পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. আজি পালিত হৈছে বিশ্ব পৰিৱেশ দিৱস। এই দিৱসৰ দিনাই 'নিয়মীয়া বাৰ্তা' কাকতে সংবাদ শীৰ্ষত স্থান দিছে সুদীৰ্ঘ ১৭বছৰে পাঁচ লাখতকৈ অধিক গছ ৰোপণ কৰি এক নীৰৱ আন্দোলন গঢ়া যোৰহাটৰ কাকজানৰ শ্ৰীশ্ৰী এলেংগী বাহজেঙেনী সত্ৰৰ সত্ৰাধিকাৰ ভুৱনেশ্বৰ মহন্তৰ সুকৰ্মক। ব্যক্তিগত খৰছত পুলি সমূহ প্ৰতিপালন কৰি তেখেতে ৰোপণ কৰা গছ সমূহক বৃক্ষৰ ৰূপত গঢ়ি তুলিবলৈ সক্ষম হোৱা মহন্তদেৱৰ নীৰৱ সাধনা সমাজৰ বাবে নিশ্চয়কৈ এক প্ৰেৰণামূলক খবৰ। 


২. দৰমহা নাপালে অহা ৯জুনৰ পৰা আমৰণ অনশনত বহাৰ ভাবুকি দিয়া টেট শিক্ষক সকলৰ দুমাহৰ দৰমহা মুকলি কৰি দিবলৈ অৱশেষত নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। উল্লেখযোগ্য যে বিষয়টোত প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীক লগ ধৰি সমাধানৰ বাবে পৰামৰ্শ প্ৰদান কৰিছিল বুলিও সংবাদ পত্ৰই এদিন আগতে প্ৰকাশ কৰিছিল।


৩. ৰোগীৰ বাবে ৰক্তদানৰ প্ৰতি সচেতনতা বৃদ্ধিৰ লগতে বিষয়টোত ৰাইজক সকাহ দিবলৈ আগবাঢ়ি আহিছে এটা ৱেবচাইট। ৰক্ত দান অথবা ৰক্তৰ প্ৰয়োজনত www.friends2support.org ৱেবচাইট যোগে প্ৰয়োজনীয় ৰক্ত উপলদ্ধ কৰাৰ বাবে ব্যৱস্থা হোৱাৰ এক সুখবৰো প্ৰকাশ পাইছে।


৪. প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয় আৰু জিলা পৰ্যায়ৰ কাৰ্যালয়সমূহত খালী হৈ থকা চতুৰ্থ বৰ্গৰ পদ সমূহৰ বাবে ২০১৪চনৰ ডিচেম্বৰত গ্ৰহণ কৰা প্ৰ-পত্ৰ সমূহৰ লিখিত পৰীক্ষা বিভিন্ন জিলা সদৰ অনুষ্ঠিত হব। প্ৰাৰ্থী সকলে নিজৰ প্ৰৱেশপত্ৰ সমূহ www.inputteachers.com বেৱচাইটৰ পৰা উলিয়াই লব পাৰিব বুলিও প্ৰকাশ কৰিছে।


৫. অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল আৱাহন থিয়েটাৰে প্ৰদান কৰি অহা “ভবেন্দ্ৰ নাথ শইকীয়া বঁটা” ১০২৫-১৬ বৰ্ষৰ বাবে বিশিষ্ট সাহিত্যিক-নাট্যকাৰ অৰুণ শৰ্মালৈ আগবঢ়োৱা হৈছে বুলিও সুখবৰ প্ৰকাশ পাইছে।


৬. প্ৰবাসী অসমীয়া তথা আমেৰিকাৰ টেক্সাছৰ হিউষ্টন ষ্টেট ইউনিভাৰ্চিটীৰ অধ্যাপক হিৰণ্য নাথে অসম সম্পৰ্কে সজাগতা বৃদ্ধিৰ বাবে প্ৰৱৰ্তন কৰা অসম স্কলাৰশ্বিপ এই বছৰো ঘোষণা কৰা হৈছে। সেই বিশ্ববিদ্যালয়ৰে ছ্তাৰী লিনচী হিক্সন আৰু জেমছ পেৰীলৈ এই স্কলাৰশ্বিপ আগবঢ়োৱা হৈছে বুলি জানিব পৰা গৈছে।


৭. কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ৰচনীৱলীৰ ইংৰাজী অনুবাদ সম্পূৰ্ণ কৰি এক বিশাল তথা প্ৰশংসনীয় কাম সম্পূৰ্ণ কৰাৰ সুখবৰ। কালি এই ৰচনাৱলীৰ অনুবাদৰ চূড়ান্ত খণ্ডটো তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মিহিৰকান্তি চৌধুৰীয়ে ৰাভাদেৱৰ পৰিয়ালৰ হাতত তুলি দিয়ে। অচিৰেই বিশ্ববাসীৰ সমুখত কলাগুৰুৰ সৃষ্টিৰাজিক ইণ্টাৰনেট যোগে প্ৰচাৰ কৰা হব বুলিও সুখবৰ প্ৰকাশ পাইছে।


৮. অহা ৬জুনত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত এটি ব্যতিক্ৰমী নাট্যানুষ্ঠানৰ আয়োজন কৰা হৈছে। দীপা মেহতাৰ আৰ্থৰ আধাৰত ৰচনা কৰা নাটকখনৰ পৰিচালনা সম্ৰাট ভৰদ্বাজৰ। অভিনয় কৰিব উতপল নন্দীৰ লগতৈ যতীন বৰাৰ কন্যা আস্থা বৰাই।


৯. ভাৰত চৰকাৰৰ মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়ৰ উচ্চ শিক্ষা বিভাগৰ বৈজ্ঞানিক আৰু কাৰিকৰী শব্দাৱলী আয়োগৰ দ্বাৰা শব্দাৱলী আয়োগৰ এখনি বৈঠক ১-৫জুনলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছে। অসমীয়া ভাষাত ৰাজনীতি বিজ্ঞানৰ শব্দাৱলীক লৈ এই বৈঠক অনুষ্ঠিত হৈছে।


১০. গুৱাহাটীত ফেয়াৰ মিটাৰ সহ বৈধ নিৰিখত ভাড়া আদায়ৰ বিষয়টোত পৰিবহণ বিভাগে অভিযান তীব্ৰতৰ কৰি তোলাৰ সুখবৰ। ৭খন অট’ৰ নথি জব্দৰ লগতে মুঠ ৩৬০০টকা জৰিমনা আদায় কৰিও অট’চালক সকলক বিধি-ব্যৱস্থা মানি চলিবলৈ সঁকিয়াই দিয়া বুলিও খবৰ প্ৰকাশ পাইছে।

No comments:

Post a Comment