প্ৰেৰণাময় ব্যতিক্ৰম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰেৰণাময় ব্যতিক্ৰম

প্ৰেৰণাময় ব্যতিক্ৰম

Share This
ইৰা সিংঘলঃ প্ৰতিবন্ধকতা নেওচি দেশৰ শীৰ্ষস্থান লভা নাৰীগৰাকী
দেশৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ কালি ঘোষিত ফলাফলত সফল হোৱা সকলৰ বাতৰিয়ে দেশৰ ভিন্ন প্ৰান্তত শিক্ষাৰ্থী সকলৰ মাজতো উৎসাহৰ ঢলৰ সৃষ্টি কৰিছে। তাৰ মাজতে, দেশৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰা ইৰা সিংঘলৰ জীৱন গাঁথাই প্ৰেৰণাময় ব্যতিক্ৰম ৰূপে চৰ্চা লাভ কৰিছে। দিল্লীৰ যুৱতী ইৰাই জীৱনৰ শাৰিৰীক প্ৰতিবন্ধকতাতো জিনি দেশৰ ভিতৰতে ৰাষ্ট্ৰৰ আটাইতকৈ কঠিন পৰীক্ষা ৰূপে পৰিচিত প্ৰতিযোগিতাত দেশৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰিলে। এয়া সঁচাই সকলোৰে জীৱনৰ বাবেই প্ৰেৰণাদায়ক নহয়নে?

৩১বছৰীয়া ইৰা সিংঘলে এইবাৰ চতুৰ্থ বাৰৰ বাবে এই প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তেওঁ দেশৰ ভিতৰতে অসামৰিক সেৱাৰ পৰীক্ষাৰ সেৱাত জেনেৰেল কেটেগেৰীত শীৰ্ষস্থান লাভ কৰা অন্যভাৱে সক্ষম মহিলা ৰূপে পৰিগণিত হৈছে। তেওঁ বিগত ২০১০ চনতো এই পৰীক্ষাত সফলতা লাভ কৰিছিল, কিন্তু তেওঁক শাৰিৰীক প্ৰতিবন্ধকতাৰ কথা দোহাই দি কোনো পোষ্টিং দিয়া হোৱা নাছিল। তেওঁ মেৰুদণ্ডৰ সৈতে জড়িত অস্থিৰোগ (Scoliosis)ত আক্ৰান্ত আৰু তাৰ বাবে হাতৰ বাহু লৰচৰ কৰাত বিশেষকৈ অসুবিধা। এই অসুবিধাৰ কথা দোহাই দি তেওঁক পোষ্টিঙৰ পৰা বঞ্চিত কৰাৰ বিৰুদ্ধে কেন্দ্ৰীয় প্ৰশাসনিক সেৱাৰ সৈতে আইনী যুদ্ধত নামিব লগা হয়, আৰু তাত বিজয়ী হৈ অৱশেষত ২০১৪চনৰ ডিচেম্বৰ মাহত পোষ্টিং পাবলৈ সক্ষম হয়।

এই সফলতাত উফুল্লিত হৈ ইৰা সিংঘলে, এয়া তেওঁ আৰু তেওঁৰ পৰিয়ালৰ বাবে অতিশয় সুখৰ মুহূৰ্ত বুলি প্ৰকাশ কৰিছে। লগতে এই সফলতাৰ বাবে সমাজে নাৰী সকলক অধিক সন্মান দিবলৈ আৰম্ভ কৰিব আৰু বিশেষকৈ অন্যভাৱে সক্ষম নাৰীক অধিক সন্মানজনক দৃষ্টিৰে চাব বুলিও আশা প্ৰকাশ কৰিছে। প্ৰথম বাৰত পোষ্টিং নোপোৱাৰ ঘটনাতো হতাশ নহৈ তেওঁ অধিক প্ৰত্যাহ্বানমূলক মনোভাৱেৰে তাৰ পাছতো দুবাৰকৈ এই পৰীক্ষাত বহে আৰু নিজৰ ৰেংক উন্নীত কৰাৰ প্ৰচেষ্টাত ব্ৰতী হয়। ঘঁহি থাকিলে শিলো ক্ষয় যায়, এই মনোভাৱেৰে নিজৰ অধ্যৱসায় আৰু চেষ্টাৰ ফলত ইৰাই দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰি এক অনন্য অভিলেখৰ সৃষ্টি কৰিবলৈ সক্ষয় হয়।

বৰ্তমান ভাৰতীয় ৰাজহ সেৱাৰ শুল্ক আৰু আবকাৰী বিভাগৰ সহকাৰী আয়ুক্ত ৰূপে দিল্লীত নিযুক্ত হৈ থকা ইৰাই এইবাৰ ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰাৰ আশা পোষণ কৰিছে। ইৰাই দিল্লীৰ নেতাজী সুভাষ ইনষ্টিটিউট অৱ টেকনলজি (NSI)ৰ পৰা কম্পিউটাৰ ইঞ্জিনীয়াৰিঙত স্নাতক ডিগ্ৰী লোৱাৰ পাছত দিল্লী বিশ্ববিদ্যালয়ৰ ফেকাল্টি অৱ মেনেজমেণ্ট ষ্টাডিজ(FMS)ৰ পৰা ব্যৱস্থাপনাৰ স্নাতকোত্তৰ এম.বি.এ ডিগ্ৰীও আহৰণ কৰিছিল। তেওঁ স্পেনিছ ভাষাৰ শিক্ষয়িত্ৰী হিচাবেও এবছৰ কাম কৰিছিল। কেডবেৰী কোম্পানীত মেনেজাৰ ৰূপে আৰু কোকো-কোলা কোম্পানীত মাৰ্কেটিং ইণ্টাৰ্ন ৰূপেও কাম কৰাৰ অভিজ্ঞতা থকা ইৰাই নিজৰ সাধনাৰে অৱশেষত সফলতাৰ উচ্চ শিখৰ আৰোহণ কৰিলে। ইৰা তথা পৰিয়াললৈ এই সফলতাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।

অসমতো অন্যভাৱে সক্ষম শিশু সকলৰ বাবে তথা দুৰাৰোগ্য ৰোগে প্ৰত্যাহ্বান জনোৱা সকলৰ কল্যাণৰ অৰ্থে কৰুণাধাৰাই এক আন্দোলনৰ ৰূপ লৈছে। ইৰাৰ এই সফলতাৰ শীৰ্ষ আৰোহণৰ এই যাত্ৰাই, এই সকল শিশু তথা অভিভাৱকৰ বাবেও হব পাৰে প্ৰেৰণাময়। জীৱনে আনি দিয়া প্ৰত্যাহ্বানকো হেলাৰঙে জিনি আত্ম-প্ৰতিষ্ঠাৰ এই সংঘাতময় এই কাহিনী হব পাৰে সাময়িক হতাশাৰ সন্মুখীন হোৱা বহুতো নৱ-প্ৰজন্মৰ বাবেও প্ৰেৰণাৰ উজ্বল নক্ষত্ৰ।

(সমলসূত্ৰঃ ইণ্টাৰনেট)

3 comments:

  1. ইৰাৰ বয়স ২৯ বছৰ বুলিহে পাইছিলো ,,,সাধাৰণ শ্ৰেণীৰ বাবে বয়সৰ উচ্চ সীমা ৩০ বছৰ,,,,,,

    ReplyDelete
    Replies
    1. সমল সূত্ৰত কিবা ক্ৰুটি থাকিবও পাৰে।

      Delete
  2. ইৰাৰ বয়স ২৯ বছৰ বুলিহে পাইছিলো ,,,সাধাৰণ শ্ৰেণীৰ বাবে বয়সৰ উচ্চ সীমা ৩০ বছৰ,,,,,,

    ReplyDelete