প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জাতীয়তাবাদ আৰু কল্পনাপ্ৰসূত কৌমসমূহ 
ড০ কমল কুমাৰ তাঁতী

বেনেডিক্ট এণ্ডাৰছনে যেতিয়া তেওঁৰ বিখ্যাত গ্ৰন্থ “Imagined Communities: Reflections on the Origin and Spread of Nationalism” (১৯৮৩)-ত এইবুলি লিখিলে – “এক নৃতাত্ত্বিক উদ্যমত, মই ‘জাতি’ৰ সূত্ৰ তলত দিয়া ধৰণেৰে প্ৰস্তাৱিত কৰোঁ: “ই এক কল্পনাপ্ৰসূত ৰাজনৈতিক কৌম – আৰু ইয়াক মজ্জাগতভাৱে সীমাবদ্ধ আৰু সাৰ্বভৌম দুয়োধৰণেৰে কল্পনা কৰা হয়” (পৃষ্ঠা ৫-৬); তেতিয়াই ঔপনিৱেশিক আৰু উত্তৰ-ঔপনিৱেশিক পৰিপ্ৰেক্ষিতসমূহত জাতি আৰু জাতীয়তাবাদৰ উৎপত্তি আৰু প্ৰসাৰক লৈ সমকালীন বিশ্বত চলি থকা আলোচনা-পৰ্বসমূহত নতুন বিতৰ্কৰ সূচনা হ’ল ৷ বিভিন্ন তাত্ত্বিক-পণ্ডিতসকলে এই গ্ৰন্থখনক ‘জাতীয়তাবাদৰ বাইবেল’ আখ্যা দিয়াৰ লগতে স্বীকাৰ কৰিছে যে জাতীয়তাবাদৰ যিকোনো গুৰুত্বপূৰ্ণ আলোচনা এই গ্ৰন্থখনক বাদ দি সম্ভৱপৰ নহয় ৷ তদুপৰি এণ্ডাৰছনৰ গ্ৰন্থখনে জাতীয়তাবাদ সম্পৰ্কীয় আলোচনা আৰু বিতৰ্কসমূহক এক নতুন ৰূপত ত্বৰান্বিত কৰিলে ৷ এই লেখাত মই জাতীয়তাবাদ আৰু ‘কল্পনাপ্ৰসূত কৌমসমূহ’ (Imagined Communities) সম্পৰ্কে এক সম্যক ধাৰণা দিয়াৰ চেষ্টা কৰিম ৷ 

জাতীয়তাবাদ আধুনিক যুগৰ চিন্তা-ধাৰণাৰ এক অমূল্য ফচল; মূলত: ইউৰোপৰ ঔদ্যোগিক বিপ্লৱৰ উত্তাল পৰিৱেশবোৰৰ মাজতে জাতীয়তাবাদী চিন্তা-ধাৰাৰ বিকাশ-সাধন হৈছিল ৷ এৰিক হবযবমৰ মতে – ‘মাৰ্ক্সবাদী আন্দোলন আৰু ৰাষ্ট্ৰবোৰে কেৱল অৱয়ৱগতভাৱেই নহয়, বৰং ইয়াৰ সাৰবস্তুটোৰ ক্ষেত্ৰটো জাতীয়তাবাদী হোৱাৰ বাবে অগ্ৰসৰ হ’ব খুজিছিল ৷ ইয়াত পৰামৰ্শ দিয়াৰ একো নাই যে এই প্ৰৱণতা অব্যাহত নাথাকিব ৷’ (Eric Hobsbawm, ‘Some Reflections on “The Break-up of Britain”, New Left Review, 105, September-October, 1977, p. 13) ৷ এই সুৰতে সুৰ মিলাই এণ্ডাৰছনেও ক’লে – ‘তাৰ বাহিৰেও সমাজতান্ত্ৰিক বিশ্বৰ কিছুমান সীমাৱদ্ধ প্ৰৱণতা দেখা যায় ৷’ লগতে তেওঁ ঘোষণা কৰিলে এইবুলি – ‘জাতীয়তাৰ ভাৱনা আমাৰ সময়ৰ ৰাজনৈতিক জীৱনৰ সবাতোকৈ বিশ্বজনীন বৈধ মূল্যবোধ’ ৷ 

বেনেডিক্ট এণ্ডাৰছনৰ বিশ্বাস, এনে হোৱাৰ পিছতো কিন্ত্ত আজিলৈকে জাতীয়তাবাদক লৈ তাত্ত্বিকসকলৰ মাজত থকা মতদ্বৈধতাৰ অন্ত নপৰিল ৷ বৰং জাতীয়তাবাদৰ আলোচনা বহুসময়ত বিকৃত আৰু অবৈজ্ঞানিক হৈ পৰাহে দেখা গ’ল ৷ তেওঁৰ মতে, মাৰ্ক্সীয় অথবা লিবাৰেল তত্ত্ববোৰেও জাতীয়তাবাদক সঠিক ৰূপত নিৰ্ণীত কৰিব পৰা নাই ৷ 

জাতি, জাতীয়তা আৰু জাতীয়তাবাদ – এই ধাৰণাবোৰৰ সংজ্ঞা নিৰূপণ অথবা বিশ্লেষণ কৰাটো খুবেই কঠিন ৷ সেইবাবেই বোধকৰোঁ লিবাৰেল ইতিহাস-তত্ত্ব আৰু সমাজ-বিজ্ঞানৰ পূৰোধা তাত্ত্বিক আৰু জাতীয়তাবাদৰ সবাতোকৈ উল্লেখযোগ্য গ্ৰন্থখনৰ প্ৰণেতা হাগ ছেটন-ৱাটছনে লিখিছে – ‘সেয়ে মই এই উপসংহাৰত উপনীত হৈছোঁ যে ‘জাতি’ৰ কোনো ‘বৈজ্ঞানিক সংজ্ঞা’ কল্পনা কৰিব নোৱাৰি; তথাপিও এই পৰিঘটনাটোৰ অস্তিত্ত্ব আছিল আৰু ই বিদ্যমান থাকিব’ (Hugh Seton-Watson, Nations and States: An enquiry into the origins of Nations and the politics of Nationalism, p. 5) ৷ একেদৰে ‘New Left’ শিবিৰৰ এজন প্ৰধান চিন্তাবিদ আৰু জাতীয়তাবাদৰ অন্য এজন মূল তাত্ত্বিক টম নাইৰ্ণেও স্বীকাৰ কৰিছে – ‘জাতীয়তাবাদৰ তত্ত্বই মাৰ্ক্সবাদৰ মহান ঐতিহাসিক ব্যৰ্থতাকে প্ৰতিনিধিত্ব কৰে ৷’ (Tom Nairn, The Modern Janus, New Left Review, 94, November-December, 1975, p. 3) ৷ এনেবোৰ প্ৰসংগতে, এণ্ডাৰছনে মত প্ৰকাশ কৰিলে যে এই ধৰণৰ স্বীকাৰোক্তিবোৰো বহুসময়ত অতিশয়োক্তি, কিয়নো জাতীয়তাবাদৰ এক বহু-দীঘলীয়া তাত্ত্বিক আত্ম-অন্বেষণৰ দিশটো এইবোৰে আওকাণ কৰিছে ৷ তেওঁ লিখিলে – ‘আৰু অধিক সঠিকভাৱে ক’বলৈ গ’লে এনে হয় যে, জাতীয়তাবাদ মাৰ্ক্সীয় তত্ত্বৰ বাবে এক অসুবিধাজনক বেমেজালি আৰু প্ৰকৃতাৰ্থত সেই কাৰণতে মাৰ্ক্সবাদৰ সৈতে মুখামূখি নোহোৱাকৈ ইয়াক নিলগাই ৰখা হয় ৷’ (Benedict Anderson, Imagined Communities: Reflections on the Origin and Spread of Nationalism, p. 3) ৷ 

এণ্ডাৰছনে জাতীয়তাবাদৰ সমসাময়িক তাত্ত্বিক আলোচনাবোৰৰ বিপৰীতে গৈ মত প্ৰকাশ কৰিলে যে, ‘মোৰ এই সম্পৰ্কে ওলোটা যুক্তিটো হ’ল যে, জাতীয়তা, অথবা কোনো কোনোৱে এই শব্দটোৰ বহুধৰ্মী তাৎপৰ্যৰ প্ৰতি লক্ষ্য ৰাখি আৰোপ কৰা জাতীয়ত্ব আৰু লগতে জাতীয়তাবাদ হ’ল এক নিৰ্দিষ্ট প্ৰকাৰৰ সাংস্কৃতিক সম্পদ । এই ধাৰণাসমূহক অন্তঃকৰণেৰে বুজিবৰ বাবে সেয়ে আমি সাৱধানেৰে বিবেচনা কৰিব লাগিব - এইবোৰে কিদৰে ঐতিহাসিক অস্তিত্ত্ব লাভ কৰিছে, সময়ৰ সোঁতত কি কি প্ৰকাৰে এইবোৰৰ অৰ্থৰ সালসলনি ঘটিছে আৰু কিয় আজি এইসমূহে গভীৰ আৱেগিক আইনসিদ্ধ ধাৰণাৰ ৰুপ পাইছেহি ৷’ (ঐ, পৃষ্ঠা ৪) ৷

জাতি আৰু জাতীয়তাবাদৰ তাত্ত্বিকসকলে প্ৰায়েই তিনিধৰণৰ পেৰাডক্সৰ বিষয়ে উনুকিয়াই দিয়ে ৷ এই কথাটোৰ উল্লেখ কৰি এণ্ডাৰছনে কৈছে যে, আন আন ‘বাদ’ সমূহৰ দৰে জাতীয়তাবাদে ইয়াৰ নিজা কোনো ‘বিশাল চিন্তাবিদ’ৰ (grand thinkers) জন্ম দিব পৰা নাই আৰু সেই শূন্যতাৰ বাবেই বহু-ভাষিক আৰু কস্ম’পলিটান বুদ্ধিজীৱীসকলৰ মাজত এক ধৰণৰ উৰ্দ্ধতালিৰ পৰিৱেশো বিৰাজমান ৷ তদুপৰি, জাতীয়তাবাদক এক মতাদৰ্শ বুলি গণ্য কৰাটোৱেও ইয়াৰ সমস্যা বহুগুণে বঢ়াইছে ৷ 

এই গোটেই কথাবোৰৰ বিস্তৃত আলোচনা আগবঢ়াই এণ্ডাৰছনে ‘জাতি’ক সংজ্ঞায়িত কৰিলে এনেদৰে: “It is an imagined political community – and imagined as both inherently limited and sovereign.” (ই এক কল্পনাপ্ৰসূত ৰাজনৈতিক কৌম – আৰু ইয়াক মজ্জাগতভাৱে সীমাবদ্ধ আৰু সাৰ্বভৌম দুয়োধৰণেৰে কল্পনা কৰা হয়) ৷ তদুপৰি তেওঁ লিখিলে যে – ‘ই কল্পনাপ্ৰসূত, কিয়নো আনকি সবাতোকৈ সৰু জাতি এটাৰ সদস্যসকলেও তেওঁলোকৰ জাতিৰ আন আন সদস্যসকলক কেতিয়াও জানিব নোৱাৰিব, লগ নাপাব অথবা তেওঁলোকৰ বিষয়ে নুশুনিব; কিন্ত্ত তথাপিও তেওঁলোকৰ প্ৰত্যেকৰে মনত তেওঁলোকৰ কমিউনৰ প্ৰতিচ্ছবি জীয়াই থাকিব ৷’ হাগ ছেটন-ৱাটছনে তেওঁৰ ‘Nations and States’ শীৰ্ষক গ্ৰণ্থখনত লিখিছে – ‘মই এইখিনি কথাকে ক’বলৈ বিচাৰি পাইছোঁ যে, এটা জাতি তেতিয়াহে জীয়াই থাকে, যেতিয়া এটা গোষ্ঠীৰ এক তাৎপৰ্যপূৰ্ণভাৱে বৃহৎসংখ্যক মানুহে এটা জাতি গঠন কৰিবলৈ অথবা ইতিমধ্যেই এটা জাতি গঠন কৰা বুলি স্বভাৱগতভাৱে, নিজকে বিবেচনা কৰে ৷’ (ঐ, পৃষ্ঠা ৫) ৷ এণ্ডাৰছনৰ মতে, আমি এই সংজ্ঞাটোৰপৰা consider themselves (তেওঁলোকে নিজকে বিবেচনা কৰে) - এই শব্দ দুটা আতঁৰাই তাৰ ঠাইত আমি imagine themselves (তেওঁলোকে নিজকে কল্পনা কৰে)- এই শব্দ দুটা ব্যৱহাৰ কৰিলেই সংজ্ঞাটো স্বয়ংসম্পূৰ্ণ হৈ পৰে ৷ তদুপৰি, এক সুনিৰ্দ্দিষ্ট পৰিসীমা থকাৰ বাবে জাতি এক ‘সীমাবদ্ধ’ ৰাজনৈতিক কৌম, কিয়নো সেই পৰিসীমাৰ বাহিৰত আন আন জাতিসমূহ থাকে ৷ 

এই প্ৰসংগতে এণ্ডাৰছনে আৰ্নেষ্ট গেলনাৰৰ নিম্নোক্ত জাতীয়তাবাদৰ সংজ্ঞাৰ উল্লেখ কৰি ইয়াৰো সমালোচনা কৰিছে – ‘জাতীয়তাবাদ জাতিবোৰৰ আত্মসচেতনতাৰ জাগৰণ নহয়; য’ত ইয়াৰ অস্তিত্ত্ব নাই, তাত ই জাতিবোৰৰ নিৰ্মাণ কৰে ৷’ (Ernest Gellner, Thought and Change, p. 169) ৷ গেলনাৰৰ এই সংজ্ঞাৰ মূল অসুবিধা হৈছে যে, গেলনাৰে জাতীয়তাবাদৰ ভুঁৱা প্ৰতিচ্ছবিৰ কথাটো উনুকিয়াবলৈ গৈ ‘invention’ ৰ সৈতে ‘fabrication’ আৰু ‘falsity’ ক সানমিহলি কৰি পেলাইছে ৷ গেলনাৰৰ মতে – 'সত্য' কৌমসমূহৰ অস্তিত্ত্ব বিদ্যমান, যিসমূহক জাতিসমূহৰ সৈতে সুবিধাজনকভাৱে প্ৰতিস্থাপিত কৰা হয় ৷’ কিন্ত্ত ইয়াৰ বিপৰীত মত প্ৰকাশ কৰি এণ্ডাৰছনে ক’লে যে – ‘সকলোবোৰ কৌম (communities) প্ৰকৃততে কল্পনাপ্ৰসূত; যিটো শৈলীৰে (style) কৌমসমূহৰ কল্পনা কৰা হয়, সেইটো শৈলীৰেই কৌমসমূহক প্ৰকৃততে চিনাক্ত কৰা হয় ৷’ 

মূলত: জাতীয়তাবাদৰ উৎপত্তি হয় এনলাইটমেন্টৰ যুগত - ধৰ্মীয় বহুত্ত্বৰ সাৰ্বিক গ্ৰহণযোগ্যতাৰ মাজেৰে ৷ জাতি সদায় জীয়াই আছে কৌমসমূহৰ মাজত৷ তদুপৰি এনলাইটমেন্ট আৰু ঔদ্যোগিক বিপ্লৱৰ জৰিয়তে এক স্ৱৰ্গীয়-গৃহীত, উত্তৰাধিকাৰীসূত্ৰে প্ৰৱৰ্তিত ৰাজনৈতিক বংশাৱলীবোৰৰ পতন হৈছিল আৰু তাৰ জৰিয়তেই কৌমসমূহে সকলোধৰণৰ স্বাধীনতা অৰ্জন কৰে ৷ এই আৰ্জিত স্বাধীনতাৰ প্ৰতীক হৈ পৰিল ‘সাৰ্বভৌম’ জাতি আৰু ৰাষ্ট্ৰসমূহ ৷ সেই অৰ্থতে এণ্ডাৰছনৰ মতে, জাতিক ‘সাৰ্বভৌম’, ‘ৰাজনৈতিক কৌম’ হিচাপে কল্পনা কৰা হৈছে ৷ 

আনহাতেদি, জাতিক কি অৰ্থত কৌম বা community হিচাপে গণ্য কৰা হ’ব, সেই কথাটোৰ উত্তৰো এণ্ডাৰছনে এনেদৰে দিছে – ‘প্ৰকৃত অসমতা আৰু শোষণ নিৰ্বিশেষে, যিসমূহ প্ৰতিটো ক্ষেত্ৰতে প্ৰবল হৈ উঠিব পাৰে, জাতিক সকলো সময়তে এক গভীৰ, আনুভূমিক সংঘৱদ্ধতাৰ সম্পৰ্কৰুপে ধাৰণা কৰা হয় । পৰিশেষত এইটোৱেই সেই সমধৰ্মিতা, যাৰ কাৰণে যোৱা দুটা শতিকা ধৰি এনে সীমাবদ্ধ কল্পীবোৰৰ বাবে লক্ষ লক্ষ মানুহে অলেখ হত্যা কৰিব পাৰিছে, স্বেচ্ছাই মৃত্যুবৰণ কৰিব পাৰিছে ৷’ (ঐ, পৃষ্ঠা ৭) ৷ এই অৰ্থত ‘জাতি’ক ‘কৌম’ হিচাপে গণ্য কৰাৰ ফলত জাতি আৰু জাতীয়তাবাদৰ নতুন পৰিভাষা আৰু অৰ্থৰ বিচাৰ অনিবাৰ্য হৈ পৰিল আৰু লগে লগে এই সম্পৰ্কীয় আলোচনাবোৰে কিছুমান নতুন বিতৰ্কৰ সূচনা কৰিলে ৷ 

বেনেডিক্ট এণ্ডাৰছনৰ ‘Imagined Communities: Reflections on the Origin and Spread of Nationalism’ শীৰ্ষক গ্ৰন্থখনৰ প্ৰকাশৰ লগে লগে ত্বৰান্ৱিত হোৱা জাতি আৰু জাতীয়তাবাদ সম্পৰ্কীয় আলোচনাসমূহ আৰু বিতৰ্কবোৰে পুনৰ জাতীয়তাবাদৰ মূল সমস্যাটোক এক নতুন অৰ্থত তুলি ধৰিলে –‘সাম্প্রতিক ইতিহাসৰ (দুই শতাব্দীতকৈ কিছু অধিক) সংকুচিত কল্পীবোৰে কিহৰ কাৰণে এনেধৰণৰ বিশালাকায় উত্সর্গসমূহক উৎপন্ন কৰিব পাৰে ?’ (ঐ, পৃষ্ঠা ৭) ৷ এণ্ডাৰছনৰ বিশ্বাস, জাতীয়তাবাদৰ সাংস্কৃতিক শিপাবোৰৰ মাজতে জাতীয়তাবাদৰ মূল প্ৰশ্নটোৰ উত্তৰ লুকাই আছে ৷
(লেখাটি "প্ৰকাশ" আলোচনীতো প্ৰকাশ পাইছে)

No comments:

Post a Comment