পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. জাৰ্মানীৰ ছুহলত অনুষ্ঠিত বিশ্ব জুনিয়ৰ শ্বুটিঙত গুৱাহাটী বশিষ্ঠৰ ৰিতুৰাজ সিঙে ভাৰতৰ হৈ অংশ গ্ৰহণ কৰি চমক দেখুৱাবলৈ সক্ষম হোৱাৰ সুখবৰ পোৱা গৈছে। ২৫মিটাৰ ষ্টেণ্ডাৰ্ড পিষ্টলৰ ব্যক্তিগত শাখাত তেওঁ দেশৰ হৈ ৰূপৰ পদক অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিছে।

২. অসমৰ মুগা কাপোৰে ভৌগোলিক স্বীকৃতি আৰু প্ৰতীক চিহ্ন লাভ কৰাৰ পাছতো এতিয়ালৈ বিশুদ্ধতাৰ প্ৰতীক ৰূপে ইয়াৰ ব্যৱহাৰ বাধ্যতামূলক কৰিবলৈ যোৱা এবছৰেও সক্ষম নোহোৱা অসম চৰকাৰে এইবাৰ অসমৰ পাট কাপোৰৰ ক্ষেত্ৰত হলমাৰ্ক দিবৰ বাবে যো-জা কৰা বুলিও বাতৰি প্ৰকাশ পাইছে।

৩. এনড্ৰইড মোবাইল আৰু টেবত সহজে অসমীয়াত লিখা-মেলা কৰিবলৈ লগতে এচ.এম.এছ তথা ইণ্টাৰনেটৰ মাধ্যমত বাৰ্তা প্ৰেৰণৰ বাবে ৰঙিয়াৰ মৃদুল কুমাৰ শৰ্মাই লাচিত নামৰ কী-বৰ্ড সাজি উলিয়াইছে। পূৰ্বতেও তেখেতে আই-ফোন, আই-মেকৰ বাবে এখন একে নামৰ কী-বৰ্ড সাজি উলিয়াইছিল। এতিয়া লাচিত গুগোল প্লে ষ্টোৰৰ পৰা বিনামূলীয়াকৈ ডাউনলোড কৰিব পৰাকৈ উপলদ্ধ কৰা হৈছে বুলিও জানিব পৰা গৈছে।

৪. সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে দিল্লীৰ অসমীয়া ছাত্ৰ সন্থাই অসমৰ পৰা দিল্লীৰ শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে যোৱা শিক্ষাৰ্থীসকলৰ বাবে সহায়ক কেন্দ্ৰ মুকলি কৰিছে। সহায়ক কেন্দ্ৰ সমূহ দিল্লীহাটৰ অসম ষ্টল আৰু দিল্লী বিশ্ববিদ্যালয়ৰ নৰ্থ কেম্পাছত স্থাপন কৰা বুলি জানিব পৰা গৈছে। যোগাযোগৰ বাবে ৯৬৫০৯-০২৮৮৩, ৮৮৬০৯৩২৯০১ নম্বৰত যোগাযোগ কৰিবলৈকো সন্থাই আহ্বান জনাইছে।

৫. অসমত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ ক্ষেত্ৰত দেখা দিয়া প্ৰপত্ৰ পূৰণৰ জটিলতা আৰু লিগেচী ডাটা বিচৰাৰ অসুবিধাৰ দিশত ৰাইজক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম চেম্বাৰ অৱ কমাৰ্চে। সংস্থাটোৱে কালি গুৱাহাটীৰ বেলতলা চাৰিআলিত স্থানীয় ব্যৱসায়ী সন্থাৰ সহযোগত এনে সজাগতা শিবিৰ তথা সহায়ক কেন্দ্ৰৰ আয়োজন কৰাৰো সুখবৰ প্ৰকাশ পাইছে।

৬. কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু প্ৰচাৰ মন্ত্ৰণালয়ৰ অধীনত ডি ডি কৃষাণ নামৰ চেনেলটো কৃষক সকলৰ বাবে মুকলি কৰি দিয়া হৈছে। এই চেনেলৰ বাবে অসমৰ নিৰীক্ষক হিচাবে ৰাজ্যিক বিজেপিৰ কৃষক মৰ্চাৰ সভাপতি পংকজ কুমাৰ পাঠকক নিযুক্তি দিয়া হৈছে বুলিও ৰাজ্যিক বিজেপিয়ে প্ৰকাশ কৰিছে।

৭. গুৱাহাটী প্ৰেছ ক্লাৱত যোৱা ২৭জুনত নাৰীৰ আত্মৰক্ষামূলক এখনি কৰ্মশালা আভাস ফাউণ্ডেচনৰ উদ্যোগত আয়োজিত হয়। আন্তঃৰাষ্ট্ৰীয় মল্লযুঁজাৰু বিনোদ কুম্বাঙে সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে। সংগঠনটোৱে ইতিমধ্যে ১০খন বিদ্যালয়ত এনে কৰ্মশালাৰ আয়োজন কৰি কন্যা সন্তানক আত্মৰক্ষাৰ কৌশল শিকোৱাৰ দিহা কৰিছে। অনুষ্ঠানটোত ফেমিনা মিছ ইণ্ডিয়া-২০১৫ৰ মিছ পপুলাৰ খিতাপ পোৱা ৰেৱতী ছেত্ৰীয়েও অংশ লয়।

৮. কালি ঝাৰখণ্ডৰ হাজাৰীবাগ জিলাত ভাৰতীয় কৃষি অনুসন্ধান কেন্দ্ৰ স্থাপ কৰি দেশত দ্বিতীয় কৃষি বিপ্লৱৰ পোষকতা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উত্তৰ-পূৱ ভাৰতৰ পৰা এই কৃষি বিপ্লৱৰ সূচনা কৰিব লাগিব আৰু ইয়াত অসম, বিহাৰ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, পশ্চিমবংগ আদি ৰাজ্যই ধ্বজ বহন কৰিব বুলিও আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীজনে।

৯. স্বচ্ছ ভাৰত অভিযানক সফল কৰি তুলিবৰ বাবে আইন প্ৰণয়নৰ কথা চিন্তা কৰিছে কেন্দ্ৰীয় চৰকাৰে। আইন মন্ত্ৰায়লৰ বিধায়িনী বিভাগে এক আৰ্হি তৈয়াৰ কৰা এই আইন যোগে ৰাজহুৱা স্থান লেতেৰা কৰা সকলৰ বিৰুদ্ধে ঠাইতে জৰিমনা লোৱা অথবা শাস্তি বিহাৰ ব্যৱস্থা কৰিবলৈ বিচৰা বুলিও বাতৰি প্ৰকাশ পাইছে।

১০. বোকাখাতৰ বিজ্ঞান শিক্ষাৰ অন্যতম প্ৰতিষ্ঠান চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ গণিত বিভাগে অসম গণিত শিক্ষায়তনৰ স্থানীয় শাখাৰ সহযোগত ৬-৯জুলাইলৈকে এখনি গণিতীয় কৰ্মশালাৰ আয়োজন কৰিচে। সপ্তমৰ পৰা দশমমানৰ ছাত্ৰ-ছাত্ৰী সকলে ইয়াত অংশগ্ৰহণ কৰিব আৰু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন গণিতজ্ঞৰ সৈতে বাৰ্তালাপ কৰাৰো সুযোগ দিয়া হব বুলি জানিব পৰা গৈছে। লগতে মেথেমেটিকছ অলিম্পিয়াডত অংশগ্ৰহণৰ বাবে প্ৰশিক্ষণ তথা সজাগতাৰ বাবে কাৰ্যসূচী ৰখা হৈছে বুলিও বাতৰিত প্ৰকাশ পাইছে।

No comments:

Post a Comment