Tuesday, August 4, 2015

মিছা ক'লে কি ডাল হব? (হাস্য ব্যংগ)

ঘাইপথত এভেলভেল মাছৰ কথাৰে...
ঈশানজ্যোতি বৰা
জাকৈ,খালৈ অথবা জালখন লৈ অসমৰ খাল-বিল,পুখুৰীত নামি মূৰৰ ঘাম মাটিত পেলোৱাৰ সেই কষ্টভাগ এতিয়া তল পৰিছে৷ ৰাইজৰ উন্নতি সাধনেই জীৱনৰ মহাব্ৰত হিচাপে গণ্য কৰা তেৰাসৱৰ কৃপাত অসমৰ কেইবাটাও ৰাষ্ট্ৰীয় ঘাঁইপথত এতিয়া সৃষ্টি হৈছে সুগভীৰ,সুবিশাল পুখুৰীৰ৷ কোনোবাই এতিয়া ‘অসমৰ বাট-পথৰ অৱস্থা তথৈবচ’ বুলি গোচৰ তৰিলে নহ’ব৷ হাৰে !! অভিযোগৰ বাকচকেইটা মোকলাই কিমাননো আৰু নিৰাশাবাদী মনোভাৱেৰে আস্ফালন কৰি থাকে ! কিমাননো আৰু নিগেটিভিটিবোৰ ৰাজ্যত বিয়পায় ! বি প’জিটিভ্ য়াৰ, মিছা ক'লে কি ডাল হবহে!

অনাগত দিনবোৰত আমাৰ অসমৰ দৰে উন্নত মুলুকত নিৰাশা-হতাশাৰ বিষবাষ্প বিয়পোৱা এনে কথা-বতৰা পৰিহাৰ কৰি নচলিলে চোলাৰ পিছফালে ‘কমপ্লেইন বক্স’ৰ লেবেল যে লাগিব সেইয়া আজিৰ তাৰিখত একেবাৰে খাটাং৷ অসমৰ ইটোমূৰৰ পৰা সিটোমূৰলৈ বাছ-যাত্ৰা কৰাৰ আগমুহূৰ্তত যাত্ৰীসমাজে এতিয়া আহল-বহল মোনা এটা লগত লৈ আনিবলৈ পাহৰিব নালাগে৷ কাৰণ, নিৰ্দিষ্ট কিলোমিটাৰৰ অন্তৰে অন্তৰে ঘাঁইপথৰ বুকু ফাটি জিলিকি থকা পুখুৰীবোৰত এতিয়া ৰৌৰ পৰা খলিহনালৈকে,মাগুৰৰ পৰা গৰৈ-কাৱৈলৈকে নানাতৰহৰ, নানবৰণৰ মাছে “মোক ধৰ, মোক খা’ বুলি শ্ল’গান জুৰিব লাগিছে৷ গতিকে সন্ধ্যা মোনা দাঙি দাঙি চাৰিআলি,তিনিআলিৰ দৈনিক বজাৰৰ পৰা তিনিশ-চাৰিশ টকাৰে চালানী মাছ খোৱাৰ আমনিদায়ক পৰম্পৰাফেৰা পৰিত্যাগ কৰি ৰাষ্ট্ৰীয় ঘাঁইপথৰ অতিকায় পুখুৰীকেইটালৈ মনোযোগ দিলে ৰাইজে একেবাৰে ফ্ৰেছ্ মাছৰে নিশাৰ ব্যঞ্জন খাই পৰিতৃপ্তি পাব৷

সিপিনে,আজি আন এজন অতিপাত যোগাত্মক দৃষ্টিভংগীসম্পন্ন মানুহে কৈ গ’ল বোলে-অসমৰ চিকিৎসালয়ত ৰোগীসকল মজিয়াত পৰি থকা কাৰ্যভাগে বোলে অসমৰ উন্নয়নৰ কথাকেই সূচায়৷ ইতিবাচক চিন্তাধাৰাৰ ইয়াতকৈ আৰু উজ্জ্বল দৃষ্টান্ত কি হ’ব পাৰে! অতিৰঞ্জিত নকৰাকৈ ব্যক্ত কৰোঁ যে- এনেধৰণৰ আশাব্যঞ্জক কথা-বতৰাই আমাৰ মনৰ আকাশৰ অমাৱস্যাৰ ঘোৰ অন্ধকাৰক “শিশুপাল খেদা” দি পূৰ্ণিমাৰ নিৰ্ভেজাল পোহৰেৰে এতিয়া দশোদিশ পোহৰাই তুলিছে৷ নিঃসন্দেহে অসমৰ চৌদিশে এতিয়া ‘যোগাত্মক দৃষ্টিভংগী’ৰ এক অভূতপূৰ্ব পৰিৱেশে বিৰাজ কৰিছে৷

ইতিবাচক মনোভাৱেৰে, যুগান্তকাৰী চিন্তাধাৰাৰে বলিয়ান হৈ বিগত বছৰসমূহত অসমত সংঘটিত হোৱা “মহা-উন্নয়ন” আৰু “মহা-প্ৰগতি”ৰ জয়ঢোলকেইটা আপোন-পাহৰা হৈ সৰ্বশক্তি প্ৰয়োগ কৰি কোবোৱাৰ উপযুক্ত সময় এইয়া৷ এৰা,প্ৰভাত হ’বই৷ আকৌ এদিন প্ৰভাত হ’বই হ’ব৷ আশাবাদৰ এনেহেন বিষ্ফোৰণৰ যুগত আমি আৰু আশাবাদী নহৈ পাৰোঁনে?

এই শুভক্ষণত সুঁৱৰিবলৈ বাধ্য হৈছোঁ সেই কালজয়ী বাক্যকেইফাঁকি- “বাজক দবা,বাজক শঙ্খ, বাজক মৃদং খোল; অসম আকৌ উন্নতি-পথত, ‘জয় আই অসম’ বোল। ঘাইপথৰ মাছকে ভাজো, তেলৰ বটল খোল! মিছা ক'লে কি ডাল হবহে!

No comments:

Post a Comment