Tuesday, August 25, 2015

ৰূপালী পৰ্দা

মাঝিঃ দ্য মাউণ্টেন মেন 
লক্ষ্য জ্যোতি নাথ
এজন সৰল মানুহৰ সংগ্ৰাম আৰু অবিৰত কৰ্মৰ সুবিশাল বিজয়গাঁথাক লৈ নিৰ্মাণ হৈছে এই হিন্দী ছবিখন। যোৱা ২১ আগষ্টত চিনেমাখনে দেশৰ বিভিন্ন চিনেমাগৃহত মুক্তি পালে। চলচ্চিত্রখনৰ মাঝি চৰিত্রত মাথো কেইখনমান চলচ্চিত্ৰত অভিনয় কৰিয়েই বলীউদত খলকনি তোলা নৱাজুদ্দিন ছিদ্দিকি আৰু হিন্দী, বেংগলী, তামিল, তেলেগু, মাৰাঠী, মালায়ালম সকলো ভাষাৰ চলচ্চিত্রত অভিনয় কৰা মোহময়ী অভিনেত্ৰী ৰাধিকা আপ্তেই মাঝিৰ  প্ৰিয়তমা তথা পত্নী ফাগুনী দেৱীৰ চৰিত্ৰত অভিনয় কৰিছে বুলি গম পাইছিলো। লগতে অসমৰ উৰ্মিলা মহন্তয়ো অভিনয় কৰাৰ খবৰ পাইছিলো। ইফালে আমাক এৰি থৈ যোৱা স্বৰ্গীয় আশ্ৰাফুল হক ডাঙৰীয়াই অভিনয় কৰা জীৱনৰ শেষ চলচ্চিত্রখন মুক্তি পোৱা বুলি শুনিও চলচ্চিত্রখন চোৱাৰ হেপাঁহ মনত জাগি উঠিছিল। মুম্বাইৰ চিনেমা হল এটাত বহি বহু উৎকণ্ঠাৰে অপেক্ষা কৰি আছিলো চলচ্চিত্রখন আৰম্ভ হোৱাৰ বাবে।

সঠিক সময়ত চলচ্চিত্রখন আৰম্ভ হ'ল আৰু প্রথমৰ পৰায়ে চলচ্চিত্রখনৰ প্রতিটো মূহূৰ্তই মনত উৎকণ্ঠা বঢ়াই গৈছিল। মূলতে গোটেই চলচ্চিত্ৰখন এটা সঁচা কাহিনীৰ ওপৰত নিৰ্মিত। দশৰথ মাঝি, মোৰ দৃষ্টিভংগীৰে ক'বলৈ গ'লে মহাত্মা গান্ধীৰ দৰে তেওঁয়ো এজন সংগ্ৰামী পুৰুষ আছিল। মহাত্মা গান্ধীয়ে সংগ্ৰাম কৰিছিল ভাৰতৰ বাবে, দশৰথ
মাঝিয়ে সংগ্ৰাম কৰিছিল বিহাৰৰ গঁয়া জিলাৰ গেহল'ৰ নামৰ এখন সৰু গাওঁৰ বাবে। তেওঁৰ সংগ্ৰাম আছিল অলপ বেলেগ ধৰণৰ, ব্যতিক্ৰমী আৰু অধিক কৰ্মময়।

প্রকৃততে দশৰথ
মাঝিৰ জন্ম হৈছিল ১৯৩৪ চনত বিহাৰৰ গেহল'ৰ নামৰ এখন গাওঁত। সেইসময়ত ভাৰতৰ অন্য ঠাইৰ দৰে বিহাৰতো বাল্য বিবাহ প্রচলন আছিল আৰু সেই প্রথা অনুসৰি দশৰথ মাঝিকো বাল্যকালতেই ফাগুনী দেৱী নামৰ ছোৱালী এজনীৰ লগত বিবাহ কৰোৱাই দিছিল। এদিন ঋণৰ বোজা সহিব নোৱাৰি পিতৃয়ে মাঝিক গাওঁৰ গাওঁবুঢ়াক বেচিব খোজাত সৰুতেই তেওঁ ঘৰৰ পৰা পলাই গুছি গৈছিল। বহু পাছৰ পাছত তেওঁ গাঁৱলৈ উভতি আহে আৰু ফাগুনী দেৱীৰ সৈতে গাওঁতেই সংসাৰ আৰম্ভ কৰে। গেহল'ৰ গাওঁখনৰ লগত গেহল'ৰ নামৰ প্রকাণ্ড পাহাৰ এটাও লাগি আছিল। সেই পাহাৰটোৱে আছিল গাওঁখনৰ উন্নতিৰ বাধা। চিকিৎসায়, বজাৰ আদি সকলো পাহাৰটোৰ সিপাৰে আছিল, পাহাৰটোৰ বাবে গাওঁখনৰ লগত যোগাযোগত ব্যাঘাত জন্মিছিল। কিন্তু সকলো বাধা গাওঁবাসীয়ে নিৰৱে সহি আছিল, কোনেও সেই সমস্যা সমাধানৰ বাবে ভবা নাছিল বা যত্নও কৰা নাছিল।

হঠাত এদিন দশৰথ মাঞ্জিৰ পত্নী ফাগুনী দেৱী কলহত পানী আনিবলৈ পাহাৰ বগাই সিফাললৈ গৈছিল আৰু তেতিয়াই ফাগুনী দেৱী পাহাৰৰ পৰা পিছল খাই তলত পৰিছিল আৰু সু-চিকিতসাৰ অভাৱতে মৃত্যুক সাৱতি লৈছিল। সেই ঘটনাটোত দশৰথ মাঞ্জিয়ে বহুত দুখ পাইছিল আৰু সেই ৰাতিয়েই তেওঁ প্রতিজ্ঞা কৰিছিল যে তেওঁ এই পাহাৰ ভাগি এটা ৰাস্তা বনাব যাতে তেওঁৰ পত্নীৰ দৰে আৰু কোনো মৃত্যু মুখত নপৰে, লগতে গাওঁখনৰো উন্নতি হওঁক। সেই ৰাতিৰ পৰায়ে অথাৎ ১৯৬০ চনত তেওঁ অকলে সেই বৃহৎ পাহাৰটোক হাতুৰি লৈ ভাঙিবলৈ আৰম্ভ কৰিলে। এনে নাভূত-নাশ্ৰুত কাণ্ড দেখি গাওঁবাসীয়ে পত্নী মৰা দুখত দশৰথ
মাঝি পাগল হৈ এইবোৰ কাম কৰিছে বুলি হাঁহিব, কৰ্কথনা কৰিব ধৰিছিল। তেওঁ কিন্তু সেইবোৰ কথালৈ মন দিয়া নাছিল আৰু সদায় পাহাৰ ভাগিবলৈ অকলে গৈছিল। এদিন-দুদিন, এমাহ-দুমাহ, এবছৰ-দুবছৰ নহয় ১৯৬০ চনৰ পৰা ১৯৮২ চনলৈকে মূঠ ২২ বছৰ একেৰাহে পাহাৰটো হাতুৰিৰে অকলে ভাগি ভাগি ৩৬০ ফুট দীঘল, ২৫ ফুট দ', ৩০ ফুট বহল পাহাৰৰে মাজৰে এটা ৰাস্তা বনাই সকলকে আচৰিত কৰিলে। এনে অধ্যৱসায় আৰু লক্ষ্যৰ প্ৰতি নিষ্ঠাৰ প্ৰতিজ্ঞাৰ উদাহৰণ এই পৃথিৱীতে অনন্য। তাকো ৰাজহুৱা স্বাৰ্থৰ কামত!

সেই ৰাস্তাটোৱে বৰ্তমান আটৰি (Atri) আৰু ৱাজিৰগঞ্জ (Wazirrganj) নামৰ ঠাইদুখনক সংযোগ কৰিছে। পাছলৈ সেই পথটোক চৰকাৰে পকী কৰি 'দশৰথ
মাঝি পথ' নামৰে নামাকৰণ কৰিলে। অকলে পাহাৰ ভাগি ৰাস্তা বনোৱা পাছৰ পৰাই তেওঁক 'The Mountain Man' বুলি অভিহিত কৰে। ১৭ আগষ্ট ২০০৭ চনত গলব্লাডাৰত কৰ্কট ৰোগ হোৱা বাবে ৭৩ বছৰ বয়সত দিল্লীৰ AIIMS হস্পিতালত দশৰথ মাঝিৰ মৃত্যু হয়। বিহাৰ চৰকাৰে ২০০৬ চনত তেওঁক পদ্মশ্ৰী বঁটা দিবলৈ প্রস্তাৱ কৰিছিল। এইয়া আছিল দশৰথ মাঝিৰ প্রকৃত জীৱন।

'Manjhi, The Mountain Man' চলচ্চিত্রখনত মই লিখা প্রায়বোৰ কথায়েই সুন্দৰকৈ দেখুৱাইছে। চলচ্চিত্ৰখন পৰিচালনা কৰিছে কেতন মেহতাই।এই চলচ্চিত্ৰখনেই আছিল অসমৰ গোৱালপাৰাৰ স্বৰ্গীয় আশ্ৰাফুল হকে অভিনয় কৰা শেষ চলচ্চিত্ৰখন। এই চলচ্চিত্ৰখনত আশ্ৰাফুল হকে দশৰথ
মাঝি (নৱাজুদ্দিন ছিদ্দিক)ৰ পিতৃ মাগ্ৰোৰ চৰিত্ৰত অভিনয় কৰিছে। মাগ্ৰো এজন দৰিদ্ৰ গাওঁৰ মানুহ। হালি যোৱা পুৰণি খেৰৰ ঘৰত থকা কাম কৰি খোৱা এজন মানুহ। দৰিদ্ৰতায়ে কোঙা কৰাৰ পাছত গাওঁৰ গাওঁবুঢ়াৰ পৰা লোৱা ঋণ ঘূৰাব নোৱাৰি তেওঁ তেওঁৰ নিজ পুত্ৰ দশৰথ মাঝিক গাওঁবুঢ়াৰ হাতত গতাই দিব ওলাইছিল। গোটেই চলচ্চিত্রখনত আশ্ৰাফুল হকৰ অভিনয় আছিল নিখুঁত।

মোৰ মাজে মাজে ভ্রম হৈছিল যে মই সঁচাই কাৰোবাৰ অভিনয় চাই আছোনে সঁচাকৈ হৈ আছে এইবোৰ। চলচ্চিত্রখনতো বিহাৰৰ পিছপৰা গাওঁখনক নিখুঁতভাৱে ফুটাই তুলিছে। মানুহে কথাতে কয় নহয় "তই পাহাৰ ভাগিব নাযাওঁ নহয়..." সঁচাকৈ দশৰথ
মাঝিয়ে অকলে পাহাৰ ভাগি ১১০ মিটাৰ দৈঘ্যৰ ৰাস্তা বনাইছিল। ভাবিলে আচৰিত লাগে সঁচাই এনে মানুহো এই পৃথিৱীত আছে! প্ৰত্যাহ্বান আৰু প্ৰতিজ্ঞা ৰক্ষাৰ সৱল উদাহৰণ সৃষ্টি কৰা মানুহ! চলচ্চিত্রখন চাই সঁচাই বহুত অনুপ্ৰেৰণা পালো। চলচ্চিত্ৰখন নিৰ্মাণ নকৰাহৈ চাগে দশৰথ মাঝিৰ এনে অনুপ্ৰেৰণামূলক, অসাধ্যকো যে নেৰা-নেপেৰাকৈ কষ্ট কৰিলে এদিন সাধ্য কৰিব পাৰি সেই কথাবোৰ গম নাপালো হয়। মোৰ বাবে জীৱনত অনুপ্ৰেৰণা পোৱা আন এক সফল চলচ্চিত্ৰ 'Manjhi, The Mountain Man'। ইয়াৰ নিৰ্মাতা তথা কলাকুশলীলৈ জনালো দৰ্শক সমাজৰ ফালৰ পৰা আন্তৰিক অভিনন্দন।

No comments:

Post a Comment