পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ
১. গুৱাহাটীৰ শিশু আৱাস “স্নেহালয়”ৰ দহ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে কালি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ সুনাম কঢ়িয়াই আনিছে। পদপথৰ পৰা স্নেহালয়ৰ বুকুতে জীৱন গঢ়াৰ সপোন দেখা এই কিশোৰ সকলৰ ভিতৰত ৮গৰাকীয়ে প্ৰথম বিভাগত আৰু দুগৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। মেধাৱী ছাত্ৰ-ছাত্ৰী কেইগৰাকীক আৱাসৰ তৰফৰ পৰা সম্বৰ্ধনা জনায় স্নেহালয়ৰ অধ্যক্ষ ফাদাৰ লুকছে।

২. “অভিযাত্ৰী” উপন্যাসৰ বাবে বিশিষ্ট সাহিত্যিক নিৰুপমা বৰগোহাঞিক কালি প্ৰদান কৰা হয় অসম চৰকাৰে প্ৰৱৰ্তন কৰা মামণি ৰয়ছম গোস্বামী বঁটা-২০১৪। এই বঁটাত আছে একলাখ টকাৰ চেক, শৰাই, অংগবস্ত্ৰ আৰু এখনি প্ৰশস্তি পত্ৰ। 

৩. অসম চৰকাৰে অসমৰ প্ৰসিদ্ধ শিক্ষাবিদ তথা মহীয়সী নাৰী ইন্দিৰা মিৰিৰ স্মৃতিতো বঁটা প্ৰৱৰ্তন কৰিবলৈ ওলোৱাৰ সুখবৰ। কালি ৰাজ্য চৰকাৰে আয়োজন কৰা মামণি ৰয়ছম গোস্বামী বঁটা প্ৰদান অনুষ্ঠানতে অসমৰ মুখ্যমন্ত্ৰীয়ে এই সুখবৰ ৰাজহুৱা কৰে।

৪. কালি ঘোষিত হয় ছেবা পৰিচালিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল। সৰ্বাধিক সফলতাৰ হাৰেৰে শীৰ্ষত পুনৰ স্থান লভিলে ধেমাজি জিলাই। পাঠশালাৰ ৰিপুঞ্জয় কলিতা, দৰঙৰ বেজেৰাৰ মৃদুল শৰ্মা আৰু জামুগুৰিৰ শতাব্দী বৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে। ধুবুৰী জিলাৰ পৰা খন্দকাৰ ছোৱাইবে হাইমাদ্ৰাছাৰ ফলাফলত শীৰ্ষ স্থান দখল কৰাৰ সুখবৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ ৬২.২০শতাংশ আৰু হাই মাদ্ৰাছাত এই হাৰ ৬৯.৬০শতাংশ বুলিও জানিব পৰা গৈছে।

৫. কালি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বশিষ্ঠৰ অন্ধ বিদ্যালয়, চৰকাৰী ভাউৰী দেৱী চেৰাউদী মুক বধিৰ বিদ্যালয় আৰু স্নেহালয়ৰ কিশোৰ সকলেও নিজা একাগ্ৰতা তথা সাধনাৰে সফলতা লভিবলৈ সক্ষম হোৱাৰ বাতৰিয়ে সকলোকে আনন্দিত কৰিছে। আনফালে দিনত ৰিক্সা-ঠেলা চলাই অধ্যয়ন কৰা গুৱাহাটী নৈশ বিদ্যালয়েও এশ শতাংশ সফলতা হাৰ অৰ্জন কৰাৰ লগতে দিনত ৰিক্সা চলাই ফুৰা সুজিত বোলা ছাত্ৰজনে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ সংবাদ শিৰোনামত স্থান লাভ কৰিছে।

৬. বিশ্বনাথ চাৰিআলিৰ সাকোমঠা ব্লকৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰই বিজ্ঞান ভিত্তিক মডেল প্ৰস্তুত, আকস্মিক বক্তৃতা, পষ্টাৰ তথা চিত্ৰাংকন প্ৰতিযোগিতা আদি ব্লক পৰ্যায়ত অনুষ্ঠিত কৰি বিজ্ঞান সজাগতা বাবে প্ৰচেষ্টা হাতত লোৱাৰ সুখবৰ।ভিতৰুৱা অঞ্চলবোৰৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান মানসিকতা গঢ়ি তোলাত এই কেন্দ্ৰই প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে।
 
৭. কলকাতাৰ বাৰাসাতত অনুষ্ঠিত “অল ইণ্ডিয়া যোগ কালচাৰ ফেডাৰেশ্বনৰ আন্তঃৰাজ্যিক যোগ প্ৰতিযোগিতাত” অন্ধ্ৰ প্ৰদেশক প্ৰতিনিধিত্ব কৰি সাত বছৰীয়া কণমানি ছানভি কাপিল্যই সোণৰ পদক অৰ্জন কৰাৰ লগতে চেম্পিয়ন অৱ চেম্পিয়নছতো বিশেষ পুৰস্কাৰ লাভ কৰে। তেজপুৰৰ চান্দমাৰীৰ বাসিন্দা তথা পিতৃ চন্দন ছেত্ৰীয়ে হায়দৰাবাদৰ ৰাষ্ট্ৰীয় মীন উন্নয়ন পৰিষদত কৰ্মৰত হেতুকে অসমৰ এই কনমানিগৰাকীয়ে অন্ধ্ৰ প্ৰদেশক প্ৰতিনিধি কৰাৰ সুযোগ লাভ কৰিছিল।
 
৮. নলবাৰীৰ বালিলেছাৰ যুৱ সাংবাদিক, প্ৰৱক্তা অৰবিন্দ চক্ৰৱৰ্তীৰ বিবাহৰ ৰভাতলীতে উন্মোচন কৰা হয় তেখেতৰ জ্যেষ্ঠ ভাতৃ অপূৰ্ব কুমাৰ চক্ৰৱৰ্তীৰ কবিতাৰ সংকলন “অমৃতৰ সন্তান”। বিশিষ্ট সাহিত্যিক ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যই গ্ৰন্থখন উন্মোচন কৰে। বিবাহ উপলক্ষে গোট খোৱা সুধীজনৰ উপস্থিতিত এনে ব্যতিক্ৰমী প্ৰয়াসক সচেতন ৰাইজে প্ৰশংসা কৰাৰো সুখৰ খবৰ।
 
 ৯. আমাৰ অসম কাকতৰ ক্ৰীড়া প্ৰতিবেদক প্ৰয়াত অপূৰ্ব কুমাৰ শৰ্মাৰ কন্যা মনস্বিতা শৰ্মাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাৰিটা বিষয়ত লেটাৰ মাৰ্কসহ নলবাৰীৰ অসম একাডেমীৰ পৰা ৮৬.৩শতাংশ নম্বৰ লাভ কৰিছে। উল্লেখযোগ্য যে পিতৃৰ বিয়োগৰ দুদিনমান পাছতে পৰীক্ষাত অৱতীৰ্ণ হৈয়ো জীৱনৰ প্ৰত্যাহ্বানক সফলতাৰে গ্ৰহণ কৰি মনস্বিতা উজ্বলি উঠিছে।

১০. চৰকাৰী টেলিকম কোম্পানী বি.এছ.এন.এৱয়ে অহা ১৫জুনৰ পৰা দেশজুৰি বিনামূলীয়া ৰোমিং সেৱা আগবঢ়াব বুলি ঘোষণা কৰিছে। বি.এছ.এন.এলয়েও এতিয়াৰ পৰা এম-ৱালেট যোগে ধন জমা অথবা আদায় দিয়াৰ সেৱা আৰম্ভ কৰিব বুলিও জানিব পৰা গৈছে।

No comments:

Post a Comment