে উৎপাদন কৰে প্ৰায় ১.২২৩ মি: মে: ট: ।

এতিয়া আমাৰ এই পুতলা শোধনাগাৰ কেইটা চলাবলৈ হ’লে আমি আমাৰ নিজৰ উৎপাদিত তেলেৰে চলাব নোৱাৰো গতিকে আমি খাৰুৱা তেল আমদানিহে কৰিব লাগে । পুতলা ৰিফাইনেৰি বুলি এই কাৰণেই কৈছো কাৰণ ভাৰতৰ আন আন ঠাইত থকা বাকী ১৯ টা ৰিফাইনেৰীৰ বেছি ভাগৰে প্ৰত্যেকটোৰে নিজা শোধন ক্ষমতা হৈছে অসমৰ শোধনাগাৰৰ মুঠ শোধন ক্ষমতাত কৈ বেছি আৰু বৰ্ত্তমান ভাৰতৰ মুঠ শোধন ক্ষমতা হৈছে প্ৰায় ২১৫.০৭ মি: মে: ট: আৰু তাক ২০১৭ চনৰ ভিতৰত ৩১০ মি: মে: ট: লৈ বঢ়োৱাৰ কথা কোৱা হৈছে। এই গোটেই খাৰুৱা তেল আৰু তাৰ আনুসাংগিক দিশ বিলাক বেলেগ এদিন আলোচনাৰ কাৰণে থলো। এই গোটেই আলোচনাটোৰ দ্বাৰা আচলতে জনাব খোজা কথাটো হ’ল আমি কেৱল আবেগক গুৰুত্ব দি কাম বা আন্দোলন আদিবোৰ কৰি গ’লেই নহব। আজিৰ দুনীয়াখন আবেগৰ নামত নচলে। আমাক সবল সুঠাম কৰি তুলিবলৈ আৱেগতকৈ আমি বুদ্ধিমত্বাক গুৰুত্ব দি সবল নেতৃত্বৰ সৃষ্টি কৰিব পাৰিব লাগিব যাৰ দূৰ-দৃষ্টিৰে আমাৰ ভৱিষ্যত বিলাক সুন্দৰ কৰি তুলিব পাৰিব ।

 লেখাটি জনসাধাৰণ কাকততো পূৰ্বতে প্ৰকাশ পাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages