মিছা ক'লে কি ডাল হব (হাস্য-ব্যংগ) - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
চাকৰি কিনা পলিচি
দীপাংকৰ মল্ল বৰুৱা
আবেলি হাত ভৰি ধুই টিভিটোৰ সন্মুখত বহিছিলোঁ মাত্ৰ। ব্ৰেকিং নিউজ কেইটা আৰম্ভ হৈছিলহে, বাজিল নহয় কলিং বেলটো। টিং টং টিং।

“হেৰা বেল বাজিছে। কোনোবা আহিছে চোৱাচোন”। শ্ৰীমতীৰ নিৰ্দেশ আহিলেই। গৰমত হাৱা পাছ কৰাত সুবিধা হোৱাকৈ পিন্ধি থকা ফটা গেঞ্জীটোৰ ওপৰতে টি ছাৰ্ট এটা সুমুৱাই লৈ দুৱাৰখন খুলি দিলোঁ।

“ছাৰ, মই চাইল্ড কেয়াৰ বীমা কোম্পানীৰ পৰা আহিছোঁ। অলপ কথা পাতিব পাৰোঁনে”? - মিলমিলিয়া হাঁহিৰে কান্ধত এটা বেগ লোৱা বগা ছাৰ্ট, ক’লা পেণ্ট পিন্ধা এজন যুৱক।

“আমাৰ সকলোৰে বীমা কৰা আছে। বেয়া নাপাবা দেই”। যিমান পাৰি সোনকালে তেওঁক বিদায় দিব বিচাৰিলোঁ।

“ছাৰ, এয়া এক নতুন স্কীম, একেবাৰে নতুন কনচেপ্ত। আপুনি এই বীমাৰ বিষয়ে নিশ্চয় শুনা নাই। এবাৰ চাই লওক”।

“হেৰা, মোক বুৰ্বক বুলি ভাবিছা নেকিহে? চাকৰিত যোগদান কৰা দিনৰ পৰা ক’ত কিমান বীমা কৰিলোঁ লেখ জোখ নাই। মানুহৰ বীমা, ঘৰৰ বীমা, গাড়ীৰ বীমা, সম্পত্তিৰ বীমা আনকি মোৰ চিকিত্সাৰ বীমা। এতিয়া তুমি কিহৰ নতুন কনচেপ্ত দেখুৱাবাহে? আনৰ ঘৰলৈ যোৱা। মোৰ লগত সময় নষ্ট কৰি লাভ নাই”। এনে সুৰত কথা কেইটা ক’লোঁ যেন তেওঁ দুনাই বেছি মুখ মেলিবলৈ সাহস নকৰে।

“ছাৰ, আপোনাৰ ল’ৰা ছোৱালীৰ জীৱন সুৰক্ষিত কৰিব পৰাকৈ একেবাৰে নতুন স্কীম ওলাইছে। যিমান সোনকালে কৰিব পাৰে সিমানেই লাভ”। যুৱকজন নাছোৰবান্দা। কথা কবলৈ মুখ মেলিবই।

“হেৰা, এবাৰ চাই লোৱাচোন। ল’ৰা ছোৱালীৰ কাৰণে আজিলৈকে কিডালনো কৰিছা? মই ইহঁতৰ কাৰণে কিবা এটা কৰাৰ কথাটো তোমাক কম কম বুলি ভাবিয়েই আছিলোঁ”। দিলে নহয় শ্ৰীমতীয়ে তপককৈ মাতষাৰ। উপায় নাই, আগন্তুকক সসন্মানে ভিতৰলৈ মাতি আনি ড্ৰয়িং ৰুমত বহুৱালোঁ।

“বাইদেউ, পানী এগিলাছ খাব পাৰোঁনে”? - পানী এগিলাছ খোৱাৰ পুৰণি ফৰ্মূলা মই ঠিক বুজি পাইছোঁ। এতিয়া এওঁ মিহি মিহিকৈ কথা কৈ বাইদেউৰ মন সলনি কৰিবলৈ চেষ্টা কৰিব।

শ্ৰীমতীয়ে সাউতকৈ গৈ পানীগিলাছ লৈ আনি যুৱক জনৰ হাতত দিলে। কোঁট কোঁটকৈ পানী গিলাছ খাই মিলমিলিয়া হাঁহি মাৰি তেওঁ কৈ উঠিল, “বাইদেউ মোক চিনি পাইছেনে? মই জগত। এবাৰ যে আপুনি গাড়ী চলাই যাওঁতে ৰাষ্টাত চকা ফুটোতে চলা সলনি কৰি দিছিলোঁ। মনত আছেনে”?

“অ’ হয়তো। মোৰো চিনাকী চিনাকী লাগিছেই। আছে, আছে। কিয় মনত নাথাকিব। সেইদিনা তুমি হেল্প নকৰা হ’লে কি যে হ’লহেঁতেন। হেৰা এওঁ বৰ ভাল ল’ৰা বুইছা। খুব হেল্পফুল”। শ্ৰীমতীয়ে এনে সুৰত ক’লে যেন পাৰিলে ময়ো তেওঁক কিবা এটা হেল্প কৰা উচিত।

“বাইদেউ, আপোনালোকৰ ল’ৰা ছোৱালী কেইটা”? একেবাৰে আলহীৰ দৰে ঘৰুৱা সুৰত জগতে আৰম্ভ কৰিলে।


“দুটাই। ল’ৰাটো ক্লাছ ছেভেনত, ছোৱালীজনী ফোৰত”। শ্ৰীমতীয়ে তপৰাই মাত লগালে।

“সিহঁতৰ ভৱিষ্যতৰ কাৰণে কি ভাবিছে। আপোনালোকৰ পৰিকল্পনা কি কওকচোন”। জগত আচল কথালৈ আহিল।

“হেৰা, আমাৰ সকলো পৰিকল্পনা কৰি থোৱা আছে। ল’ৰাটো ওঠৰ বছৰ হ’লে ভাল কলেজত পঢ়িবৰ সহায় হোৱাকৈ পলিচি লৈ থোৱা আছে। ছোৱালীজনীৰো চৌবিশ বছৰ হ’লে বিয়া দিব পৰাকৈ পলিচি কৰি থৈছোঁ। গতিকে আমাৰ আৰু কোনো পলিচি কৰিবলৈ নাই”। বীমাৰ কথাটো কথাটো সিমানতে সামৰিবলৈ মই ক’লোঁ।

“ছাৰ, সেইখিনিতেইতো আপোনালোকে ভুল কৰে। ল’ৰাটোৰ ওঠৰ বছৰত আপুনি পলিচিৰ টকা কেইটাৰে বাৰু ভাল কলেজ এখনলৈ পঢ়িবলৈ পঠিয়ালেই। কিন্তু হ’ব কি? পঢ়ি শুনি পাছ কৰি ওলোৱাৰ পিছত সি কি কৰিব কেতিয়াবা চিন্তা কৰিছেনে”? জগতে একেবাৰে ৰাজনৈতিক নেতাই বুজোৱাদি বুজাবলৈ আৰম্ভ কৰিলে।

“হেৰা, কলেজত পঢ়ি শুনি সি চোৰ ডকাইত নহয় সেই কথাটো মই ডাঠি ক’ব পাৰোঁ। সি কৰবাত ভাল চাকৰি এটাই কৰিব দিয়া”। এইবোৰ চলাহি মৰা কথা মোৰ হজম নহয়। মোৰ ল’ৰাক এওঁ কিবা এলাপেচা বুলি ভাবিছে নেকি?

“ছাৰ, পিছে সেই ভাল চাকৰি পিছে সি কেনেকৈ পাব? কলেজৰ পৰা পাছ কৰি ওলায়েই সেই যুগত ভাল চাকৰি এনেয়ে পাব বুলি আশা কৰিব পাৰেনে? কওকচোন আজিকালিৰ দিনত ভাল চাকৰি মানুহে পটককৈ পায়নে? ভাল চাকৰি মানে কি বুজে কওকচোন”? এওঁ দেখোন মোকেই ওলোটাই প্ৰশ্ন কৰাত লাগিল।

“ভাল দৰমহাৰ, ভাল সুবিধাৰ চাকৰিয়েই ভাল চাকৰি। অলপ বাহিৰা পইছাৰ সুবিধাও থাকিব লাগে”। মই কিবা কোৱাৰ আগতেই শ্ৰীমতীয়ে তপৰাই মাত লগালে।

“বাইদেউ আপুনি ঠিক বুজিছে। যিবোৰ চাকৰি কৰিলে দুই এবছৰতে মাটি বাৰী লৈ অট্টালিকা থিয় কৰি দিব পাৰি, সন্মুখত হোণ্ডা চিটি গাড়ী পাৰ্ক কৰিব পাৰি, সেয়াহে চাকৰি। আপোনালোকৰ মন নাযায়নে আপোনালোকৰ ল’ৰাটো আৰু ছোৱালীজনীয়ে তেনে চাকৰি কৰক”। একেবাৰে বেপাৰীৰ দৃষ্টিৰে জগতে এবাৰ মোৰ পিনে আৰু এবাৰ শ্ৰীমতীৰ পিনে চালে।

“যায় যায়। কিয় নাযাব? মইতো সপোনেই দেখি থাকোঁ এদিন ল’ৰাটোৱে ফেৰাৰী গাড়ীত উঠাই আমাক ফুৰাবলৈ নিব, ছোৱালীজনীয়ে হলিউড দেখুৱাবলৈ নিব, ফৰেইনত আমি হলিডে’ চেলিব্ৰেট কৰিম। বাপেকৰ দ্বাৰাতো এইবোৰতো নহ’লেই। এতিয়া ল’ৰা ছোৱালী হালৰ ওপৰতে আশা”। শ্ৰীমতীয়ে সুবিধাটো পাই মোৰ বদনাম কৰিবলৈ আৰম্ভ কৰি দিলে।

“বাইদেউ, সেই কাৰণেই কৈছোঁ, ভাল কলেজত নাম লগোৱাতকৈ ভাল চাকৰি বেছি দৰকাৰী। আজিৰ দিনত অসমত আটাইতকৈ ভাল চাকৰি কি জানেনে”? জগতে এওঁৰ মুখলৈ চাই ৰৈ গ’ল।

“কি চাকৰি কোৱাচোন”? শ্ৰীমতীয়ে উত্সাহেৰে সুধিলে।

“জনসেৱাৰ চাকৰি। আপোনালোকে শুনা নাই জানো, জনসেৱাৰ চাকৰিত মানুহে দুদিনতে ৰজা হৈ যায়। আপোনালোকৰ মন নাযায়নে আপোনালোকৰ ল’ৰা ছোৱালী দুটিয়েও জনসেৱাৰ চাকৰি পাওক”।

“যায়, যায়, কিয় নাযাব। মোৰ ডাঙৰ ভিনদেউ জনসেৱা অফিছাৰ। বাইদেউহঁতৰ এতিয়া পুনে, বাংগালোৰ, দিল্লী সকলোতে একোটা ফ্লেট। প্ৰতি বছৰে ফুৰিবলৈ বিদেশ যায়। ঘৰত তিনিখনকৈ ডাঙৰ ডাঙৰ গাড়ী। মই যে সদায় ভাবি থাকোঁ আমাৰ ল’ৰা ছোৱালী দুয়োটাই এনেকুৱা চাকৰিহে কৰিব লাগে”। পাকে প্ৰকাৰে তেওঁ বুজাই দিলে যে মই কৰি থকা চাকৰিটোৰ আচলতে কোনো কাম নাই।

“বাইদেউ সেই কাৰণেই কৈছোঁ মোৰ ওচৰত বীমা কৰাই লওঁক”। একেবাৰে মিহি মাতেৰে জগতে কোবটো মাৰিলে।

“হেৰা কিহৰ বীমাহে? তুমি চাকৰিৰ দালাল নে কি হে? ভাল চাকৰিৰ কাৰণে কিহৰ বীমা কৰিবলগীয়া আছে? এইবোৰ আজে বাজে কথা ক’বলৈ নাহিবা”। এইবোৰ কথা শুনিলে মোৰ খঙে চুলিৰ আগ পায়।

“ছাৰ, কেৱল পঢ়া শুনা কৰিলেই জনসেৱাত চাকৰি পায় বুলি ভাবিছে নেকি? আপুনি জনা বুজা মানুহ হৈয়ো এই সামান্য কথাটোকে নাজানে”? - আও, এওঁ দেখোন মোক ওলোটাই ধৰিছে। ওলোটাই চোৰে কটোৱালক ধমকি দিয়ে।

“তেনেহ’লে তুমি কি ক’ব বিচাৰিছা? বীমা কৰিলে জনসেৱাত চাকৰি পায় নেকি”? খঙতে চিঞৰি দিলোঁ।

“হয় ছাৰ, আপুনি একেবাৰে ঠিক কথা কৈছে। জনসেৱাৰ চাকৰিৰ বাবে এতিয়াই বীমা কৰি নথ’লে এসময়ত আপুনি ঘৰ মাটি বিক্ৰী কৰিব লগীয়া হ’ব”। জগতে খাৰাংখাচকৈ কৈ দিলে।

“কি কোৱাহে”? কথাষাতে বুকুতে বিন্ধিলে যেন লাগিল।

“এতিয়া জনসেৱাৰ চাকৰিৰ নীলাম বজাৰহে বহে। কোনে কিমান দিব পাৰে সেই মতে চাকৰি বিক্ৰী হয়। এতিয়া দৰ দাম লাখত চলে, পিছলৈ কোটিত চলিব। তেতিয়া লাগ বুলিলেই কোটি টকা ক’ত পাব? সেই কাৰণে এতিয়াৰ পৰাই লাহে লাহে সাঁচি যাওক। সাঁচিবৰ কাৰণেই বীমা কৰাই লওক। দৰকাৰৰ সময়ত হাঁহিমুখে টকা উলিয়াই দিব পাৰিব”।

মই জগতৰ মুখলৈ ভেবা লাগি চাই থাকিলোঁ। কথাটো মিছা নহয়। এতিয়াৰ পৰা সাঁচি নথ’লে পিছত কেনেকৈ লাগ বুলিলেই ক’ৰ পৰা কোটি টকা পাম। কথাবোৰ ময়ো পেপাৰত নপঢ়া নহয়। এজনে বোলে মাটি ঘৰ উপহাৰ দি জনসেৱা পৰীক্ষাত একেবাৰে ওপৰৰ স্থান পাইছে।

“হেৰা কথাবোৰ ভালদৰে বুজাই দিয়াচোন। পলিচিখন কেনেকুৱা হ’ব”। কথাবোৰ অলপ জানি লোৱাটো ভাল।

“ধৰক পচিশ বছৰ বয়সত আপোনাৰ ল’ৰাই জনসেৱাৰ পৰীক্ষা দিব। গতিকে তেওঁৰ পচিশ বছৰ হোৱালৈকে পলিচিখন কৰাই লওক। যিমান বেছি টকাৰ পলিচি কৰিব সিমান বেছি প্ৰিমিয়াম দিব লাগিব। পাঁচ বছৰ প্ৰিমিয়াম দিয়াৰ পিছত যদি আপোনাৰ কিবা এটা হয়, তথাপিও আপোনাৰ ল’ৰাই পলিচি মতে টকাখিনি পাব। গতিকে পলিচিখন কৰিলে আপোনাৰ আৰু চিন্তা নাই, জনসেৱাৰ চাকৰিৰ পাবই। গেৰাণ্টি”। জগতে কাগজ কলম উলিয়াই ল’লে বুজাই দিবলৈ।

“হেৰা, কিমান ভাল কথা চোৱা, এনেয়ো তুমি ছুগাৰ, প্ৰেছাৰ থকা মানুহ। কোনদিনা কি হয় ঠিকনা নাই। জমা পইছা কেইটানো আছে তোমাৰ”। শ্ৰীমতীৰ মাতটো থোকা থুকি হৈ গ’ল।

“হেৰা, তুমি কি ক’ব বিচাৰিছাহে। মই সোনকালে মৰিম বুলি এইটো বীমা কৰিব লাগে নেকি হে”? মাইকী মানুহৰ মন সঁচাকৈয়ে বুজাই টান।

“নহয় ছাৰ, আপুনি কিয় তেনেকৈ কৈছে। বীমা নকৰিলে ল’ৰাৰ চাকৰিৰ কাৰণে ঘৰ বাৰী বিক্ৰী কৰি যেতিয়া পথৰ ভিক্ষাৰী হ’ব, তেতিয়ানো আৰু জীয়াই থাকি কি লাভ হ’ব? তেতিয়াতো এনেয়ো মৰিব লাগিব। সেই কাৰণেই আপোনালোকৰ ভালৰ কাৰণেই কৈছোঁ, ছোৱালীজনীৰ কাৰণে নকৰিলেও ল’ৰাটোৰ কাৰণে অন্তত: জনসেৱা বীমাটো কৰাই থওক। ল’ৰাটোৰ ভৱিষ্যতৰ কথা আছে”। জগতৰ মুখখন মিঠা। কথা ক’ব জানে।

“হেৰা, আমাৰ সোণটোৰ কাৰণে তুমি এইখিনিও কৰিব নোৱাৰানে”? শ্ৰীমতীয় আবেগিক হৈ উঠিল। মোৰো মনটো অলপ কুমলিল।

“জনসেৱাৰ চাকৰি আজি বিক্ৰী হ’ল বুলি সদায়েই বিক্ৰী হৈ থাকিব নেকিহে? পঢ়া শুনাৰ মূল্য এনেদৰে সদায় য়ে নাইকীয়া হৈ থাকিব তাৰ কি গেৰাণ্টী আছে”? – মই কথাবোৰ দ’কৈ নভবাকৈ কাম কৰিবলৈ টান পাওঁ।

“গেৰাণ্টী আছে ছাৰ। জনসেৱা এতিয়া খীৰতি গায়। এনেহেন গায়জনীয়ে ক’ত মানুহৰ ভোক পিয়াহ পূৰাই আছে। গতিকে মানুহৰ যেতিয়ালৈ গাখীৰৰ পিয়াহ থাকিব, জনসেৱাৰ গাখীৰ খীৰায়েই থাকিব। আপুনি নিশ্চিন্ত থাকক”। জগতে আশ্বাসৰ সুৰত ক’লে।

পলিচিখনৰ আবেদন পত্ৰত চহীটো কৰি জগতৰ হাতত প্ৰিমিয়ামৰ প্ৰথম চেকখন দিলোঁ। শ্ৰীমতীৰ মুখত কোটিটকীয়া হাঁহি বিৰিঙি উঠিল। ৰাতি সপোনত দেখিলোঁ, ল’ৰাটোৱে ধুনীয়া অট্টালিকা এটাৰ পৰা ফেৰাৰী চলাই আমাক দুয়োকে দেশে বিদেশে ফুৰাবলৈ নিছে। ধন্য জনসেৱা বীমা।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages