Tuesday, July 21, 2015

গ্ৰন্থ আলোচনা

"ভোক" আৰু কিছু কথা
অভিজিত কলিতা
ভোক বুলিলে আমি পোনতে পেটৰ ভোককে বুজো, খাদ্য পালেই যি উপশম হয়। আৰু অলপ আগুৱাই গৈ আমি শৰীৰৰ ভোকৰ কথা ভাবিব পাৰোঁ। এই দুইটাই প্ৰাকৃতিক। কিন্তু আৰু এক ধৰণৰ কৃত্ৰিম ভোকে গ্ৰাস কৰিছে নেকি আমাক; ভোগৰ ভোক, তথাকথিত সামাজিক প্ৰতিষ্ঠাৰ ৰেট ৰেচৰ ভোক? প্ৰতিষ্ঠিত লেখিকা জুৰী বৰা বৰগোহাঞিৰ নৱতম উপন্যাস “ভোক” ৰ মূল বক্তব্য পৃথক যদিও , এই প্ৰশ্নটোৱেও খুদুৱনি এৰি যায় মনত।

বেশ্যাক লৈ আগতে অসমীয়াত কিছু লেখা-মেলা হৈছে যদিও, এতিয়াও অসমীয়া সাহিত্যত বিষয়টো Taboo হৈয়েই আছে বুলি কব পাৰি। সমকালীন ভাৰতীয় সাহিত্যটো বিষয়টো প্ৰায় এলাগী বুলিয়েই কব পাৰি। পোন প্ৰথমে, এগৰাকী নাৰী হৈ এনে এটা বিষয়বস্তুৰে উপন্যাস লিখি লেখিকাই প্ৰশংসনীয় সাহস দেখুৱাইছে। এগৰাকী নাৰীৰ দৃষ্টিৰে বেশ্যাকৰ জীৱন বা মনোজগতক উপস্থাপন কৰাও এক নতুনত্বই বুলিব লাগিব।

উপন্যাস খনৰ কাহিনীভাগ এগৰাকী তিব্বতী ভগনীয়া ছোৱালীৰ মাধ্যমেৰে প্ৰকাশ কৰা হৈছে। প্ৰথম পুৰুষত লিখা উপন্যাস খনত লেখিকাই কৌশলপূৰ্ণ ভাৱে এগৰাকী নায়িকাৰ যোগেই ভিন্ন সময়ত ভিন্ন চৰিত্ৰ উপস্থাপন কৰিছে। পেটৰ ভোক আৰু পৰিবেশে বেশ্যাৰ জীৱন আকোৱালি লবলৈ বাধ্য কৰা, (চলতে বাধ্য কৰা বুলিলে ভুল হব, উপন্যাস খনত লেখিকাই নিৰ্মোহ ভাৱে দেখুৱাইছে, সেইবিলাক ছোৱালীৰ আন কোনো গত্যন্তৰেই নাই, আৰু তেওলোকে এই বৃত্তিৰ কাৰণেই নিজকে সৰুৰ পৰা সহজে তৈয়াৰ কৰে), তিব্বতী ছোৱালী জনীৰ সৰুৰ পৰা আৰম্ভ কৰি ,প্ৰথমবাৰৰ বাবে এই বৃত্তি গ্ৰহণ, বিভিন্ন ৰূপত এই ব্যৱসায় আৰু শেষ বয়সত “দোকান বন্ধ” হোৱাৰ পাছত এখন বেশ্যালয়ত তেওৰ বৃদ্ধাৱস্থালৈকে উপন্যাস খনে সামৰি লৈছে। লগতে সামৰি লৈছে আনুসংগিক বহু চৰিত্ৰ, অৱশ্যে অপ্ৰয়োজনীয় চৰিত্ৰৰ অৱতাৰণা কৰা দোষৰ পৰা উপন্যাস খন একেবাৰে মুক্ত।

গতিময়তা উপন্যাসখনৰ অন্যতম বৈশিষ্ট্য। ছুটি ছুটি বাক্য ব্যৱহাৰ কৰি, লেখিকাই প্ৰথম কেইপৃষ্ঠা মানতে পাঠকক কাহিনীৰ অন্তৰ্ভাগলৈ লৈ গৈছে। তাৰ পাছতে নিৰিবিচ্ছিন্ন ভাৱে কৈ গৈছে মানৱ সভ্যতাৰ এক কৰুণতম কাহিনী, যি চলি আমাৰ মাজতে, কিন্তু আমাৰ অজ্ঞাতে। উপন্যাসখনৰ কেইটামান মন কৰিবলগীয়া দিশ এনেধৰণৰ....

১। লেখিকাই উপন্যাসখনত কেতিয়াও নায়িকাৰ নাম উল্লেখ কৰা নাই। ইয়াৰ কাৰণ দুটা হব পাৰে, প্ৰথম, লেখিকাই বুজাব বিছাৰিছে, যে ই কেৱল নিৰ্দিষ্ট কোনো এগৰাকী নাৰীৰ কাহিনী নহয়, ই হাজাৰ হাজাৰ নিস্পেষিতা নাৰীৰ কাহিনী। দ্বিতীয়, হয়তো ওপৰত কোৱাৰ দৰে, কৌশলগত ভাৱে লেখিকাই এগৰাকী নায়িকাৰ মাজতে কেইবাটাও চৰিত্ৰ সন্বিৱিষ্ট কৰিব বিছাৰিছে। উপন্যাস পঢ়োতে নায়িকাৰ মাজেদিয়েই পাঠকে বিভিন্ন চৰিত্ৰৰ ঘটনাক্ৰমৰ উমান পায়।

২। দৰঙা মেলা, ৰে’ড লাইট অঞ্চল আদি বিলাকৰ একেবাৰে বাস্তৱধৰ্মী বৰ্ণনা দিয়া হৈছে। এই অঞ্চলবোৰৰ অন্তৰ্ভাগৰ ৰাজনীতি, সমাজ, মানুহৰ মানসিকতা আদিৰ বৰ্ণনা একেবাৰে বিশ্বাসযোগ্য হৈছে, পাঠকে প্ৰায় সেই ঠাইবোৰলৈ গৈ ব্যক্তিগত ভাৱে প্ৰতক্ষ্য কৰাৰ অনুভৱ উপন্যাস খনৰ মাজেৰে পাইছে।

৩। উপন্যাস খনত লেখিকাই কেৱল বৰ্ণনাধৰ্মী প্ৰকাশভংগী ব্যৱহাৰ কৰিছে, আৰু কৌটিকলীয়া বৃহৎ সমস্যাটোৰ কোনো কৃত্ৰিম সমাধানসূত্ৰ দেখুৱাই পাঠকৰ মন জয় কৰিবৰ চেষ্টা কৰা নাই। সঁচাকৈয়ো এই সমস্যাটোৰ সমাধান ইমান সহজ নহয়, হোৱাহ’লে ইমান আইন নীতিৰ মাজত এই ব্যৱসায় চলি নেথাকিলে হেঁতেন।

৪। বেশ্যা সম্পৰ্কীয় প্ৰায়বোৰ সৃষ্টিশীল সাহিত্যতে দেখা পোৱা আৰু পাঠকৰ ভাল লগা “ইণ্টেলেকচুয়েল প্ৰচষ্টিটিউট” বা বুদ্ধিমান বেশ্যাৰ চৰিত্ৰ এটা উপন্যাসখনত দেখা পোৱা নেযায়। চিনু নামৰ যিটো চৰিত্ৰ আছে সেইটো অলপ এই বিষয়ৰ ওচৰ চাপিলেও, তেও অৰ্ধশিক্ষিতাহে, মাজে মাজে দুই এখন কিতাপ পঢ়িছে, তাতকৈ বৰ বেছি একো নহয়। বাকী প্ৰায়বোৰেই সম্পূৰ্ণ অশিক্ষিত আৰু শিক্ষাৰ প্ৰতি তেওলোকৰ কোনো হাবিয়াসো নাই। এই কথাটোহে বাস্তৱসন্মত যেন লাগে, আজৰি সময়ত “Women of Rome” পঢ়ি থকা বেশ্যাতকৈ।

৫। প্ৰায় ২৫০ পৃষ্ঠাৰ এই উপন্যাসখনত বেশ্যাবৃত্তিৰ বিভিন্ন প্ৰকৃতি আৰু লগতে এই ব্যৱসায়টোৰ প্ৰায় সকলো গতিবিধি সামৰি লোৱাৰ প্ৰচেষ্টা কৰা হৈছে।লগতে নাৰী সৰবৰাহ, বে‍শ্যাৰ ব্যক্তিগত জীৱনটো, শেষকালৰ অৱস্থা, বৃত্তিগত ৰোগ, তথাকথিত সমাজসেৱীগোট বিলাকৰ প্ৰকৃত স্বৰূপ, তেওলোকৰ বাবে সৃষ্টি হোৱা কল্যাণকামী আঁচনিবোৰৰ বিফলতা, সকলোবোৰ বাস্তৱসন্মত আৰু বিশ্বাসযোগ্য ৰূপে তুলি ধৰাতো ঔপন্যাসিকৰ সাফল্য। জুৰী বৰা বৰগোঁহাঞিৰ প্ৰায়বোৰ উপন্যাসতে তেখেতৰ বিষয়টোৰ ওপৰত বিস্তৃত গৱেষণা, ক্ষেত্ৰভিত্তিক অধ্যয়ন আৰু তথ্য সংগ্ৰহৰ উমান পোৱা যায়। “ভোক”ও ইয়াৰ ব্যতিক্ৰম নহয়। ইয়াৰ বাবে তথ্য সংগ্ৰহ কৰিবলৈ যাওতে এনেবোৰ ঠাই ব্যক্তিগত ভাৱে কেইবাদিনো থকাৰ লগতে বিভিন্ন মহলৰ পৰা ভীতিৰ সন্মূখীন হব লগ হৈছিল বুলি লেখিকাই সাংবাদিকৰ আগত ব্যক্ত কৰিছে।

৬। এটা বিতৰ্কিত লগতে যৌনতা লগত সম্পৰ্ক থকা বিষয়বস্তু উপস্থাপন কৰোঁতে লেখিকাই যথেষ্ট সংযমৰ পৰিছয় দিছে। উপন্যাস খনৰ শাৰীৰিক সংসৰ্গৰ দৃশ্যবোৰতো লেখিকাই সস্তীয়া উপাদানেৰে একশ্ৰেণীৰ পাঠকক প্ৰলুব্ধ কৰাৰ কোনো চেষ্টা কৰা নাই। কোনো কোনোৱে আশংকা কৰাৰ দৰে উপন্যাসখন কোনোবাই পৰ্ণগ্ৰাফী বুলি দাবী কৰাৰ কোনো স্থলেই নাই বুলি অনুমান হ’ল। তথাপিও কোনো লোকে যদি এই উপন্যাসখন পঢ়ি থাকোতে তেওৰ যৌনাকাংক্ষা জাগি উঠে, তেন্তে তেওঁক মানসিক ভাৱে বিকাৰগ্ৰস্ত বুলি কোৱাহে উচিৎ হব।

৭। কিছুমান দৃশ্য উপন্যাসখনত একাধিকবাৰ উপস্থাপন কৰা হৈছে, যেনে বেশ্যাসকলক ইঠাইৰ পৰা সিঠাইলৈ লৈ গৈ থকাৰ দৃশ্য। কিন্তু এনেলাগে যেনে লেখিকাই ইচ্ছাকৃত ভাৱেই এনে কৰিছে। এই যে মানুহবোৰৰ কাৰো নহয়, তেওলোকৰ একো থানথিত নাই, কোনো ভৱিষ্যত নাই, সময়ে য’লৈকে ঠেলা মাৰি দিয়ে তালৈকে যাবলৈ তেওলোক বাধ্য, সেই দিশটো দেখুৱাবলৈকে চেষ্টা কৰা বুলি অনুমান হয়।

৮। বেশ্যাৰ প্ৰেম সাধাৰণতে পাঠকৰ কাম্য আৰু প্ৰিয় দৃশ্য। 'ভোক' তো জনাৰ্দন নামৰ চৰিত্ৰটোৰ যোগে নায়িকাৰ জীৱনলৈ ক্ষন্তেকীয়া প্ৰেম অহা দেখুৱা হৈছে। কিন্তু উপন্যাস খনৰ বক্তব্যলৈ চালে এই দিশটোৰ গুৰুত্ব একেবাৰে কম। লেখিকাইয়ো জনাৰ্দনক সোঁশৰীৰে পাঠকৰ মাজলে অনা নাই। ই লেখিকাৰ উদ্দেশ্যৰ সততাৰ প্ৰমাণ দিয়ে।

কিছুমান লোকে এক সহজ জীৱনধাৰাৰ আশাতো নাৰী সৰবৰাহ কাৰী সকলৰ কৱলত পৰে, কিন্তু আচলতে যে এই ব্যৱসায়টোৰ পৰা বেশ্যাগৰাকীয়ে সকলো হেৰুৱাবহে লগীয়া হয়, কেতিয়াও এটা সচ্ছল জীৱন ধাৰণ কৰিব নোৱাৰে, কথাটো উপন্যাসখন পঢ়িলে মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰি। আৰু এইটোৱেই উপন্যাসখনৰ সমাজলৈ অন্যতম বাৰ্তা।

“ভোক” উপন্যাসখনত লেখিকাই আৰু এটা নতুন দিশ উন্মোচন কৰিছে, যাৰ পূৰ্বাভাষ এই লেখাৰ প্ৰথম পেৰেগ্ৰাফতে দিয়া হৈছে। পেটৰ দায়ত বা সামাজিক পৰিস্থিতিত পৰি বেশ্যাবৃত্তি লোৱাসকলৰ বাদেও সমাজত আৰু এক শ্ৰেণীৰ বে‍শ্যা চিত্ৰিত কৰা হৈছে, তেওলোকে ছদ্মবেশী বেশ্যা। সৰ্বাত্মক ভোগবাদ আৰু মানবীয় প্ৰমূল্যৰ বেহিচাপী পতনৰ বাবে, সৃষ্টি হোৱা এই শ্ৰেণীটোৱে পেটৰ ভোকৰ বাবে বেশ্যা নহয়, হয় এটা দামী মোবাইল ফোনৰ বাবে, অলপ মান আছুতীয়া আনন্দৰ বাবে, ভাল ৰেষ্টোৰাঁত এটা ডিনাৰৰ বাবে, ড্ৰাগছৰ বাবে পইচা যোগাৰ কৰিবৰ বাবে। পিছে তেওলোকৰ অৱস্থা উপন্যাসৰ বেশ্যাসকলৰ দৰে নহয়গৈ, আৰামত বিয়া বাৰু সংসাৰ কৰি, সন্তান জন্ম দি তেওঁলোক জীয়াই থাকে। আৰু এই ছদ্মবেশী বেশ্যাসকল বাবেই পেটৰ দায়ত ‘ৰেড লাইট’ এৰিয়াত থকা বেশ্যাসকলৰ বৱসায় প্ৰায ধ্বংস হৈ গৈছে। এই কথাই যে প্ৰত্যেকজন সংবেদনশীল পাঠকক জোঁকাৰি যাব সি ধুৰূপ।

সুখপাঠ্য বুলিলে যদি আমি Feel Good reading বুলি ভাৱো, তেন্তে “ভোক” সুখপাঠ্য নহয়, বৰঞ্চ পাঠকক জোকৰি যোৱা এক ধুমুহা বুলিহে কোৱা যাব। সমগ্ৰ উপন্যাসখন পঢ়ি শেষ কৰাৰ পাছত মোৰ এনে নেলাগিল যে মই কিছুমান মানুহৰ কথাই পঢ়িলো, এনে লাগিল যেন কিছুমান পূতি গন্ধময় নৰ্দমাত বাস কৰা কীট কিছুমানৰ কাহিনীহে এয়া, যাৰ বাবে মানবীয়তা, অধিকাৰ, সুখ-শান্তি আদি বোলা শব্দবোৰৰ কোনো অস্তিত্ত্বই নাই। আৰু হয়তো এয়াই উপন্যাসখনৰ আটাইতকৈ ডাঙৰ সফলতা।

No comments:

Post a Comment