পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. বিগত পাঁচ বছৰত প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয় দেশৰ শ্ৰেষ্ঠ কৃষি বিশ্ববিদ্যালয় ৰূপে পৰিগণিত হৈছে। অসমৰ কৃষি ব্যৱস্থাক শক্তিশালী কৰাৰ লগতে চাহ উদ্যোগলৈ বৰঙণি যোগাই দেশৰ অৰ্থনীতিৰ প্ৰতি যোগোৱা অৱদানৰ বাবে ২০১৪বৰ্ষৰ চৰ্দাৰ বল্লভভাই পেটেল বঁটাৰ বাবে বিশ্ববিদ্যালয়খনক নিৰ্বাচিত কৰাৰ সুখবৰ।

২. বৰপেটা হাউলী কলেজৰ চৌহদত নিৰ্মিতি ইনড’ৰ ষ্টেডিয়াম উন্মোচন কালি উন্মোচন কৰিলে কেন্দ্ৰীয় খেল মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বক্সিং তাৰকা মেৰী কমে। মুখ্য অতিথি মেৰী কমৰ বক্সিং ফাউণ্ডেচনলৈ কলেজখনৰ ছাত্ৰ একতা সভা আৰু শিক্ষক গোটে এক লাখ টকাৰ চেকো প্ৰদান কৰে। অধ্যক্ষ ভূষণ চন্দ্ৰ পাঠকে উদ্বোধনী ভাষণ দিয়া সভাখনত সাসংদ কামাখ্যা প্ৰসাদ তাছা, ৰামেশ্বৰ তেলীৰ সৈতে উপস্থি আছিল সৰভোগৰ বিধায়ক ৰণজিত কুমাৰ দাসো।

৩. চিয়াং প্ৰকল্পৰ নিৰ্মাণত অসন্মতি প্ৰকাশ কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে। দিল্লীত কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী উমা ভাৰতীৰ উপস্থিতি ব্ৰহ্মপুত্ৰ বৰ্ডৰ অষ্টম পুনৰীক্ষণ সভাত “নৰ্থ ইষ্ট ব্ৰহ্মপুত্ৰ ৰিভাৰ ৰিজুভিনেচন অথৰিটী” শীৰ্ষক সংস্থাৰ ৰূপত বৰ্ডক নতুনকৈ গঠন কৰাৰ বিষয়তো আলোচনা অনুষ্ঠিত হয়।

৪. ৭৫বছৰত ভৰি দিয়া আবাহন থিয়েটাৰৰ প্ৰযোজক তথা অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ অন্যতম মহীৰূহ কৃষ্ণ ৰয়ৰ জন্মদিনত পাঠশালাৰ “শ্ৰদ্ধা” নামৰ সংগঠনে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানতে স্থানীয় অৰ্ধ শতাধিক সামাজিক সংগঠনে কৃষ্ণ ৰয়ক সম্বৰ্ধনা আৰু জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে।

৫. কামৰূপ জিলাৰ ৰাণীত থকা কেন্দ্ৰীয় গাহৰি গৱেষণা কেন্দ্ৰত কালি পাঞ্জাৱ চৰকাৰৰ উচ্চ স্তৰীয় বিষয়াৰ দল এটাই স্থানীয় গাহৰি পালক সকলক লগ ধৰি মত বিনিময় কৰে।

৬. গুৱাহাটী পৌৰ নিগমে পুনৰ গণেশগুৰিৰ উৰণীয়া সেতুৰ তলত পাৰ্কিংৰ ব্যৱস্থা কৰিছে। কালি পৰীক্ষামূলক ভাৱে পুৱা ৮ বজাৰ পৰা নিশা দহ বজালৈ ধনৰ বিনিময়ত পাৰ্কিংৰ বাবে ৫০খন দুচকীয়া আৰু চাৰি চকীয়া বাহনৰ পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছ। সুৰক্ষা নিশ্চিত কৰিবলৈ দহোটাকৈ চিচি টিভি কেমেৰাও স্থাপন কৰাৰ সুখবৰ।

৭. থাইলেণ্ডস্থিত ভাৰতীয় দূতাবাসত সংৰক্ষিত হব নগাঁৱৰ চিত্ৰশিল্পী তথা অসমৰ গৌৰৱ সুজিত দাসৰ ছবি “মিউজিক অৱ নেচাৰ”। তেখেত বেংককৰ ডট আৰ্ট গেলেৰীত ১০-১৫জুনলৈ অনুষ্ঠিত চিত্ৰ প্ৰদৰ্শনীত বিশ্বৰ বিভিন্ন দেশৰ শিল্পী সকলৰ সৈতে অংশগ্ৰহণ কৰিছিল। ২০১২ চনত ৬৪৪ফুটৰ কেনভাচত বিষ্ণু ৰাভাৰ ছবি অংকন কৰি এই শিল্পীজনে বিশ্ব অভিলেখো গঢ়িছিল।

৮. তেজপুৰত এতিয়াও কলা-বীথিকা স্থাপন নোহোৱাত অসন্তোষ প্ৰকাশ কৰিছে বিশিষ্ট চিত্ৰশিল্পী ননী বৰপূজাৰীয়ে। কালি তেজপুৰ বেংগলী থিয়েটাৰ হলত অধিবক্তা সুভাষ চন্দ্ৰ আচাৰ্যৰ “হ’ৰাইজন” শীৰ্ষক গ্ৰন্থৰ লগতে এখনি চিত্ৰ প্ৰদৰ্শনী উদ্বোধন কৰি শিল্পীগৰাকীয়ে এই অভিমত প্ৰকাশ কৰিছে।

৯. ভাৰত-ৰত্নৰে সন্মানিত বিজ্ঞানী চি এন ৰাওক এইবাৰ জাপানৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰা হৈছে। ভাৰতত থকা জাপানৰ ৰাষ্ট্ৰদূত তাকেশ্বি য়াগিয়ে “অৰ্ডাৰ অব দ্যা ৰাইজিং চান, গ’ল্ড এণ্ড ছিলভাৰ ষ্টাৰ” আৰু মানপত্ৰ দিল্লীতে প্ৰদান কৰাৰ সুখবৰো প্ৰকাশ পাইছে।

১০. মাত্ৰাধিক বেগত গাড়ী চলোৱাৰ বাবে আৰক্ষীৰ ৰোষত পৰিল দিল্লীৰ মুখ্যমন্ত্ৰী মনীষ চিচোডিয়াৰ গাড়ী। এজন ট্ৰেফিকে নিৰ্দেশ দিয়াৰ পাছতো নৰখোৱা গাড়ীখনৰ পিছ লয় আৰু এসময়ত ৰাখিবলৈ বাধ্য হোৱা চালকজনক চাৰিশ টকাৰ চালান কাটি জৰিমনা বিহে বুলিও সুখবৰ প্ৰকাশ পাইছে।

No comments:

Post a Comment