পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসমৰ চৰকাৰী বিদ্যালয়ৰ সমস্যাৰাজিক বুজিবৰ বাবে ৰাজ্যপাল পি বি আচাৰ্যই গুৱহাটীৰ দুখনকৈ বিদ্যালয় দুৰ্গা সৰোবৰ বিদ্যালয় আৰু আদাবাৰী ৰবীন্দ্ৰ বিদ্যাপীঠত আকস্মিক ভাৱে উপস্থিত হৈ পৰিদৰ্শন কৰাৰ খবৰ। তেখেতে ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মধ্যাহ্ন ভোজন কৰাৰ লগতে সুবিধা-অসুবিধাবোৰ বুজিবৰ বাবে বাৰ্তালাপতো অংশ লোৱা বুলিও খবৰ পোৱা গৈছে।

২. অৱশেষত দীৰ্ঘদিনৰ সমালোচনাৰ অন্ত পেলাই মোদী চৰকাৰে নিযুক্তি দিলে কেন্দ্ৰীয় তদাৰকী আয়ুক্ত(CVC) আৰু কেন্দ্ৰীয় তথ্য আয়ুক্তৰ। লোকসভাৰ বিৰোধী নেতা মল্লিকাৰ্জুন খৰ্গেৰ সতে প্ৰধানমন্ত্ৰীৰ বৈঠকৰ পাছতে কেন্দ্ৰীয় তদাৰকী আয়ুক্ত ৰূপে কে ভি চৌদাৰী আৰু কেন্দ্ৰীয় তথ্য আয়ুক্ত ৰূপে বিজয় শৰ্মাৰ নাম চূড়ান্ত হোৱা বুলি সুখবৰ প্ৰকাশ পাইছে।

৩. কালি আই.আই.টি. গু‌ৱাহাটীত অনুষ্ঠিত সমাৱৰ্তন অনুষ্ঠানত ভাগ লৈ কেন্দ্ৰীয় মান‌ৱ-সম্পদ উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণীয়ে নতুন পাঠ্যক্ৰমৰ জৰিয়তে গ‌ৱেষণা আৰু প্ৰযুক্তিৰ উদ্ভা‌ৱনক উৎসাহ জনাবৰ বাবে প্ৰতি বছৰে প্ৰতিভাশালী শিক্ষকলৈ এক লাখ টকাৰ পুৰস্কাৰ প্ৰদানৰ কথা চৰকাৰে বিবেচনা কৰাৰ কথা প্ৰকাশ কৰিছে। তাৰোপৰি আই.আই.টিত শিক্ষকতা কৰা শ্ৰেষ্ঠ মহিলা শিক্ষকগাৰকীকো সোণৰ পদক দিয়া হ'ব বুলি জনাইছে । ইয়াৰোপৰি অসমৰ প্ৰায় দহ হাজাৰজন বিজ্ঞান আৰু গণিত শিক্ষকক গু‌ৱাহাটী আৰু খৰগপুৰত অ‌ৱস্থিত আই.আই.টিৰ যোগেদি বিশেষ প্ৰশিক্ষণৰ ব্য‌ৱস্থা কৰা হ'ব বুলিও প্ৰকাশ কৰিছে।

৪. টিহুৰ ৰেল’ৱে কোৱাৰ্টাৰৰ এগৰাকী বাসিন্দা মনেশ্বৰ দাসে এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী অমিয় শৰ্মাৰ হেৰোৱা ষোল্ল হাজাৰ টকা, বাটত পৰি থকা অৱস্থাত পোৱাৰ পাছত ঘটনাটোৰ কথা জানিব পাৰি অক্ষত অৱস্থাত শৰ্মাক উভোতাই দি সততাৰ এক অনন্য উদাহৰণ দাঙি ধৰে। এই খবৰো আমাৰ অসম কাকতে প্ৰকাশ কৰিছে।

৫. উত্তৰ পূৱৰ কলা, সংস্কৃতি, ইতিহাস আদি ৰাষ্ট্ৰীয় শিক্ষা পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হব বুলি এক ইতিবাচক খবৰ প্ৰকাশ কৰে কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী স্মৃতি ইৰাণীয়ে।

৬. অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, স্বনামধন্য সাহিত্যিক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ স্মৃতি দিৱস দুদিনীয়া কাৰ্যসূচীৰে যোৱা ৩ আৰু ৭জুনত উদযাপন কৰে ৰংমহল সাহিত্য সভাই। উত্তৰ-গুৱাহাটীৰ ৰংমহলৰ লক্ষ্যধৰ চৌধুৰী প্ৰেক্ষাগৃহত অনুষ্ঠানসমূহৰ আয়োজন কৰা হৈছিল।

৭. মহাপুৰুষীয়া নাম ধৰ্মৰ অন্যতম সাধক, বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, বৈষ্ণৱ-পণ্ডিত সোণাৰাম চুতীয়াৰ নামত শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰৱৰ্তন কৰিছে এটি স্মাৰক বঁটা। এই স্মাৰক বঁটা পোনপ্ৰথমবাৰৰ বাবে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা, গৱেষক, সাহিত্যিক সূৰ্য হাজৰিকাক যোৰহাট জিলা শাখাৰ নামঘৰত হোৱা অনুষ্ঠানত কালি প্ৰদান কৰে সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই।

৮. অৱশেষত কালিৰে পৰা ডিব্ৰুগড়ৰ অতিৰিক্ত জিলা ছেছন ন্যায়াধীশৰ ফাষ্ট ট্ৰেক কৰ্টত ডাঃ সৰিতা তছনিৱালৰ হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সুখবৰ। কালি প্ৰথমটো শুনানি গ্ৰহণ কৰাৰ পাছত পৰৱৰ্তী শুনানিৰ বাবে ৬জুলাইৰ দিনটো ঠিক কৰিছে। উল্লেখযোগ্য যে তদন্তকাৰী বিষয়াই আদালতত কেছ ডায়েৰী জমা দিয়াত পলম কৰাত দুয়ো অভিযুক্ত বৰ্তমান জামিনত মুক্ত হৈ আছে।

৯. কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে লোৱা পদক্ষেপ সমূহৰ বুজ লবলৈ আহি নিশা বনকৰ্মীৰ সৈতে এনিমেল কৰিডৰ আৰু ঘাইপথৰ বেৰিকেড সমূহ নিজে টহল দি পৰিদৰ্শন কৰি সংবাদ শিৰোনাম দখল কৰিছে অসমৰ বনমন্ত্ৰী এটোৱা মুণ্ডাই। সাম্ভাব্য বানৰ সময়ত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বিষয়টোক বনমন্ত্ৰী গৰাকীয়ে গুৰুত্ব আৰোপ কৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰো সুখবৰ প্ৰকাশ পাইছে।

১০. অসম সাহিত্য সভাৰ ধুবুৰী জিলা শাখা যোৱা ১জুনত ডঃ নিৰ্মলপ্ৰভা বৰদলৈৰ স্মৃতি দিৱস পালন কৰে। পৰহি গোলোকগঞ্জ সাহিত্য সভাৰ সহযোগত পাৰ্বতি প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱসো পালন কৰে।

No comments:

Post a Comment