পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটি অনুষ্ঠানত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিশিষ্ট চিত্ৰশিল্পী ৰবিৰাম ব্ৰহ্ম আৰু নৃত্যশিল্পী, অভিনেত্ৰী কৃষ্ণা দাস নাথক প্ৰদান কৰে চলিত বৰ্ষৰ বিষ্ণু প্ৰসাদ ৰাভা বঁটা। এই অনুষ্ঠানতে জ্যোতি-বিষ্ণু সংগীত বিশ্ববিদ্যালয় স্থাপনৰ কথা ৰাজ্য চৰকাৰে চিন্তা-চৰ্চা কৰাৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কালি ৰাজ্যজুৰি বিভিন্ন দল, সংগঠন, শিক্ষানুষ্ঠানৰ সৌজন্যত প্ৰসাদ ৰাভা দিৱস পালন কৰা হয়।

২. আজি পালিত হৈছে বিশ্ব যোগ দিৱস। ৰাষ্ট্ৰসংঘৰ আহ্বানত বিশ্বৰ ১৯৩খন দেশত যোগ দিৱসৰ কাৰ্যসূচী উদযাপিত হোৱাৰ খবৰ। দিল্লীৰ ৰাজপথত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও।

৩. আজি গুৱাহাটীৰ চানমাৰিৰ পণ্ডিত তীৰ্থনাথ শৰ্মা সভাগৃহত অসম লেখিকা সংস্থাৰ উদ্যোগত পালিত হৈছে ডঃ নিমৰ্লপ্ৰভা বৰদলৈৰ স্মৃতিত গীত আৰু কবিতাৰ দিন।

৪. আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত বিশ্ব সগীত উপলক্ষে আয়োজিত হৈছে গীতৰ প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠানো। ৰবীন্দ্ৰ ভৱনত “দ্ৰষ্টা” নাট্যদলে মঞ্চস্থ কৰিব “শতৰূপা” নামৰ এখনি নাটক আজি সন্ধিয়াই।

৫. উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ শিক্ষয়িত্ৰী তথা স্কাউট গাইড কেপ্তেইন সুচিত্ৰা গোস্বামীক মহাৰাষ্ট্ৰ চৰকাৰে ২০১৫বৰ্ষৰ বাবে “শিক্ষক ৰত্ন” সন্মানেৰে সন্মানিত কৰাৰ সুখবৰ। তেখেত পূৰ্বতেও ভাৰত স্কাউট এণ্ড গাইডৰ পৰা দীৰ্ঘকালীন সেৱা বঁটাৰে সন্মানিত হৈছিল।

৬. নলবাৰী জিলাৰ বৰশিৰাশ চক্ৰৰ উদ্যোগত যোৱা ১৯জুনত বিজিআৰএ আঁচনিৰ অধীনত কৃষক ক্ষেত্ৰ দিৱস পালিত হয়। অধিক ধান পোৱাকৈ ১৫০হেক্টৰ ভূমিত পৰীক্ষামূলক খেতি কৰা বুলি স্থানী কৃষি বিষয়াই প্ৰকাশ কৰাৰ লগতে ৰাইজৰ খেতি চপোৱা অনুষ্ঠানতো তেওঁলোক উপস্থিত থাকি কৃষাণ ক্ৰেডিট কাৰ্ড, জলসিঞ্চন আদিৰ বিষয়ত ৰাইজক অৱগত কৰে।

৭. ডাক্তৰ পঢ়িবলৈ ছীট পোৱাই দিয়াৰ বাবে বিশ লাখ টকাৰ চুক্তিত অসমত প্ৰৱেশ পৰীক্ষা দিবলৈ আহি ধৰা পৰিল উত্তৰ প্ৰদেশৰ ডাক্তৰ। ফৰেনছিকত স্বাক্ষৰৰ অমিল ধৰা পৰা ছাত্ৰ জন লখিমপুৰৰ ছোহেইল ইকবাল বুলিও জানিব পৰা গৈছে।

৮. ৰেলৱে বিশেষ সুৰক্ষা বাহিনীৰ বাবে তেজপুৰৰ সীমা সুৰক্ষা বল প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ লোৱা জোৱান সকলৰ দীক্ষান্ত সমাৰোহ সফলতাৰে সম্পন্ন হয়। এই অনুষ্ঠানত অস্ত্ৰ চালনা, জিমনাষ্টিক আদিৰ বিভিন্ন কলা-কৌশলো জোৱান সকলে প্ৰদৰ্শন কৰে।

৯. বৰমা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মৰ স্থানীয় উন্নয়ন পুঁজিৰ পৰা ২লাখ ৯৭হাজাৰ টকাৰ ব্যয় সাপেক্ষে এৰীৰ সাতটা অম্বৰ চখা আৰু এটা মুগা ৰিলিং মেচিন সংস্থাপন কৰাৰ সুখবৰ। এই কেন্দ্ৰটোত এতিয়াৰ পৰা ৮গৰাকীকৈ সূতা কাটনিয়ে সূতা কাটি স্ব-নিৰ্ভৰশীল হোৱাৰ বাট মুকলি হ’ল বুলিও সুখবৰ প্ৰকাশ পাইছে।

১০. আমেৰিকাৰ ভাৰ্জিনিয়াত অনুষ্ঠিত হব লগা বিশ্ব পুলিচ ফেয়াৰফেক্স আৰু ফায়াৰ গেমছত ভাৰতীয় আৰক্ষী দলক প্ৰতিনিধিত্ব কৰিব অসমৰ আৰ্চাৰ বিনুমা ব্ৰহ্মই। অহা ২৬জুনৰ পৰা এই প্ৰতিযোগিতা অনুষ্ঠিত হব।

No comments:

Post a Comment