চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পেন্সনৰ টেনছনঃ 
দিল্লীৰ আদৰ্শ লব পাৰিবনে অসমে?
প্ৰতিম প্ৰতাপ বৰুৱা 

কেতিয়াবা দেখা কিছুমান দৃশ্য জীৱনলৈ মনত ৰৈ যায়। সেই দৃশ্যবোৰে মানুহৰ ওপৰত থকা আমাৰ বিশ্বাস আৰু গভীৰ, আৰু দৃঢ় কৰি তোলে। তেনে এটা অতি সৰু কিন্তু অসাধাৰণ দৃশ্যৰ কথাকেই ক’বলৈ লৈছো। তাৰ আগতে কেইটামান কথা কৈ ল’ব লাগিব। দিল্লীত চৰকাৰী চাকৰি জীৱন আৰম্ভ কৰাৰ পিছৰে পৰা এতিয়ালৈকে আমি বহুবাৰ বহুজনক চাকৰিৰ পৰা অৱসৰ লোৱা দেখিছো। এজন চাকৰিয়ালৰ কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণৰ সেই বিশেষ দিনটো কেনেদৰে পালন কৰা হয় সেয়া দেখিছো। দেখি মোহিত হৈছো। প্ৰতিবাৰতে কথাবোৰ প্ৰায় একেই– সেইদিনা আবেলি সময়ত সংশ্লিষ্ট বিভাগটোত এটা অনুষ্ঠান হয়। সেই অনুষ্ঠানটোলৈ অৱসৰ গ্ৰহণ কৰিবলগীয়া চাকৰিয়ালজনৰ পৰিয়ালৰ সকলো লোককে বিভাগীয় মূৰব্বীৰ তৰফৰ পৰা লিখিতভাৱে নিমন্ত্ৰণ কৰা হয়। (দুজনমান বিভাগীয় মূৰব্বী পাইছো যিকেইজনে এই চিঠিখন আনৰ হতুৱাই টাইপ নকৰোৱাই, সময় খৰছ কৰি নিজৰ পেডত নিজ হাতেৰে লিখে।) বিভাগৰ গাড়ীয়ে তেওঁলোকক ঘৰৰ পৰা লৈ আহেগৈ। অনুষ্ঠানটোত বিভাগীয় মুৰব্বীয়ে সকলোৰে হৈ অৱসৰ গ্ৰহণ কৰিবলগীয়া চাকৰিয়ালজনৰ ভবিষ্যৎ জীৱনৰ প্ৰতি শুভেচ্ছা জনায় আৰু তেওঁৰ সুস্বাস্থ্য তথা দীৰ্ঘায়ু কামনা কৰে। বিভাগৰ তৰফৰ পৰা কিছু উপহাৰো তেওঁলৈ আগবঢ়োৱা হয়। তাৰ পিছত বিভাগৰ আন বিষয়া-কৰ্মচাৰীসকলে তেওঁক বিদায় সম্ভাষণ জনায়। তাৰ পিছত তেওঁ সকলোকে ধন্যবাদ দি এটা চমু ভাষণ দিয়ে। সেই সময়ত অৱসৰ গ্ৰহণকৰিবলগীয়া চাকৰিয়ালজনে/চাকৰিয়ালগৰাকীয়ে (লাগিলে তেওঁৰ পদমৰ্য্যাদা যিয়েই নহওক) চকুপানী নুটুকাকৈ থকা আজিলৈকে দেখি পোৱা নাই।

আৰু সেইদিনাই, সেই অনুষ্ঠানতে চাকৰিয়ালজনক তেওঁ চৰকাৰৰ পৰা পাবলগীয়া সকলোখিনি টকা (জেনেৰেল প্ৰভিডেণ্ট ফাণ্ড, লিভ এনকেশমেন্ট আদি সকলোবোৰ) চেকযোগে সকলোৰে সন্মুখতে আদায় দিয়া হয়। তাৰ পিছতে খোৱা-বোৱাৰ এটা সৰু আয়োজন কৰা হয়। তাৰ পিছত বিভাগীয় গাড়ীৰে তেওঁক সপৰিয়ালে ঘৰত থৈ অহা হয়। সেইদিনাই গধুলিলৈ সদ্য-অৱসৰপ্ৰাপ্ত চাকৰিয়ালজনে নিজৰ ঘৰত এটা খোৱা-বোৱাৰ অনুষ্ঠানৰ আয়োজন কৰে। সেই অনুষ্ঠানলৈ তেওঁ চাকৰি জীৱনত যিমানকেইটা বিভাগত চাকৰি কৰিছিল সেই বিভাগকেইটাৰ সকলোখিনি বন্ধু-বান্ধৱী যায়। (উল্লেখযোগ্য যে ইয়াত প্ৰতি তিনি-চাৰিবছৰৰ মূৰে মূৰে আমাৰ ইটো বিভাগৰ পৰা সিটো বিভাগলৈ বদলি হৈ থাকে। ফলত আমি চাকৰি জীৱনত কেইবাটাও বিভাগৰ কাম-কাজবোৰ শিকিবলৈ সুবিধা পাওঁ। এই অভিজ্ঞতাই আমাক বহুত সহায় কৰে।) এই ক্ষেত্ৰত তেওঁ অৱসৰৰ আগতে কি চাকৰি কৰিছিল, তেওঁৰ চাকৰিটো চতুৰ্থ শ্ৰেনীৰ নে প্ৰথম শ্ৰেনীৰ আছিল, সেইবোৰ অদৰকাৰী কথা বুলি গণ্য কৰা হয়। তাৰ ঠিক পিছৰ মাহটোৰ পৰাই বা অতি বেছি দ্বিতীয়মাহটোৰপৰা কৰ্মচাৰীজনৰ নিয়মীয়া পেঞ্চন আৰম্ভ হৈ যায়, লাগিলে অৱসৰৰ পিছত তেখেতে ভাৰতৰ যি ঠাইতেই থাকিবলৈ নলওক কিয়। 


এজন কৰ্মচাৰীৰ অৱসৰলৈ তিনিমাহ বাকী থাকোতেই বিভাগটোৰ নিৰ্দিষ্ট দায়িত্বত থকা বিষয়া-কৰ্মচাৰীসকলে তেওঁৰ অৱসৰৰ বাবে আৰু তেওঁৰ পেন্সনৰ বাবে কৰিবলগীয়া প্ৰশাসনিক কামবোৰ আৰম্ভ কৰিবই লাগিব আৰু কৰ্মচাৰীজনৰ অৱসৰ গ্ৰহণৰ দিনটো আহি পোৱাৰ কমেও ১৫ দিন আগতেই সেই কামখিনি শেষ হ’বই লাগিব – এইটো ইয়াত একেবাৰে ওপৰৰ মহলৰ পৰা সকলো বিভাগলৈ ইতিমধ্যে জাৰি কৰি থোৱা এটা স্পষ্ট নিৰ্দেশনা আৰু এই ক্ষেত্ৰত কোনো অজুহাত কোনেও দেখুৱাব নোৱাৰে। দেখি অত্যন্ত ভাল লাগে যে সকলো বিভাগতে এই নিৰ্দেশটো এটা নিৰ্দেশ হিচাপে পালন কৰাতকৈ এটা অৱশ্যে পালনীয় মানৱীয় দায়িত্ব হিচাপেহে লোৱা হয়। 

এইযে বিভাগীয় গাড়ীৰে সদ্য-অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজনক সপৰিয়ালে ঘৰত থৈ অহা হয় – এই কামটো এবাৰ এটা বিভাগত অতি আচৰিতভাৱে কৰা হৈছিল। এই দৃশ্যটোৰ কথাই ক’বলৈ লৈ ইমানখিনি কথাৰ অৱতাৰণা কৰিব লগা হ’ল। সেইদিনা বিদায় অনুষ্ঠানটোৰ পিছত সদ্য-অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজনক অতি সন্মানেৰে গাড়ীলৈ আগবঢ়াই অনা হ’ল। গাড়ীত উঠাৰ আগতে তেওঁক সকলোৱে পুনৰ এবাৰ পুনৰ বিদায় সম্ভাষণ জনালে। তেওঁ নিজৰ পৰিবাৰৰ সৈতে গাড়ীত বহিল। তেওঁৰ পৰিয়ালৰ আন সদস্যসকল আন এখন গাড়ীত বহিল। তাৰ পিছত তেওঁ বহা গাড়ীখনৰ সন্মুখত দীঘল শকত ৰচী এডাল বান্ধি বিভাগৰ কেইজনমান মানুহে (তাৰে কেইজনমান পদমৰ্য্যাদাত সেই কৰ্মচাৰীজনতকৈ বহুত ওপৰত আছিল) গাড়ীখন কিছুদূৰ টানি নিলে। তাৰ পিছতহে সকলোৱে হাত জোকাৰি গাড়ীখন যাবলৈ দিলে। সদ্য-অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজনে গাড়ীৰ ভিতৰতে দুহাতেৰে মুখ ঢাকি হুকহুকাই কান্দি উঠিল। দৃশ্যটো মোৰ জীৱনলৈ মনত ৰৈ গ’ল। 

এজন চৰকাৰী চাকৰিয়ালে ইয়াতকৈ বেছি আৰু কি আশা কৰিব পাৰে? চাকৰি জীৱনটো সুন্দৰকৈ, অকনো আচোঁৰ নলগাকৈ পাৰ হওক, নিষ্ঠাৰে আৰু সততাৰে নিজৰ দায়িত্ব পালন কৰি এদিন সন্মানেৰে অৱসৰ গ্ৰহণ কৰি, ক’তো অকনো আউল নলগাকৈ চৰকাৰৰপৰা নিয়মমতে পাবলগীয়াখিনি নিয়মীয়াকৈ আৰু সময়মতে পাই থাকক – এজন চৰকাৰী কৰ্মচাৰীৰ বাবে এয়াই হ’ল তেওঁৰ আশা আৰু ভৰসা। বহুত অৱসৰপ্ৰাপ্ত মানুহ আছে যি অৱসৰৰ পিছত জীয়াই থকা দিনখিনিত একমাত্ৰ পেন্সনৰ টকাকেইটাৰ ওপৰতে সম্পূৰ্ণকৈ নিৰ্ভৰ কৰে। (চিকিৎসা বিজ্ঞানক ধন্যবাদ, আজিকালি গড় হিচাপত সেই দিনখিনি যথেষ্ট দীঘলীয়া।) আচলতে আজিৰ আধুনিক জীৱন-যাত্ৰাত (য’ত পৰিয়াল মানে নিউক্লিয়াৰ ফেমিলী) মুষ্টিমেয়সকলক বাদ দি (মানে চাকৰি কালত সোঁৱে-বাঁৱে টকা ঘটি তেওঁৰ পিছৰ কেইবাপুৰুষেও ধোঁৱাখুলীয়াকৈ খৰছ কৰিও শেষ কৰিব নোৱাৰাকৈ গোটাই যোৱাসকলক বাদ দি) বাকী সকলো অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীয়েই জীৱনৰ বাকীকেইটা দিনৰ বাবে পেন্সনৰ টকাকেইটাৰ ওপৰতে সম্পূৰ্ণ নিৰ্ভৰশীল। এই পেন্সনৰ টকাকেইটা নিয়মীয়াকৈ পোৱাটো প্ৰতিজন অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ অধিকাৰ – এই কথাটো আজি চৰকাৰী চাকৰি কৰি থকা প্ৰতিজন বিষয়া-কৰ্মচাৰীয়ে আৰু লগতে চৰকাৰেও মনত ৰখা উচিত। কিন্তু অসমৰ ক্ষেত্ৰত ছবিখন কেনেকুৱা? 

আজি বহুদিন আগতে এখন অসমীয়া কাকতত এটা বাতৰি প্ৰকাশ হৈছিল যে অসমৰ এঠাইত জিলা প্ৰশাসনে চাৰিগৰাকী প্ৰধান শিক্ষকক অৱসৰৰ পিছদিনাই পেন্সনৰ নিৰ্দেশনা পত্ৰ প্ৰদান কৰে। এই কথাটো বাতৰিকাকতত প্ৰকাশ পোৱাৰ অৰ্থ হ’ল অসমত এয়া নিয়ম নহয়, ব্যতিক্ৰমহে। নিয়ম হোৱা হ’লে এয়া এক প্ৰকাশ-অযোগ্য, সচৰাচৰ ঘটি থকা, অতি সাধাৰণ ঘটনা বুলিহে বিবেচিত হ’লহেতেন। কিন্তু এয়া ব্যতিক্ৰম হোৱা উচিত হয় জানো? প্ৰকৃততে এয়াই হ’ব লাগিছিল নিয়ম। কিছুদিন পিছত পুনৰ খবৰ আহিল যে অসম চৰকাৰৰ অৱসৰ গ্ৰহণ কৰা শিক্ষক-কৰ্মচাৰীসকলৰ পেন্সন অৱসৰৰ সাত-আঠ বছৰৰ পিছতো নিয়মীয়া নহয়। আনকি বহুত অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰীৰ পেন্সন নিয়মীয়া হোৱাৰ আগতেই মৃত্যু হৈছে। আনহাতে যিসকলে পেন্সন পায়, সেইসকলেও প্ৰতিমাহৰ ১ তাৰিখৰ সলনি, ৮-৯ তাৰিখৰ পিছতহে পেন্সনৰ টকাখিনি পায়। এনে হোৱা উচিতনে? নিজৰ দৰমহা আৰু আন সা-সুবিধা বঢ়াই ল’বলৈ অসুবিধা নোপোৱা জনপ্ৰতিনিধিসকলে এইবোৰ কথালৈ কানসাৰ কিয় নকৰে? সিদিনা পুনৰ টেলিভিশ্যনত দেখিবলৈ পালো অসম চৰকাৰৰ পেঞ্চন সঞ্চালকালয়ৰ কাৰ্য্যালয়টোৰ অৱস্থিতি, অব্যৱস্থা আৰু সেই কাৰ্য্যালয়টোলৈ বাটকুৰি বাই থাকিবলৈ বাধ্য হোৱা জ্যোষ্ঠ নাগৰিকসকলৰ দুৰৱস্থা। এই কথাবোৰে, এই দৃশ্যবোৰে চৰকাৰত থকা মানুহখিনিক কিয় জোকাৰি দিব নোৱাৰে? তেওঁলোক ইমান হৃদয়হীননে? 

অৱসৰৰ পিছৰ মাহটোৰ পৰাই যেতিয়া ইমানবছৰে প্ৰতিমাহে নিয়মীয়াকৈ পাই থকা ধনখিনি হাতলৈ অহা বন্ধ হৈ যায় তেতিয়া এটা সাধাৰণ মধ্যবিত্ত পৰিয়ালে কেনে ধৰণৰ সংকটৰ সন্মুখীন হয় সেয়া কেৱল ভুক্তভূগীসকলেহে বুজে। পেন্সনৰ সমস্যাটো অসমৰ অৱসৰপ্ৰাপ্ত বিদ্যালয় শিক্ষকসকলৰ ক্ষেত্ৰত অলপ বেছি। কিয় বেছি সেয়া আমি বুজি নাপাওঁ। শিক্ষকতাৰ দৰে এটা বৃত্তিত গোটেই জীৱন নিজকে উচৰ্গা কৰাৰ পিছত, আজিৰ অৰ্থনৈতিক পৰিস্থিতিত, এজন শিক্ষকে অৱসৰৰ পিছত বিনা পেন্সনে কেনেকৈ জীৱন কটায়, নিজৰ লগতে পৰিয়ালক পোহপাল দিবলৈ কিমান প্ৰত্যাহ্বানৰ সন্মুখীন হয় সেয়া ভুক্তভূগীসকলৰ বাদে আনে বুজি নাপাব। (কিন্তু কিয় নাপায়? পোৱা উচিত।) তাৰ লগতে যোগ হয় নিজৰ পাবলগীয়া পেন্সনটোৰ বাবে বাৰে বাৰে ৰাজধানীলৈ বা জিলা সদৰলৈ অতি আশাৰে বাটকুৰি বাই কোনোবা অফিচত বহি থকা নিজৰ সন্তানৰ বয়সৰ কোনোবা ক্ষমতা-অভিমানী, হৃদয়হীন বিষয়াৰ নিৰ্ল্লজ ব্যৱহাৰৰ সন্মুখীন হ’বলগীয়া হৈ অপমানিত হোৱা অথবা নিজৰ পাবলগীয়া টকাকেইটাৰ বাবেও নিজে গোটেই জীৱন পালি অহা আৰু নিজৰ ছাত্ৰ-ছাত্ৰীক গোটেই জীৱন শিক্ষা দিয়া নীতিসমূহৰ বিপক্ষে গৈ কিছুমান অযোগ্য, অকৰ্মণ্য, দায়িত্বজ্ঞানহীন, হৃদয়হীন চৰকাৰী বিষয়া-কৰ্মচাৰীক বা দালালক ঘোঁচ দিবলগীয়া হোৱা পৰিস্থিতিটো। এইবোৰ কথাই এজন মানুহক কেনেকৈ মানসিকভাৱে ধ্বংস কৰি দিব পাৰে সেয়া বহুতে বুজি নাপাব।

আমি উপযুক্তজনৰ পৰা পোনে পোনে জানিব বিচাৰো অসমৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ লগতে আন অৱসৰপ্ৰাপ্ত ৰাজ্য-চৰকাৰৰ কৰ্মচাৰীসকলৰো বহুসংখ্যকৰ পেন্সনবোৰ বহুসময়ত অনাদায় হৈ থাকে কিয়? এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেন্সনটো এবাৰ আৰম্ভ হৈ নিয়মীয়া হ’বলৈ দুই-তিনিবছৰৰ পৰা আৰম্ভ কৰি সাত-আঠবছৰ পৰ্য্যন্ত কিয় লাগে? কাৰ দোষত বা কি অৰ্থনৈতিক বা প্ৰশাসনিক কাৰণত? মূল কেৰোণটো (root cause) ক’ত? প্ৰশ্ন হয়, কাৰ্যপালিকাৰ মুৰব্বীয়ে বিষয়টো স্পৰ্শকাতৰ বাবে অনুধাৱন কৰি দিল্লীৰ আদৰ্শ অসমতো বাস্তৱায়িত কৰিবনে। কৰ্মচাৰী তথা সামাজিক সংগঠনবোৰেই বিষয়টোত জনমত গঠেনেৰ চৰকাৰক হেঁচা দিলে এয়া নিশ্চয়কৈ অসম্ভৱ নহয়।             

No comments:

Post a Comment