Saturday, July 25, 2015

চিন্তন

ৰাজপথলৈ অহা মানেই বিপ্লৱ নহয় 
ডাঃ বিৰাজ কুমাৰ শৰ্মা

বছৰদিয়েক আগতে গুৱাহাটীৰ মাজমজিয়াত ভূমিৰ অধিকাৰৰ বাবে সংগ্ৰামত অৱতীৰ্ণ হোৱা প্ৰণৱ বড়ো নামৰ লোকজনে নিজৰ গাত জুই লগাই আত্মহনন/ আত্মত্যাগ(?) কৰি সমগ্ৰ অসমত এক চাঞ্চল্য সৃষ্টি কৰি গ’ল। যিয়ে আজি প্ৰতীয়মান কৰে যে ক্ৰমাত আন্দোলনমুখী হোৱা তথা সদায়েই প্ৰাপ্যৰ বাবে আন্দোলন কৰিব লগা হোৱা অসমীয়া জাতিৰ বৰ্তমানৰ অৱস্থা। গ্ৰুপিঙৰ পৰা ৰক্ষা পাবলৈ তথা শোধানাগাৰৰ পৰা শৰাইঘাট দলং তথা নিজৰ ভাষা ৰাজ্যভাষা কৰিবলৈ সকলো ক্ষেত্ৰতে অসমীয়া জাতিয়ে সংগ্ৰাম কৰি আহিব লগা হৈছে।

কিন্তু প্ৰশ্ন হয়, বিভিন্ন ক্ষেত্ৰত আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰি অহা এই প্ৰতিবাদ বোৰৰ ফলাফল ইতিবাচক হোৱাৰ পৰিবৰ্তে কিয় প্ৰায়ক্ষেত্ৰতেই নেতিবাচক হয়? প্ৰায়েই আন্দোলনকাৰী নেতৃত্ত্বই বিদেশৰ বিভিন্ন প্ৰতিবাদ আন্দোলনৰ নিদৰ্শন দোহাই দি সংগ্ৰামী পথ গ্ৰহণ কৰাৰ ফলাফল কিয় বাৰু নিষ্ফল আখ্যানত পৰিণত হয় ? ইয়াৰ কাৰণ ফঁহিয়াই চালে ক’ব পাৰি যে বিদেশী ৰাষ্ট্ৰৰ সংগ্ৰামৰ দৰে এটি সূদুৰপ্ৰসাৰী প্ৰভাব তথা সংঘবদ্ধতা আৰু এক প্ৰকৃত দৰ্শনৰ অভাৱেই এই আন্দোলনসমূহ পূৰ্ণাঙ্গ ৰূপ পোৱাৰ আগতেই মৰহি যোৱাৰ অন্যতম কাৰণ। বহিঃৰাষ্ট্ৰৰ দৰে এক শৃংখলাবদ্ধতা তথা দূৰদৃষ্টিৰ অভাৱ তথা মূলত আন্দোলনবোৰত সঠিক বিজ্ঞানসন্মত পৰিকল্পনাতকৈ আবেগক অধিক প্ৰাধান্য দিয়াৰ হেতুকে ইয়াৰ বিফলতাৰ অন্য এক কাৰণ।

যোৱা ২০১০ চনৰ ১৭ ডিচেম্বৰত টিউনিচিয়াৰ যুৱক মহম্মদ বৌ আজিজিয়ে নিজৰ দেহত জুই লগাই আত্মহননেৰে আৰৱ বিশ্বৰ স্বেচ্চাচাৰী শাসক বেন আলিৰ অপশাসনৰ বিৰুদ্ধে প্ৰতিবাদৰ অন্য এক ৰূপ দিছিল আৰু যাৰ সুদূৰপ্ৰসাৰী প্ৰভাবে আনকি সমীপবৰ্তী লিবিয়া, চিৰিয়া, ইজিপ্ত আদি দেশৰ জনসাধাৰণকও চুই গৈছিল। যাক আখ্যা দিয়া হৈছিল আৰব বসন্ত ৰূপে।

আনহাতে ইজিপ্তৰ স্বেচ্চাচাৰী শাসক হোচনী মোবাৰক তথা লিবিয়াৰ গাড্ডাফিৰ বিৰুদ্ধে যেনেদৰে সংঘবদ্ধ জনতাই ৰাজপথ কঁপাই তোলাৰ লগতে শাসকক ক্ষমতাচ্যুত কৰিবলৈ সক্ষম হৈছিল, তেনেবোৰ আন্দোলনত কিন্তু এক সুস্থ পৰিকল্পনা তথা শৃংখলাবদ্ধতাইহে আন্দোলনক ফলপ্ৰসূ সমাধান দিবলৈ সক্ষম হৈছিল। এনেবোৰ আন্দোলনত এক সু-পৰিকল্পিত পৰিকল্পনা তথা সকলো শ্ৰেণীৰ লোককে সাঙুৰি ল’ব পৰাটোৱেই এই বিপ্লৱ সমূহৰ সাফল্যৰ অন্যতম কাৰণ। যাৰবাবে অন্য নহ’লেও এইবোৰ দেশত একনায়কত্ববাদী শাসনৰ বিৰুদ্ধে সকলো শ্ৰেণীৰ লোকে আজি ৰাজপথ পাইছে ভ্ৰষ্টাচাৰ, অপশাসন তথা স্বেচ্ছাচাৰীতাৰ অবসান বিচাৰি।

কিন্তু অসমত একা? অতবোৰ জলন্ত সমস্যাৰ মাজত ডুব গৈ থাকিও পৰিবৰ্তনৰ বাবে পণ লওতে তথা নিজৰ অধিকাৰৰ হ’কে যুঁজ দিওতে বাৰে বাৰে থমকিব ল’গা হৈছে কিয় অগ্নিস্ফুলিংগ ? নেতৃত্ত্বৰ সু-পৰিকল্পনাৰ অভাব তথা সকলো শ্ৰেণীৰ লোকৰ হৃদয়াংগম নকৰাকৈ জধে মধে আগবঢ়া সংগ্ৰাম মুষ্ঠিমেয় লোকৰ মাজতে সীমাবদ্ধ থাকিলে সেই সংগ্ৰাম হিতে বিপৰীতহে হ’ব | শোষন, বঞ্চনাৰ উপশম বিচাৰি তথা প্ৰাপ্যৰ বাবে সংগ্ৰাম কৰিবলগা হ’লে যে সকলো শ্ৰেণীৰ লোকৰ মনঃপুত হ’ব লাগিব আৰু সকলো শ্ৰেণীৰ লোকক পতিয়ন নিয়াব পৰাটোহে বিপ্লৱৰ সাফল্যৰ মূল চাবিকাঠী। অন্যথাই সমাজৰ মুষ্টিমেয় লোকৰ মাজত আবদ্ধ থকা বিপ্লবৰ কোনো ফলাফল নাই আৰু ইয়ে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত মতভেদ বৃদ্ধি কৰি বিপ্লৱক এক নিষ্ফল আখ্যানলৈ পৰ্য্যবসিত কৰাতহে সহায়ক হৈ উঠে |

আজি হয়তো আৱেগৰ বশৱৰ্তী হৈ তথা বঞ্চনাৰ প্ৰতিবাদ স্বৰূপে প্ৰণৱ বড়োৱে আত্মহননৰ পথ বাছি ল’লে। চৰকাৰে যেনিবা তেওঁৰ পৰিয়াললৈ সামান্য সাহাৰ্য্য ঘোষণা কৰিলে, কিন্তু প্ৰাপ্যৰ বাবে ৰাজপথলৈ অহা আন জনতাৰ কি হ’ল ? চৰকাৰে তেওঁলোকৰ চকুপানীৰ ভাষা বুজিলেনে ? এনেদৰেই চৰকাৰী প্ৰশাসন যন্ত্ৰ ই সুযোগ বুজি প্ৰতিবাদকাৰীক দূৰ্বল কৰাৰ চেষ্টাত ব্ৰৰ্তী হয় | গতিকে এই কথা ভবা ভাল যে বিপ্লৱৰ নামত অযথা আবেগৰ বলি হৈ জধে মধে সিদ্ধান্ত গ্ৰহণ কৰি দুদিনীয়া চমক দিয়াতকৈ ধীৰ-স্থিৰভাবে সুস্থ পৰিকল্পনাৰে আগবাঢ়িলেহে বিপ্লব সাফল্যমণ্ডিত হ’ব। অসম আন্দোলনৰ পিছৰ পৰ্য্যায়েও আমাক ইমানদিনে তাকেই শিকাই আহিছে। যদিও আমি ঠেকিও একো নিশিকিলো। এতিয়া আবেগক প্ৰশ্ৰয় নিদিয়াৰ সময় সমাগত। মনত ৰাখিব, ৰাজপথলৈ অহা মানেই বিপ্লৱ নহয়, কোনো এটা বিশাল পৰিবৰ্তন হঠাত অনাটোহে বিপ্লৱ। যাৰ বাবে লাগিব আৱেগ বৰ্জিত সু-চিন্তিত কৰ্মসূচী। এনে বিকল্প ও সকলোৰে মনোমত কৰ্মসূচীৰ আধাৰহে হব লাগিব ৰাইজৰ বিচৰা পৰিবৰ্তনবোৰৰ বিপ্লৱৰ আখৰাৰ আচল সূত্ৰধাৰ।

No comments:

Post a Comment