মিচা ক'লে কি ডাল হব(হাস্য ব্যংগ) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Assamese LIFELINE on SOCIAL MEDIA

সামাজিক যোগসূত্ৰৰ মঞ্চত ইতিবাচক বাৰ্তাবাহক
ভাল খবৰ ভাল সমল, পঢ়ি লভক আনন্দ বিমল

Post Top Ad

Responsive Ads Here

মিচা ক'লে কি ডাল হব(হাস্য ব্যংগ)

Share This
নেতাৰ ভাওনাঃ "ওহে সভাসদ লোক, দেখহ, শুনহ"
দীপাংকৰ মল্ল বৰুৱা
ৰাতি টোপনিতে হেনো মই ভোৰভোৰাই আছিলোঁ, “ওহে সভাসদ লোক, দেখহ, শুনহ। পাণ্ডৱ ভ্ৰাতাগণ কুন্তী সহিতে প্ৰৱেশ কৰল”।

শ্ৰীমতীয়ে গাৰ হেঁচুকি দিয়াতহে সাৰ পালোঁ।“হেৰা তোমাৰ হৈছে কি হে? সপোনত ক’ৰ ভাওনাৰ বচন মাতিআছা”।
সাৰ পাই উঠি বহিলোঁ। চকু কেইটা মোহাৰি ইমান সময় দেখি থকা ঘটনাবোৰ সপোন আছিল নে বাস্তৱ আছিল জানিবলৈ চেষ্টা কৰিলোঁ। বুজিলোঁ সপোনেই আছিল। বিচনাৰ পৰা নামি মূৰ শিতানত থকা জগটোৰ পৰা পানী এগিলাচ ঢালি ঘটঘটকৈ পি খালোঁ।
“ভাওনাৰ আখৰা কৰি আছিলোঁ বুজিছা। একেবাৰে সঁচা যেন লাগি আছিলহে”।

“কিহৰ ভাওনাৰ সপোন দেখা হে এই বয়সত। নিজকে ডেকা হৈ আছা বুলি ভাবিছা নেকি”? শ্ৰীমতীয়ে ভোৰভোৰালে।

লাইটটো জ্বলাই ঘড়ীটোলৈ চালোঁ। পাঁচ বাজিবলৈ পোন্ধৰ মিনিট। বাহিৰত কাহিলি কাহিলি পোহৰ হৈছেই। আৰু শুব নোৱাৰি।

“তোমাৰ উঠিবৰ হ’লেইনে”? মই বিচনাৰ পৰা উঠি অহা দেখিশ্ৰীমতীয়ে মাত লগালে।
“ভাওনাৰ কথাই ভাবিছোঁ হে। এইবাৰ ভাওনাখন ভাল জমিব যেন পাইছোঁ”। বাথৰূমত সোমাই বাথৰূমৰ পৰাই মাত দিলোঁ।

“কিহৰ ভাওনা হে? এই কাহিলি পুৱাতে কিনো ভাওনাৰ কথা বলকিছা”। শ্ৰীমতীও উঠি বহিল।
বাথৰূমত মুখ হাত ধুই ওলাই আহিলোঁ।

“এই ৰজা পতা ভাওনা খনৰ কথা কৈছোঁ হে। পাঁচ বছৰৰ মূৰে মূৰে যে হয়। বিভিন্ন ভাওনা দলৰ মাজত যে প্ৰতিযোগিতা হয়,জয় হোৱা ভাও কৰা দলটোৱে যে ৰাজভোগ খাবলৈ পায়”।

“তোমাৰ মুখত আজি ইমানকৈ ভাওনাৰ কথা যে? হ’ব এনেয়ে আটিছে। এতিয়া আৰু ভাওনা কৰি নিজকে বহুৱা সজাব নালাগে”।শ্ৰীমতীয়ে ভোৰভোৰালে।

“কিনো কথাবোৰ কোৱাহে? ক’ত মই ভাওনা কৰিবলৈ গ’লোঁ? আমি ভাওনাৰ দৰ্শকহে। পিছে দৰ্শক হ’লেও ভাওনাৰ কেইদিন আমাৰ দাম বাঢ়ি যায় দিয়াচোন। ভাওনা পাৰ্টী বোৰে যেতিয়া ধুনীয়া ধুনীয়া নিমন্ত্ৰণী পত্ৰৰে ভাওনা চাবলৈ মাতে, আথে বেথে বহুৱায়, হাত জোৰ কৰি সন্মান দেখুৱাই কিমান ভাল লাগে নহয়নে? সেই কাৰণে এই পাঁচবছৰীয়া মহা ভাওনা খন আহিলেই গাটো ইচাটি বিচাটি কৰেহে”। শ্ৰীমতীৰ মুখলৈ চাই ধুনীয়াকৈ হাঁহি এটা মাৰি ক’লোঁ।

“হ’ব, হ’ব। ভাওনাৰ কথা আমাৰ ভালদৰেই জনা আছে। আজিলৈকে কিমান ভাওনা দেখিলোঁ। কিমানবাৰ ৰজা ভঙা পতা হ’ল। কিমানে ৰাজভোগ খালে। আমাৰ ৰাইজৰ কিবা উপকাৰ হ’লনে? ৰজা হোৱাৰ পিছত ভাৱৰীয়া বোৰে আমালৈ কেতিয়াবা কেৰাহিকৈয়ো চায়নে”?
“হেৰা,ভাওনাৰ জৰিয়তে ৰজা ভঙা পতা কৰাটো দেশৰ নিয়ম। আমি ভাল পাওঁ বা নাপাওঁ, ভাওনা প্ৰতিযোগিতা খনলৈ তো যাবই লাগিব। ভাৱৰীয়া সকলৰ ভাওবোৰতো চাবই লাগিব। মোৰ সেইটোৱেই মজা লাগে বুজিছানে। ক্ষমতা পালে টিঙৰ পৰা ননমা ৰজাঘৰৰ ভাৱৰীয়াই যেতিয়া দুখীয়াৰ কথা কৈ চকুপানী টোকে, বোকা পানী গচকি গাৱঁলৈ আহে,আকৌ এবাৰ ৰজা পাতি দিবলৈ কৰযোৰে কৃপা ভিক্ষা কৰে, তেতিয়া মোৰ গাটো একেবাৰে সাতখন আঠখন হৈ পৰেহে। হাঁহিও উঠে, বেচেৰাহঁতলৈ দুখো লাগে। সদায় শীত তাপ নিয়ন্ত্ৰিত ঘৰ - গাড়ীত থকা মানুহবোৰে যেতিয়া ৰ’দে বৰষুণে টলৌ টলৌকৈ ভাওনাৰ বচন মাতি ঘূৰি ফুৰে, তেওঁলোকলৈ মোৰ বৰ পুতৌ হয়”।

“ৰাতিপুৱাই আজি তোমাৰ হৈছে কি হে? ৰাতিপুৱাই মানুহে ঈশ্বৰৰ নাম লয়, আৰু তুমি লৈ আছা ভাৱৰীয়াৰ নাম”। শ্ৰীমতীও বিচনাৰ পৰা নামিল।

“তুমি কি বুজিবা। আজিকালি ভাওনাই হৈছে মূল কথা। ভাওনাত ভাও দিব নাজানিলে আজিকালি সমাজত তিস্থিব পৰা নাযায়। যিয়েই ভাল ভাও দিব পাৰে তেওঁৰেই জয় জয়, ময় ময়”। চশমাজোৰ মচি মচি ক’লোঁ।

“হৈছে হৈছে। বহুত দেখিছোঁ ভাৱৰীয়া। ভাৱৰীয়া বোৰক মানুহে আজিকালি বহুৱা বুলিহে ভাবে”। শ্ৰীমতীয়ে নাক কোঁচাই ক’লে।

“ভাৱৰীয়া হোৱাটো তুমি ভাতৰ লগত পানী খোৱাৰ দৰে কথা বুলি ভাবিছা নেকি হে? ভাৱৰীয়া হোৱাটো ইমান সহজ নহয় বুজিছা। ভাৱৰীয়া হ’বলৈ হ’লে কেইটামান মহৎ গুণ থাকিবই লাগিব”।
“হৈছে, হৈছে। ভাৱৰীয়াৰ গাত এখেতে এতিয়া মহৎ গুণো দেখিলে। কি কি মহৎ গুণ আছে কোৱাচোন আমিও শুনি”, শ্ৰীমতীয়ে ঠাট্টাৰ সুৰত ক’লে।

প্ৰথম গুণ হ’ল মানুহে ধৰিব নোৱৰাকৈ মিছা মাতিব পাৰিব লাগিব। সেইটো এটা ডাঙৰ আৰ্ট। বাঘা বাঘা ভাৱৰীয়া যিমান দেখিছা সকলোৱেই এই কলাত সিদ্ধহস্ত”।

“বা:। আৰু কি কি গুণ থাকিব লাগিব কৈ যোৱাচোন”। এওঁৰ কথাত ভেঙুচালি ফুটি উঠিল।

“দ্বিতীয়তে সঁচা মিছা যিহকে পাই বলকি থাকিব পৰা গুণ লাগিব। যেতিয়াই তেতিয়াই মানুহক কথাৰে মোহিত কৰাৰ সামৰ্থ থাকিব লাগিব। মানুহক দুৰৰ পাহাৰৰ সপোন দেখুৱাব লাগিব আৰু যেনেকৈ পাৰি তেনেকৈ বুৰ্বক বনাব জানিব লাগিব। মানুহে ভাষণত ধুনীয়া ধুনীয়া কথা শুনিব পাৰিলে সকলো কথাই পাহৰি যায়”।

“আৰুনো কি কি গুণ থাকিব লাগিব মহাপুৰুষ সকলৰ”।

“তৃতীয়তে, চোৰ কৰিব জানিব লাগিব, তাকো ধৰা নপৰাকৈ। ৰাইজৰ ধনেৰে নিজৰ ভঁৰাল টনকিয়াল কৰিবই যদি নাজানে, কিহৰ ভাৱৰীয়া হে? আজিকালি ভাৱৰীয়া বোৰক চোৰ বুলি ক’লেও গাত নলগা হ’ল। গাৰ ছাল গড়ৰ দৰেই ডাঠ হ’ল। কাকনো বুলিবা ককা, সকলোৰে দাঢ়ি চুলি পকা”।

“চোৰ কৰাটোও আজিকালি কিবা ডাঙৰ কথানে? সুবিধা পালেই ৰজা, মন্ত্ৰী, প্ৰহৰী, চন্তৰী সকলোৱেই চোন এই বিদ্যাত পাৰ্গত হৈ উঠিছে। চোৰ কৰিবলৈ সুবিধা নাপাই ওঁঠ চেলেকি থকা কেইটাই মাজে মাজে হুলস্থুল নকৰা হ’লে গোটেইখন চোৰৰে ৰাজত্ব হ’লহেঁতেন। চুৰিবিদ্যাৰ কথা বাৰু বুজিলোঁ, আৰু কি কি গুণ থাকিব লাগিব কৈ যোৱা”।

“হেৰা ভাৱৰীয়া সকলৰ কিন্তু চোৰ কৰিলেও বিপদ নাই বুজিছা। চোৰ কৰি কেইদিনমান ৰঙা ঘৰৰ ভাত খাই আহিলেও ভাৱৰীয়া সকলৰ বগা চোলা কোনেও ক’লা কৰিব নোৱাৰে। জেলৰ পৰা ওলাই অহা একোজন ভাৱৰীয়াক ৰাইজে ঢোলে ডগৰে আকৌ ভাওনালৈ আগবঢ়াই নিয়া দেখা নাই জানো। ভাৱৰীয়া সকলৰ থাকিবলগীয়া আৰু কেইটামান গুণ হ’ল, তেওঁলোকে মঞ্চত লম্ফ জম্ফ কৰি ডাঙৰ ডাঙৰ ভাষণ দিব পাৰিব লাগিব, শূন্যতে গদা ঘূৰাব পাৰিব লাগিব, প্ৰয়োজন হ’লে গীত জুৰিব লাগিব, টিকা চপৰিয়াই নাচিবও পাৰিব লাগিব”।
“গুণীলোকে সেইবোৰ গুণৰ যহতে আগবাঢ়ি গৈ আছে। তোমালোকে পিছে ভাওনা চাই তালি বজাই থাকোঁতেই যাব। ভাওনাও চাবলৈ যাবা আৰু ভাৱৰীয়া বোৰৰ বদনামো কৰি থাকিবা”।

“হেৰা, কথা এটা ভাবিছোঁ হে। ভাওনা দলবোৰে যিজনকে ভাৱৰীয়া পাতে তেওঁকেই আমি কিয় ভাৱৰীয়া হ’বলৈ দিম। ভাল মানুহ, সৎ মানুহ, কাম কৰা মানুহ বোৰক আমি ভাৱৰীয়া নাপাতো কিয়? ৰাইজৰ মাজৰ ভাল মানুহ একোজনে কিয় ভাল ভাৱৰীয়া হ’ব নোৱাৰিব হে”?

“হৈছে আৰু। কোনো ভাল মানুহৰ মাথা বেয়া হোৱা নাই যে ভাওনা কৰিবলৈ আহিব। ইমানবোৰ ভাৱৰীয়া থাকোঁতে কোনে ভাওনাত ভাও দিবলৈ আহিব কোৱাচোন। ভাওনাত ভাও দি বদনামী হ’বলৈ কোনে ভাল পাব বাৰু”।

“সেইখিনিতেইতো সমস্যাটো। আমি ভাওনা এৰিবও নোৱাৰোঁ,ভাওনা কৰা ভাৱৰীয়া কেইজনক গালি শপনিও পাৰি থাকোঁ। কিন্তু ভাল মানুহ বোৰৰ এজনো ভাওনাত ভাও ল’বলৈ আগবাঢ়ি নাযায়। ভাল মানুহে ভাও নল’লে কোনোবা দিনা ভাওনা ভাল হ’ব পাৰিবনে”?

“হ’ব দিয়া, ইমান দিনে তেনেকৈয়ে চলি আছে, আগলৈকো তেনেকৈয়ে চলি থাকিব। তুমি একো ভাৰস্ত উদ্ধাৰ কৰিবলৈ যাব নালাগে”। শ্ৰীমতীয়ে ভেঙুচালি কৰি ক’লে।

“নহয় বুজিছা। এনেদৰে চলি আছে। কিন্তু আৰু চলি থাকিবলৈ দিব নোৱাৰি। ভাল মানুহক ভাও দিবলৈ ভাওনা দলবোৰক আমি বাধ্য কৰিব লাগিব। প্ৰয়োজন হ’লে ভাল মানুহ বিচাৰি ৰাইজে নিজেই ভাৱৰীয়া পাতিব লাগিব। ভাল ভাৱৰীয়া নোহোৱাৰ বাবে আমাৰ দেশখনৰ এতিয়া এই অৱস্থা। ভাওনাৰ নামত সকলোৱে লুটি পুটি খাইছে। ভাওনাৰ নামতে য’তখন মাৰ পিট, কাজিয়া পেচাল, খিয়লা খিয়লি। ৰাজভোগ সকলোকে খাবলৈ লাগে, কিন্তু প্ৰতিযোগিতাত জয়ী কৰাই ৰাজভোগ খাবলৈ সুবিধা কৰি দিয়া সাধাৰণ মানুহৰ কথা কোনেও নাভাবে”।

“তুমি অকলে কি কৰিবা হে”?

“মই অকলে কিয় হ’মহে? মোৰ দৰে আৰু কিমান মানুহে চাগে একেখিনি কথাই ভাবি আছে। ভূপেন দাই গোৱা নাছিল জানো, ‘ৰাইজ আজি ভাৱৰীয়া, দেশেই নাটঘৰ’। আজি ৰাইজৰ সকলোৱে যদি একোজন ভাল ভাৱৰীয়া হয়, ভাওনাৰ দলবোৰে কিবা পাত্তা পাবনে? দেশৰ নাটঘৰত ৰাইজৰ মাজৰ পৰা ভাল ভাল ভাৱৰীয়া আনি যদিপ্ৰতিযোগিতা কৰিবলৈ দিয়া হয় আৰু ৰাইজে তেওঁলোকক সমৰ্থন কৰে, ৰাজভোগ খাই জনতালৈ পিঠি দিয়া ভাৱৰীয়া সকলৰ দিন উকলি নাযাবনে”?

“সেয়া আকাশত চাং পতা কথা। ৰাইজৰ মাজত ক’ত তুমি ভাল ভাৱৰীয়া পাবাহে। লংকালৈ যিয়েই য়ায় সিয়েই ৰাৱণ হয়”।

“তেনে কথা নক’বা বুজিছা। ৰাইজে নখ জোকাৰিলে নৈ বয়। ৰাইজে সিদ্ধান্ত লোৱাৰ সময় আহিছে, ৰাইজে ভাওনা দলে যিজনকে বাচি দিয়ে তেওঁৰে ভাওনা চাই তালি বজাই থাকিব নে, নিজেই একোজন ভাল ভাৱৰীয়া নিৰ্বাচন কৰি তেওঁক সমৰ্থন কৰিব, সেই সিদ্ধান্ত লোৱাৰ সময় আহিছে। ভাওনাৰ আখৰা আৰম্ভ হৈছেই। শংখ, খোল, ভোৰতাল বাজি উঠিছেই। শিবিৰে শিবিৰে ভাওনা দলবোৰে আৰম্ব কৰিছে ৰাজভোগ খোৱাৰ জল্পনা কল্পনা। ৰাইজ সাজু হ’বৰ হ’ল”।

“তুমি ঘৰৰ ভিতৰতে জপিয়াই থাকিলে কি হ’ব। ৰাইজক কোনে জগাব। কোন ৰাইজে দেশৰ কথা ইমানকৈ ভাবিব”।

“আহিব বুজিছা। ৰাইজৰো চেতনা আহিব। কিমান দিন আৰু সহি থাকিব ভাওবা দলবোৰৰ একেবোৰ ভাষণ, একেবোৰ ভুৱা প্ৰতিশ্ৰুতি, একেবোৰ প্ৰহসন। ৰাইজে এসময়ত নিজেই ওলাই আহিব নাটঘৰলৈ। সেইদিনা হয়তো সূত্ৰধাৰজনে গাব, “ওহে সভাসদ লোক, দেখহ, শুনহ। জনতা জনাৰ্দন মঞ্চত প্ৰৱেশ কৰল”।
লেখক দুলীয়াজান নিবাসী, ফোন: ৯৪৩৫০৩৯৮২০

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages