Tuesday, August 25, 2015

চিন্তন

সন্ধিক্ষণত অসমীয়া সংবাদ মাধ্যম
(এজন সাংবাদিকৰ দৃষ্টিৰে)
শৈলেন বৰুৱা
: হেল্ল’, অমুক চেনেলৰ অমুক হয়নে?
: হয়, কওকচোন৷

: আপুনি এতিয়াও অহা নাই যে? ইমান ফোন কৰিছোঁ৷ আমি প্ৰধান শিক্ষকজনক এঘণ্টামানৰ পৰা বান্ধি থৈ দিছোঁ, আপুনি আহিলেই...৷

সতীৰ্থ সাংবাদিক এজনলৈ এদিন এই ফোনটো অহাৰ সময়ত আমি কাষতে আছিলোঁ৷ সতীৰ্থৰ মুখত চৰম বিতৃষ্ণা৷

: এইটো মোলৈ অহা ১১ নম্বৰ কল৷ ইয়াৰ আগতেও দহজনে সেই একেটা কথাকে পেঘেনিয়াই মাতি আছে৷...কোনোবা এজন প্ৰধান শিক্ষক মধ্যাহ্ন ভোজনৰ চাউল কেলেংকাৰিৰ পৰিছে৷ মই গ’লেই বোলে পিটন আৰম্ভ কৰিব৷ এইবোৰ নিউজ কৰিবলৈ মন নাযায়, কিন্তু কি কৰোঁ কওকচোন...৷ সতীৰ্থ সাংবাদিকৰ দোদূল্যমান অৱস্থা৷

অসমৰ সাম্প্ৰতিক বৈদ্যুতিন মাধ্যমত পৰিচিত কেতবোৰ দৃশ্যৰ নেপথ্যৰ কাহিনী এয়া৷ সাংবাদিকে নিজৰ বিৰুদ্ধে, বিবেকৰ বিৰুদ্ধে গৈও কেতিয়াবা বাতৰি সংগ্ৰহ কৰিব লগা হয়৷ ওপৰৰ উদাহৰণটোৱেই তেনে মুহূৰ্তৰ এক জীয়া প্ৰতিচ্ছবি৷

অসমৰ সাম্প্ৰতিক সাংবাদিকতাক সুক্ষ্মভাৱে পৰ্যালোচনা কৰা মানুহৰ সংখ্যা বাঢ়িছে৷ ভাল কথা, ভাল লক্ষণ৷ পৰ্যালোচনা কৰাতকৈ সমালোচনা চাৰ৷ তেনে পৰিস্থিতিত অসমৰ সংবাদ মাধ্যমক নিৰ্মোহ বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে৷ অসমৰ (বিশেষকৈ অসমীয়া) সংবাদ মাধ্যম এতিয়া যুগ সন্ধিক্ষণত বুলিব পাৰি৷ এফালে ডেৰশ বছৰতকৈ অধিক বয়সীয়া ছপা মাধ্যম৷ তাৰ তুলনাত আনফালে পানী কেঁচুৱাসদৃশ বৈদ্যুতিন মাধ্যম৷ তড়িৎ গতিৰে, সৌদামিনী বেগেৰে আগবঢ়া বৈদ্যুতিন মাধ্যমক লৈ আড্ডা, চৰ্চা আৰম্ভ হ’লেই সমালোচকে এফালৰ পৰা বখলিয়াবলৈ ধৰে মাধ্যমটোৰ নাভ্ৰুত নাশ্ৰুত কাণ্ডক৷ সাংবাদিকৰ চৈধ্যগোষ্ঠী উঘালিবলৈ সততে তৰ্কুমুখী হ’বলৈ ভাল পায় বহুজনে৷ নহ’বাইবা কিয়? এটাই যদি ধানক পতান বুলিছে, আনটোৱে বুলিছে গোট৷ তেনে একে দোদূল্যমান পৰিস্থিতিত দৰ্শকে বিশ্বাস কৰিব কাক? পতানক নে ধানক?

এয়া সন্ধিক্ষণ৷ বিশ্বাস আৰু অবিশ্বাসৰ৷ যাৰ ওপৰত ভিত্তি কৰি এখন সমাজ সঠিক পথেৰে অগ্ৰসৰ হ’ব লাগে-সেই মাধ্যমেই যদি বিশ্বাসত ল’ব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি কৰে তেন্তে দোষ দিব কাক? সাংবাদিকক? সাংবাদিকে আকৌ দোষ ঠেলিব ৰাইজলৈ?

হয়, সাংবাদিকৰ দোষ আছে৷ কিন্তু ‘ৰাইজ’ৰো কম দোষ নাই৷ সাম্প্ৰতিক সময়ত সাংবাদিকৰ বাবে প্ৰবল প্ৰত্যাহ্বান হৈ পৰিছে ‘ৰাইজ’ নামৰ শব্দটো৷ ৰাইজ মানে জনগণ,সৰ্বসাধাৰণ,উপস্থিত গণ৷ এতিয়া ৰাইজৰ দোষটো চাওক-ৰাইজে বিচাৰিছে সাংবাদিকজনক ঘটনাস্থলীলৈ যাব লাগে, গ’লেই প্ৰধান শিক্ষকজনক প্ৰহাৰ আৰম্ভ কৰিব৷ এয়া ৰাইজৰ ভাষা, ৰাইজৰ কাম্য৷ ইয়াৰ পিছত বাতৰিটো যদি সম্প্ৰচাৰ হয় ৰাইজে ক’ব-টিভি চেনেলৰ আৰু কাম নাই৷ কেৱল সেই একেবোৰে মাৰপিট, ৰাজহুৱা পিটন৷ এই চেনেলবোৰে দেশখন খালে?- এয়া ৰাইজেৰেভাষ্য৷ এতিয়া নিজৰ গাত চিকুটি চাই কওক-আপুনি কোনখিনি ৰাইজৰ লগত৷ প্ৰধান শিক্ষকক পিতন দিয়া ৰাইজৰ লগত নে সেই বাতৰি চাই ইচ্ ইচ্ আচ্ আচ্ কৰা ৰাইজৰ পক্ষত? দেখা গৈছে-ৰাইজ দুভাগত বিভক্ত হৈছে, হ’ব নালাগে৷ ৰাইজ বহুবচনীয় শব্দ, লোক একগোট হৈ থকাটোকে ৰাইজ বোলে৷ তেন্তে সাংবাদিক কাৰ লগত থাকিব? এই ‘ৰাইজ’ যে দুফৈদ হৈছে সেইটো কাৰ বাবে হৈছে? সাংবাদিকৰ বাবেন? সেয়ে কৈছোঁ সাম্প্ৰতিক সাংবাদিকতাত এক প্ৰত্যাহ্বানমূলক শব্দ-ৰাইজ৷ উল্লিখিত ধৰণৰ বাতৰিৰ বাবে সাংবাদিকক বা সংবাদ মাধ্যমক দোষ দিব পাৰি, দিয়া হৈছে৷ কিন্তু এফৈদ ‘ৰাইজ’ৰ দোষ কোনে মূৰ পাতি ল’ব?

এতিয়া চাওক, সাংবাদিকে ৰাইজক কেনেকৈ ভুল নেতৃত্ব (মিছ লীড) দিয়ে৷...গাঁৱত বাঢ়নী পানী উঠিছে৷ চৌদিশে হাহাকাৰ পৰিস্থিতি৷ ভেটি ডুবিবলৈ ধৰিছে৷ ঘৰৰ বয়বস্তু ওপৰলৈ উঠাব লাগে৷ গোহালিৰ গৰুৰ পঘা মোকলাব লাগে, চাং বনাবলৈ বাঁহ কাটিব লাগে৷ নাও,ভুঁৰ যোগাৰ কৰিব লাগে৷ গঞাৰ দেধাৰ কাম৷ সময়তে হাতত বুম লৈ লংপেন্ট কোঁচাই গাঁৱত প্ৰৱেশ কৰিলে চেনেলৰ সাংবাদিক৷ দুই-এজন এনেয়ে কাষ চাপি যাওঁতে সাংবাদিকে তেওঁলোকক ১০-২০ জনমানে গঞাক ৰাজপথলৈ মাতি আনিবলৈ ক’লে৷ এজনে উকিটো মাৰোঁতেই য’ৰে কাম ত’তে এৰি ৰাজপথ পালেহি দহ কি বাৰজন৷ পথত জুম দেখি উৎসুক্যৰে আৰু দুজনমান আহিল৷ৰাইজে কেমেৰাৰ সন্মুখত কি ক’ব লাগিব, কাক কাক গালি পাৰিব লাগিব, কোন ঠিকাদাৰে পইচা খালে, কাক গৰিহণা দিব লাগিব আদি সন্দৰ্ভত সাংবাদিকে চমু বক্তৃতাৰে বুজালে৷ কেমেৰামেনে এংগে’ল মিলালে৷ ডি এছ এন জি ভেনত এজনে কাঁহীছটা ঘূৰাই-মেলি ছিগনেল পকালে৷ সাংবাদিকে লগ’টো লৈ ‘চাবধান পজিশ্বন’ত দহ কি পোন্ধৰ মিনিট নিবোকা চামোনৰ দৰে বোন্দাপৰ দি আছে৷ লাইভ টেলিকাষ্ট হ’ব৷ গোট খোৱা জনগণে ইটোৱে সিটোৰ মুখলৈ চাইছে৷ কোনোবাই ঘৰৰ কামৰ কথা চিন্তা কৰি যাবলৈ বিচাৰিছে৷ সাংবাদিকে মাজে মাজে হাতেৰে জনগণক ইংগিত দি আছে- ৰৈ থাকক, নাযাব৷ গুচি গ’লে টিভিত ওলাবলৈ নাপাব৷ চূড়ান্ত ক্লাইমেক্সৰ অন্তত ষ্টুডিঅ’ৰে সংযোগ ঘটিল৷ সাংবাদিকে উদাত্তকণ্ঠে গৰজি আৰম্ভ কৰিলে-...এয়া চাওক, ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে৷ এয়া চাওক, একমাত্ৰ আমাৰ চেনেলত৷ এয়া চাওক, ৰাইজে বানত কক্‌বকাই ৰাজপথ অৱৰোধ কৰিছে...৷

সাংবাদিকে কোৱা ওপৰৰ তিনিটা বাক্যই প্ৰকৃততে পৰিস্থিতিটোৰ সত্যতা প্ৰতিপণ্ন কৰেনে? ৰাইজস্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিলনে? ৰাইজ সঁচাকৈ বানত কক্‌বকাই আছেনে? পানীত ডুবিলেহে মানুহে কক্‌বকাই থাকে৷ ৰাইজে জানো স্বতঃস্ফূৰ্তভাৱে ৰাজপথ অৱৰোধ কৰিছিল? সাংবাদিকে মতাৰ বাবেহে য’ৰ কাম ত’তে এৰি থৈ আহিছিল৷ ৰাইজক ভুল নেতৃত্বৰে পৰিস্থিতিৰ অপব্যাখ্যা কৰাটো সাংবাদিকৰ কৰ্তব্য নহয়, অপৰাধযোগ্য৷ এয়া ৰাইজক সাংবাদিকে ‘মিছ লীড’ কৰাৰ উদাহৰণ৷

সাম্প্ৰতিক অসমৰ সাংবাদিকতাত এনে এচাম নতুন সাংবাদিকৰ প্ৰৱেশ ঘটিছে যাৰ অসমৰ ভৌগোলিক, সাংস্কৃতিক দিশবোৰৰ প্ৰতি নূন্যতম জ্ঞান নাই৷ নাই সাংবাদিকতাৰ এথিক্স সম্পৰ্কে ধাৰণা৷ বৈদ্যুতিন মাধ্যমৰ পৰিৱৰ্তে আৰম্ভ কৰিছোঁ ছপা মাধ্যমৰ সাংবাদিকৰ গুণানুকীৰ্তন ! মাজুলী কিয় বিখ্যাত? তেজপুৰ কিয় বিখ্যাত তাকো সঠিকভাৱে লিখিব নোৱাৰে এচামে৷ মূৰ্কংচেলেক ক’ত? লক্ষিমপুৰৰ পৰা চিলাপথাৰলৈ ৰিক্সাৰে যাব পাৰিনে নোৱাৰি (দূৰত্ব প্ৰায় ১৭০ কিলোমিটাৰ), তাকো নজনাসকল সাংবাদিক হৈছে৷ ছাত্ৰৰ ভুল শিক্ষকে ধৰিব পাৰে৷ খেলুৱৈৰ ভুল ৰেফাৰীয়ে ধৰিব পাৰে৷ ডাক্তৰৰ ভুল বিশেষজ্ঞ ডাক্তৰেহে ধৰিব পাৰে৷ তাকে নকৰি এচামে পোনপটীয়াকৈ লিখি দিয়ে ‘ভুল চিকিৎসাত ৰোগীৰ মৃত্যু’৷ ডাক্তৰৰ ভুল ধৰিবলৈ সময় লাগে, আন বিশেষজ্ঞ ডাক্তৰে প্ৰমাণ কৰিব লাগিব৷ (অথবা সংশ্লিষ্ট সাংবাদিকজনৰ বেকগ্ৰাউণ্ড চিকিৎসা সম্পৰ্কীয় হ’ব লাগিব৷ অসমত আছেনে চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লৈ ডাক্তৰী নকৰি সাংবাদিকতা কৰা সাংবাদিক?) তেন্তে শিৰোনামত ভুল চিকিৎসাৰ ‘অভিযোগ’ত ৰোগীৰ মৃত্যু বুলি কিয় লিখা নহয়? চিকিৎসাত ভুল হ’ব পাৰে, কিন্তু প্ৰমাণ নহ’লে পোনছাটেই ভুল বুলি লিখিব নোৱাৰে৷ তেনেক্ষেত্ৰত ‘অভিযোগ’ আনিব পাৰে৷ কিন্তু অভিযোগ শব্দটো উহ্য হে পৰে৷ ৰোগীৰ অবাঞ্চিত মৃত্যুৰ বাবে চিকিৎসালয়ৰ লণ্ডভণ্ড কৰা বাতৰি লিখা বা ‘লাইভ টেলিকাষ্ট’ দিয়া সাংবাদিকৰ মুখত ঘূনাক্ষৰেও শুনা নাই যে এনে কাৰ্য কৰাসকলক শাস্তি বিহিবলৈ এখন আইন আছে৷

সাংবাদিকৰ জ্ঞানৰ দৌৰ নিজ ক্ষেত্ৰখনত কিমান সেয়া আমাক অভিজ্ঞতাই সোঁৱৰাই থাকে৷ মুক্তিযোদ্ধাৰ দৰে প্ৰবীণক প্ৰদান কৰা তাম্ৰপত্ৰ কিহেৰে বনাই বুলি সাংবাদিকৰ মুখত প্ৰশ্ন শুনিলে ভূমি চুই কৰ্ণত হাত দিব লগা হয়৷ সংবাদ পত্ৰৰ পৃষ্ঠাই পৃষ্ঠাই হাজাৰবাৰ ছপা হোৱা দুটামান শব্দ-দুৰ্নীতি, বিৰোধী,বিৰোধিতা,বিৰুদ্ধে,প্ৰাৰ্থী,প্ৰাৰ্থিত্ব,স্বায়ত্ত শাসন৷ শব্দকেইটা শুদ্ধকৈ লিখিব নজনা সাংবাদিকো সাংবাদিকতাৰ এথিক্স নজনাৰ বাবে বহু লোকে চৰম লজ্জাৰ সন্মুখীন হৈছে৷ প্ৰতিপক্ষৰ ভাষ্য গ্ৰহণ কৰাটো সাংবাদিকতাৰ অন্যতম চৰ্ত যদিও তাকে নকৰি বাতৰি একপক্ষীয়ভাৱে লিখি আহিছে, ছপা হৈ আছে৷ ফলত চৰম হতাশাত ভুগি এনে লোকে ন্যায়ালয় পায়গৈ, আত্মহননৰ পথ লোৱাৰ উদাহৰণো ওলাইছে৷ অসমৰ অনুন্নত চিকিৎসা ব্যৱস্থাৰ বাবে যেনেদৰে বহু ৰোগীৰ মৃত্যু হোৱাটো সত্য, ঠিক একেদৰে সাংবাদিকৰ একপক্ষীয় কলমৰ খোঁচত বহু লোকৰ মানহানি হোৱাটোও সত্য৷ কলমৰ খোঁচত ‘আক্ৰান্ত’ হোৱাসকলৰ ভিতৰত চিকিৎসকৰ সংখ্যাই বেছি বুলিব পাৰি৷ কিছুমান ঘটনাৰ বাতৰি পৰিৱেশন কৰিবলৈ বিজ্ঞানসন্মত তথ্যৰ প্ৰয়োজন৷ যেনে ভূমিকম্প,ডাৱৰ বিস্ফোৰণ৷ ভূমিকম্পৰ প্ৰাবল্যৰ একক ৰিখ্‌টাৰ আজিকালি লগে লগে পোৱা যায়,কিন্তু ডাৱৰ বিস্ফোৰণৰ তথ্য লগে লগে পোৱা নাযায়৷ অত্যুৎসাহী সাংবাদিকে দবাপিটা বৰষুণ হ’লেও তাক ডাৱৰ বিস্ফোৰণ বুলিব বিচাৰে৷ এনে বহু উদাহৰণ আছে৷

তেন্তে সমাধান কি? কাৰোবাৰ মতে, সাংবাদিকক প্ৰশিক্ষণ দিব লাগে৷ কাৰোবাৰ মতে,কৰ্মশালা পাতিব লাগে৷ কিন্তু বাস্তৱ অভিজ্ঞতাই কয়-নিজৰ ‘বেছিক পে’ নজনা (চৰকাৰী চতুৰ্থ শ্ৰেণীৰ চাকৰিয়ালে যিটো জানে) বহু সাংবাদিকে কৰ্মশালাৰ প্ৰতি মুঠেও আগ্ৰহী নহয়৷ অজুহাত-ব্যস্ততা৷ সাংবাদিকে ‘নিজেই বহুত জানো’ বুলি ভবা অহমিকাৰ বাবেই কৰ্মশালা প্ৰশিক্ষণে সামৰি ল’ব পৰা নাই৷ এনেসকলেই সংবাদ মাধ্যমৰ-ফ্ৰাংকেষ্টাইন৷ সংবাদ মাধ্যমৰ সন্ত্ৰাস৷

ব্যস্ততাৰ দোহাই দি সাংবাদিকে এৰিছে কিতাপ পঢ়িবলৈ৷ সাংবাদিকতাৰ ঘৰত সাংবাদিকতাৰ কিতাপ পৰ্বতত কাছ কণী বিচৰাৰ দৰেই৷ নিজে লিখা বাতৰিটোৰ শিৰোনামটোহে পঢ়ে বহু সাংবাদিকে৷ সেয়ে সম্পাদনা কক্ষত কি ভুল, কি শুদ্ধ কৰি দিলে তাক তুলনা কৰি চোৱাৰ প্ৰয়োজনবোধ নকৰে বহু সাংবাদিকে৷ সেয়ে একেটা ভুলকে সাংবাদিকে কৰি থাকে, সম্পাদনা মেজে সেইটোকে বাৰে বাৰে শুধৰাই থাকে৷ তাতে সামান্য পিছল খালেই পিছদিনা কাকতখনে দীৰ্ঘদিনে গঢ়ি তোলা আদৰ্শ,গাম্ভীৰ্য বহু পৰিমাণে লঘু হৈ পৰে৷ গুৰুতৰ ভুলৰ বাবে পিছদিনা শুধৰণি দিব লগা হয়৷ এই ‘ট্ৰায়েল এণ্ড ইৰ’ৰ’ প্ৰক্ৰিয়া চলি আছে৷ কিমানদিনলৈ চলিব কোনেও নাজানে৷

এতিয়া আহোঁ ৰাজনীতিৰ গ্ৰাসত পৰা অসমৰ সাম্প্ৰতিক সাংবাদিকতালৈ৷ সংবাদ-পত্ৰই নিজা আদৰ্শ গঢ়ি তোলে তিলতিলকৈ৷ তদুপৰি নিৰ্দিষ্ট উপলক্ষ্যত (সাধাৰণতে নিৰ্বাচনৰ পূৰ্বে) সংবাদ-পত্ৰই জনগণৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত কেতবোৰ পদক্ষেপ হাতত লয়, যিবোৰ পদক্ষেপে প্ৰতিষ্ঠানবিৰোধী ঢৌৰ সৃষ্টি কৰায় বা চৰকাৰ ভঙা-পতাত সহায়ক হয়৷ এই সকলোবোৰ কৰে একমাত্ৰ জনগণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি৷ কিন্তু দিন বাগৰাৰ লগে লগে অসমীয়া সংবাদ মাধ্যমৰ এই ইতিবাচক দৃষ্টিভংগীৰ পৰিৱৰ্তন হৈছে৷ পূৰ্বে সংবাদ মাধ্যমৰ পৰা ৰাজনীতিলৈ গৈছিল বহুজন৷ এতিয়া আৰম্ভ হ’ল সংবাদ মাধ্যমত ৰাজনীতিকৰ প্ৰৱেশ৷ অসমৰ একাংশ সংবাদ মাধ্যমৰ মালিক এতিয়া কোন ৰাজনীতিক গৰিষ্ঠসংখ্যকেই জানে৷ সংবাদ-পত্ৰৰ আদৰ্শ গঢ়ি উঠে সম্পাদকৰ বিশাল ব্যক্তিত্বৰ ভেটিত৷ জাতীয় জীৱনৰ সমীহৰ,শ্ৰদ্ধাৰ পাত্ৰ সম্পাদকসকল৷ প্ৰচণ্ড জাতীয়তাবাদী অম্বিকাগিৰী ৰায়চৌধুৰীৰ দৰে বিৰল ব্যক্তিত্বসম্পন্ন ব্যক্তিয়েও সম্পাদকৰ কোঠাত প্ৰৱেশ কৰোঁতে সম্ভ্ৰমেৰে ওলগ লৈহে প্ৰৱেশ কৰিছিল৷ কিন্তু সাম্প্ৰতিক সময়ত ৰাজনীতিক একাংশ সংবাদ-পত্ৰৰ মালিক হোৱাত সংবাদ-পত্ৰৰ গুৰিব’ঠাডাল বহুক্ষেত্ৰত সম্পাদকৰ হাতত নাথাকি মালিকৰ হাতত পৰিছেগৈ৷ সেইসূত্ৰে সংশ্লিষ্ট সংবাদ মাধ্যমৰ পৰিৱৰ্তে সামগ্ৰিকভাৱে অসমীয়া সংবাদ মাধ্যমৰ প্ৰতি বিৰাগ ভাৱ প্ৰকাশ কৰে পাঠক শ্ৰেণীৰ বৌদ্ধিক মহলে৷ ভাৰতীয় ৰাষ্ট্ৰীয় সংবাদ মাধ্যম যেনেদৰে কৰ্প’ৰেট শ্ৰেণীৰ অন্তৰ্ভুক্ত হৈ পৰিছে আৰু সেৱাৰ পৰিৱৰ্তে বাণিজ্যিক লাভত গুৰুত্ব দিছে, ঠিক একেদৰে অসমৰ একাংশ সংবাদ মাধ্যম ৰাজনীতিৰে লুতুৰি-পুতুৰি হোৱাত ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব ৰাজ্যখনত৷ ইয়াৰ বলি হৈছে বৈদ্যুতিন মাধ্যমৰ ক্ষেত্ৰত দৰ্শক, ছপাৰ ক্ষেত্ৰত পাঠক৷ যুক্তিৰ খাতিৰত সাংবাদিকতাৰ এথিক্স শিক্ষানবীচ এজনে বা মফচলীয় এজনে নজনাটো স্বাভাৱিক বুলি ধৰি ল’ব পাৰি, কিন্তু ৰাজনীতিকৰণ হ’ব ধৰা সংবাদ মাধ্যমৰ মূধাফুটাসকল অজ্ঞ বুলি নিশ্চিতভাৱেই ক’ব নোৱাৰি৷ ব্যক্তি স্বাৰ্থক সুৰক্ষিত,লাভান্বিত কৰিবলৈ সংবাদ মাধ্যম খুলি ল’ব পাৰি, কিন্তু পাঠক-শ্ৰোতাৰ সমাদৰ, সমীহ, শ্ৰদ্ধা,সন্মান আদায় কৰিব নোৱাৰি৷ সেইবাবে ৰাজহুৱা জীৱনত আস্থা অৰ্জনত বিফল হোৱা একাংশই কেৱল নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিবলৈকে সংবাদ মাধ্যম প্ৰতিষ্ঠা কৰে বা সংবাদ মাধ্যম ক্ৰয়ৰ চেষ্টা কৰে৷ ৰাজনীতিকে নিজৰ স্বাৰ্থৰ বাবে আৰম্ভ কৰা এই অশুভ পৰম্পৰাক জনগণে পোনপটীয়াকৈ প্ৰতিহত কৰিব পৰা নাই৷

শেহতীয়াকৈ ছ’চিয়েল নেটৱৰ্কিং ছাইটেও জনমত গঠনত ব্যাপক কুছ-কাৱাজ চলোৱা পৰিলক্ষিত হৈছে৷ কিন্তু সম্পাদকবিহীন ফেচবুকৰ দৰে ছাইটে বহুক্ষেত্ৰত সফল নোহোৱাৰ মূলতে হৈছে ব্যৱহাৰকাৰীৰ সংখ্যা৷ ব্যৱহাৰকাৰীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পালেও ই এতিয়াও সমাজৰ সৰ্বস্তৰক চুব পৰা নাই৷ তৎসত্ত্বেও শিক্ষিত একাংশই নিজৰ দেৱালত দিয়া মতবিলাক অধ্যয়ন কৰিলে বুজা যায় ই আড্ডাৰ পৰ্যায়ত নাই, সমাজ সংগঠনৰ সচেতক ভূমিকা পালন কৰিছে৷ ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি হ’লে অদূৰ ভৱিষ্যতে ফেচবুকৰ দৰে ছাইটে সংবাদ মাধ্যমৰ পৰিপূৰক যে নহ’ব,তাক উলাই কৰিব নোৱাৰি৷ যোৱা লোকসভা নিৰ্বাচনত ছ’চিয়েল নেটৱৰ্কিং ছাইটে লোৱা ভূমিকাই এনে স্পষ্ট ইংগিত দিলে৷ সংবাদ-সাংবাদিক আৰু বিশ্বাস-অবিশ্বাসৰ এই যুগ সন্ধিক্ষণত সাংবাদিকৰ সপক্ষে এষাৰ ক’বলৈ বিচাৰ হৈছে৷ সাংবাদিকৰ ন্যায্য প্ৰাপ্তিৰ দিশটো সমাজৰ গৰিষ্ঠসংখ্যকৰে বোধগম্য নহয়৷ সাংবাদিকৰ দৰমহাৰ বাবে আয়োগ গঠন কৰা হৈছে৷ দৰমহা নিৰ্ধাৰণ হৈছে৷ কিন্তু অসমৰ নূন্যতম সংবাদ গোষ্ঠীয়েহে সাংবাদিকৰ প্ৰাপ্য দৰমহা আদায় দিছে৷ সাংবাদিকে সকলো চাকৰিয়ালৰ দৰমহা বৃদ্ধিকে ধৰি বিভিন্ন সমস্যা কাকতত প্ৰতিফলন ঘটাই চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে৷ কিন্তু নিজৰ বেলিকা সেয়া সম্ভৱ হৈ উঠা নাই৷ সাংবাদিকে সৰ্বকালৰ বাবে ‘আদৰ্শ খামুচি’ দুবেলা দুমুঠি খাই কষ্টসাধ্য জীৱন যাপন কৰিব লাগিব বুলি সমাজত থকা ধাৰণাটো যে ভ্ৰান্ত তাকো সমাজে বুজিব লাগিব৷ আজিৰ পৰিস্থিতিত যুগৰ লগত খাপ খাবলৈ সাংবাদিকসকলো অৰ্থনৈতিকভাৱে সচ্ছল হ’ব লাগিব৷ সেয়া হ’বলৈ হ’লে দৰমহা আয়োগৰ নিৰ্ধাৰিত প্ৰাপ্য পাব লাগিব৷ নহ’লে সাংবাদিকে উপৰুৱা বৃত্তি-ব্যৱসায়ত লিপ্ত হ’বলৈ বাধ্য হ’ব, হৈছেও৷

যুগ সন্ধিক্ষণৰ বেলিকা অসমৰ সংবাদ মাধ্যমে যিদৰে সমাজখনক সঠিক দিশেৰে আগুৱাবলৈ যাত্ৰা অব্যাহত ৰাখিব লাগিব, ঠিক একেদৰে সমাজখনেও সংবাদ মাধ্যমৰ গতিপথৰ লক্ষ্য আৰু উদ্দেশ্য যাতে কক্ষচ্যুত নহয়, তাৰ বাবে সচেতন হ’ব লাগিব৷ এইক্ষেত্ৰত সাংবাদিকে চাকিৰ পোহৰৰ দৰে সমাজক উজলাই নিজকে চাকিৰ তলৰ ছাঁৰ দৰে ৰাখিব লাগিব৷ সন্ধিক্ষণৰ ধামখুমীয়াত সাংবাদিকে সাংবাদিকতাক হৃদয়ংগম কৰিব পাৰিব লাগিব৷ অধ্যয়নপুষ্টতাৰে স্ব-উৎকৰ্ষ সাধন কৰিব লাগিব৷ নহ’লে জ্ঞান-বুদ্ধিৰ দীনতাৰ বাবেই একাংশ কমোৱা তুলাৰ দৰে উৰি যাব৷ এয়া সময়ৰ আহ্বান, সময়ে কাকো ক্ষমা নকৰে৷ সময়ে যুগ সৃষ্টি কৰে৷

লেখক আমাৰ অসম কাকতত লখিমপুৰ সংস্কৰণত কৰ্মৰত, ফোন – ৯৪৩৫০৮৬৯৫১, লেখাটি আমাৰ অসম কাকতত পূৰ্বে প্ৰকাশিত।

No comments:

Post a Comment